অভিযোগৰ ফান্দ

প্ৰথমতে এটা পৰীক্ষা৷

পৰীক্ষা

মাত্ৰ এমাহৰ বাবে এই পৰীক্ষাটো কৰি চাওক৷ এমাহ কোনো অভিযোগ নকৰাকৈ চলক৷ কোনো ধৰণৰ এটাও অভিযোগ নকৰাকৈ৷ প্ৰতিদিনে হিচাপ ৰাখিব যাতে এদিনো কোনো কথাতে, ব্যক্তিগত বা ৰাজহুৱা, ঘৰত বা অফিচত, কোনো কথাতে অভিযোগ নকৰে৷  মাত্ৰ এমাহ কৰি চাওকচোন৷ জীৱনটো আৰু অলপ আকর্ষণীয়, উত্তেজনাৰে ভৰা হৈ পৰিব৷

আপুনি যদি অভিযোগ কৰে তাৰ মানে আপুনি বেয়া মানুহ সেয়া নহয়৷ কিন্তু এটা কথা- অভিযোগ কৰা বাদ দিলে আপুনি নিজৰ জীৱনটো আগতকৈ বেছি ভাল কৰিব পাৰিব, লগতে আনৰো জীৱন অলপ হলেও ভাল কৰি তুলিব পাৰিব৷

জীৱনটোৰ দ্বায়িত্ব নিজে লওক

dispute-4033280_1920

দিনটোত আমি কিমানবাৰ অভিযোগ কৰোঁ

সাধাৰণ মানুহ এজনে দিনটোত 15 ৰ পৰা 30 বাৰ অভিযোগ কৰে৷ হয় ইমানবাৰ৷ ই যেন এক প্ৰতিযোগিতাহে- কোনে কিমানবাৰ অভিযোগ কৰিব পাৰে৷ আৰু এনে নহয় যে আপুনি এবাৰ অভিযোগ কৰাৰ পিছৰ পৰা কমকৈ অভিযোগ কৰে৷ এবাৰ অভ্যাস হৈ পৰিলে আপুনি ইচ্ছাকৃতভাৱে ইয়াক সলনি নকৰালৈ ই সলনি নহয়৷

আৰু এটা কথা মন কৰিবচোন- কোনবোৰ মানুহে অভিযোগ বেছিকৈ কৰে৷ যিসকলে কেৱল অভিযোগহে কৰে, অভিযোগৰ উৎসটো নোহোৱা কৰিবলৈ যি একোকে নকৰে৷ যি মানুহে সঁচাকৈ কিবা সালসলনি বিচাৰে তেওঁ তেওঁৰ সামর্থ অনুসৰি সেই সালসলনি কৰিবলৈ কিবা নহয় কিবা কাম হাতত লয়৷

কিছুমান মানুহে আকৌ আনৰ লগত সম্পর্ক স্থাপনৰ বাবে, বা “আমি একে” ধৰণৰ এক অনুভৱ লাভ কৰাৰ বাবে অভিযোগ কৰে৷ “তুমিও অভিযোগ কৰিছা, মইও অভিযোগ কৰিছোঁ, গতিকে আমি দুয়োজন একেই দেখোন” বুলি ভবাৰ নিচিনা কথা৷ কোনোবা এজন অনুপস্থিত মানুহৰ বিষয়ে আপুনি আৰু আন এজনেও অভিযোগ কৰিলে, তেওঁক আপোনাৰ আপোন আপোন যেন নালাগেনে?

কিন্তু অভিযোগ কৰিলেনো কিয় বেয়া?

সম্পর্কবোৰ বেয়া হ’ব

আপুনি যদি প্ৰায়ে নিজৰ সংগী (স্বামী, স্ত্ৰী, গার্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড) ৰ বিষয়ে অভিযোগ কৰি থাকে সেই সম্পর্কটোত বৰ বেছি টান পৰিব আৰু ই ভাঙিও থাকিব পাৰে৷ কাৰোবাৰ জানো ভাল লাগিব প্ৰায়ে আপোনাৰ অভিযোগ শুনি? ইয়াৰ পৰা ষ্ট্ৰেছ হ’ব, দুয়োজনৰে৷ আৰু ইয়াৰ ফলত যি নিগেটিভ শক্তি দুয়োজনে অনুভৱ কৰিব, যি দুয়োজনৰ মাজৰ সংস্পর্শ, আন্তৰিকতা, অন্তৰঙ্গতা কমাই তুলিব পাৰে৷ যিবিলাক কথাত আপুনি অভিযোগ কৰিছে, সেইবোৰ আৰু বেছিকৈ মন কৰিবলৈ আৰম্ভ কৰিব কাৰণ সেইবোৰত আপুনি মনোযোগ দিয়া আৰম্ভ কৰিব৷ আৰু সেইবাবেই সেইবোৰ আপুনি বেছিকৈ দেখা পাবলৈ আৰম্ভ কৰিব আৰু ফলত বেছিকৈ অভিযোগ কৰিবলৈ আৰম্ভ কৰিব৷

স্বাস্থ্যৰ সমস্যা

অভিযোগ কৰি গৈ থাকিলে ই আপোনাৰ মগজুটোক নিগেটিভ ভাবে তৈয়াৰ কৰি গৈ থাকে৷ বাৰে বাৰে এয়া কৰি থকাৰ ফলত ই অভ্যাস হৈ পৰে আৰু সেয়ে আপুনি গম নোপোৱাকৈয়ে আপুনি ইয়াক কৰিবলৈ লয়৷ পিছলৈ পজিটিভতকৈ নিগেটিভ হোৱাটো আপোনাৰ বাবে সহজ হৈ পৰে৷ ষ্টেনফর্ড ইউনিভার্চিটিয়ে কৰা এক গৱেষণাত বিচাৰি পাইছে যে অভিযোগ কৰা কামে আপোনাৰ মগজুৰ হিপ’কেম্পাচ টো সৰু কৰি আনে৷ এই হিপ’কেম্পাচটো বুদ্ধিমত্তা আৰু সমস্যাৰ সমাধানৰ বাবে গুৰুত্বপূর্ণ৷ অভিযোগ কৰাৰ লগে লগে আপোনাৰ শৰীৰত ষ্ট্ৰেছ হ’ৰমন বাঢ়ে, অক্সিজেন আৰু তেজ শৰীৰৰ প্ৰয়োজনীয় অংগৰ পৰা আনফালে বোৱাই নিয়ে, আপোনাৰ ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ বঢ়ায়৷  

তাৰোপৰি অভিযোগ কৰি থকা মানুহ এজনৰ চিন্তা-চর্চা, মনোভাৱ, এটিটিউড, বিশ্বাস আদি নিগেটিভ হোৱাৰ সম্ভাৱনা বেছি৷ তেনেকুৱা হ’লে তেওঁৰ জীৱনটো আনন্দদায়ক হ’ব নে নাৰকীয় হ’ব?

এই অভ্যাসটো কেনেদৰে সলাব?

যদি ই আপোনাৰ অভ্যাস হৈ পৰিছে ইয়াক এদিনতে এৰি দিয়াটো সম্ভৱ নহ’ব৷ কিন্তু তাৰমানে এয়া নহয় যে ইয়াক সলাব নোৱাৰি৷ যদি ই এটা অভ্যাস তেতিয়া ইয়াক সলাবলৈ সহজ৷ কিন্তু যদি ই আপোনাৰ মনোবৃত্তি হৈ পৰিছে, তেতিয়াহ’লে ইয়াক সলাবলৈ অলপ বেছি সময় আৰু কষ্ট কৰিব লাগিব৷ কিন্তু লাহে লাহে আন এটা বিপৰীত অভ্যাস গ্ৰহণ কৰি বা আন এটা বেলেগ অভ্যাস গঢ়ি ইয়াক সলাব পাৰি৷

সলাবলৈ হ’লে আপুনি নিজে সজ্ঞানে মন কৰিব লাগিব আপুনি অভিযোগ কৰিছে নেকি৷ এৱেৰনেছ বা গম পোৱাটো ইয়াক সলোৱাৰ প্ৰথম খোজ৷ আৰু প্ৰতিবাৰ অভিযোগ কৰিলে বা কৰিবলৈ মন গ’লে আপুনি সেয়া নকৰি আন কিবা এটা কৰিব লাগিব৷ আপুনি ভালদৰে কথাটো কিয় আপুনি বেয়া দেখিছে, কি কথা বেয়া দেখিছে সেয়া কথাটোৰ লগত জড়িত মানুহজনক বুজাই দিব পাৰে৷ মাত্ৰ চাব, কোনো খঙ-ৰাগ নোহোৱাকৈ, তেওঁলোকৰ গাত অলপো দোষ নিদিয়াকৈ কেনে  হ’লে সকলোৰে বাবে ভাল হ’ব সেয়া বুজাই ক’ব পাৰে৷ যদি আপুনি কাম কৰা মানুহ (কথা কম কয়, কাম কৰে), তেন্তে সেই অৱস্থাটো সলনি কৰিবলৈ আপোনাৰ সাধ্যানুসাৰে যি কৰিব পাৰে তাকে লগে লগে কৰক৷ 

যিসকলে অভিযোগ নকৰাকৈ থাকিবলৈ টান পায় তেওঁলোকে এটা সহজ, কামত অহা টেকনিক কামত লগাব পাৰে৷ এই টেকনিকটো হ’ল ৰাবাৰ বেণ্ড টেকনিক৷

ৰাবাৰ বেণ্ড টেকনিক

অভ্যাস সলনি কৰাৰ এই টেকনিকটো ব্যৱহাৰ কৰি বহুতে ভাল ফল পাইছে৷ অভিযোগ নিদিয়াকৈ থাকিবলৈ ইয়াৰ দ্বাৰা নিজকে কণ্ডিচনিং কৰিবপাৰি৷ আপোনাৰ হাতৰ সৰু গাঠিত এডাল ৰবৰ বেণ্ড সুমুৱাই লওক৷ যেতিয়াই আপুনি অভিযোগ কৰা আৰম্ভ কৰে তেতিয়াই ৰবৰ বেণ্ডডাল টানি এৰি দিব৷ ই আপোনাৰ হাতত  আঘাত কৰিব, আৰু আপুনি অলপ দুখ পাব৷ ফলত আপুনি সহজে মনত ৰাখিব পাৰিব যে আপুনি অভিযোগ নকৰিবলৈ মান্তি হৈছিল, নকৰিম বুলি ভাবিছিল৷ ই কাম কৰিব কাৰণ ই শাৰীৰিক আৰু মানসিক দুয়োফালে আপোনাক অভিযোগ নকৰাৰ চেষ্টাৰ কথা মনত পেলাই দিয়ে৷

কৃতজ্ঞতাৰ অভ্যাস কৰক

আমি যেতিয়া অভিযোগ কৰোঁ তেতিয়া আমি মানুহ এজন, বস্তু এটা বা পৰিস্থিতি এটাৰ বেয়া দিশবোৰৰ ওপৰত গুৰুত্ব দিও৷ সম্পর্কবোৰৰ ক্ষেত্ৰত ই সাংগাটিক নিগেটিভ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু লাহে লাহে যদি আপুনি অভ্যাস কৰে তেনে মানুহ, বা বস্তুৰ কি কি ভাল কথা আছে (লাগিলে সি নগন্যই হওক বা সৰু কিবা এটাই হওক), তেতিয়া আপোনাৰ ঘৰ আৰু অফিচত ই পৰিস্থিতি সলনি কৰি পেলাব পাৰে৷ যিজনৰ মানুহৰ কামৰ বাবে আপুনি অভিযোগ কৰিব বিচাৰিছিল, তেওঁ যেতিয়া তেওঁৰ কিবা এটা গুণ বা ভাল কামৰ বাবে আপুনি তেওঁক কৃতজ্ঞতা জনোৱা দেখিব বা প্ৰশংসা কৰা দেখিব তেতিয়া তেওঁ সলনি হোৱাৰ অলপ হলেও সম্ভাৱনা আছে৷

দ্বায়িত্ব লওক

কিবা এটা ভাল পোৱা নাই, তেনেহ’লে সলাওক৷ সেই বেয়া পোৱা বিষয়টোৰ ক্ষেত্ৰত কিবা এটা কৰক৷ যেতিয়ালৈকে আপুনি বিচৰা সালসলনিটো নহয়, আন মানুহৰো কামত অহা, ভাল সালসলনি নহয়, তেতিয়ালৈকে তাত যুঁজ দি থাকক৷ আৰু ই এনে এটা অভ্যাস যিয়ে জীৱনৰ আন ক্ষেত্ৰতো আপোনাক সহায় কৰিব৷

কেতিয়াবা অভিযোগ কৰিব লাগিব

কেতিয়াবা কোনো ক্ষেত্ৰত অভিযোগ কৰাৰ প্ৰয়োজন হ’ব পাৰে৷ যেনে কিবা অফিচ এটাত, কার্যালয় এটাত, ইন্সষ্টিটিউট এটাত কৰিবলগীয়া ধৰণে কাম নকৰি, কৰিবলগীয়া কাম নকৰি আন কাম কৰে, মানুহক অসুবিধা দিয়ে, তেতিয়া কেতিয়াবা তাৰ বিৰুদ্ধে মাত মতাটো প্ৰয়োজনীয় হৈ পৰে৷ কিন্তু মই মাত মতাৰ কথাহে কৈছে, অভিযোগ কৰাৰ কথা কোৱা নাই৷ অভিযোগ হ’ল কাম নকৰাকৈ মাত্ৰ আনৰ বেয়াৰ বিষয়ে কৈ থকা৷ আনহাতে কাম কৰা জনে কি বেয়া আছে সেয়া আঙুলিয়াই দি সেয়া নোহোৱা কৰিবলৈ বা ভাল কৰিবলৈ কামত লাগি যায়৷ পার্থক্যটো তাতেই৷

কথা কোৱাটো এটা ক’লা৷ আপুনি যদি গঠনমূলকভাৱে কথটো কি হৈছে আৰু কিয় ই আপোনাক অসুবিধা দিছে আৰু ইয়াক লৈ কি কৰিব পাৰি সেই বিষয়ে ক’ব জানে, তেতিয়া সেই কথা ক’ব পাৰে৷

im-right-1458410_1280

ফ’কাছ ক’ত

আমি কেতিয়া অভিযোগ কৰিব পাৰিম? যেতিয়া আমি গম পাও কাৰ দোষ তেতিয়াহে বা অন্তঃত কাৰ দোষ সেয়া বিচাৰিবলৈ যেতিয়া চেষ্টা কৰোঁ তেতিয়াহে, নহয় জানো? গতিকে আমাৰ সমষ্ট ফ’কাছ হ’ব দোষ বিচাৰি উলিওৱাত৷ তেনেদৰে ফ’কাছ কৰিলে আমি দোষ বিচাৰি উলিয়াব পাৰিম, কিন্তু ই লাহে লাহে আমাৰ অভ্যাসত পৰিণত হ’ব আৰু তেতিয়া ই এক ডাঙৰ সমস্যা হৈ পৰিব৷ কেনেকৈ সমস্যা এটাৰ সমাধান উলিওৱাত গুৰুত্ব দিয়াৰ সলনি আমি কাৰ দোষ সেয়া বিচৰাত বেছি গুৰুত্ব দিম৷ আৰু তেনে কৰি গ’লে আমি লাহে লাহে একোজন টস্কিক বা বিষাক্ত মানুহত পৰিণত হ’ম যাক দেখিলেই মানুহ পলাব৷ আপুনি জানো সেই মানুহজন হ’ব বিচাৰে? 

তেনেদৰে যিবোৰ মানুহে অনবৰতে প্ৰতিটো কথাতে কেৱল অভিযোগেই কৰি থাকে, তেনে মানুহৰ পৰা আপুনি আজিয়ে আতৰ হ’ব লাগিব৷ নহ’লে তেওঁৰ গাৰ পৰা সেই অভ্যাস সোনকালে আপোনাৰ গালৈও সূচৰিব, আপোনাৰো তেনে অভ্যাসে গঢ় লৈ উঠিব৷

পজিটিভ এটিটিউড

অভিযোগ কৰা এৰিব পাৰিলে আপুনিও সুখী হ’ব পাৰিব৷ যদি কিবা বেয়া দেখিছে তেন্তে অভিযোগ কৰাতকৈ সেয়া ঠিক কৰিবলৈ আপুনি কিবা কৰিব পাৰে নেকি সেয়া চাওক, আৰু যদি পাৰি তাকে কৰক৷

মাত্ৰ এমাহ৷ মাত্ৰ এই এটা পৰীক্ষা৷  নোৱাৰিবনে আপুনি কৰিব সেয়া? অভিযোগ নিগেটিভ, কিন্তু আমাৰ জীৱনটো পজিটিভ৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *