Close

বিকাশক সোধক ৫৭ | Ask Bikash 57

মাজে সময়ে মই বেয়া দিন এটাৰ মুখামুখি হও৷ এনে বেয়া দিন এটাত নিজকে কেনেদৰে মটিভেট কৰিম?

কেতিয়াবা নহয় কেতিয়াবা বেয়া দিন এটা আমাৰ জীৱনলৈ আহিবই৷ বেয়া দিনৰ সংজ্ঞা হয়তো সকলোৰে বাবে বেলেগ বেলেগ হ’ব, কিন্তু সামগ্ৰিক ভাৱে আমি ক’ব পাৰোঁ যে ই এনে এটা দিন যিটো দিনত আমি বিচৰা মতে একো নহয়, কষ্ট কৰিও আমি একো ফল নেদেখো বা আমাৰ বাবে আমি বেয়া বুলি ভবা কিবা এটা ঘটে৷ আমি যিমানে এনে দিন নহাটো আশা নকৰোঁ কিয়, যিমানে এনে দিন নহাকৈ ৰাখিবলৈ চেষ্টা নকৰোঁ কিয়, কেতিয়াবা এনে বেয়া দিন আপোনাৰ জীৱনত থাকিবই৷ কেতিয়াবা হয়তো বছৰটোৰ ভিতৰত বা কিছুমানৰ ক্ষেত্ৰত মাহটোৰ ভিতৰতে এনে বেয়া দিন কেইবাটাও পাৰ হ’ব৷

এনে বেয়া  দিন আহিলে আমি কি কৰিম?

এনে এটা বেয়া দিন লাভ কৰিলে আমি সেইদিনা নিজকে হাৰ মনা বুলি এৰি নিদিও৷ নিজকে সেইদিনা আমি মটিভেট কৰিম আমাৰ দীৰ্ঘ দিনৰ বাবে যি গেইম খেলিবলৈ লৈছোঁ তাৰ কথা মনত পেলাই৷ দীৰ্ঘ দিনৰ গেইম মানে আমি জীৱনত কি কৰিব বিচাৰোঁ, জীৱনটো কেনে হোৱাটো বিচাৰোঁ, জীৱনটো কেনেদৰে সৃষ্টি কৰি ল’ব বিচাৰোঁ সেয়া৷ কিছুমানে ইয়াক সপোন বা উদ্দেশ্যৰ লগত তুলনা কৰিব পাৰে৷ এই গেইম অকল লক্ষ্যতকৈ বহু ডাঙৰ৷ মই যদি জীৱনটো এক বিশেষ ধৰণে সৃষ্টি কৰি ল’ব বিচাৰোঁ, মই যদি জীৱনটোত কিছুমান বিশেষ কাম কৰিব বিচাৰোঁ তেতিয়া এটা বেয়া দিনে জানো মোক তাৰ পৰা আতৰ কৰিব পাৰিব? এটা বেয়া দিনে জানো মোৰ মনটো ভাঙি সেই জীৱনটোৰ পৰা মোক আনফালে লৈ যাব পাৰিব? নোৱাৰে৷ গোটেই জীৱনটোৰ কথা যদি মই ভাবো তেতিয়া মাত্ৰ এটা বেয়া দিনে, এটা এনেকুৱা দিন যি মোৰ মতে ভাল নহয়, সেই দিনটোৰ জানো গোটেই জীৱনটোৰ সন্মুখত কিবা মূল্য থাকিব? সেইবাবেই আমি দীৰ্ঘ দিনৰ গেইম খেলিব লাগে বা দীৰ্ঘদিনৰ কথা চিন্তা কৰি সেইমতে জীৱনটো সৃষ্টি কৰিবলৈ চেষ্টা আৰম্ভ কৰিব লাগে৷ তেতিয়া একোটা বেয়া দিনে আমাক একো কৰিব নোৱাৰে৷ আৰু এনে বেয়া দিনতো আমি অনুপ্ৰাণিত অনুভৱ কৰি থাকিব পাৰিম৷

আপুনি গোটেই জীৱনটো সন্মুখত ৰাখি যদি মাত্ৰ এটা বেয়া দিনটো তুলনা কৰে, তেতিয়া আপোনাৰ দৃষ্টিভংগী সলনি হৈ পৰিব৷ এটা বেয়া দিনে আপোনাৰ বাকী ভাল দিনবোৰ নোহোৱা কৰিব নোৱাৰে, আৰু তেনে ভাল, প্ৰডাক্টিভ দিনবোৰৰ মূল্য নিগেটিভ কৰিব নোৱাৰে৷

বেয়া দিনৰ সন্মুখীন হ’লে আমাৰ মন বেয়া লাগে কাৰণ আমি চৰ্ট টাৰ্মৰ কথা চিন্তা কৰোঁ, কাৰণ আমি চৰ্ট গেইম খেলো৷ সেইবাবে আমাৰ এনে লাগে যেন যি কম সময়ৰ কথা আমি চিন্তা কৰিছোঁ সেই কম সময়ত আমাৰ জীৱনটো একেবাৰে বেয়া হৈ যাব, নষ্ট হৈ যাব এই এটা বেয়া দিনৰ বাবে৷ কিন্তু তেনে হয়নে? আপোনাৰ জীৱনটো মাত্ৰ এটা দিনেৰে গঠিত নহয় বা ১০০ টা বেয়া দিনেৰে গঠিত নহয়৷ গোটেই জীৱনটোত আৰু বহু দিন আছে৷ এই দৃষ্টিভংগীৰে কথাটো ভাবি চালে আপুনি দেখিব যে এটা বেয়া দিনে আপোনাক একো কৰিব নোৱাৰে৷

এনে বেয়া দিনৰ মুখামুখি হ’লে অলপমান ৰেষ্ট লওক৷ পাহাৰ বগালে ভাগৰ লাগিলে আমি কি কৰোঁ? অলপ সময় বহো, অলপ পানী খাও, অলপ জিৰণি লও৷ আৰু তাৰ পিছত আকৌ আৰম্ভ কৰোঁ৷ তাকেই আমি এতিয়াও কৰিম৷ সেই বেয়া দিনটোত হয়তো অলপ ৰেষ্ট ল’ম আৰু তাৰ পিছত পিছদিনা আকৌ আৰম্ভ কৰিম৷ পাহাৰ বগাই থাকিলে অলপ ভাগৰ লাগিলে বুলিয়েই আমি তললৈ নামি নাহো বা পাহাৰ বগোৱা চিন্তাটো বাদ নিদিও৷ দিম জানো?

বেয়া দিনটোত মনটো ঠিকে ৰাখিবলৈ যদি প্ৰয়োজন হয় তেতিয়া আপুনি ভালপোৱা দুটামান সৰু সৰু কাম কৰক৷ দিনটো যদি এতিয়াও শেষ হোৱা নাই তেতিয়াহ’লে এতিয়াও আপুনি ভালপোৱা কাম দুটামান কৰি দিনটোৰ বেয়া বোৰ অলপ হলেও কমাব পাৰিব৷ তেতিয়া অন্তঃত দিনটো একেবাৰে নিগেটিভ নহ’ব বা মনত ৰাখিবলৈ ইয়াৰ মাজতো কিবা অলপ হ’লেও ভাল আপুনি বিচাৰি পাব৷ আৰু হয়তো সেই কামবোৰেই আপোনাক মটিভেট কৰিব যুঁজখন চলাই যাবলৈ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top