হাত দাঙি দিবলৈ মন গ’লে কি কৰিব পাৰে?

শ্বাহনৱাজ কলেজৰ ছাত্ৰ৷ জীৱনত প্ৰতিযোগিতামূলক সেৱাত নিজ চেষ্টাৰ বলত চাকৰি লাভ কৰাটো এক সপোন৷ তাৰবাবে কলেজীয়া জীৱন আৰম্ভ কৰাৰ পৰাই চেষ্টা কৰি আছে৷ আনে যিসময়ত একলগ হৈ আদ্দা মাৰি থাকে তেওঁ লাইব্ৰেৰীত বহি নিজৰ সাধাৰণ জ্ঞান আৰু ইংৰাজী ভাল কৰাৰ চেষ্টা কৰে৷ দৰকাৰী মেগাজিন দুখনমান প্ৰতিমাহতে ৰাখে আৰু গোটেই বুজি নাপালেও ইমূৰৰ পৰা সিমূৰলৈ ভালদৰে পঢ়াৰ চেষ্টা কৰে৷ তেওঁ প্ৰায়ে দেখে কলেজৰ আন ছাত্ৰ-ছাত্ৰীবোৰৰ বেছিভাগেই, আনকি নিজৰ লগৰ বহুতেও কিন্তু মবাইল ফোনত ব্যস্ত৷ ইমান কষ্ট কৰাৰ পিছতো চকুত পৰা কোনো ফলাফল তেওঁ এতিয়াও দেখা নাই৷ মাজে মাজে তেওঁৰ ভাব হয় “ইমান কষ্ট কৰি কি হ’ব? আনে ইমান ফূর্তি কৰিছে, মই অযথা সময় নষ্ট কৰিছোঁ নেকি বাৰু? ইমান কষ্টৰ কিবা ফল হ’বগৈনে?”

চন্দ্ৰিমা গগৈৰ কথাটো বেলেগ৷ তেওঁ চাকৰি কৰে এক চৰকাৰী প্ৰতিষ্ঠানত৷ যিমান কাম আশা কৰা হয় তাতোকৈ তেওঁ সদায় বেছি কাম কৰে, কামৰ গুণগত মান সদায় ভাল৷ লগত বহু কলিগে যেতিয়া সপ্তাহটো কেতিয়া শেষ হ’ব কেতিয়া শেষ হ’ব বুলি ৰৈ থাকে তেতিয়া মিচ গগৈয়ে নিজৰ কামবোৰ যিমান ভাল গুণগতমানেৰে পাৰি সিমানেৰে আৰু ঠিক সময়ত কৰি শেষ কৰে৷ সময় পালেই নিজকে আৰু ভাল কৰি তুলিবলৈ তেওঁ তেওঁৰ বর্তমান চাকৰি আৰু ভবিষ্যতৰ লিডাৰশ্বিপ পজিচনৰ বাবে প্ৰয়োজনীয় স্কিলবোৰ শিকাত ব্যস্ত৷ কিন্তু মাজে মাজে তেওঁ কাম কৰিব নোখোজা সহকৰ্মীৰ পৰা বৰ অশান্তি পায়৷ তেওঁ দেখে যে কাম নকৰাকৈ বহুতে আনে কৰা কামৰ কৃতিত্ব লৈ বছ আৰু আনৰ পৰা বাহ বাহ লাভ কৰি আছে৷ ইমান ভালদৰে কাম কৰাৰ পিছতো তেওঁৰ সেই অফিচত বিশেষ এটা ভাল হোৱা নাই৷ মাজে মাজে সকলো বাদ দি যিখিনি নকৰিলে নহয় মাত্ৰ সিখিনিহে কৰিবলৈ তেওঁৰ মন যায়৷ বহু মানুহতো তেনেকৈয়ে চলি আছে৷ ইমান কষ্ট কৰি কি লাভ যেতিয়া তেওঁৰ কোনেও তাৰ মূল্য নিদিয়েই৷

আপোনাৰো কিজানি কেতিয়াবা এনেকুৱা লাগে৷ কেতিয়াবা হয়তো আপোনাৰ লাগে “মই এই যিটো পৰিবেশত আছোঁ ইয়াত একোৱেই কৰা সম্ভৱ নহয়, তেনেহ’লে জীৱনটো আৰু ভাল কৰাৰ বা মই যি সপোন দেখিছিলোঁ তাৰবাবে কষ্ট কৰাৰ কি লাভ?” বা হয়তো ভাৱ হয় যে “সপোন ময়ো দেখিছিলোঁ কিন্তু এতিয়া 40 (বা 50, বা 60)বছৰ বয়সত সপোন দেখি কি লাভ, এই সপোনবোৰতো এতিয়া আৰু নফলিয়ায়, এইবোৰ বাদ দিয়াই ভাল৷”

jaime-spaniol--L0N74GWsq8-unsplash

কিয় এনে হয়?

বিভিন্ন কাৰণত এনে ভাৱ মনলৈ আহিব পাৰে, কিন্তু তাৰ ভিতৰত কিছুমান সাধাৰণতে দেখা কাৰণ হ’ল এইবোৰ-

ফলাফল নেদেখিলে-কেতিয়াবা আপুনি বহু কষ্ট কৰি কিবা এটা কাম কৰি আছে, কিন্তু ইমান কষ্টৰ কোনো ফলাফল আপোনাৰ চকুত পৰা নাই৷

আশা কৰা মতে ফলাফল নাপালে-আপুনি কাম এটা আৰম্ভ কৰোতে এক নির্দিষ্ট ফলাফল আশা কৰি কামটো আৰম্ভ কৰিছিল, কিন্তু সেই ফলাফল আপুনি পোৱা নাই৷ তেতিয়াও আপোনাৰ মনত এনে লাগিব পাৰে৷

আনৰ লগত তুলনা কৰিলে-যেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰে তেতিয়া৷ যেতিয়া আপুনি দেখে যে আনে কষ্ট কৰা নাই বা কম কষ্ট কৰি বেছি ফলাফল লাভ কৰিছে বা আপুনি কষ্ট কৰি আছে কিন্তু আনসকলে ফূর্তি-তামাছা কৰি আছে, তেতিয়াও মনত এনে ভাৱৰ উদয় হ’ব পাৰে৷

কেতিয়া এনে ভাৱ মনলৈ আহে?

জীৱনৰ বিভিন্ন সময়ত এনে ধৰণৰ ভাৱ মনলৈ আহিব পাৰে৷ নানা সময়ত হাত দাঙি দি সকলো বাদ দিবলৈ মন যাব পাৰে৷ এনে ভাৱ মনলৈ আহে যেতিয়া আপুনি কিবা এটা ডাঙৰ কাম এটা কৰি থাকে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰোতে, চাকৰিৰ বাবে চেষ্টা কৰি থাকোতে, লক্ষ্য ঠিক কৰি কাম কৰি থাকোতে, জীৱনটো বর্তমানৰ অৱস্থাতকৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰি থাকোতে৷ বহদিন কষ্ট কৰাৰ পিছত কেতিয়াবা এনে চিন্তা মনলৈ অহাটো অস্বাভাৱিক নহয়৷ অকণমান ৰেষ্ট লওক আৰু আকৌ আৰম্ভ কৰক৷ এনে চিন্তা মনলৈ আহিলে কি কৰিব পাৰি সেয়া চাও আহক৷

কি কৰিব?

কিমান দূৰ আহিলে সেয়া চাওক

অকণমান সময় ৰৈ ঘূৰি চাওক, আপুনি কিমানখিনি কাম সমাধা কৰিলে, কিমান দূৰ বাট বুলিলে৷ এই ভাবটো অহালৈকে আপুনি নিশ্চয় যথেষ্টখিনি সময় পাইছে আৰু ইতিমধ্যে বহুখিনি কাম সমাধা কৰিছে৷ এই সমাপন কৰা কামখিনি এবাৰ চকু ফুৰাই চাওক৷ ইমানখিনি যদি আপুনি কৰিলে তেন্তে আৰু বাকীখিনি কৰিব নোৱাৰিব নে? যদি ইয়াতে হাত দাঙি সকলো বাদ দিয়ে, ইমান কষ্ট কৰি কৰা এই কামখিনি এনেয়ে নষ্ট নহ’ল নে?

ধৈর্য

জীৱনত সফলতা পাবলৈ হ’লে, বিচৰা ফলাফলবোৰ লাভ কৰিবলৈ হ’লে, যিকোনো ডাঙৰ কাম কৰিবলৈ হ’লে আপোনাক বহু ধৈর্য লাগিব৷ যিকোনো ডাঙৰ, প্ৰয়োজনীয়, যুগমীয়া ফলাফলৰ বাবে সময় আৰু কষ্ট লাগে৷ যদি আপোনাক কিবা এটা আজিয়েই লাগে, লগে লগে লাগে তেন্তে সি হয়তো সৰু, সাধাৰণ বস্তু এটা যিটো সহজে বজাৰত কিনিব পাৰি৷ আনহাতে আপোনাৰ কাৰণে যিবোৰ গুৰুত্বপূর্ণ সেই সকলোবোৰ কথাই সময় লৈছিল৷ আপোনাৰ জন্ম হওতে ন মাহৰ আশে-পাশে সময় লাগিছিল, আপোনাৰ প্ৰেমৰ সম্পর্কটো গৃহীত হওতেও সময় লাগিছিল, ভাল কাম কৰে বুলি নাম কৰিবলৈ সময় লাগে, বিশ্বাসী বুলি প্ৰমাণ কৰিবলৈ সময় লাগে, আনে আপোনাক স্বীকৃতি দিবলৈও সময় লাগে৷

কিয় আৰম্ভ কৰিছিল সেয়া চাওক- কাৰণটো

আপুনি কামটো কিয় আৰম্ভ কৰিছিল? কি কাৰণে? সেই কাৰণটোলৈ আকৌ এবাৰ মন কৰক৷ কিহে আপোনাক এইটো কৰিবলৈ বাধ্য কৰিছিল? কিহৰ বাবে আপুনি ইমান কষ্ট কৰিছিল? সেই কাৰণটো আজি প্ৰাসংগিক নহয় নেকি? যদি হয়, তেন্তে এতিয়া কিয় আপুনি কামটো আধাতে এৰিব? নেৰিব৷ কৰক৷

কষ্টৰ দুখ বিচাৰে নে অনুতাপৰ দুখ?

এবাৰ চিন্তা কৰি চাওকচোন আপুনি কি বিচাৰে৷ আজি কামটো নকৰি হাত দাঙি দিলে আপোনাৰ পিছলৈ যি অনুতাপ হ’ব সেয়া বেছি কষ্টকৰ নে কামটো কৰিবলৈ মন নগলেও আজি জোৰকৈ কৰিলে যি কষ্ট হ’ব সেয়া বেছি কষ্টকৰ৷ অনুতাপৰ কষ্ট বেছি ভয়ংকৰ আৰু সি সম্ভৱত বেছিদিনলৈ থাকিব, গতিকে আজি যদিও কৰিবলৈ মন যোৱা নাই, কষ্ট হ’ব কৰিবলৈ, তথাপি আমি বিচৰা কামবোৰ কৰোঁ আহক৷ 

সবৰে এই অনুভৱটো হয়

অকল আপোনাৰ নহয়, এনে ধৰণৰ ডাঙৰ, ভাল, অর্থপূর্ণ কাম কৰা যিকোনো মানুহে এনে ধৰনৰ চিন্তাৰ মুখামুখি হয়৷ আগতেও হৈছিল, এতিয়াও হৈছে, আগলৈও হৈ থাকিব৷ আপুনি যিদৰে ইয়াৰ মুখামুখি হৈছে, তেনেদৰে আন মানুহো ইয়াৰ মুখামুখি হৈছে, ইয়াৰ লগত যুদ্ধ কৰিছে আৰু জয়ী হৈছে৷

gabriel-sanchez-jqlXLIj3aS8-unsplash

ভাল ফলাফল থকা কাম কৰিবলৈ গ’লে এনে হয়েই

আপুনি যেতিয়া কিবা এটা অর্থপূর্ণ, ডাঙৰ, ভাল কাম কৰিবলৈ যাব, তেতিয়াই এনে ধৰণৰ চিন্তা আপোনাৰ মনলৈ আহিবই৷ কিয়? বেছিভাগ মানুহেই এনে কাম নকৰে, গতিকে আপুনি তেওঁলোকক দেখিব সকলো সময়তে ফূর্তি-তামাছা, মবাইল ফোনত ব্যস্ত হৈ থকা, কাম নকৰাকৈ বহি থকা অৱস্থাত৷ অথচ সেই সময়ত আপুনি কষ্ট কৰি কাম কৰি আছে৷ প্ৰতিটো এনে কামত সময় লাগে আৰু আপুনি অবিৰতভাৱে এই কাম কৰি থাকিবলগীয়া হয়৷ গতিকে তেনে ক্ষেত্ৰত আপোনৰ মনলৈ সন্দেহ ভাৱ অহা বা “আৰু কিমান কৰিম” এই ধৰণৰ চিন্তা অহাটো স্বাভাৱিক৷ কিন্তু যদি আপুনি কামটোত লাগি থাকিব পাৰে তেতিয়াহ’লে এটা সময়ত ইমান কষ্টৰ, ইমান কামৰ ফলাফল আপুনি পাবই যিটো এনে কাম নকৰাজনে কেতিয়াও নাপায়৷ এনে ধৰণৰ যিকোনো কামতে আপুনি তেনে চিন্তাৰ সন্মুখীন হ’বই৷ লগতে হাত দাঙি সকলো সমস্যাৰ, সকলো কষ্ট শেষ কৰিবলৈ মন যাব৷ হাত দাঙি নিদিব৷ যি ফলাফল পাবলৈ আপুনি ইমান কষ্ট কৰি আছে ই হয়তো আৰু কেইখোজমান দূৰতে আপোনালৈ বাট চাই আছে৷ আৰু অলপ আগুৱাই যাও আহক৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *