Close

৩০ দিনৰ প্ৰত্যাহ্বান- মেডিটেচন

আপোনাৰ বাবে এইবাৰৰ প্ৰত্যাহ্বান হল ৩০ দিন মেডিটেচন৷ মাত্ৰ ১৫ মিনিটকৈ৷

কিন্তু মেডিটেচন কিয়? কাৰণ মেডিটেচনে আপোনাক নানা ধৰণৰ লাভ প্ৰদান কৰে৷ অকল মানসিক নহয়, ই শাৰীৰিক লাভো আপোনাক দিয়ে৷

ই ষ্ট্ৰেছ কমায়৷ মানসিক আৰু শাৰীৰিক ষ্ট্ৰেছৰ বাবে আপোনাৰ শৰীৰত ষ্ট্ৰেছ হ’ৰমন কর্টিচলৰ পৰিমাণ বাঢ়ি যাব পাৰে৷ তেনে হ’লে আপোনাৰ টোপনি অহাত সমস্যাই দেখা দিব পাৰে, ডিপ্ৰেচন আৰু উদ্বেগে দেখা দিব পাৰে, ব্লাড প্ৰেচাৰ বাঢ়ি যাব পাৰে, ভাগৰ ভাগৰ লাগি থাকিব পাৰে আৰু সঠিকভাৱে চিন্তা কৰিব নোৱাৰিব পাৰে৷ মেডিটেচনে এই ষ্ট্ৰেছ আৰু তাৰপৰা হ’ব পৰা সমস্যাবোৰ নোহোৱা কৰে৷

মেডিটেচনে আৱেগিক স্বাস্থ্য বেছি ভাল কৰি তোলে৷ ই আপোনাৰ চেলফ ইমেজ আগতকৈ ভাল কৰি তুলিব পাৰে আৰু লগতে জীৱনৰ প্ৰতি আপোনাৰ মনোভাৱক পজিটিভ কৰি তুলিব পাৰে৷

ই চেলফ এৱেৰনেছ বা আত্মসচেতনতা বঢ়ায়৷ আত্মসচেতনতা আপোনাৰ জীৱনৰ বাবে এটা অতি গুৰুত্বপূর্ণ উপাদান কাৰণ আপোনাৰ জীৱনৰ গুৰুত্বপূর্ণ সিদ্ধান্তবোৰ লোৱাত ই সহায় কৰে৷ কি পঢ়িব, কি কেৰিয়াৰ গঢ়িব, কাক বিয়া পাতিব, ক’ত থাকিব ইত্যাদি গুৰুত্বপূর্ণ আপুনি সঠিকভাৱে কৰিব পাৰিব যদিহে আপোনাৰ চেলফ এৱেৰনেছ আছে৷

মেডিটেচনে মনোযোগ দিব পৰা ক্ষমতা আৰু মনোসংযোগ কৰা সময় বঢ়াব পাৰে মানে ই আপোনাৰ এটেনচন স্পান বঢ়াব পাৰে৷ বর্তমানৰ সময়ত পঢ়া-লিখা, অফিচৰ কাম, নিজৰ কাম সকলোতে আমাৰ মনোযোগ দিব পৰা ক্ষমতা কমি গৈ আছে৷ মেডিটেচনে সেয়া বঢ়াব পাৰে৷

বয়সৰ লগে লগে যি স্মৃতি শক্তি কমি যোৱা সমস্যাই দেখা দিয়ে ই সেয়া নোহোৱা কৰিব পাৰে৷ নিয়মিতভাৱে মেডিটেচন কৰিলে ই আপোনাক তেনে সমস্যাবোৰৰ পৰা বচাই ৰাখিব৷

মেডিটেচনে বিভিন্ন ধৰণৰ এডিকচন সমস্যাবোৰ মানে আসক্তিবোৰ কমাব আৰু নোহোৱা কৰিব পাৰে৷ মদ, ড্ৰাগছ, চিগাৰেট আদিৰ আসক্তিৰ ক্ষেত্ৰত ই কাম কৰে৷ মেডিটেচনে আপোনাৰ মানসিক নিয়মানুবর্তিতা বা ডিচিপ্লিন বঢ়ায় আৰু সেই নিয়মানুবর্তিতাই এনধৰণৰ নিচাসক্তিৰ ভাঙি বাহিৰ ওলাই অহাত আপোনাক সহায় কৰে৷

মেডিটেচনে টোপনি ভাল কৰে৷ আপুনি যযদি টোপনিৰ কিবা সমস্যাত ভূগি আছে তেন্তে মেডিটেচনে আপোনাক ভালদৰে টোপনি মৰাত সহায় কৰিব পাৰে৷

ইমানবোৰ যদি লাভ ই দিব পাৰে তেতিয়াহ’লে আমিনো কিয় অলপ সময় মেডিটেচন নকৰোঁ৷ আজিৰে পৰা কৰোঁ আহক মেডিটেচন৷

মাটিত বহি পদ্মাসন কৰিহে মেডিটেচন কৰিব পাৰি তেনে নহয়৷ আপুনি বিভিন্ন ধৰণে মেডিটেচন কৰিব পাৰে৷ কোনোবা এঠাইত বহি কৰিলে মনোযোগ দিবলৈ আপোনাৰ বেছি সুবিধা হ’ব৷ নিজৰ শ্বাস-প্ৰশ্বাসৰ ওপৰত মনোযোগ দি মেডিটেচন কৰিব পাৰি বা এটা মন্ত্ৰ বা বাক্য বাৰে বাৰে ৰিপিট কৰিও মেডিটেচন কৰিব পাৰি৷ খোজ কাঢ়ি থাকোতেও কিছুমানে মেডিটেচন কৰে৷ আপুনি ভালপোৱা ধৰণে মেডিটেচন আপুনি কৰিব পাৰিব৷

মাত্ৰ আজি কৰা আৰম্ভ কৰিলে ইয়াক নিয়মীয়াকৈ ৩০ দিন কৰি থাকিব৷ নিয়মীয়াকৈ কৰাটো বেছি জৰুৰী৷ আপুনি যদি এঘন্টা মেডিটেচন কৰে কিন্তু কেতিয়াবাহে কৰে তাতকৈ মাত্ৰ ১৫ মিনিট সময় মেডিটেচন আপুনি যদি প্ৰতিদিনে কৰে ই আপোনাক বেছি লাভ দিব৷ পিছত এয়া কৰিব পৰা হ’লে ৩০ দিনৰ পিছত আপুনি ইচ্ছা কৰিলে এই সময়টো ৩০ মিনিট বা এঘন্টালৈকে বঢ়াব পাৰিব৷

আজি আৰম্ভ কৰক মাত্ৰ ১৫ মিনিট মেডিটেচন ৩০ দিনৰ বাবে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top