Close

৩০ দিনৰ প্ৰত্যাহ্বান- প্ৰতিদিনে ২০ মিনিটৰ বাবে কিবা অলপ পঢ়ক

আপোনাৰ বাবে এইবাৰৰ চেলেঞ্জ প্ৰতিদিনে মাত্ৰ ২০ মিনিটৰ বাবে প্ৰতিদিনে কিবা অলপ পঢ়ক৷

আপুনি কিতাপ এখন পঢ়িব পাৰে, ই-বুক পঢ়িব পাৰে বা আনকি ব্লগ পষ্ট কিছুমানো পঢ়িব পাৰে৷ আপোনাৰ কামত অহা, আপুনি পঢ়ি ভালপোৱা কিছুমান কিতাপ, বা পষ্ট পঢ়ক৷

যদি কিবা এটা বিশেষ বিষয়ত আপোনাৰ আকর্ষণ আছে, তেন্তে সেই বিষয়টোৰ বিষয়ে পঢ়ক৷ অসমীয়া, ইংৰাজী, হিন্দী বা আন যি ভাষাৰ কিতাপ পঢ়িব মন কৰে, সেয়া পঢ়ক৷ মবাইল ফোনটোত পঢ়ক, টেবলেট আছে যদি তাত পঢ়ক বা কিতাপ এখন হাতত লৈ তাকে পঢ়ক৷ দূপৰীয়া ভাতখোৱাৰ পিছত পঢ়ক, আবেলি পঢ়ক, ৰাতিশোৱাৰ সময়ত পঢ়ক- মুঠতে যেতিয়া সময় হয়, সুবিধা হয় তেতিয়াই পঢ়ক৷

আনে যদি পঢ়াও নাই তেতিয়াও আপুনি পঢ়া অভ্যাস কৰক৷

কিয় মই পঢ়াৰ কথাটো কৈছোঁ, কিয় ইয়াত জোৰ দিছোঁ? কাৰণ এই সৰু অভ্যাসটোৱে আপোনাক বহুত সহায় কৰিব৷

সফল মানুহবোৰ পঢ়ে

সম্ভৱত তেওঁলোকে তাৰপৰা বহু কথা শিকে৷ হয়তো তেওঁলোকে তাৰ পৰা কি কৰিব লাগিব, কোনফালে যাব লাগিব, কেনেদৰে যাব লাগিব সেই কথাবোৰ গম পায়, বুজি পায়, শিকে৷ নতুন নতুন কথা শিকে, স্কিল শিকে, মনৰ দুৱাৰবোৰ তেওঁলোকে খুলিব পাৰে৷

কাইলৈৰ বাবে তেওঁলোক সাজু

কিতাপ বা ব্লগ পঢ়ি আপুনি এনে কিছুমান কথা জানিব পাৰে যিবোৰ ভবিষ্যতৰ বাবে বৰ গুৰুত্বপূর্ণ হ’ব পাৰে৷ আপুনি এনে কিছুমান স্কিল শিকিব পাৰে যিবোৰে আপোনাক ভবিষ্যতেও চাকৰিৰ বাবে আৰু ভালদৰে জীয়াই থকাৰ বাবে সাজু কৰি তুলিব৷
মগজুটো ঠিকে ৰাখে

বয়স বাঢ়ি যোৱাৰ লগে লগে মগজুৰ শক্তি কমি গৈ থাকিব পাৰে৷ কিতাপ পঢ়াৰ অভ্যাসে এই শক্তি কমি যোৱাত বাধা দিয়ে৷ ই মগজুটোৰ এক্সাচাইজৰ নিচিনা যিয়ে ডিমেনচিয়া বা স্মৃতিশক্তি কমি যোৱা বা পাহৰা সমস্যাৰ সম্ভাৱনা কমাব পাৰে৷

ভাষা এটা ভালদৰে শিকা সম্ভৱ

আপুনি অসমীয়া বা ইংৰাজী বা আন ভাষা এটা ভালদৰে শিকাটো সম্ভৱ যদিহে আপুনি কিতাপ পঢ়ে৷ আপুনি চাবচোন অসমীয়া মানুহ এজনে কওতে আৰু লিখোতে বাৰেপাচি ভুল কৰে৷ অথচ তেওঁ সৰুৰে পৰা সেই ভাষাটোৱে শুনি আহিছে, কৈ আহিছে৷ তেনে হয় কাৰণ তেওঁলোকে কিতাপ পঢ়া নাই৷ শব্দ এটা কওতে শব্দটো তেওঁলোকৰ চকুৰ আগত ভাঁহি নাহে৷

বিনোদন

কিতাপ পঢ়াটো এটা বিনোদন যিয়ে একেঠাইতে বহি থাকিও আপোনাক নানা ধৰণে আমোদ দিব পাৰে, এন্টাৰটেইন কৰিব পাৰে৷

কিতাপে আপোনাক আগতকৈ বেছি স্মার্টো কৰি তুলিব পাৰে৷ ই আপোনাক আনৰ বাবেও আকর্ষণীয় কৰি তোলে কাৰণ আপুনি বিভিন্ন বিষয়ৰ, বহু কথা জানে৷

এতিয়া মাত্ৰ এই চেলেঞ্জটো লওক আৰু জীৱনক আৰু এটা সুবিধা দিয়ক৷ এঘন্টা নালাগে, মাত্ৰ ২০ মিনিটৰ বাবে পঢ়ক৷ আজি আৰম্ভ কৰিলে একেৰাহে ৩০ দিন এই কামটো কৰি থাকিব মাজত এদিনো গেপ নিদিয়াকৈ৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top