এক নতুন আপুনি

কম্পিউটাৰৰ অপাৰেটিঁং চিষ্টেমটো প্ৰতি 2-4 বছৰৰ মূৰে মূৰে সালসলনি হয়৷ Windows অপাৰেটিং চিষ্টেমটো যদি চায়, তেনেহ’লে আগতে Windows XP আছিল, তাৰ পিছত আহিল Windows 7,  আৰু এতিয়া  Windows 10৷ এনেদৰে সালসলনি হৈ থাকে৷ এনড্ৰইড বা আন মবাইল ফোনৰো অপাৰেটিং চিষ্টেমটো তেনেদৰে এক নির্দিষ্ট সময়ৰ মূৰে মূৰে সলনি হয়৷ 

এই গোটেই প্ৰক্ৰিয়াটোতে বহুত টকা-পইচা, বহুত মানুহৰ কষ্ট খৰছ হয়৷ কিন্তু কি কাৰণে ইমান সময়, ইমান টকা-পইচা খৰছ কৰি কোম্পানী এটাই এনেদৰে নিজৰ অপাৰেটিং চিষ্টেমটো সলনি কৰে? কিয়? পুৰণি অপাৰেটিং চিষ্টেমটো থকা হ’লেনো কি সমস্যা হ’লহেঁতেন? ই নচলিহেঁতেন নে কি?

পুৰণি হলেও অপাৰেটিং চিষ্টেমটো চলি থাকিলহেঁতেন, কিন্তু সমস্যাৰ ওপৰি সমস্যাই দেখা দিলেহেঁতেন৷ নানা ধৰণৰ বাগ (bug), নানা ধৰণৰ সমস্যা, সুৰক্ষাৰ সমস্যা, ভাইৰাছৰ সমস্যা ইত্যাদিয়ে অনবৰতে কম্পিউটাৰটো ভালদৰে চলাত বাধা দিলেহেঁতেন? নতুন চফটৱেৰ বা এপ্লিকেচনবোৰ নচলিহেঁতেন, কম্পিউটাৰটোৰ স্পিড কমি গ’লহেঁতেন আৰু তেনেধৰণৰ আন সমস্যাবোৰেও দেখা দিলেহেঁতেন৷ নতুন অপাৰেটিং চিষ্টেমটো অহাৰ লগে লগে কম্পিউটাৰটো আগতকৈ ভাল আৰু বেছি স্পিডত চলিব, বেছি ভালদৰে চলিব, ভাইৰাছৰ সমস্যা কমি যাব, আন সমস্যাবোৰো কমি যাব আৰু নতুন নতুন যিবোৰ ছফটৱেৰ, এপ্লিকেচন আছে সেইবোৰ ধুনীয়াকৈ চলিব৷ সেয়া ভাল কথা বাৰু৷

matam-jaswanth-LyPq-Bq97kM-unsplash

এতিয়া এটা প্ৰশ্ন আপোনাৰ বাবেআপোনাৰ অপাৰেটিং চিষ্টেমটো কি অৱস্থাত আছে?

আমাৰ মগজুত আমি দেখা, শুনা, গোন্ধ পোৱা, অনুভৱ কৰা, মুঠতে গোটেই কেইটা ইন্দ্ৰিয়ৰে গম পোৱা কথাবোৰ প্ৰচেচিং হয় আৰু সেইবোৰ প্ৰচেচ কৰে আমাৰ মগজুত থকা অপাৰেটিং চিষ্টেমটোৱে৷ আমি কেনেদৰে কথাবোৰ দেখো, কেনেদৰে বুজি পাও, কেনেদৰে অনুভৱ কৰোঁ আদি কথা নির্ণয় কৰে এই অপৰেটিং চিষ্টেমটোৱে৷ যদি আপোনাৰ অপাৰেটিং চিষ্টেমটো নতুন, বর্তমান সময়ৰ তেন্তে কোনো কথা নাই৷ কিন্তু যদি বহুত পুৰণি তেতিয়াহ’লে নানা ধৰণৰ সমস্যা হ’ব৷ আপুনি আজিও সেই পুৰণি সময়ৰে অপাৰেটিং চিষ্টেম এটা লৈ চলি আছে নেকি? আপুনি ডিগ্ৰী পঢ়ি থকাৰ সময়ৰ বা 1990 চনৰে অপাৰেটিং চিষ্টেম লৈ আপুনি চলি আছে নেকি? যদি আপোনাৰ অপাৰেটিং চিষ্টেমটো পুৰণি তেতিয়া সমস্যা নহ’ব নে?

কিন্তু আপুনি ভুলতে ধৰি নল’ব যে আগতে আপুনি মবাইল ফোন চলাব নাজানিছিল, হোৱাটছ এপ চলাব নাজানিছিল, আজি জানে মানে আপোনাৰ অপাৰেটিং চিষ্টেমটো আপগ্ৰেড হ’ল৷ অকল মবাইল ফোন চলাব জানা মানে নিজৰ অপাৰেটিং চিষ্টেমটো আপগ্ৰেড কৰা নহয়৷ সেয়া টেকনিকেল স্কিলহে, অপাৰেটিং চিষ্টেম নহয়৷

nicla

অপাৰেটিং চিষ্টেমটো আপগ্ৰেড নহ’লে কি সমস্যা হ’ব?

ঘৰুৱা সমস্যা

নান ধৰণৰ ঘৰুৱা সমস্যা যেনে স্বামী-স্ত্ৰীৰ কাজিয়া, ল’ৰা-ছোৱালীৰ সমস্যাবোৰৰ মূলতে হ’ল পুৰণি অপাৰেটিং চিষ্টেম এটাৰে বর্তমানৰ কথাবোৰক প্ৰচেচ কৰি থকাটো৷ আপুনি যদি নিজৰ সংগীজনৰ, নিজৰ ল’ৰা-ছোৱালীৰ কথা বুজি নাপায়, তেন্তে কেনেদৰে এটা সুসম্পর্ক বাচি থাকিব বাৰু? এটা সৰু উদাহৰণ চাও আহক- আপোনাৰ যদি এমপেথি বা সমবেদনা বোলা কথাটোৰ জ্ঞান থাকে আৰু সেই স্কিলটো থাকে, তেন্তে বহু ধৰণৰ ঘৰুৱা কাজিয়াৰ উদ্ভৱে নহ’লহেঁতেন কাৰণ আপুনি আনজন মানুহে কি কয়, কিয় কয়, কিহৰ বাবে তেওঁ এনেকুৱা ব্যৱহাৰ কৰিছে সেয়া বুজি পালহেঁতেন আৰু তেতিয়া বুজি পালে কোনে ধৰণৰ কাজিয়া হোৱাৰ সম্ভাৱনাই নাথাকিলহেঁতেন৷ 

আপুনি যদি নিজকে নাজানে তেন্তে নিজে সুখী হ’ব পাৰিবনে? নিজকে জনা নিজকে আপগ্ৰেড কৰাৰ প্ৰথম খোজ৷

অফিচত সমস্যা বা ব্যৱসায়ত সমস্যা

সুবিধাবোৰ দেখা নাপাব

পৃথিৱীখন সলনি হৈ অহাৰ লগে লগে নানা ধৰণৰ নতুন নতুন সুবিধাৰ সৃষ্টি হ’ব৷ ব্যৱসায়ত সময়ৰ সালসলনিৰ লগে লগে কিছুমান নতুন নতুন কথা আহিব, নতুন ধৰণে মার্কেটিং কৰাৰ প্ৰয়োজন আহিব৷ আপুনি যদি সেইবোৰ নাজানে তেনেহ’লে চাকৰি কৰা বিভাগটো বা কোম্পানীটোৰ বাবে আপুনি কামত অহা মানুহ নহৈ বোজাহে হৈ নপৰিবনে? কাইলৈ যদি চাকৰি কর্তন কৰিবলগীয়া হয় তেতিয়া কাৰ চাকৰি প্ৰথমতে যাব – যি বিভাগ বা কোম্পানীটোৰ কামত আহে তেওঁৰ নে যি বোজা, নতুন কথাৰ লগত খাপ খুৱাব নোৱাৰে তেওঁৰ?

আগত যদি অকল চাকৰি কৰি বা ব্যৱসায় কৰিহে টকা-পইচা ঘটিব পাৰিছিল, শাৰীৰিকভাৱে এঠাইত উপস্থিত থাকিহে এয়া কৰিব পাৰিছিল, বর্তমান সময়ত আপুনি ঘৰতে বহি টকা-পইচা উপার্জন কৰিব পাৰে৷ আপোনালোকৰ কিমানজনে ফ্ৰিলেন্সিং বোলা কথা এটা শুনিছে৷ ফ্ৰিলেন্সিং কৰি ঘৰতে বহি লিখি ঘৰৰে পৰা ভাৰতৰ বাহিৰৰ ক্লায়েন্টৰ বাবে কাম কৰি ডলাৰত টকা-পইচা ঘটিব পাৰি৷ তেনেদৰে ভিডিঅ তৈয়াৰ কৰি, অনলাইন মার্কেটিং কৰি, কম্পিউটাৰৰ নানা ধৰণৰ কাম কৰি আজি মানুহে টকা-পইচা ঘটিব পাৰে৷ আপুনি জানেনে এইবোৰ কথা?

ভবিষ্যতৰ সালসলনি ধৰিব নোৱাৰিব

আপোনাৰ অপাৰেটিং চিষ্টেমটো আপগ্ৰেড নহ‘লে আপুনি ভবিষ্যতৰ সালসলনিবোৰ ধৰিব নোৱাৰিব৷ ফলত সেইবিলাকৰ লগত মোকাবিলা কৰিবলৈ সাজুও হ’ব নোৱাৰিব৷ বর্তমান সময়ত যিকোনো কথা, যিকোনো স্কিল শিকিম বুলি ভাবিলে অনলাইনৰ ৱেবচাইট, ইউটিউব, কছের্ৰা, স্কিলশ্বেয়াৰ, ইউডেমী আদিৰ জৰিয়তে ঘৰৰ পৰাই শিকিব পাৰি, বহু কম সময়তে শিকিব পাৰি, মাত্ৰ আপোনাৰ হাতত থকা মবাইল ফোনটো আৰু ইন্টাৰনেট (চ্ছ্ৰ জি) ৰ সহায়ত শিকিব পাৰি৷ আপুনি জানেনে সেইবোৰ কথা? সেয়া ব্যৱহাৰ কৰি শিকিছেনে কিবা?

এনে সমস্যাবোৰ হোৱাটো যদি আপুনি নিবিচাৰে তেন্তে আপুনি আপগ্ৰেড কৰিব লাগিব, আপডেট কৰিব লাগিব নিজৰ অপাৰেটিঁং চিষ্টেমটো৷

কেনেদৰে কৰিব আপগ্ৰেড?

নিজকে আপগ্ৰেড কৰাৰ প্ৰথম খোজটো হ’ল নিজকে জনা বা আত্মসচেতনতা৷ নিজক জনাৰ পিছত আপুনি নিজকে আপগ্ৰেদ কৰিব পাৰিব কাৰণ তেতিয়া আপুনি জানিব জীৱনৰ কোনটো দিশত, কোনটো ক্ষেত্ৰত কি কৰিবলগীয়া আছে৷ নিজকে আপগ্ৰেড কৰিবলৈ হ’লে আপুনি চাৰিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ এই চাৰিটা কথা হ’ল- বিশ্বাস, চিন্তা, এটিটিউড আৰু অভ্যাস৷ এই কেইটা গুৰুত্বপূর্ণ কথা সলাব পাৰিলে আপুনি নিজৰ অপাৰেটিং চিষ্টেমটো সলনি কৰিব পাৰিব, আপগ্ৰেড কৰিব পাৰিব৷ কিছুমান নিগেটিভ বিশ্বাস আছে, সেইবোৰ সলাব লাগিব৷ কিছুমান বিশ্বাসে শিকলিৰ দৰে আপোনাক আগবাঢ়ি যোৱাৰ পৰা বাধা দি ৰাখিছে, সেইবোৰ গুচাব লাগিব৷ কেনেদৰে চিন্তা কৰিলে আপোনাৰ আৰু আপোনাৰ পৰা আনৰো লাভ হ’ব সেয়া শিকিব লাগিব৷ সঠিক বিশ্বাসে এই কথাত সহায় কৰিব৷ তেনেদৰে আৰু ভাল কৰাৰ বাবে, আগবাঢ়ি যোৱাৰ বাবে যি এটিটিউডৰ প্ৰয়োজন সেয়া শিকিব লাগিব৷ আপোনাৰ কিছুমান অভ্যাসৰ বাবে আপুনি আগতকৈ ভাল হ’ব পৰা নাই, আগতকৈ উন্নতি কৰিব পৰা নাই, বিচৰা কামবোৰ কৰিব পৰা নাই৷ সেইবোৰ অভ্যাস সলাই নতুন কামত অহা অভ্যাস গঢ়িব লাগিব৷ আৰু এই সকলোবোৰ আপুনি কৰিব পাৰে৷ আনে কৰিছে আপুনিও পাৰিব৷

কি লাভ হ’ব

আপুনি যেতিয়া অপাৰেটিং চিষ্টেমটো আপগ্ৰেড কৰে, তাৰবাবে কিছুমান নতুন নতুন কথা, নতুন নতুন স্কিল আপুনি শিকিব লগীয়া হয়৷ তেতিয়া আন মানুহৰ লগত আপোনাৰ সম্পর্ক আৰু ব্যৱহাৰ আগতকৈ ভাল হৈ পৰে৷ যদি তেনে হয় আপোনাৰ সহকৰ্মী,  ওপৰৱালা বিষয়া আৰু কাষ্টমাৰৰ লগত আপোনাৰ সম্পর্ক আগতকৈ ভাল হৈ পৰিব৷ আপোনাৰ বিশ্বাস, দৃষ্টিভংগী, চিন্তা আদি সলনি হৈ পৰাৰ লগে গোটেই পৃথিৱীখনেই আপোনাৰ বাবে সলনি হৈ পৰিব৷ পৃথিৱীখনক এক নতুন দৃষ্টিৰে আপুনি চাব পাৰিব, আপোনৰ ওচৰে-পাজৰে থকা সকলো সুবিধা, সকলো সুখৰ আহিলা, জীৱনৰ গুৰুত্বপূর্ণ দিশবোৰ আপুনি দেখা পাব৷

এখন ঘৰে উন্নতি কৰিবলৈ কোনোবা এজনৰ তেনে আপগ্ৰেড হ’ব লাগিব৷ ঠাই এখনৰ উন্নতি হ’বলৈ দহজন মান তেনে আপগ্ৰেডেড অপাৰেটিং চিষ্টেমৰ মানুহ লাগিব৷ সৰু সৰু কথাবোৰ যিবোৰৰ সামূহিক মূল্য সাংঘাটিক, সেইবোৰত ই কামত আহিব৷ এজন মানুহে ডাষ্টবিনত জাবৰ পেলাব নে যতে ততে ৰাস্তাত দলিয়াই পেলাব সেয়াও মানুহজনৰ মানসিক উন্নতিৰ ওপৰত নির্ভৰ কৰে৷ যদি তেওঁৰ অপাৰেটিং চিষ্টেমটো আপগ্ৰেডেদ তেওঁ কেতিয়াও, আনকি ৰাতিও, কোনে চাই নাথাকিলেও ৰাস্তাত জাবৰ-জোথৰ নেপেলায়, সদায় ডাষ্টবিনতহে পেলাব বা ঘৰতে ডাষ্টবিনৰ ব্যৱস্থা কৰিব৷

আৰু যদি কোনোবাই নিজৰ অপাৰেটিং চিষ্টেমটোকে সলাই নতুন এটা অপাৰেটিং চিষ্টেম এটা বহুৱাব খোজে সেয়াও সম্ভৱ৷ আজি আপুনি কম্পিউটাৰটোত উইনড’জ ব্যৱহাৰ কৰি আছে৷ কাইলৈ নতুন এটা কম্পিউটাৰ কিনোতে আপুনি সম্পূর্ণ বেলেগ এটা অপাৰেটিং চিষ্টেম মেক বা লিনাক্স অপাৰেটিং চিষ্টেম থকা কম্পিউটাৰ কিনিব পাৰে৷ আপোনাৰ জীৱনতো তেনে কৰিব পাৰি আৰু সেয়া কৰা মানে পেৰাডাইম শ্বিফট কৰা৷ সেয়া আন কোনোবা এদিন আলোচনা কৰিম৷

আপগ্ৰেড কৰা মানে এয়া নহয়

আৰু এটা কথা আপগ্ৰেড কৰা মানে নিজৰ সহজ-সৰলতা বাদ দি মেকানিকেল হোৱা নহয়, নিগনি দৌৰত বেছিকৈ দৌৰা নহয়৷ ইয়াৰ মানে হ’ল আপুনি আগতকৈ বেছি ভাল মানুহ এজন হৈ পৰিছে, আপোনাৰ যিবোৰ ভাল গুণ আছে সেইবোৰ আৰু ভাল হৈ পৰিছে, দোষবোৰ নোহোৱা কৰি আহিছে আৰু নতুন নতুন ভাল কথাবোৰ, গুণবোৰ, স্কিলবোৰ শিকি আহিছে৷

devi-puspita-amartha-yahya-Nur08yBgJzE-unsplash

আৰম্ভ কৰোঁ আহক

এতিয়াৰ পৰা কম্পিউটাৰ বা মবাইল ফোন এটা চলালে আপুনি এবাৰ চিন্তা কৰিব যে আপোনাৰ অপাৰেটিং চিষ্টেমটো আপগ্ৰেডেড, আপডেটেড হয় নে নহয়৷ যদি নহয় যেন লাগে ইয়াক আপগ্ৰেড কৰিবলৈ যি কৰিব লাগে সেয়া কৰা আৰম্ভ কৰিব৷

আপোনাৰ অপাৰেটিং চিষ্টেমটো আপগ্ৰেড কৰিলে আপুনি মানুহজনো আগতকৈ বেলেগ, আগতকৈ ভাল হৈ পৰিব৷ ই যেন আপোনাৰ আগৰ সংস্কৰণ বা ভার্ছনতকৈ নতুন এটা ভার্ছন৷ আপুনি এতিয়া আৰু আপুনি নহয়, আপুনি হৈ পৰিব আপুনি চ্.ঙ্ম অর্থাৎ এক আপোনাৰ এক নতুন সংস্কৰণ- এক নতুন আপুনি৷ আৰু এই নতুন আপুনি জন আগতকৈ বহুত বেছি ভাল হ’ব, সফল হ’ব, সুখী হ’ব, জীৱন যুদ্ধত জয়ী হ’বলৈ বেছি ভালদৰে সুসজ্জিত হ’ব৷ 

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *