জীৱনত বিৰক্ত হৈ পৰিলে কি কৰিব?

আমাৰ বহুতৰে দৈনন্দিন জীৱনটো বৈচিত্ৰ্যহীন আৰু সেয়ে বিৰক্তিকৰ৷ আমি কৰিবলগীয়া কামবোৰৰ বাবে, কৰি থকা কামবোৰৰ বাবে ই বৈচিত্ৰ্যহীন হৈ পৰাৰ সম্ভাৱনা থাকে৷ বহুতৰে হয়তো এনে লাগে “কিমান আৰু এইবোৰকে কৰি থাকিম?” আন কিছুমানৰ হয়তো মনত ভাব হয় “আজি কি কৰি কটাম?” কেতিয়াবা আপোনাৰ বিৰক্তি লাগে “ধেৎ, জীৱনটোত একোৱে নাই৷”

অকল আপোনাৰে এনে নহয়, আন বহুতৰে এনেকুৱা হয়৷ কোনোবাই কথাটো কয়, কোনোবাই নকয়৷ কেতিয়াবা কেতিয়াবা জীৱনটো বিৰক্তিকৰ হৈ পৰে৷ আপুনি যিমানে ভাল কাম নকৰক কিয়, যিমানে বাহিৰৰ পৰা দেখাত সাংঘাটিক কাম নকৰক কিয়, তেতিয়াও এনে ভাৱ আপোনাৰ মনলৈ আহিব পাৰে৷ সেইবাবেই দেওবাৰে বা বন্ধৰ দিনত আমাৰ মনলৈ আহে আজি কি কৰিম? বন্ধৰ দিন এটা আমি হয়তো শুয়েই কটাইছোঁ, কিন্তু তেনে কৰা বাবে আকৌ মনে মনে দোষী দোষী অনুভৱো হৈছে৷ মুঠতে জীৱনটো যেনেকুৱাই নহওক কিয় বিৰক্তিয়ে সহজে আমাৰ লগ নেৰে৷ তেনেকুৱা হ’লে আপুনি কি কৰিব?

dog-4750421_1920

দৈনন্দিন জীৱনটো যদি বিৰক্তিকৰ হৈ পৰাৰ পৰা ৰক্ষা কৰিব বিচাৰিছে তেন্তে সেয়া সম্ভৱ হ’ব জীৱনলৈ বৈচিত্ৰ্য আনি৷ জীৱনত বৈচিত্ৰ্য আনিব লাগিব আপুনি নিজে৷ নহ’লে যিমানে ভাল চাকৰি নকৰক কিয়, যিমানে ডাঙৰ চাকৰি নকৰক কিয়, যিমানে ভাল ব্যৱসায় নকৰক কিয়, যিমানে টকা-পইচা নঘটক কিয়, যিমানে মান-সন্মান-নাম অর্জন নকৰক কিয়, এদিন এই সকলোবোৰ বৈচিত্ৰ্যহীন, বিৰক্তিকৰ হৈ উঠিব পাৰে৷ এই বৈচিত্ৰ্য কিন্তু নিজে নিজে নাহে৷ আপুনি যিয়েই নকৰক কিয়, বৈচিত্ৰ্য আনো বুলি ভাবিলে আপুনি নিজে সেই বৈচিত্ৰ্য আনিব পাৰে৷ কিন্তু কেনেকৈ আনিব তেনে বৈচিত্ৰ্য?

জীৱনটো কেনেদৰে আকর্ষণীয় কৰি তুলিব?

কাম কৰাৰ পদ্ধতিটো সলনি কৰক

আপুনি আজি যি পদ্ধতিত কাম এটা কৰি আছে, সেই পদ্ধতিটো সলনি কৰি চাওকচোন৷ কামবোৰ সলনি কৰিব নালাগে, কাম কৰাৰ পদ্ধতিটো সলনি কৰি চাওক৷ আপোনাৰ কামবোৰ কৰি আগতকৈ বেলেগে বেলেগ লাগিব৷ এক নতুন ধৰণৰ অনুভৱ হ’ব সেই একে ধৰণৰ কাম কৰি৷

আগতে আপুনি ৰাতিপুৱা 7 টাত উঠে৷ এতিয়া ৰাতিপুৱা 5 টা বজাত উঠি চাওকচোন৷ দুদিনমান মাত্ৰ কৰি চাওক৷ প্ৰথম কেইদিনমান অলপ অসুবিধা পাব, কিন্তু লাহে লাহে যেতিয়া উঠাটো আপোনাৰ বাবে সহজ হৈ পৰিব তেতিয়া আপোনাৰ জীৱনটো, আৰু বিশেষকৈ ৰাতিপুৱাটো বেলেগ বেলেগ লাগিব৷ আপুনি আগতে আবেলি জিমলৈ গৈছিল শাৰীৰিক ব্যায়াম কৰিবলৈ, এতিয়া সেয়া সলনি কৰি ৰাতিপুৱা জিমলৈ যোৱা কৰক৷ চাওকচোন কিবা সলনি হয় নেকি?

জীৱনৰ কামবোৰ সলনি কৰক

কেতিয়াবা জীৱনৰ কিছুমান কাম সলনি কৰিব লাগিব পাৰে৷ আগতে যদি অফিচৰ পৰা আহি কেৱল টিভিৰ সন্মুখত বহি থকাৰ অভ্যাস আছিল, এতিয়া তাৰে এঘন্টা সময় জিমলৈ যোৱা বা যোগ বা আন কিবা ব্যায়াম কৰা অভ্যাস কৰক৷ বা সেই এঘন্টা সময় আপুনি ভালপোৱা কাম এটা বা হবি এটাত দিয়ক৷ যদি জীৱনৰ কিবা এটা অংশৰ বিষয়ে বা কিবা এটা কামৰ বাবে কিবা এক পৰিকল্পনা আপুনি কৰি আছে বা আগতে কৰিছিল, তেন্তে  সেই পৰিকল্পনা অনুসৰি কাম কৰা আৰম্ভ কৰিব পাৰে৷ তেনে আগতে নকৰা কাম এতিয়া আপুনি আৰম্ভ কৰিব পাৰে৷

beach-2178626_1920

ভয় এৰিব লাগিব

জীৱনটো উপভোগ্য কৰি তুলিবলৈ হ’লে, আকর্ষণীয় কৰি তুলিবলৈ হ’লে এটা পর্যায়লৈ ভয় এৰিব লাগিব৷ একেবাৰতে সকলো ভয় এৰি দিয়াটো সম্ভৱ নহ’ব পাৰে, কোনো কথা নাই৷ লাহে লাহে আপোনাৰ ভয়বোৰ আতৰাই কৰিব খোজা কামবোৰ কৰিব লাগিব, বিচৰা অভিজ্ঞতাবোৰ গ্ৰহণ কৰিব লাগিব৷ আপুনি যদি কিবা এটা কাম কৰিব বিচাৰে কিন্তু নানা ধৰণৰ ভয়ে, যেনে বিফল হোৱাৰ ভয়, হাঁহিয়তাৰ পাত্ৰ হোৱাৰ ভয়, পৰিয়াল চলাব নোৱাৰাৰ ভয়, নিজৰ চকুত সৰু হৈ যোৱাৰ ভয়, খাবলৈ নথকাৰ ভয় বা আন কিবা ভয়ে আপোনাক নিজৰ কাম কৰিবলৈ নিদিয়াকৈ থাকে, তেন্তে সেই ভয়বোৰ আতৰ কৰিলেহে আপুনি কৰিব বিচৰা কামবোৰ কৰিব পাৰিব আৰু তেতিয়াহে জীৱনটো আকর্ষণীয় হোৱাৰ সম্ভাৱনা থাকিব৷

নতুন নতুন বস্তুবোৰ কৰি চাওক

নতুন কিবা এটা বস্তু চাকি চোৱাৰ সুবিধা পালে, নতুন কাম এটা কৰাৰ সুবিধা পালে সেই সুবিধাটো নেৰিব৷ আপুনি কামটো ভালদৰে কৰিব নোৱাৰিলেও কোনো কথা নাই, আনে হাঁহিলেও কোনো কথা নাই, তথাপি কামটো কৰক৷ এই নতুন কামটোৰ জৰিয়তে আপোনাৰ এক নতুন অভিজ্ঞতা হ’ব, এক নতুন অনুভূতি লাভ কৰিব৷ সি আপোনাৰ জীৱনত বৈচিত্ৰ্য যোগ দিব৷

ভ্ৰমণ কৰক

আন ঠাইলৈ ফুৰিবলৈ গ’লে আৰু অকণমান মনটো খোলা ৰাখিলে আপুনি বহু নতুন নতুন কথা দেখিব, শুনিব আৰু শিকিব পাৰিব৷ আপোনাৰ কিছুমান পুৰণি, অনিষ্টকাৰী ধাৰণাৰ কথা আপুনি গম পাব আৰু তেতিয়া সেইবোৰ প্ৰয়োজন হ’লে সলনি কৰিব পাৰিব৷ বিশেষকৈ আপোনাৰ দৃষ্টিভংগী সলনি কৰাত ই বৰ সহায় কৰিব পাৰে৷ মাত্ৰ কিবা নতুন দেখিলে, বেলেগ কিবা দেখিলে সেয়া আগৰ নিচিনাকৈ বিচাৰ নকৰি কিয় সেয়া কোনোবাই কৰিছে বা সেয়া ঘটিছে তাক অলপ মন কৰিবলৈ যত্ন কৰিলে ই আপোনাক নতুনকৈ কথাবোৰ চাবলৈ শিকাব পাৰে৷

টি ভি টো বাদ দিয়ক

আপোনাৰ কাৰণে যদি অকল টিভিটোৱে অৱসৰ বিনেদানৰ আহিলা তেন্তে আপুনি জীৱনটো লৈ ব’ৰ হোৱাটো বৰ ডাঙৰ কথা নহয়, তেনে হ’বই৷ টিভি চোৱাটো পাৰিলে একেবাৰেই বাদ দিয়ক আৰু নহ’লেও কমাওক৷ তেতিয়াহে আন কামৰ বাবে আপোনাৰ সময় ওলাব৷ আপোনাৰ দ্বায়িত্ববোৰ পালন কৰাৰ পিছতো আপোনাৰ ভাল লগা কাম, বাকেট লিষ্টৰ কাম কৰিবলৈ তেতিয়াহে আপুনি সময় উলিয়াব পাৰিব৷

অভিজ্ঞতাৰ ওপৰত গুৰুত্ব বেছি দিয়ক

বস্তু কিনা বা লাভ কৰাতকৈ অভিজ্ঞতা লাভ কৰাত বেছি গুৰুত্ব দিয়ক৷ অভিজ্ঞতাবোৰ বা এইবোৰ লাভ কৰাৰ স্মৃতিবোৰ আপোনাৰ বেছিকৈ মনত থাকিব৷ এইবোৰে আপোনাৰ জীৱনটো আকর্ষণীয় কৰি তুলিব আজি আৰু এইবোৰ মনত কৰি কাইলৈও আপোনাৰ জীৱনটো আকর্ষণীয় হ’ব৷ অকল দামী বস্তু কিনি বা বেছি বস্তু কিনি আপুনি সেই ভাৱটো কেতিয়াও লাভ কৰিব নোৱাৰে৷

utah-95032_1920

বাকেট লিষ্ট এখন অনুসৰণ কৰক

আপোনাৰ বাকেট লিষ্ট এখন আছেনে? বাকেট লিষ্ট এখনত আপুনি আপোনাৰ মৃত্যু হোৱাৰ আগতে যিবোৰ কাম কৰিব খোজে সেই কামবোৰ লিখা থাকে৷ যদি আপোনাৰ বাকেট লিষ্ট এখন নাই তেনেহ’লে এখন বাকেট লিষ্ট তৈয়াৰ কৰি লওক আৰু মাজে মাজে অলপ সময় পালে সেইখনৰ কামবোৰ কৰা আৰম্ভ কৰক৷ বিৰক্ত হ’বলৈ আপুনি সময়ে নাপাব৷ এই কামবোৰ বিভিন্ন হ’ব পাৰে আৰু সেয়ে এইবোৰে আপোনাৰ জীৱনলৈ বিভিন্নতা আনিব৷ এই কামবোৰে যিকোনো সময়তে আপোনাৰ জীৱনটো আকষণীয় কৰি তুলিব৷

নতুন কিবা এটা শিকক

নতুন কিবা এটা স্কিল শিকক বা নতুন চফটৱেৰ এটাকে চলাবলৈ শিকক, হয়তো ভিডিঅ কেনেদৰে কৰে সেয়া শিকক৷ নতুন হবী এটা আৰম্ভ কৰি তাৰ বিষয়ে নতুনকৈ, ভালদৰে শিকক, কি কৰে, কেনেকৈ কৰে সকলোবোৰ কথা শিকিবলৈ লওক৷ আগৰ পৰা যদি গিটাৰ বজাবলৈ শিকিবলৈ মন আছিল সেয়া আৰম্ভ কৰক৷ যদি ৰান্ধিবলৈ শিকিবলৈ মন আছে বা সেয়া প্ৰয়োজনীয় হৈ পৰিছে, তেন্তে ৰান্ধিবলৈকে শিকক৷ কি শিকিব? সেয়া সম্পূর্ণৰূপে আপোনাৰ কথা৷

মর্ণিং ৰুটিনখন সলনি কৰক

আপোনাৰ মর্ণিং ৰিচুৱেল বা ৰুটিন এখন আছেনে? যদি নাই তেন্তে সেইখন তৈয়াৰ কৰি লৈ সেইমতে ৰাতিপুৱা কাম কৰা আৰম্ভ কৰক৷ তেতিয়া আগতকৈ আপোনাৰ ৰাতিপুৱাটো সলনি হৈ পৰিব৷ যদি আপোনাৰ মর্ণিং ৰিচুৱেল এটা আছে তেন্তে সেইখন সলাই অলপ নতুন কৰি লওক৷ তেতিয়াও জীৱনটো আগতকৈ বেলেগে, নতুন হৈ পৰিব৷

জীৱনটো আকর্ষণীয় কৰি তুলি বৈচিত্ৰ্যহীন জীৱন এটাৰ পৰা মুক্তি পাবলৈ হ’লে আপুনি কৰিব পৰা আন কিছুমান কাম আছে৷ সোনকালে উঠক, নতুন কিবা এটা শিকক, ঘৰটো নতুনকৈ সজাওক, ভাল নোপোৱা কাম কৰক, নোৱাৰিম বুলি ভবা কাম এটা কৰক, ব্যস্ত হৈ পৰক, নিজৰ চহৰতে এদিন হোটেলত থাকক ইত্যাদি নানা সৰু-ডাঙৰ কাম আপুনি কৰিব পাৰে বৈচিত্ৰ্য আনিবলৈ আৰু জীৱনটো আগতকৈ আকর্ষণীয় কৰি তুলিবলৈ৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *