অতীতটো অতীত

আপোনাৰ অতীতটোৱে আপোনাৰ বর্তমান আৰু ভবিষ্যত নির্ণয় নকৰে৷ আপুনি যদি মাত্ৰ এই কথাটো বুজি পায় তেনেহ’লে আপোনাৰ জীৱনত বহু সমস্যাই দেখাই নিদিব৷ লগতে আপুনি আন এটা জানেই- আপুনি অতীতলৈ ঘূৰি গৈ একো সলনি কৰিব নোৱাৰে, মাত্ৰ বর্তমান আৰু ভবিষ্যতহে কিবা সালসলনি কৰিব বিচাৰিলে কৰিব পাৰিব৷ তেনেহ’লে অতীতৰ কথা ভাবি থাকি, বিশেষকৈ নিগেটিভ কথাবোৰ ভাবি মনটো কিয় বেয়া কৰে, কিয় বর্তমানটো আৰু ভবিষ্যতটো নষ্ট কৰে?

বহুতে সেই অতীতকে সাৱটি বহি থাকে, দুখ কৰি থাকে, নিজৰ দোষবোৰ মনত কৰি থাকে, অসামর্থতাৰ কথা মনত পেলাই থাকে৷ তেওঁলোকে বুজি নাপায় যে সময় ইতিমধ্যে বহু সলনি হ’ল, তেৱো কম বেছি পৰিমাণে সলনি হ’ল৷ আপুনি যিমানে নিজৰ অসামর্থতাৰ কথা মনত পেলাই থাকিব, নিজৰ দোষবোৰ, ভুলবোৰৰ কথা মনত পেলাই থাকিব, সিমানে আপোনাৰ মনটো নিগেটিভ হৈ গৈ থাকিব৷ আপুনি লাহে লাহে বিশ্বাস কৰা আৰম্ভ কৰিব যে আপোনাৰ কাম নাই, আপুনি সঁচাকৈয়ে একো কৰিব নোৱাৰে৷ আৰু এবাৰ সেয়া বিশ্বাস কৰি ল’লে আপুনি কিবা কৰিব পাৰিব জানো?

remi-jacquaint-CCIsZRL8X5U-unsplash

বৰঞ্চ এয়া কৰিব নোৱাৰিনে? মই যি ভুল কৰিছিলোঁ সেয়া আকৌ নকৰোঁ, যি কথাবোৰ নজনা বাবে কামটো কৰিব নোৱাৰিলোঁ সেয়া শিকি ল’ম, নিজকে এনেদৰে সলনি কৰিম যাতে যিবোৰ কাম কৰিব বিচাৰোঁ কিন্তু আগতে কৰিব পৰা নাছিলোঁ সেইবোৰ কৰিব পৰা হ’ম৷ তাৰবাবে যিমান কষ্ট কৰিব লাগে কৰিম, যিমান সময় দিব লাগে দিম, কিন্তু এইবাৰ কৰিহে এৰিম৷

অতীতৰ ক্ষেত্ৰত মাত্ৰ দুটা কামেই কৰিব

অতীতৰ ক্ষেত্ৰত দুটা কাম আমি কৰিব পাৰোঁ-

প্ৰথমটো হল যি যি ভাল স্মৃতি বা মেমৰি আছে সেয়া মুকুতাৰ নিচিনাকৈ সাৱধানে উলিয়াই অনা

দ্বিতীয়টো হল যি যি ভুল কৰিলোঁ সেই ভুলৰ পৰা শিক্ষা লোৱা

প্ৰথম কামটো

আপোনাৰ অতীতত হয়তো বহুত সুন্দৰ, মিঠা, ভাললগা স্মৃতি আছে৷ সেইবোৰ আপোনাৰ বাবে মুকুতাৰ নিচিনা৷ এই মুকুতাৰ নিচিনা স্মৃতিবোৰক হেৰাই যাবলৈ দিবনে? নালাগে৷ সেইবোৰক সযতনে ৰাখি থওক৷ যেতিয়াই মন যায় সেইবোৰ আকৌ বাৰে বাৰে ঘূৰাই ঘূৰাই চাব৷ কিন্তু সাৱধান হ’ব অকল মিঠা, ভাললগা স্মৃতিবোৰহে বুটলি আনিব৷ বেয়া, নিগেটিভ, মন বেয়া কৰা স্মৃতিবোৰ, মেম’ৰিবোৰ বুটলি নানিব৷ নহ’লে বর্তমান আৰু ভবিষ্যতটোও নষ্ট হ’ব আৰু সেইবোৰো অতীতৰ নিচিনাই হৈ পৰিব৷

দ্বিতীয় কামটো

যদি কিবা ভুল কৰিছিল, সেই ভুলটোৰ পৰা যি শিকিব পাৰি আৰু আপোনাৰ যি শিকিব মন আছে সেয়া শিকক৷ চাব যাতে আকৌ এবাৰ সেই ভুলটোকে নকৰে৷ আন কাৰোবাৰ কামত আহিব বুলি ভাবিলে সেই ভুলটোৰ কথা শ্বোয়ৰ কৰিব পাৰে, যাতে আনেও তাৰ পৰা শিকিব পাৰে৷

এই দুটা কথা বাদ দি বাকী সকলো কথা পাহৰি যাওক৷

tobias-tullius-o8jqLqqKFKc-unsplash

বিপদজনক কিন্তু শক্তিশালী কাম এটা

তৃতীয় এটা কাম আছে কিন্তু ই সকলোৰে বাবে নহয়৷ কি কাম?

যি বেয়া অৱস্থাত পৰাৰ বাবে আপুনি নিজকে আৰু ভাল কৰি তুলিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল আৰু নিজকে আগতকৈ ভাল কৰি তুলিছিল, নিজৰ বিকাশ ঘটাইছিল, সেই কথাবোৰ মনত ৰখা৷ ই সকলোৰে বাবে নহয় এইবাবেই যে সেই কথাবোৰ নিগেটিভ আৰু তেনে নিগেটিভ কথাবোৰ মনত কৰি বেছিভাগ মানুহেই তাৰপৰা শক্তি আহৰণ নকৰে, বৰঞ্চ আৰু বেছিকৈ নিগেটিভ চিন্তা কৰিবলৈ আৰম্ভ কৰে৷ তেওঁলোকে আগতে কিবা এটা কৰিব পৰা নাছিল কাৰণে সেই কথা ভাবিলেই আজিও তেওঁলোকৰ মনলৈ আহে ,“মই আগতে পৰা নাছিলোঁ, আজিও নোৱাৰিম,” বা “মই আগতে পৰা নাছিলোঁ, আজি পাৰিম জানো?” মুঠতে আত্মসন্দেহ বা নোৱাৰাৰ যি নিগেটিভ চিন্তা সাধাৰণতে মানুহে কৰে, সেইবাবে এই তৃতীয় কামটো সকলোৱে নকৰাই ভাল৷ যিসকলে তেনে পুৰণি অতীতৰ নিগেটিভ কথাৰ পৰা নিগেটিভৰ সলনি পজিটিভ কথা উলিয়াই ল’ব জানে, উৎসাহ পাব পৰে, শক্তি লাভ কৰিব পাৰে, তেনে মানুহেহে এই তৃতীয় কামটো কৰা উচিত৷

মই যোৰহাটত কৃষি বিশ্ব্বিদয়ালয়ত ডিগ্ৰী পঢ়ি থাকোতে এটা ঘটনা ঘটিল৷ তেতিয়া মই কাৰো লগতে ভালদৰে কথা পাতিব নোৱাৰা, কমিউনিকেচন স্কিল নথকা এজন ছাত্ৰ৷ এবাৰ এখন মিটিঙত মোকো যাবলৈ ক’লে৷ মিটিঙত আছিল মোৰ চিনিয়ৰ, জুনিয়ৰ আৰু মোৰ বেটছমেট সহিত বিশ-পচিশজন মান৷ যিহেতু কৃষি বিশ্ব্বিদ্যালয়ত উত্তৰ-পূৱ আৰু আনকি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰী আহে গতিকে মিটিঙখনত সকলোৱে কথা কৈছিল ইংৰাজীত৷ মই ভালদৰে মানুহৰ আগত কথাই ক’ব নোৱাৰোঁ, ইংৰাজী তেতিয়া আৰু নোৱাৰোঁ৷ গতিকে গোটেই মিটিংখন মই শেষ কৰিলোঁ চুপচাপ বহি থাকি, এটাও শব্দ নকৰাকৈ থাকি৷ কোনেও মোক একো কোৱা নাছিল, তথাপি সেইদিনা নিজৰ অক্ষমতাত ইমান লাজ পালোঁ যে মই নিজকে ক’লোঁ “Enough is enough” সেইদিনাৰ পৰা নিজকে আৰু ভাল কৰাৰ, বিকাশ ঘটোৱাৰ যাত্ৰা আৰম্ভ হ’ল, যি যাত্ৰাৰ আজিও শেষ হোৱা নাই৷ আজি সেই ঘটনাটো মনত পেলালে দুটা কথা হয়- প্ৰথমতে নিজৰ ওপৰত গর্ব হয়, নিজৰ প্ৰতি সন্মান ওপজে আৰু দ্বিতীয়তে সেই কথাটো মনত পেলালে মই আকৌ কষ্ট কৰাৰ, আৰু কাম কৰাৰ, নোৱাৰা কাম কৰাৰ অনুপ্ৰেৰণা পাও৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *