Close

৩০ দিনৰ জার্নেলিং প্ৰত্যাহ্বান

30 Day Journaling Challenge

আপোনাৰ বাবে এইবাৰৰ প্ৰত্যাহ্বান হ’ল ৩০ দিনৰ জার্ণেলি চেলেঞ্জ

জার্নেলিং মানে আপোনাৰ মনৰ কথাবোৰ কোনোবা এঠাইত লিখি যোৱা৷ মনৰ বিভিন্ন ধৰনৰ কথাবোৰ, আৱেগবোৰ, অনুভূতিবোৰ, চিন্তাবোৰ, লক্ষ্যবোৰ আপুনি কোনোবা এঠাইত লিখি যোৱা৷ আপুনি নোটবুক এটা, ডায়েৰী এটা বা আনকি নিজৰ মবাইল ফোন, টেবলেট বা কম্পিউটাৰতো সেয়া লিখিব পাৰে৷

কিন্তু আপুনি সেয়া কিয় কৰিব লাগে? জার্ণেলিঙ কৰিলে আপোনাৰ কি লাভ হ’ব? চাও আহক৷

জার্নেলিং কৰিলেনো আপোনাৰ কি লাভ হ’ব?

ষ্ট্ৰেছ কমি যাব

আপুনি যেতিয়া নিজৰ অনুভৱবোৰৰ কথা লিখিব তেতিয়া আপোনাৰ সকলোবোৰ উদ্বিগ্নতা, হতাশা, দুখ, কষ্ট, যন্ত্ৰণা আদিৰ কথা আপুনি জার্নেলখনত লিখিব পাৰিব৷ তাৰ ফলত আপোনাৰ ষ্ট্ৰেছ কমি যাব৷ আপোনাৰ যিদ ক’বলৈ কোনো নাই বা কাৰো আগত আপুনি সেইবোৰ কথা ক’ব নিবিচাৰে তেন্তে আপুনি জার্ণেলখনত সেই সকলোবোৰ লিখিব পাৰে৷

চেলফ ৰিফ্লক্ট বা আত্ম প্ৰতিবিম্ব চোৱাৰ সুবিধা

নিজৰ বিষয়ে চেলফ ৰিফ্লেক্ট কৰিবলৈ ই সহায় কৰিব৷ আমি বহু সময়ত গমেই নাপাও জীৱনটো কোনফালে গৈ আছে৷ কেতিয়াবা ই বহুত স্পিড গৈ থাকিব পাৰে৷ জার্নেলখনে আপোনাক সহায় কৰিব নিজৰ বর্তমানৰ অৱস্থাৰ বিষয়ে জনাত যাতে আপুনি যি কৰিবলগীয়া আছে সেয়া কৰিব পাৰে৷ ই আপোনাক অলপ ৰৈ কথাবোৰ ভালদৰে জুকিয়াই চাবলৈ সুবিধা দিয়ে৷


আত্মসচেতনতা বাঢ়িব

আপুনি জার্ণেলখনত নিজৰ বিষয়ে নানা কথা লিখে, নিজৰ মনৰ অৱস্থা, চিন্তাবোৰ, অনুভৱবোৰ, ভয়, উদ্বেগ আদি নানা কথা তাত থাকে৷ ফলত আপুনি নিজৰ বিষয়ে আগতে নজনা বহু কথা জানিব পাৰে৷ নিজৰ আত্মসচেতনতা লাভ কৰাৰ বা বঢ়োৱাৰ ই এটা খুব ভাল সুবিধা৷

আপোনাৰ মাইণ্ডফুলনেচ বঢ়াব

মাইণ্ডফুলনেছ আৰু সুখৰ মাজত এটা গভীৰ সম্পর্ক আছে৷ অতীতৰ হতাশা অৰু ভবিষ্যতৰ উদ্বেগবোৰে বর্তমানৰ সময়ত সন্মুখত সিহঁতৰ চোক হেৰুৱাই পেলায় আৰু আপুনি বর্তমান সময়ত বেছি ভালদৰে জীয়াই থাকিব পৰা হয়৷ 

লক্ষ্যবোৰ লাভ কৰাত সহায় কৰিব

আপোনাৰ সপোনবোৰ, লক্ষ্যবোৰ উচ্চাকাঙ্খাবোৰ আপুনি নিজৰ জার্ণেলখনত লিখে৷ এনেদৰে লিখি ল’লে ই আপোনাক সহায় কৰে কথাবোৰ মনত ৰখাত আৰু সেইবোৰক লিখা কামটোৱে আপোনাৰ মনত দৃঢ় কৰি তোলে৷ আপুনি সেইবোৰ মাজে সময়ে উলিয়াই চাব পাৰে যে ভবামতে কামবোৰ হৈ ছে নে নাই, আপুনি কৰিছে নে নাই৷

ইম’চনেল ইন্টে লিজেঞ্চ বঢ়াব

ইম’চনেল ইন্টেলিজেঞ্চ হ’ল আপোনাৰ আৱেগবোৰ জনা, বুজা আৰু মেনেজ কৰা৷ জার্ণেলিঙে আপোনাৰ আত্মসচেতনাত বঢ়োৱাৰ লগতে আৱেগবোৰৰ লগত আপোনাৰ চিনাকি কৰাই দিয়ে৷ ই তেনেদৰে আপোনাৰ এমপেথি বঢ়োৱাতো সহায় কৰে৷ এই সকলোবোৰ কথাই আপোনাৰ ইম’চনেল ইন্টেলিজেঞ্চ বঢ়াই তুলিব৷

এতিয়া কথাটো হ’ল এই জার্ণেলিং কেনেকৈ কৰিব পাৰি?

কেনেকৈ কৰিব জার্ণেলিঙ

আপুনি হাতেৰে লিখিব পাৰে বা নিজৰ কম্পিউটাৰ, টেবলেট, আনকি মবাইল ফোনটোও ব্যৱহাৰ কৰিব পাৰে৷ আপুনি যিদৰে লিখি স্বাস্বন্দ্য অনুভৱ কৰে তেনেদৰেই লিখিব৷ কম্পিউটাৰ, টেবলেট বা মবাইল হ’লে আপুনি নোট টেকিং এপ এটা বা ডায়েৰী এপ এটা ব্যৱহাৰ কৰিব পাৰে৷
যদি অতেৰে লিখি আপুনি বেছি ভাল পায় তেনেহ’লে পচন্দৰ এটা নোটবুক লৈ লওক৷ তাত ওপৰত তাৰিখ আৰু দিনটো লিখি লওক আৰু তাৰ পিছত তাত নিজৰ লিখিবলগীয়া কথাবোৰ লিখি যাওক৷

কি কি লিখিব?

  • আপোনাৰ মনত যিবোৰ চিন্তা চলি আছে সেইবোৰৰ কথা লিখিব পাৰে
  • মনত চলি থকা আৱেগবোৰৰ কথা লিখিব পাৰে৷ মনটো যদি বেয়া লাগি আছে বা ভাল লাগি আছে কিয় লাগি আছে সেই কথাবোৰ লিখিব পাৰিব৷
  • আপোনাৰ মনত হৈ থকা অনুভৱবোৰৰ কথা লিখিব পাৰে
  • আপোনাৰ লক্ষ্যবোৰৰ কথা লিখিব পাৰে
  • আপুনি কি কি কথাৰ বাবে কাৰ কাৰ ওচৰত কৃতজ্ঞ সেয়া লিখিব পাৰে
  • আপোনাৰ মনলৈ অহা আন যিকোনো কথা লিখিব পাৰিব

মাত্ৰ মনত ৰাখিব আজি যদি আৰম্ভ কৰিছে, একেৰাহে মাজত এদিনো গেপ নিদিয়াকৈ আপুনি সেয়া ৩০ দিন কৰি থাকিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top