Close

30 Day Challenge- ৮ গ্লাছ পানী খোৱা

আপোনাৰ বাবে এইবাৰৰ চেলেঞ্জ প্ৰতিদিনে মাত্ৰ ৮ গ্লাছ বা ২ লিটাৰ পানী খোৱা

এই প্ৰত্যাহ্বানটো বহুত সহজ৷ কিন্তু ইয়াক প্ৰতিদিনে কৰি থাকিব লাগিব৷

কিন্তু ২ লিটাৰ পানী কিয়?

প্ৰত্যেক মানুহকে লগা পানীৰ পৰিমাণ বেলেগ বেলেগ হ’ব পাৰে৷ The National Academies of Sciences, Engineering, and Medicine অনুসৰি আপুনি যদি পুৰুষ, প্ৰতিদিনে আপোনাক লগা পানীৰ পৰিমাণ হৈছে ৩.৭ লিটাৰ আৰু যদি মহিলা আপোনাক লাগে ২.৭ লিটাৰ পানী৷

ইমান পানী কিয় খাব লাগে?

নানা ধৰণৰ গৱেষণাত পোৱা মতে আপুনি যদি প্ৰয়োজনীয় পানী নাখায় তেতিয়া আপোনাৰ শৰীৰৰ শক্তি কমি যায় আৰু মগজুটোৱে ঠিকমতে কাম কৰিব নোৱাৰে৷ মহিলাসকলৰ ওপৰত কৰা এক পৰীক্ষা অনুসৰি শাৰীৰিক ব্যয়াম কৰাৰ পিছত হোৱা ১.৩৬% পানী শৰীৰৰ পৰা কমি গ’লে ই মুড বেয়া কৰিব পাৰে, মনযোগ দিয়াত বাধা দিব পাৰে আৰু মুৰৰ বিষৰ সৃষ্টি কৰিব পাৰে৷ আন এক গৱেষণাত পোৱা মতে মাইল্ড দিহাইড্ৰেচনৰ ফলত মগজুৰ নানা কামত ব্যাঘাত জন্মাব পাৰে৷ ইয়াৰ ফলত শাৰীৰিক সক্ষমতাও কমি যাব পাৰে৷

ওজন কমোৱাত সহায় কৰিব

সঠিক পৰিমাণত পানী খালে ই আপোনাক শৰীৰৰ ওজন কমোৱাত সহায় কৰিব পাৰে৷ পানী খালে ই মেটাবলিজম বঢ়ায় যাৰ ফলত আপোনাৰ শৰীৰে খাদ্যৰ পৰা শক্তি আৰু প্ৰয়োজনীয় পুষ্টি, ভিটামিন, মিনাৰেল আদি ভালদৰে আহৰণ কৰিব পাৰিব আৰু অতিৰিক্ত কেল’ৰিবোৰ বেছিকৈ ব্যৱহাৰ হ’ব৷ আৰু লগতে ই ভোকো কমাব পাৰে যাৰ ফলত আপুনি কমকৈ খাব৷ এই গোটেইবোৰ কথা লগ হৈ আপোনাৰ শৰীৰৰ ওজন আৰু চর্বী কমোৱাত সহায় কৰিব৷

এই ক্ষেত্ৰত ঠাণ্ডা পানী খালে আপোনাৰ বেছি লাভ হ’ব পাৰে কাৰণ ঠাণ্ডা পানীক শৰীৰৰ উত্তাপলৈ গৰম কৰিবলৈ শৰীৰে আৰু বেছি কেল’ৰি খৰছ কৰিবলগীয়া হ’ব৷ কিবা খোৱাৰ আধা ঘন্টা মান আগতে পানী খালে ই আপুনি খাব পৰা খাদ্যৰ পৰিমাণ কমাব৷ গৱেষণাকাৰীসকলৰ মতে দিনটোত ৬৪ আউন্স বা ৮ সচৰাচৰ ব্যৱহাৰ কৰা গিলাচেৰে ৮ গিলাছ বা ২ লিটাৰ পানী খালে শৰীৰটোৱে দিনটোত অতিৰিক্ত ৯৬ কেল’ৰি খৰছ কৰে৷

সঠিক পৰিমাণত পানী খোৱাৰ আন লাভ

আপুনি দিনে সঠিক পৰিমাণত পানী খালে ই আপোনাৰ স্বাস্থ্যত পজিটিভ প্ৰভাৱ পেলাব৷ এই অভ্যাসটোৱে নানা ধৰণৰ সমস্যা সমাধানত সহায় কৰে৷ ই কনষ্টেপন কমোৱা আৰু নোহোৱা কৰাত সহায় কৰিব পাৰে৷ কিছুমান গৱেষণাৰ মতে পানী বেছিকৈ খোভা লোকসকলৰ কোলোৰেক্টেল আৰু ব্লাডাৰ কেনচাৰ হোৱাৰ সম্ভাৱনা কম৷ ই কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা কমায়৷ একনে বা শালমইনা, ছালৰ ডিহাইড্ৰেচন, ছালৰ আন সমস্যা কিছুমান ই নোহোৱা কৰিব পাৰে৷

আন পানীয় যেনে চাহ, কফি, কোল্ড ড্ৰিংকছ, ফ্ৰুট জুছ আদি খোৱা আৰু পানী খোৱা একে নহয়৷ পানীত কেল’ৰি নাথাকে, লগতে চেনি আদি নাথাকে৷

যিহেতু এই অভ্যাসটো আপোনাৰ শৰীৰৰ বাবে ভাল সেয়ে ইয়াক আৰম্ভ কৰিবলৈ কৈছোঁ৷ শৰীৰৰ লগতে ইয়াৰ মনৰ ওপৰতো প্ৰভাৱ আছে৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু জীৱনক আৰু এটা সুবিধা দিয়ক৷ এঘন্টা নালাগে, মাত্ৰ ২০ মিনিটৰ বাবে পঢ়ক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো গেপ নিদিয়াকৈ৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top