জীৱনৰ বিষয়ে যদি আপুনি মাত্ৰ এটা কথা শিকিব পাৰে বা শিকিব বিচাৰে, তেন্তে আত্মসচেতনতাৰ কথাকে শিকক৷ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাবোৰৰ ভিতৰৰ প্ৰধান এটা হ’ল আত্মসচেতনতা৷
ই এইবাবেই ইমান গুৰুত্বপূর্ণ কাৰণ ই নথকা বাবে বহু মানুহৰে জীৱনবোৰ নষ্ট হৈছে, সম্ভাৱনীয়তাবোৰ শেষ হৈ গৈছে আৰু সামগ্ৰিকভাৱে সমাজে বহু বস্তু হেৰুৱাইছে৷
আত্মসচেতনতা নাথাকিলে কি হ’ব?
আত্মসচেতনতা নাথাকিলে আপোনাৰ জীৱনত অলেখ সমস্যাৰ সৃষ্টি হ’ব৷ বর্তমান যিবোৰ সমস্যাৰ লগত আপুনি যুঁজি আছে সেইবোৰৰ উৎপত্তিও হৈছে আত্মসচেতনতা নথকা বাবে৷
কেৰিয়াৰ বাচোতে ভুল হ’ব
বহুতো ল’ৰা-ছোৱালীয়ে যেতিয়া কেৰিয়াৰ বাচি লয়, তেতিয়া তেওঁলোকে গম নাপায় তেওঁলোকে সঁচাকৈয়ে কি কৰিব বিচাৰে৷ তেনে ল’ৰা-ছোৱালীয়ে পিছলৈ গৈ এটা সময়ত গম পায় যে তেওঁ সেইটো বিষয় পঢ়ি ভাল নাপায় আন এটা বিষয় পঢ়িহে ভাল পায়৷ তেতিয়া কেৰিয়াৰ সলনি কৰিবলৈ গ’লে ই যথেষ্ট টান হৈ পৰে৷ আৰু কেতিয়াবা কেৰিয়াৰ সলনি কৰাৰ সময় নাথাকে৷ চাকৰি কৰা লোকসকলে তেওঁলোকে কি বিচাৰে নাজানে, কি কৰি ভাল পায় সেয়া নাজানে, গতিকে আন কিছুমান চাকৰি কৰিবলৈ যায়, যি কাম কৰি তেওঁলোকে কোনো সন্তুষ্টি নাপায়৷ কোনোমতে লেন্দাই-ধেন্দাই অফিচৰ সময়খিনি পাৰ কৰাটোৱে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য৷ কাম কৰি যে সুখ, সন্তুষ্টি আৰু শান্তি পাব পাৰি সেয়া তেওঁলোকে গম নোপোৱাকৈয়ে তেওঁলোকৰ জীৱনটো শেষ হয়৷ জীৱনৰ আধা অর্থাৎ প্ৰায় 50 শতাংশ তেনে এটা চাকৰি কৰি নষ্ট কৰাৰ পিছত তেওঁলোকে হা-হুমুনিয়াহ কাঢ়ি, অনুতাপ কৰি বহি থাকে৷ এইবাবেই অলপতে ৰিচার্ছ এটাত পোৱাৰ দৰে আশীৰ পৰা পচাশী শতাংশ চাকৰিয়ালে নিজে কৰি থকা চাকৰিটো ভাল নাপায়৷ এই গোটেই মানুহবোৰে নিজৰ চাকৰিবোৰ ভালপোৱা হ’লে আৰু সেয়ে ভালদৰে চাকৰি কৰা হ’লে ভাবকচোন গোটেই অসমখন, ভাৰতখন বা পৃথিৱীখন কেনে হ’লহেঁতেন?
আত্মসচেতনতা নাথাকিলে সুখী হ’ব নোৱাৰিব
আপুনি যদি ভুল কেৰিয়াৰ, ভুল চাকৰি বাচি ল’লে তেতিয়া আপুনি সুখী হ’ব কেনেকৈ? তাতোকৈ ডাঙৰ কথা আপুনি জানিব লাগিব কি কি বস্তুৱে, কি কি কথাই, কি কি পৰিবেশ-পৰিস্থিতিয়ে আপোনাক সুখী কৰিব৷ যদি সেয়াই নাজানে আপুনি সুখী হ’বলৈ কেনেকৈ চেষ্টা কৰিব? নে ওচৰ-চুবুৰীয়া ৰহমান, বৰা, ৰাজবংশীয়ে যেনেদৰে সুখী হ’বলৈ চেষ্টা কৰিছে সেয়া কৰি আপুনিও সুখী হ’বলৈ চেষ্টা কৰিব৷ মানুহে নিজকে নাজানে বাবেই দামী দামী গাড়ী কিনি, বেছি ধন-সম্পত্তি গোটাই, বহু ঘৰ-দুৱাৰ কিনি নিজকে সুখী কৰিবলৈ চেষ্টা কৰে৷ কোনোবাই আকৌ বেছিকৈ নাম কৰি, সন্মান ঘটি, জনপ্ৰিয় হৈ সেয়া কৰিবলৈ চেষ্টা কৰে৷ কাৰোবাক সেই বস্তুবোৰে সুখী কৰিবও পাৰে, কিন্তু সেইবোৰে আপোনাক সুখী কৰিবনে নাই সেয়া জানো আপুনি জানে?
তাতোকৈ যিবোৰ কথাই, মানুহে, বস্তুই, পৰিবেশে, পৰিস্থিতিয়ে আপোনক সুখী কৰিব সেয়া জানিলে সেইবোৰ জীৱনলৈ লৈ আহিবলৈ জানো আপুনি চেষ্টা কৰিব নোৱাৰিলেহেঁতেন? তেতিয়া জানো সুখী হোৱাৰ সম্ভাৱনা বেছি নহ’লহেঁতেন?
পথটো শুদ্ধ হয় নে নহয় সেই কথাতকৈ পথটো আপোনাৰ বাবে শুদ্ধ হয় নে নহয় সেই কথটোহে বেছি ডাঙৰ৷
নকল জীৱন এটা জীয়াই আছে নেকি?
আত্মসচেতনাত নথকা বাবেই আপুনি যিটো জীৱন জীয়াই থাকি সুখী হোৱাৰ সম্ভাৱনা আছিল সেয়া বাদ দি আপুনি নকল জীৱন এটা জীয়াই আছে নেকি? নকল জীৱন মানে কি? আপুনি যদি জীৱনটোত যি কৰিব নিবিচাৰে সেয়া কৰি আছে, আনৰ কথামতে সময়বোৰ কাম কৰি পাৰ কৰিবলগীয়া হৈছে, যাৰ লগত থাকিব নিবিচাৰে তেনে মানুহৰ লগত সময় কটাবলগীয়া হৈছে, যি যি কাম কৰি ভাল পায় সেইবোৰ আন মানুহে বেয়া পাব বা হাঁহিব বুলি কৰিব নোৱাৰে, আনে ভাল দেখক বুলিয়েই ধাৰ-ঋণ কৰি হলেও বস্তু বাহানি বা কাপোন-কানি ইত্যাদি কিনিব লাগে, সমাজত মিলি থাকিবলৈ বুলিয়ে নকৰিব লগীয়া আুৰ নিবিচৰা কামো কৰি আছে, তেন্তে এনে জীৱন এটাত আচল বস্তু বা কথা থাকিলনো কি? ই নকল নহয় জানো? মানুহক ইমপ্ৰেচ কৰিবলৈ বুলি আপুনি যদি অপ্ৰয়োজনীয় বস্তু বাহানি, কাপোৰ-কানি কিনে এনে টকা-পইচাৰে যি আপোনাৰ নহয় (অর্থাৎ ধাৰ কৰি বা দুৰ্নীতিৰ দ্বাৰা ঘটা পইচাৰে) অথচ এই ইমপ্ৰেচ কৰিব বিচৰা মানুহবোৰক আপুনি আকৌ ভালো নাপায়, তেনেহ’লে আপোনাৰ গোটেই জীৱনত আচলতে আছেনো কি? ই নকল নহয়নে? সকলো কথাই আন কাৰোবাৰ দ্বাৰা নিণির্ত হোৱা নাই নে? আনক ইমপ্ৰেচ কৰিবলৈ আপুনি সকলো কৰা নাই নে? অথচ এইবোৰৰ হেঁচাত আপুনি নিজে ভালপোৱা বস্তুবোৰ, কামবোৰ কৰিবলৈ আপোনাৰ সময়ে নাই৷
আপোনাৰ সম্পর্কবোৰ
স্বামী-স্ত্ৰীৰ পৰা আৰম্ভ কৰি আন সকলোবোৰ সম্পর্কৰ ক্ষেত্ৰতে বহু সমস্যাবোৰ জানো আত্মসচেতনতা নথকাৰ বাবে হোৱা নাই৷ যিবোৰ সম্পর্ক আপুনি বাচি ল’ব পাৰে, সেইবোৰৰ ক্ষেত্ৰত চাও আহক৷ আপুনি কেনে ছোৱালী বা ল’ৰা ভাল পায় সেয়া নিজে নজনাকৈ যদি আপুনি যিকোনো সম্পর্ক এটা কৰিবলৈ আগবাঢ়ে, তেনে সম্পর্ক এটাই আপোনালৈ সুখ কঢ়িয়াব নে দুখ কঢ়িয়াব? সেয়া কিন্তু জুৱা খেলাৰ নিচিনাহে হ’ব৷ গার্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ ক্ষেত্ৰত বা বন্ধু-বান্ধৱীৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য৷ আপুনি নিজকে জানিলেহে আনক জানিবলৈ সুবিধা হ’ব আৰু তেওঁ আপোনাৰ বাবে ঠিক হয় নে নহয় সেয়া গম পাব৷ যিবোৰ সম্পর্কৰ আপুনি নিজে বাচি ল’ব নোৱাৰে সেইবোৰৰ ক্ষেত্ৰত (মা-দেউতা, মামা-খুড়া, আইতা-ককা, ভতিজা-ভাগিন ইত্যাদি) আত্মসচেতনতা থাকিলে আপুনি কেনেদৰে ব্যৱহাৰ কৰা ভাল আৰু সেই সম্পর্কবোৰ কেনেকুৱা হ’লে আপোনাৰ আৰু তেওঁলোকৰ গোটেই জীৱনটোৰ বাবে ভাল হ’ব সেয়া আপুনি গম পাব৷
সফল হ’বলৈ
আত্মসচেতন নহ’লে আপুনি জানো সফল হ’ব পাৰিব? আপুনি যদি নাজানে আপুনি কি বিচাৰে তেন্তে কিহৰ সফলতা পাব? আৰু কিবা বাহ্যিক সফলতা পালেও আপুনি নিজে জানো সেয়া সঁচা সফলতা বুলি মানি ল’ব পাৰিব? আত্মসচেতনতা থাকিলেহে নিজৰ সামর্থ, দুর্বলতা আদিৰ কথা জনাৰ লগতে আপুনি আনৰ বিষয়েও জানিব পাৰিব৷ কর্নেল ইউনিভাছির্টিত প্ৰাইভেট আৰু পাব্লিক খণ্ডৰ উচ্চখাপৰ চাকৰিয়াল সকলৰ মাজৰ কৰা এক সমীক্ষা মতে আত্মসচেতনতা সফলতাৰ আটাইতকৈ ডাঙৰ সূচক৷
আত্মসচেতন হ’লে চিন্তা আৰু আৱেগবোৰে আপোনাক কোনফালে লৈ গৈ আছে সেয়া আপুনি গম পাব৷ আৰু প্ৰয়োজন হ’লে সেইবোৰ সালসলনি কৰিব পাৰিব৷ ৰত্নাকৰৰ পৰা বাল্মিকী হ’বলৈ হ’লে আত্মসচেতনতা লাগিবই৷ নিজৰ বিষয়ে, নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰাৰ বাবেহে, কি কৰি আছোঁ সেই বিষয়ে চিন্তা কৰা বাবেহে ৰত্নাকৰ বাল্মিকী হ’ব পাৰিছিল৷
আমাৰ আত্মসচেতনতা কিয় নাথাকে?
আমাৰ আত্মসচেতনতা নথকাৰ কাৰণ কেইবাটাও৷ কিন্তু এটা প্ৰধান কাৰণ হ’ল আমি বেছিভাগ সময়তেই বর্তমানত নাথাকো, আমি থাকো অতীত বা ভবিষ্যতত৷ গতিকে নিজকে লক্ষ্য কৰিব আৰু পর্যবেক্ষণ কৰিব নোৱাৰোঁ৷ আমাৰ বাহিৰত আৰু ভিতৰত কি ঘটি আছে আমি সেয়া মন নকৰোঁ বা কৰিব নাজানো, আমি মাত্ৰ চলি গৈ থাকো৷ আমি সাধাৰণতে জীৱনটো অট’মেটিক পাইলট ত চলাই থাকো৷ আৰু মন কৰিলেও কিছুমান বৌদ্ধিক পক্ষপাতিত্বৰ বাবে সঠিকভাৱে নিজক জানিব নোৱাৰোঁ৷ কনফাৰমেচন বায়াছৰ বাবেও আমি ঘটনা এটা যেনেদৰে বিচাৰ কৰিব লাগে তেনেদৰে নকৰি আমাৰ ইতিমধ্যে থকা কিছুমান বিশ্বাসৰ মতেহে বিচাৰ কৰিব পাৰোঁ যাৰ ফলত নিজৰ বিষয়ে এক সঠিক ধাৰণা কৰাটো বৰ টান হৈ পৰে৷
কেনেকৈ আত্মসচেতন হ’ব পাৰি
আত্মসচেতনতা লাভ কৰাৰ আৰু বঢ়োৱাৰ বহুত উপায় আছে৷ এনে কেইটামান আপুনি নিজে, সহজতে কৰিব পৰা উপায়ৰ কথা চাও আহক৷
মেডিটেচন
বিভিন্ন প্ৰকাৰৰ মেডিটেচনে আপোনাক আত্মসচেতন হ’ব্বলৈ শিকাব পাৰে৷ বিপাসনা বা আন প্ৰকাৰৰ মেডিটেচনে আপোনাক শিকাব কেনেদৰে নিজৰ শৰীত হৈ থকা অনুভূতিবোৰৰ বিষয়ে জানিব পাৰি৷ তেনেদৰে মনৰ ভিতৰত চলি থকা নানা কথাবোৰৰ বিষয়ে আপুনি মেডিটেচনৰ জৰিয়তে জানিব পাৰিব৷
জার্নেলিং
জার্নেলিঙৰ জৰিয়তে আপুনি নিজৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰে৷ আপোনাৰ মনৰ অৱস্থা, অনুভৱ, অনুভূতি, চিন্তা সকলোবোৰ আপুনি নিজৰ জার্নেলখনত লিখিব পাৰে৷ ইয়াকচেলফ ৰিফ্লেকচন বা নিজৰ দিনটো, জীৱনটোত ঘটি থকা কথাবোৰ মন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷ আৰু সেই কামবোৰেই হ’ল নিজকে জনা বা আত্মসচেতনতা লাভ কৰাৰ পথ৷
পার্চনেলিটি আৰু চাইকমেট্ৰিকচ টেষ্ট
এনেকুৱা কিছুমান টেষ্ট আছে যিবোৰে আপোনাক নিজৰ বিষয়ে জনাত সহায় কৰিব৷ এইবোৰ কিছুমান ইন্সষ্টিউটে আগবঢ়ায়৷ কিছুমান তেনে টেষ্ট অনলাইনো ব্যৱহাৰ কৰিব পাৰি৷
মাইণ্ডফুলনেছ
মাইণ্ডফুলনেছৰ বিষয়ে আগতে মই দীঘলীয়াকৈ লিখিছোঁ৷ মাইণ্ডফুলনেছ মানে আপোনাৰ চাৰিওফালে কি কি হৈ আছে সেয়া সকলো মন কৰা৷ চাৰিওফালৰ লগতে আপোনাৰ শৰীৰত আৰু মনত কি হৈ আছে সেয়াও আপুনি মন কৰিব পাৰে৷ ই আপেনাক শিকায় কেনেদৰে আপুনি নিজৰ পর্যবেক্ষণৰ শক্তি বঢ়াব পাৰে৷
আত্মসচেতনতা লাভ কৰাটো এক মাৰাথন, ই এশ মিটাৰ দৌৰ নহয়৷ গতিকে ইয়াৰ বাবে সময় লাগিব৷ অলপ সময় দিয়ক কাৰণ ই বৰ গুৰুত্বপূর্ণ৷ আৰু এটা কথা পোন্ধৰ-বিশ বছৰৰ ভিতৰত ইয়াক লাভ কৰিবই লাগিব নহ’লে পিছত নহ’ব এনেকুৱা কোনো কথা নাই৷ জীৱনৰ যিকোনো সময়তে আপুনি ইয়াক লাভ কৰিব পাৰে যদিহে আপুনি চেষ্টা কৰিবলৈ সাজু৷