Close

৩০ দিনীয়া প্ৰত্যাহ্বান- ন’ বুলি ক’বলৈ শিকক

30 Day ChallengePractice saying no to things you don’t actually want to do

এইবাৰৰ ৩০ দিনীয়া প্ৰত্যাহ্বান হল অহা ৩০ দিনলৈ আপুনি যি কাম সঁচাকৈ কৰিব নিবিচাৰে সেই কাম নকৰো বুলি কব৷ বৰ ডাঙৰ কথা নহয়, মাত্ৰ ৩০ দিন চেষ্টা কৰি চাওকচোন, আপুনি কিজানি এই কামটো ভাল পায়েই বা!

কোনবোৰ কথাক নবা নহব বা নোৱাৰোঁ বুলি ক?

যিবিলাক কথা আপোনাৰ বাবে গুৰুত্বপূর্ণ নহয়সেইবোৰ নকৰিব৷ বা স্কুলত বা অফিচত আন কোনোবাই তেওঁৰ কামটো আপোনাক কৰিবলৈ কলে, তেতিয়াআপুনি না বা নহব বা নকৰোঁ বুলি কব পাৰে৷ আপুনি যিবিলাক কথাত মনৰ ভিতৰৰ পৰা নবুলি কব খোজে সেইবোৰ কামত নবুলি কোৱাৰ কথা কৈছোঁ৷

কিয়?

দিনটো আপুনি যিবোৰ কাম কৰে সেইবোৰ আপোনাৰনিজৰ প্ৰায়ৰিটি হব লাগে৷ কাৰণ এই কামবোৰ আপোনাৰ বাবে গুৰুত্বপূর্ণ, এইবোৰে আপুনি লাভ কৰিব বিচৰা লক্ষ্যবোৰ লাভ কৰাত সহায় কৰিব, আপুনি বিচৰা ধৰণৰ জীৱন এটা গঢ়াত সহায় কৰিব৷ এনে কামবোৰ আপুনি কৰিবই লাগিব৷ কিন্তু এনে কামবোৰ কৰিবলৈ এৰি যদি আপুনি আনৰ কাম কৰাত লাগি যায় আৰু সদায় তেনে কৰে, তেতিয়া আপোনাৰ কামবোৰ আগবাঢ়িব জানো? নাবাঢ়িব৷ আপুনি লক্ষ্যবোৰ লাভ কৰিব পাৰিব জানো?

কিছুমান মানুহে আনে এনেদৰে জাপি দিয়া কামবোৰ কৰিব নিবিচাৰে, কিন্তু মুখেৰে একো কব নোৱাৰে৷ ফলত তেওঁলোকে নিজৰ কামৰ উপৰিও আন মানুহৰ কামবোৰো কৰিব লাগে আৰু ফলত সঠিক সময়ত নিজৰ কাম শেষকৰিব নোৱাৰে, প্ৰাপ্য প্ৰশংসা আৰু সন্মান নাপায়, নিজৰ ব্যক্তিগত কামবোৰৰ বাবে সময় উলিয়াব নোৱাৰে আৰু তেনে নানাধৰণৰ সমস্যাৰ মুখামুখি হয়৷ তেনে মানুহে এই প্ৰত্যাহ্বানটোৰ পৰা ভাল ফল লাভ কৰিব৷

কেনেদৰে ক?

বা নহব না নোৱাৰোঁ বুলি কেনেদৰে ক?

আপুনি যদি ন বুলি কব বিচাৰিছে চিধাচিধিকৈ তাকে কওক৷ আন কথা অৱতাৰণা কৰি কথাটো দীঘল কৰিব নালাগে৷ মাত্ৰ কথাটো কওতে নম্ৰভাৱে, ভদ্ৰতাসহকাৰে কওক৷ যদি কব লাগে বুলি ভাবে তেতিয়া কিয় তেনে কৰিছে তাৰ কাৰণটো কব পাৰে৷ আপুনি কব পাৰে, “মই দুঃখিত, মই এয়া কৰিব নোৱাৰোঁ৷ যেতিয়া পাৰোঁ বা যদি পাৰোঁ তেতিয়া মই আপোনাক জনাম৷আপুনি কব পাৰে, “মোক সোধাৰ বাবে ধন্যবাদ, কিন্তু এতিয়া মোৰ একেবাৰে সময় নাই এই কামটো ভালদৰে কৰিবলৈ, গতিকে মই নোৱাৰিম৷অফিচৰ কামৰ ক্ষেত্ৰত আপুনি আৰু অলপ বুদ্ধিৰে কথাটো কব পাৰে৷ অফিচত তেনে হলে আপুনি কেতিয়াবা কব পাৰে, “মই এই x, y ,z কামটো কৰিব পাৰিম কিন্তু তাৰবাবে দুসপ্তাহ নহয় মোক এমাহ সময় লাগিব৷ তাৰোপৰি মোৰ বর্তমানৰ কামবোৰ আছেই৷ এই সকলোবোৰ কাম কেনেদৰে প্ৰায়ৰিটাইজ কৰাটো আপুনি বিচাৰে?”

যদি এজন বন্ধুৱেআপোনাৰ নবা নহব বুলি কোৱাটো মানি লব নোৱাৰে, তেওঁ সম্ভৱত আপোনাৰ বন্ধু নহয় আৰু আপোনাক সমান বুলি নাভাবে৷ আপোনাৰ যদি কামটো কৰিবলৈ মন নাই, তেতিয়া সেয়া জোৰ কৰিলেই কৰিব লাগিব বুলি কোনো কথা নাই৷

কোনবোৰ কথাক নবুলি কবলৈ কোৱা নাই?

আপোনাৰ পঢ়া কাম বা অফিচৰ কাম আছে, কৰিবলৈ মন নাই; তাক নকৰো বুলি কবলৈ কোৱা নাই৷ ঘৰত মাদেউতাই বা স্বামীস্ত্ৰীয়ে কিবা এটা কামত সহায় কৰাৰ কথা কলে, তাত নকৰো বা নহব বুলি কবলৈ কোৱা নাই৷ এনেবোৰ কামত কিয় ন বা না বা নকৰো বুলি কব নালাগে সেয়া আপুনি জানে৷ কোনটো কামত নবা নহব বা নকৰো বুলি কব লাগে সেয়া বাচি লোৱাত নিজৰ কমন চেঞ্চক ব্যৱহাৰ কৰিলেই হল৷ আনকসহায় কৰিব খুজিলে কৰিব, কিন্তু সেয়া বাধ্য হৈ কৰাতকৈ নিজে ইচ্ছা কৰি কৰিলে বেছি ভাল হব৷

আপুনি এই চেলেঞ্জটো লবলৈ সাজুনে? এই চেলেঞ্জটোৱে আপোনাৰ দিনবোৰ আগতকৈ ভাল কৰি তুলিব৷ আপোনাক প্ৰতিদিনে নিজৰ কামবোৰ কৰাত আৰু দিনটো সফল কৰি তোলাত সহায় কৰিব৷ মাত্ৰ আজি আৰম্ভ কৰিলে ৩০ দিনলৈ এয়া কৰি থাকিবলৈ নাপাহৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top