Close

৩০ দিনীয়া প্ৰত্যাহ্বান- মর্ণিং ৰুটিন এখন

30 Day Challenge-Create a morning routine

এইবাৰৰ ৩০ দিনীয়া প্ৰত্যাহ্বান হ’ল নিজৰ বাবে এখন মর্ণিং ৰুটিন বা এক মর্ণিং ৰিচুৱেলৰ সৃষ্টি কৰক৷

মর্ণিং ৰুটিন বা ৰিচুৱেল এটাই জীৱনটো ভাল কৰি তুলিব পাৰে৷ ই মনটোক মনটোক জগাই তোলে৷ এই সময়খিনি আপোনাৰ নিজৰ সময় বা “মি টাইম”৷ বহুতৰে বাবে ৰাতিপুৱা সোনকালে শুই উঠাৰ বাবে ই এটা কাৰণ হ’ব পাৰে৷ মর্ণিং ৰুটিন এখনে দিনটোৰ আৰম্ভণি ভাল কৰে আৰু আপোনাক দিনটোৰ বাবে সাজু কৰি তোলে৷

কিমান সময় লাগিব?

ইয়াৰ কোনো ধৰা বন্ধা সময় নাই৷ ই সম্পূর্ণৰূপে ফ্লেক্সিবল৷ আপোনাৰ যদি ৰাতিপুৱা দৌৰাদৌৰি হয়, তেতিয়া আপুনি কম সময় ল’ব৷ কেতিয়াবা আনতকৈ আগতে উঠি আপুনি নিজৰ মর্ণিং ৰুটিনখন অনুসৰণ কৰিব পাৰে৷ কেতিয়াবা ল’ৰা-ছোৱালী স্কুললৈ পঠিয়াইও আপুনি এয়া কৰিব পাৰে৷ হাতত থকা সময় অনুসৰি নিজৰ মতে এই ৰিচুৱেল বা ৰুটিনখন ঠিক কৰি ল’ব৷

কি কি কৰিব?

মর্ণিং ৰুটিনখনত য়োগা, আন এক্সাচাইজ, মেডিটেচন, কিতাপ পঢ়া, চাহ একাপ খোৱা আদি কথা থাকিব পাৰে৷ আপুনি যি যি কাম কৰি ভাল পায় তাৰে কিছুমান ইয়াত অন্তর্ভুক্ত কৰিব পাৰে৷ যদি ঘৰত কুকুৰ আছ সিহঁতৰ লগত অলপ সময় বহিব পাৰে, খেলিব পাৰে৷

লগতে এটা কথা ইয়াত অন্তর্ভুক্ত কৰিবলৈ নাপাহৰিব৷ সেয়া হ’ল কৃতজ্ঞতা জনোৱা কাম৷ ৰাতিপুৱাই যদি যাৰ প্ৰতি কৃতজ্ঞ তেনে এজন মানুহৰ কথা লিখে, কিয় কৃতজ্ঞ সেয়া লিখে তেতিয়াও ই মনটোক মনটো ভাল লগাব, মনটো পজিটিভ কৰি তুলিব৷

আপুনি মর্ণিং ৰিচুৱেলত জার্নেলিং কৰিব পাৰে যত মনটোৰ সেই সময়ৰ চিন্তা, ভাৱনা, আৱেগ সকলো কথা লিখিব পাৰে নিজৰ এখন জার্নেলত৷

পজিটিভ এফাৰমেচন আন এটা বস্তু যিটো আপুনি ৰাতিপুৱাৰ ৰিচুৱেলত অন্তর্ভুক্ত কৰিব পাৰে৷ পজিটিভ এফাৰমেচন হ’ল এই কাম যত আপুনি এটা বা ততোধিক পজিটিভ বাক্য বাৰে বাৰে ৰিপিট বা পুনৰাবৃত্তি কৰি থাকে৷

আপুনি নিজৰ লক্ষ্যবোৰৰ কথা ভাবিব পাৰে৷ সেইবোৰৰ বিষয়ে সদায় ৰাতিপুৱা ভাবিলে এই কামটোৱে মনটোক লক্ষ্যবোৰৰ পিনে লক্ষ্য কৰি কাম কৰি যাাবলৈ আপোনাক সহায় কৰিব৷

আপুনি গানো শুনিব পাৰে৷ সংগীতৰ একত অদ্ভূত শক্তি আছে যিয়ে আপোনাক সদায় মনটো ভালে ৰখাত, মুড ভাল কৰাত সহায় কৰিব৷ ভাল লগা কিছুমান গান বাচি লৈ সেইবোৰ এখন প্লেলিষ্ট বনাই ৰাখিব পাৰে যাতে যেতিয়াই মন যায় তেতিয়াই আপুনি সেই গানবোৰ শুনিব পাৰে৷

বা আপুনি ৰাতিপুৱা গৰম পানী এগিলাচত অলপ নেমু ৰস মিহলাই খাব পাৰে৷ এনে কৰিলে ভিটামিন চি পোৱাৰ লগতে ই শৰীৰত পি এইচ লেভেল ঠিকে ৰখিব, শৰীৰৰ বিষ কমাব আৰু আঠু আৰু হাড়ৰ বিষ কমাব, মগজুৰ কোষবোৰ আৰু নার্ভবোৰক পুষ্টি যোগান ধৰিব৷

মাত্ৰ মবাইল ফোনটোৰ পৰা আতৰত থাকিব৷ মবাইল ফোনটোক মর্ণিং ৰুটিনৰ অন্তর্ভুক্ত নকৰিব৷ মাত্ৰ গান শুনাৰ বাহিৰে পাৰিলে আন কামত ইয়াক নলগাব, আৰু ওচৰতো নাৰাখিব৷

মর্ণিং ৰুটিন বা ৰিচুৱেলৰ এটা উদাহৰণ

ৰাতিপুৱা ৬ টাত শুই উঠি মুখ-হাত ধোৱাৰ পিছত আপুনি য়োগা বা আন এক্সাচাইজ আৰম্ভ কৰিলে৷ আধা ঘন্টা সেয়া চলিল৷ তাৰ পিছত ১৫ মিনিট সময় মেডিটেচন কৰিলে৷ তাৰ পিছত উঠি নেমু দিয়া ৰঙা বা লালচাহ একাপ খালে৷ যদি সময় থাকে ঘৰৰ কুকুৰকেইটাৰ লগতো অলপ সময় খেলিলে আৰু তাৰ পিছত আপুনি ভালপোৱা কিতাপ এখন অলপ সময় পঢ়িলে৷ সময় থাকিলে আৰু মন গ’লে অলপ সময় গানো শুনিলে৷

চাকৰি কৰা লোকসকলৰ, ল’ৰা-ছোৱালী থকা লোকসকলৰ বাবে এনে কৰাটো সহজ নহ’বও পাৰে৷ তেওঁলোকে নিজৰ ৰুটিনখন তেনেদৰে অলপ সলাই ল’ব পাৰে৷ হয়তো আন দিনাতকৈ ১৫ মিনিট অগতে উঠিলে নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব৷ সময় উলিওৱাটো আপোনাৰ নিজৰ কথা, কিন্তু আপুনি এই বিষয়ে নিশ্চিত হ’ব পাৰে যে মর্ণিং ৰিচুৱেল এটাই আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সহায় কৰিব, মনটোক ভাল কৰিব৷

আপুনি এই চেলেঞ্জটো ল’বলৈ সাজুনে? এই চেলেঞ্জটোৱে আপোনাৰ দিনবোৰ আগতকৈ ভাল কৰি পেলাব পাৰে৷ মাত্ৰ আজি আৰম্ভ কৰিলে ৩০ দিনলৈ এয়া কৰি থাকিব৷ ৩০ দিনৰ পিছত ভাল নাপালে বা কামত নাহিলে ইয়াক বন্ধ কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top