Close

আমি কেনেকৈ সুখী হ’ব পাৰোঁ

Modern office desk table with keyboard notepad pen plant glasses top view copy space

কেইটামান কাম কৰিলে আপুনি আজি সুখী হ’ব পাৰিব৷ ইয়াত মাত্ৰ কেইটামান কামৰ কথাহে কৈছো কাৰণ আপুনি মাত্ৰ কেইটামান কামহে এদিনত কৰিব পাৰে সকলোবোৰ নোৱাৰে৷ সুখৰ পিছে পিছে দৌৰি নুফুৰিব, নিজৰ কাম কৰি গৈ থাকিলে সুখ এটা সময়ত আহি নিজে নিজে আপোনাৰ কান্ধত বহিবহি৷

এতিয়া আহো কি কাম কৰিব তালৈ৷

কৃতজ্ঞতাৰ জার্ণেল

এখন জার্নেল লিখা আৰম্ভ কৰক যিখন হ’ল কৃতজ্ঞতাৰ জার্ণেল৷ তাত কি লিখিব? তাত লিখিব আপুনি যিবোৰ কথাৰ বাবে কৃতজ্ঞ৷ ই কিবা সৰু কথা এটাও হ’ব পাৰে বা বহু ডাঙৰ কথাও হ’ব পাৰে৷ কোনোবাই আপোনাৰ বাবে কিবা এটা সৰু কাম কৰিলে সেই কামটোও হ’ব পাৰে৷ কোনোবাই আপোনাৰ বাবে দর্জা এখন খুলি ধৰিলে, চিট এৰি দি আপোনাক বহিবলৈ দিলে, আপোনাৰ পৰি যোৱা মানিবেগটো বুটলি দিলে, এনেকোৱাও হ’ব পাৰে বা কোনোবাই আপোনাৰ প্ৰয়োজনৰ সময়ত ১০০০ টকা দি আপোনাক সহায় কৰিছিল সেয়াও হ’ব পাৰে৷

অতীতটো অতীত

আপোনাৰ অতীতটো অতীত৷ তাক লৈ মূৰ ঘমোৱাৰ বাবেই আমাৰ বহুতৰে নানা ধৰণৰ মানসিক আৰু তাৰ ফলত শাৰীৰিক সমস্যাই দেখা দিয়ে৷ মই আগতে কোৱাৰ নিচিনাকৈ অতীতৰ পৰা মাত্ৰ দুটা বস্তুহে লওক- মিঠা, ভাললগা স্মৃতিবোৰ আৰু লাভকৰা শিক্ষাবোৰ৷ তাৰবাহিৰে বাকী সকলো বাদ দিয়ক, যাবলৈ দিয়ক, এৰি দিয়ক৷ তেতিয়াহে আপুনি সুখী হ’ব পাৰিব৷

বস্তু কমাওক

আপোনাৰ ঘৰত থকা, আপোনাক লগা বস্তু কমাওক৷ আপোনাৰ ঘৰত বহুত জাংক সোমাই আছে৷ কেতিয়াবা লাগিব, মোক পিন্ধিলে ভাল লাগিব, সকলোৰে আছে আমাৰো থাকিব লাগে এনেধৰণে নানা ধৰণৰ বস্তু আহি আপোনাৰ ঘৰ সোমায়৷ ভালদৰে মন কৰিলে আপুনি নিজেও গম পাব তাৰ কিছুমান আৱর্জনা৷ এই আৱর্জনাবোৰ আতৰ কৰিলে আপোনাৰ চাফা চাফা যেন লাগিব আৰু মনটোও ভাল লাগিব৷ আপুনি এবাৰ সেয়া কৰি চালেই গম পাব যে বহুত বস্তু নোহোৱাকৈও আপুনি ধুনীয়াকৈ, খুব শান্তিৰে জীৱনটও কটাব পাৰে৷ সময় আৰু টকা-পইছা ই দুয়োটাই বচাব৷

মটিভেচন মেনুৱেল

মটিভেচন মেনুৱেল এখন বনাই লওক৷ ই অত্যাৱশ্যকীয়, এইখন লাগিবই৷ মাজে-সময়ে আপোনা ৰমনটও বেয়া লগিব পাৰে, মটিভেচন একেবাৰে নোহোৱা হৈ যাব পাৰে৷ আকৌ মনটো ঠিক কৰিবলৈ আৰু নিজৰ কামবোৰ কৰি যাবলৈ অনুপ্ৰেৰণা আৰু সাহস যোগাবলৈ এইখনৰ খুব প্ৰয়োজন আছে৷ কিবা এটা আৰম্ভণি কৰোতে আপুনি যি উৎসাহ আৰু আগ্ৰহেৰে সেই কাম কৰিছিল, তেনেদৰে আকৌ কাম কৰিবলৈ এই মেনুৱেলখনে আপোনাক সহায় কৰিব৷ ই আপোনাক সুখী হোৱাত সহায় কৰিব৷

কাম কৰা আৰম্ভ কৰক

সুখী হ’বলৈ হ’লে আপুনি কাম কৰি থাকিব লাগিব৷ অলসভাৱে থকা, এলেহুৱা মানুহ সুখী হোৱা আপুনি দেখিছেনে? এনে কাম কৰক যিবোৰ কৰি আপোনাৰ ভাল লাগে৷ তেনেদৰে আপুনি ভালপোৱা কামত ব্যস্ত হৈ পৰিলে, সুখে মনে মনে আহি আপোনাৰ ওচৰ পাবহি৷

এক কুকুৰ বা কেচুৱাৰ নিচিনা হওক

যদি কুকুৰ এটাই কিবা এটা বস্তু খাব বা খেলিব নোৱাৰে, তেন্তে ই তাক বাদ দি আন কামত লাগেগৈ৷ কেচুৱা বা শিশু এটাই একো কথালৈ কাণসাৰ নকৰে যেতিয়া তাৰ পেটটো পূৰ হৈ থাকে আৰু কাপোৰ শুকাই থাকে৷ কেচুৱাটো খেলে, সেয়া কৰোতে কামটো উপভোগ কৰে, ফূর্তি কৰে, আৰু তাৰ পিছত ধুনীয়াকৈ শান্তিৰে শুই পৰে৷ কুকুৰ বা কেচুৱা যাৰ নিচিনা হ’বলৈ মন যায় তেনে হওক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top