Close

30 Day Challenge- Surya Namaskar

30 days Surya Namaskar

সূর্য নমস্কাৰ যোগ বা য়োগাৰ এটা বেচিক প্ৰেকটিচ৷ ই আপোনাৰ গোটেই শৰীৰটোকে উদ্দীপনা যোগায়৷ আপোনাৰ যদি সময় কম কিন্তু গোটেই শৰীৰটোৰ ব্যায়াম আপুনি কৰিব বিচাৰে তেন্তে ই আপোনাৰ বাবে এটা খুব ভাল ব্যায়াম৷

সূর্য নমস্কাৰত ১২ টা আসন থাকে৷ আপুনি যদি মাত্ৰ এই ১২ টা আসন কৰিব পাৰে তেন্তে আপুনি প্ৰায় ২৮৮ টা শক্তিশালী য়োগা ভংগীমা কৰাৰ সমান হয়৷

এই আসন কেইটাৰ কি নাম আৰু এই আসনবোৰৰ পৰা আপোনাৰ কি লাভ হ’ব চাও আহক-

১. প্ৰণামসন                

২. হস্তউত্তণাসন  

৩. পদহস্তাসন              

৪. অশ্ব সঞ্চালনাসন

৫. পর্বতাসন               

৬. দণ্ডাসন                 

৭. অষ্টাংগ নমস্কাৰ

৮. ভূজংগাসন

৯. পর্বতাসন               

১০. অশ্ব সঞ্চালনাসন                

১১. পদ হস্তাসন  

১২. হস্তউত্তণাসন

(1. Pranamasana (Prayer Pose), 2. Hasta Uttanasana (Raised Arms Pose), 3. Hasta Padasana (Standing Forward Bend Pose), 4. Ashwa Sanchalanasana (Low Lunge Pose), 5. Chaturanga Dandasana (Plank Pose), 6. Ashtanga Namaskara (Eight Limbed Pose), 7. Bhujangasana (Cobra Pose), 8. Adho Mukha Svanasana (Downward Facing Dog Pose), 9. Ashwa Sanchalanasana (Low Lunge Pose), 10. Hasta Padasana (Standing Forward Bend), 11. Hasta Uttanasana (Raised Arms Pose), 12. Pranamasana (Prayer Pose))

সূর্য নমস্কাৰ শব্দটো সংস্কৃত শব্দ৷ ইংৰাজীত ইয়াক চান চেলুটেচন বুলিও কোৱা হয়৷ ঐতিহাসিকভাৱে ইয়াত থকা ১২ টা আসনৰ প্ৰতিটোৰ লগত এটা মন্ত্ৰ থাকে আৰু ১২ টা মন্ত্ৰই ১২ টা ৰাশিক বুজায় আৰু এইবোৰে শৰীৰটোক শক্তি প্ৰদান কৰে৷ আপুনি অৱশ্যে মন্ত্ৰ কেইটা নাজানিলে এয়া নোহোৱাকৈয়ো আসন কেইটা কৰিব পাৰে৷

মাত্ৰ সূর্য নমস্কাৰ কৰোতে মনত ৰাখিব যে আপোনাৰ মনৰ শক্তিক আসনবোৰত ফ’কাচ কৰিব লাগিব৷ সেই সময়ত আন একো কথা নাভাবি, একান্তমনে আপুনি আসন কেইটাত মন দিব লাগে৷ নহ’লে ই কেৱল জিমনাচটিকৰ নিচিনা হৈ পৰিব আৰু একো লাভ নহ’ব৷

সুর্য নমস্কাৰৰ বেলেগ বেলেগ ভেৰিয়েচন আছে, আপুনি তাৰে যিকোনো এটা অনুসৰণ কৰিব পাৰে৷

সূর্য নমস্কাৰ কৰি আপোনাৰ কি লাভ হ’ব?

নানা ধৰণৰ বৈজ্ঞানিক গৱেষণাত য়োগা আৰু সূর্য নমস্কাৰৰ লাভসমূহ প্ৰমাণিত হৈছে৷

সূর্য নমস্কাৰে নানা ধৰণৰ শাৰীৰিক আৰু মানসিক লাভ দিয়ে৷ আপোনাৰ শৰীৰ আৰু মন শান্ত কৰি তোলে, ষ্ট্ৰেছ কমায়, শৰীৰত তেজৰ প্ৰৱাহ উন্নীত কৰে, বুকু আৰু পেটৰ ষ্ট্ৰেচিং হয়, শৰীৰৰ শক্তিক শৰীৰৰ মাজেৰে প্ৰৱাহিত কৰে, উশাহ-নিশাহ নিয়ন্ত্ৰণ কৰে, আপোনাৰ মগজুৰ চেন্ট্ৰেল নার্ভাছ চিষ্টেমক ষ্টিমুলেট কৰে৷ ই সৃষ্টিশীল আৰু অনুধাৱন শক্তিকো বঢ়ায়৷ আপোনাৰ মাচল ফ্লেক্সিবিলিটি বঢ়ায়, আপোনাৰ চিন্তা কৰাৰ শক্তি বঢ়ায়৷ যোয়া গুৰুসকলৰ মতে ই আধ্যাত্মিক শিক্ষা আৰু জ্ঞান বঢ়ায়৷ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ই মনোযোগ বঢ়ায় বুলি নানা গৱেষণাত গৱেষকসকলে পাইছে৷

কিমানবাৰ কৰিব

সূর্য নমস্কাৰ সদায় ৰাতিপুৱা কৰে৷ কেতিয়াবা উপায় নাথাকিলে আবেলিও ইয়াক কৰিব পাৰি বুলি কয়৷ মাত্ৰ এয়া কৰাৰ আগতে আপোনাৰ পেটটো খালী হৈ থাকিব লাগে৷

আপুনি যদি একেবাৰে নতুন তেন্তে মুঠ ১২ বাৰ কৰিলেই হ’ল৷ এবাৰ সূর্য নমস্কাৰ কৰা মানে আগতে কোৱা ১২ টা আসন এটাৰ পিছত এটাকৈ কৰা৷ সেয়া যদি আমি এবাৰ সূর্য নমস্কাৰ কৰা বুলি ধৰো বা এটা চেট বুলি ধৰো, তেন্তে তেনেকৈ ১২ বাৰ অর্থাৎ ১২ টা তেনে চেট সূর্য নমস্কাৰ কৰিবলৈ চেষ্টা কৰিব৷ আপুনি নতুন হ’লে অলপ পিছতে ভাগৰ লাগিব পাৰে, তেতিয়া মাজে মাজে ৰেষ্ট ল’ব৷ আপুনি যদি ইতিমধ্যে সূর্য নমস্কাৰ কৰিব জানে আৰু কৰিছে তেন্তে আপুনি ১২ সংখ্যাটোৰ গুণিতক হিচাপে বা মাল্টিপল হিচাপে সিমানবাৰ সূর্য নমস্কাৰ কৰিব পাৰে৷ মানে ২৪ বাৰ, ৩৬ বাৰ, ৪৮ বাৰ বা আৰু বেছি৷

এদিন আৰম্ভ কৰিলে মাত্ৰ মনত ৰাখিব ৩০ দিন একেৰাহে সেয়া আপুনি কৰিব লাগিব৷ নিজৰ শৰীৰৰ অনিষ্ট কৰি এয়া নকৰিব, যিমান বাৰ পাৰে সিমান বাৰহে কৰিব? প্ৰয়োজন হ’লে ডক্তৰৰ পৰমার্শ লৈ হে কৰিব৷

মই কিমান কৰোঁ৷

এদিন মই ১০৮ বাৰ কৰিছিলোঁ মাজে মাজে ৰেষ্ট লৈ লৈ৷ এনেয়ে যিদিনা খন মই অকল সূর্য নমস্কাৰ কৰোঁ সেইদিনা মই ৬০ বা ৮৪ বাৰ সূর্য নমস্কাৰ কৰোঁ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top