এটা নতুন সুযোগ- এক নতুন সুবিধা

চিটিজেনশ্বিপ এমেণ্ডমেন্ট এক্ট বা ‘কা’ – ইয়াক লৈ আন্দোলন এতিয়া চলি আছে ইয়াত ডেকা ল’ৰা কেইজন শ্বহীদ হোৱাৰ দৰে দুখ লগা ঘটনাও আছে কিন্তু লগতে কিছুমান উল্লেখনীয় কথাও আছে৷

crowd-1295674

এটা সাংঘাটিক সুবিধা

অসমৰ বাবে অসমীয়াৰ বাবে ই এটা সাংঘাটিক সুবিধা৷ এই আইনখনে আৰু তাৰ প্ৰণয়ন কৰিবলৈ কৰা চেষ্টাই অসমীয়াক এটা ডাঙৰ সুবিধা দিছে৷ ইমানদিনে যিসকল অসমীয়া শুই আছিল তেওঁলোকক জগোৱাৰ এটা সুবিধা৷ লগতে সকলো অসমীয়াকে আকৌ এবাৰ অসম, অসমীয়া মানুহ আৰু অসমীয়া ভাষাৰ কথা মনত পেলাই দিয়াৰ ই এক সুবিধা৷ অসমীয়া মানুহক একগোট কৰাৰ ই এটা খুব ভাল সুবিধা৷

যিসকল ছাত্ৰ-ছাত্ৰীৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত আমাৰ কিছুমানৰ সন্দেহ আছিল, সেই সন্দেহ যে অমূলক সেয়া এই সময়ছোৱাৰ আন্দোলনে দেখুৱাই দিছে৷ বহু বয়সীয়া মানুহৰ আপত্তি যে নতুন প্ৰজন্মটো ধ্বংস হ’ল, সিহঁতে এয়া নাজানে-সেয়া নাজানে, সিহঁতৰ এয়া বেয়া -সেয়া বেয়া, সিহঁতে কেৱল ম’বাইল, ইন্টাৰনেট, চচিয়েল মিডিয়াত ব্যস্ত, ইংৰাজী মাধ্যমত অধ্যয়ন কৰি নিজৰ ভাষা, সংস্কৃতি, সাহিত্য, নিজৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা পাহৰি গৈছে  ইত্যাদি৷ কিন্তু এই আন্দোলনত আৰম্ভণিৰ পৰা এতিয়ালৈকে আগবাঢ়ি আহি, বাহিৰ ওলাই আহি, নেতৃত্ব লৈ নতুন প্ৰজন্মই দেখুৱাই দিলে যে এই প্ৰজন্মক লৈ কৰা চিন্তাবোৰ অমূলক৷ বৰঞ্চ সমালোচনা কৰা সকলতকৈ বেছি প্ৰতিবাদ হোৱা দেখা গ’ল এই নতুন প্ৰজন্মৰ পৰাহে৷ স্বদেশ আৰু স্বজাতিপ্ৰেম যে তেওঁলোকৰো আছে সেয়া তেওঁলোকে সকলোকে দেখুৱাই দিলে৷ এনে নতুন প্ৰজন্ম থকা জাতি এটাই মৰিবলৈ ভয় কৰিব লাগিব জানো? অসমীয়া জাতি এওলোকৰ জৰিয়তেই চিৰজীৱি নহ’বনে?

হীনমন্যতা

আমি অসমীয়া ভাষাক লৈ হীনমন্যতাত ভোগো আৰু সেয়ে অসমীয়া বাদ দি আন সকলো ভাষা ক’বলৈ চেষ্টা কৰোঁ৷ এই হীনমন্যতাৰ বাবেই অসমতে আমি অসমীয়া বাদ দি দোকান-পাহাৰত ইংৰাজী বা হিন্দী কও৷ অসমতে থকা অনাঅসমীয়া ব্যৱসায়ীৰ লগত আমি হিন্দীত কথা পাতো৷ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমত নপঢ়াও৷ ল’ৰা-ছোৱালীয়ে অসমীয়া ক’ব নোৱাৰিলেও কথা নাই কিন্তু ইংৰাজী ক’ব পাৰিলে ফূর্তি পাও৷ কিছুমান মানুহৰ ক্ষেত্ৰত এই হীনমন্যতা দেখা পাবলৈ সহজ৷ কিন্তু কিছুমানৰ ক্ষেত্ৰত এই হীনমন্যতা ওপৰে ওপৰে নেদেখি৷ সেইটোহে বেছি সাংঘাটিক৷ বর্তমান সময়তো যি সময়ত গোটেই পৃথিৱীৰ কথা ঘৰতে বহি চাব পাৰি, জানিব পাৰি, ইমান কথা জনা-বুজা-শিকাৰ সুবিধা আছে, তেনে দিনতো এনে ধৰণৰ হীনমন্যতা থকা কথাটো আচৰিত৷ ইংৰাজী বা হিন্দী শিকাটো বেয়া কথা নহয়, সেয়া সকলোৱে শিকক, কিন্তু সেয়া জানিলে মই ওপৰ খাপৰ, নাজানিলে তলখাপৰ সেই কথা ভবাটোহে বৰ ভয়ানক কথা৷

protest-464616_1920

ভাষা, জাতিৰ প্ৰতি মৰম

কিন্তু দৈনন্দিন জীৱন এটা জীয়াই থাকি কেনেদৰে আপুনি ভাষাৰ প্ৰতি, দেশৰ প্ৰতি মৰম দেখুৱাব পাৰে? আপুনি যদি পাৰে অসমীয়া ভাষাত গীত, কবিতা, গদ্য ৰচনা কৰি সেয়া কৰিবপাৰে৷ কিন্তু সেয়া হয়তো সকলোৱে কৰিব নোৱাৰিব৷ তেতিয়াহ’লেও আপুনি নিজৰ অৱদান আগবঢ়াব পাৰে অসমীয়া ভাষাৰ চর্চা কৰি৷ অসমীয়া ভাষাৰ কিতাপ-পত্ৰ, মেগাজিন পঢ়ি, অসমীয়া ভাষাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই৷ ঘৰত ল’ৰা-ছোৱালীৰ লগত অসমীয়াত কথা বতৰা পাতি সিহঁতক অসমীয়া শুদ্ধকৈ লিখিবলৈ-পঢ়িব কৰি তোলাতোও আপোনাৰ এক অৰিহণা হ’ব পাৰে৷

আৰু সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰৰ পৰা এই কামত হাত উজান দিব পাৰে, অসমৰ বাবে অৱদান আগবঢ়াব পাৰে৷ যিদৰে এজন অভিনেতাই অভিনয়ৰ জৰিয়তে মানুহক কথাবোৰ সহজে বুজাই দিব পাৰে, এজন লিখকে মানুহক উদ্বুদ্ধ কৰিব পাৰে, এজন উদ্যোগীয়ে আন অসমীয়া যুৱকক সঠিকভাৱে সকলোৰে লগত ফেৰ মাৰিব পৰাকৈ ব্যৱসায় শিকাব পাৰে৷ তেনেদৰে স্কুল বা কলেজৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক ভাল কৰিবলৈ, ভাল চাকৰি পাবলৈ সাজু কৰাৰ লগতে তেওঁলোকৰ মনত দেশ আৰু ভাষাৰ প্ৰতি মৰমৰ, সেৱাৰ ভাব জগাই তুলিব পাৰে৷

কিছুমান মানুহে একো নকৰে

কিছুমান মানুহে ইয়াক সমর্থনো নকৰে, কিন্তু ইয়াৰ বিৰোধিতা কৰিবলৈও নাহে৷ তেওঁলোকে তেওঁলোকৰ নিজৰ জীৱনযাত্ৰা আগৰ দৰেই চলাই থাকিব৷ সেই মানুহবোৰক লৈ বেছি চিন্তা কৰি লাভ নাই, তেওঁলোকৰ সহায় বিচাৰিও লাভ নাই৷ নিজৰ বাহিৰে তেওঁলোকে আনৰ কথা ভাবিব নোৱাৰে৷

প্ৰলোভনক আওকাণ কৰাৰ সাহস

আন্দোলনক দুর্বল কৰিবৰ বাবে নানা ধৰণৰ প্ৰলোভন ৰাইজৰ মাজলৈ ইতিমধ্যে মেলি দািয় হৈছে৷ কৰবাত যদি নতুন জিলা ঘোষণা কৰিছে, কৰবাত কোনো জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদৰ ঘোষণা, কৰবাত শিল্পীক সাহায্য, কৰবাত নতুন চাকৰিৰ প্ৰলোভন ইত্যাদি নানা প্ৰলোভন৷ কিন্তু অসমৰ মানুহে এই সকলোবো ৰকথা নিজে নিজে বুজি পাইছে আৰু দেখাদেখিকৈ এইবোৰ অগ্ৰাহ্য কৰিছে৷ এইতো সমাজৰ বাবে এটা কম কথা নহয়৷ সাধাৰণতে মানুহে এনে ব্যক্তিগত প্ৰলোভন ত্যাগ কৰি যিটো শুদ্ধ নিৰিবিচ্চিন্নভাৱে তাৰফালে থকা কথাটো ইমান সহজ নহয়৷ ই সমাজৰ অগ্ৰগতি আৰু মানুহৰ উত্তৰণৰ কথাকে সূচায়৷ সকলোৱে তেনে নকৰিলেও যদি সৰহসংখ্যক মানুহে এই কথাটো বুজি পাইছে আৰু তাক অগ্ৰাহ্য কৰিব পাৰিছে তেন্তে ই আমাৰ বাবে এটা ভাল খবৰ৷

দুর্যোগৰ সময়ত আমাৰ সাহসশক্তিৰ পৰীক্ষা

বিপদৰ সময়ত, দুর্যোগৰ সময়তে আমাৰ সাহস, শক্তি, মনোবলৰ পৰীক্ষা হয় আৰু এতিয়া সেয়াই হৈ আছে৷ যদি আমি এই পৰীক্ষাত উত্তীর্ণ হ’ব পাৰোঁ, তেন্তে সেই সাহস, মনোবল আৰু শক্তিয়ে আমাক সহায় কৰিব আন নানা ডাঙৰ, আগতে ভাবিব নোৱাৰা কাম কৰিবলৈ৷ আমাক সলনি কৰি ই এটা ভাল ৰূপলৈ সলনি কৰিব যিটো ৰূপ হ’ব আগতকৈ বহুত বেলেগ, বহুত ভাল, বহু উন্নত৷ আজি যিদৰে আমি দেশৰ, জাতিৰ, ভাষাৰ প্ৰতি অহা ভাবুকিক প্ৰতিহত কৰিবলৈ সাজু হৈছোঁ, প্ৰতিবাদ কৰিছোঁ, যুদ্ধ কৰিছোঁ সিয়ে আমাক আমাৰ ব্যক্তিগত জীৱনবোৰতো তেনেদৰে যুদ্ধ কৰিবলৈ, সংগ্ৰাম কৰিবলৈ শক্তি, সাহস, আৰু মনোবল দিব৷

strike-51212_1920

ভাষাৰ শক্তি

আৰু অসমীয়া ভাষা এটা মজবুত ভাষা, শক্তিশালী ভাষা৷ কোনোবাই মাৰো বুলিলেই এই ভাষাটোক মাৰি পেলাব নোৱাৰে৷  আগতেও বহুতে চেষ্টা কৰিছে কিন্তু পৰা নাই, এতিয়া যদি সেয়া কৰিবলৈ দিও আমি জানো পিছৰ প্ৰজন্মৰ আগত লাজ নেপাম? বিশ্বৰ চলি থকা ভাষাবোৰৰ সম্ভৱত 64 তম স্থানত থকা ভাষা এটা ইমান সহজে কোনেও নোহোৱা কৰিব নোৱাৰে৷ কিন্তু সলনি হৈ থকা সময়ৰ লগত খাপ খোৱাকৈ আমি ভাষাটোৰ গুৰিটো মজবুত কৰি গৈ থাকিব লাগিব তেতিয়াহে ই বেছিদিন জীয়াই থাকিব৷ আৰু তেনেদৰে কাম কৰা মানুহ ওলাইছে আৰু আগলৈও বেছিকৈ ওলাব৷

এনে যুদ্ধবোৰ এদিনতে শেষ নহয়, এইবোৰ বহু বছৰ চলিব৷ এইবোৰ কথাকে লৈ বহু ভাবি চিন্তি আমি ভাবিছোঁ যে আমি এক নতুন আন্দোলৰ আৰম্ভ কৰিম৷ ৰাস্তালৈ গৈ প্ৰতিবাদ কৰা আন্দোলন নহয় এয়া৷ এয়া হ’ল এনে এক আন্দোলন যি নীৰৱে নিজৰ কাম কৰি থাকিব আৰু ইয়াৰ ফলাফলেহে কৰিবলগীয়া হৈ চৈ খিনি কৰিব৷ ইয়াৰ জৰিয়তে নিজকে আৰু ভাল কৰি, পার্চনেল ডেভেলপমেন্টৰ দ্বাৰা এনে কিছুমান ডেকা-গাভৰু, ছাত্ৰ-ছাত্ৰী, মানুহ আমি তৈয়াৰ কৰিব পাৰো নেকি তাৰ চেষ্টা কৰা, যিসকলে নিজে নিজে আন বহুতো মানুহত নেতৃত্ব দি অসমৰ বেলেগে বেলেগ অঞ্চলত ঠাইবোৰৰ উন্নতি আৰু নিজৰ জীৱনৰ উন্নতিৰ বাবে কাম কৰিব৷ লগতে থাকিব উপার্জনৰ আহিলাৰ কথা, উদ্যোগী হোৱাৰ কথা আৰু ভাষা-জাতিৰ কথা৷ সোনকালে আমাৰ চেষ্টা আমি আৰম্ভ কৰিম আৰু তাত আপোনালোকৰো সহায় আমাক লাগিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *