Close

30 দিনৰ প্ৰত্যাহ্বান- দিনটোত এঘন্টা “মোৰ সময়” উলিয়াওক

আপোনাৰ বাবে এইবাৰৰ চেলেঞ্জ- নিজৰ বাবে এঘন্টা “মোৰ সময়” উলিয়াওক

“মোৰ সময়” কি বস্তু?

আপুনি কিজানি খুব ব্যস্ত আৰু ঘৰৰ বা অফিচৰ কামৰ বাবে আপুনি একেবাৰে সময় নাপায়৷ আপুনি যদি চাকৰি কৰে তেতিয়া হয়তো আপুনি বিভিন্ন কামত ইমান ব্যস্ত যে আপোনাৰ নিজৰ বাবে সময় নাথাকে৷ আপুনি যদি এগৰাকী হাউচৱাইফ তেতিয়াও ঘৰৰ ইমানবোৰ কাম, ইমানবোৰ মানুহ চম্ভালতে আপোনাৰ নিজৰ বাবে অলপো সময় নাথাকে৷ কিন্তু এনেদৰে চলি গৈ থাকোতে এদিন সহ্যৰ সীমা পাৰ হৈ যাবগৈ পাৰে৷ তেতিয়া জীৱনটো বিৰাট বিৰক্তিকৰ, অশান্তিকৰ যেন লাগিব পাৰে৷ তেনে নহ’বলৈ “মোৰ সময়” ধাৰণাটোৱে আপোনাক সহায় কৰিব পাৰে৷

আপুনি নিজৰ বাবে প্ৰতিদিনে এঘন্টা সময় ঠিক কৰি থব৷ এই সময়খিনি আপুনি নিজৰ মতে, নিজে ভালপোৱা কিবা এটা কৰি সময় কটাব৷

কিয় লাগে “মোৰ সময়”?

এই সময়ছোৱাত আপুনি নিজৰ যত্ন ল’ব৷ মোৰ সময়ছোভা আপুনি নিজৰ শৰীৰ আৰু মনৰ যত্ন ল’ব৷ এই সময়খিনি আপোনাৰ বাবে মাত্ৰ আনৰ বাবে নহয়৷ এই সময়খিনি আপুনি এনে কিছুমান কাম কৰি কটাব যিবোৰ আপুনি ভাল পায়৷ ফলত আপোনাৰ ষ্ট্ৰেছ কমিব৷ এনেদৰে কটালে এই সময়খিনিয়ে আৰু সেই সময়ত কৰা কামবোৰে আপোনাৰ মনটো ফ্ৰেছ কৰি তুলিব৷ আপোনাৰ ফ’কাছ আৰু মনোযোগ বঢ়াব৷ মনটো ভাল লাগিব, আৰু লগতে আপোনাৰ শৰীৰটো ভালে থাকিব৷

এইখিনি আপোনাৰ সময় আৰু এইখিনি সময়ত আপুনি নিজকে বিচাৰি পাবলৈ চেষ্টা কৰিব৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাৰে বাবে এই সময়খিনি ভাল৷ আপোনাক সুখী হ’বলৈ এই সময়খিনিয়ে সহায় কৰিব, কাৰণ আপুনি নিজৰ বাবে এই সময়খিনি উলিআয়ব, সেই সময়ত নিজে ভালপোৱা কাম কৰিব আৰু নিজৰ বিষয়ে আৰু ভালদৰে জানিবলৈ সময় পাব৷

এই সময়টো ঠিক কৰি লওক

“মোৰ সময়” লাভ কৰিবলৈ আপুনি নিজে এই সময়টো ঠিক কৰি ল’ব লাগিব৷ আপুনি নিজে বেছি ভালদৰে জানে কেতিয়া কোনেও আপোনাক অসুবিধা দিব নোৱাৰে৷ তেনেকুৱা মাত্ৰ এঘন্টা সময় আপুনি উলিয়াই ল’ব৷ যদি পাৰি ঘৰত আন সদস্যসকলক কৈ দিব সেই সময়খিনি যাতে কোনেও আপোনাক নিবিচাৰে, অসুবিধা নিদিয়ে, একো কৰিবলৈ নকয়৷

কিন্তু কি কৰিব এই সময়ত?

গান শুনক, লিখক, চিনেমা চাওক, পঢ়ক, এক্সাচাইজ কৰক, মেনিকিওৰ আৰু পেডিকিও কৰক, মেডিটেচন কৰক, ভালদৰে গা ধুওক, পেইন্টিং কৰক, খোজ কাঢ়ক, পার্কত বহকগৈ- মুঠতে যি কৰি ভাল লাগে, যি আপুনি কৰিব বিচাৰে সেই কামবোৰকে কৰক এই সময়খিনিত৷

জীৱনটোত এক নতুন ৰস বিচাৰি পাব আপুনি এনেধৰণে৷ জীৱনটো আগতকৈ অলপ হলেও বেলেগ, ভাললগা হৈ উঠিব৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু জীৱনক আৰু এটা সুবিধা দিয়ক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো গেপ নিদিয়াকৈ৷

এয়া মাত্ৰ আৰম্ভণিহে

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top