এশ টকাই আপোনাৰ জীৱনটো সলনি কৰিব পাৰেনে?

মাত্ৰ এশ টকা এটাই আপোনাৰ জীৱনটো সলনি কৰি পেলাব পাৰে নে?

পাৰে৷ এশ টকাই নহয়  তাতোকৈ কম টকাই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰিব পাৰে, আগতকৈ কেবাগুণে ভাল কৰি তুলিব পাৰে৷ যদিও এশ টকাৰ এখন কিতাপে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে, কিতাপ এখন কিনি পঢ়াৰ কথা ইয়াত কোৱা নাই৷ তেতিয়াহ’লে? 

rupees-390244_1920

এটা চর্ত

এই কথাখিনি আৰম্ভ কৰাৰ আগতে আপোনাক এটা বস্তু লাগিব৷ কি বস্তু৷ আপোনাৰ সেই প্ৰয়োজনীয় বস্তুটো আছে নে নাই এবাৰ পৰীক্ষা কৰি চাব৷ সেই বস্তুটো হ’ল- ইচ্ছা৷ নিজকে সলনি কৰাৰ ইচ্ছা৷ আৰু ভাল হৈ উঠাৰ ইচ্ছা৷ সেয়া নাথাকিলে এশ নহয় এক লাখ টকাইও আপোনাক আৰু ভাল কৰি তুলিব নোৱাৰে৷ 

কেনেদৰে?

আপোনাৰ হাতত টকা এশ টকাৰে আপুনি এখন নোটবুক কিনিব লাগিব৷ আপোনাৰ যেনে ভাল লাগে তেনে ধৰণৰ এখন নোটবুক আপুনি ল’ব পাৰিব৷ এই নোটবুকখনে আপোনাক সহায় কৰিব আপুনি বিচৰা ধৰণে জীৱনটো সলাই পেলোৱাত৷ এইখনে আপোনাৰ লক্ষ্যবোৰ লাভ কৰাতো সহায় কৰিব, নিজকে ভালদৰে জনাত সহায় কৰিব, আপুনি কি বিচাৰি আছে সেয়া বুজি পোৱাত সহায় কৰিব, যদিহে আপুনি ইয়াক সহায় কৰিবলৈ দিয়ে৷ 

এখন নোটবুক

এখন ভাল নোটবুক আপুনি এশ টকাৰ ভিতৰতে পাব৷ কিন্তু  কি কৰিব এই নোটবুকখনেৰে? কেনেদৰে ই আপোনাৰ জীৱনটো সলাই পেলাব পাৰে?

journal-2850091_1920

জার্নেলিং

জার্নেল এখন ডায়েৰীৰ দৰে কিন্তু ডায়েৰীতকৈ বেলেগ৷ ইয়াত অকল আপোনাৰ দিনটোৰ বাহিৰেও আন বহু কথা থাকিব পাৰে৷ যিখন নোটবুক আপুনি ইতিমধ্যে কিনি লৈছে সেইখন আপুনি নিজৰ বাবে এক জার্নেল হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰক আজিৰ পৰাই৷ আপুনি যিখন নোটবুক জার্নেল হিচাপে ব্যৱহাৰ কৰিব সেইখন কেনেদৰে ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনটো সলনি কৰাত ই সহায় কৰিব পাৰিব? 

কৃতজ্ঞতা

জার্নেল খনত আপুনি কিহৰ প্ৰতি কৃতজ্ঞ সেই কথাটো লিখিব৷ পাৰিলে সদায় লিখিব, নোৱাৰিলে সপ্তাহত এদিন হলেও লিখিব আপুনি কাৰ প্ৰতি আৰু কিয় কৃতজ্ঞ৷ শুনাত কামটো কাৰোবাৰ বাবে দৰকাৰী যেন লাগিব পাৰে, কিন্তু কামটো কৰি নোচোৱাকৈয়েনো কিয় সেই সিদ্ধান্তটো কৰিছে? এমাহৰ বাবে সেই কামটো কৰি চাওকচোন৷ আপুনি যেতিয়া মনত পেলায় আৰু আনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে, তেতিয়া আপুনি বুজি পায় আপোনাৰ জীৱনত কিমানবোৰ বস্তু আছে৷ শান্তি লাভ কৰিবলৈ এই কামটো বৰ প্ৰয়োজনীয়৷ বহুতে বহুত থকাৰ পিছতো আনৰ লগত তুলনা কৰি নিজে সুখী হ’ব নোৱাৰে৷ 

মনৰ অৱস্থাৰ বিষয়ে লিখা

আপোনাৰ মনৰ অৱস্থাৰ কথা যদি আপুনি নিজৰ জার্নেলত লিখে, তেন্তে ই নানা ধৰণে আপোনাক সহায় কৰিব৷ প্ৰথম কথা কথাখিনি লিখা বাবে মনটো ভাল লাগিব, পাতল পাতল লাগিব৷ আকৌ লিখা কথাখিনি পঢ়ি চালে আপুনি কথাখিনি ভালদৰে বুজি পাব৷ আপোনাৰ যদি মনটো বেয়া হৈ আছে, লিখাৰ পাছতে আপোনাৰ অলপ হলেও ভাল লাগিব৷ তাৰোপৰি লিখি উঠি কথাখিনি পঢ়ি চালে আপুনি বুজি পাব আপুনি যি ভাবিছে সেয়া সঠিক হয় নে নহয়৷ একেৰাহে কেইদিনমানৰ জার্নেলৰ লিখা পঢ়ি চালে আপুনি আপোনৰ মনটোৰ সামগ্ৰিক অৱস্থাৰ কথা বুজি পাব- ই পজিটিভ নে নিগেটিভ৷ 

জার্নেলখনত আপুনি জীৱনৰ আন বিভিন্ন কথাও লিখিব পাৰে৷ আপুনি আজিৰ দিনটো কেনেদৰে পাৰ কৰিলে (দিনটো হৰিণ চিকাৰ কৰিলে নে নিগনি খেদি কটালে), দিনটো আপোনাৰ মতে প্ৰডাক্টিভ আছিল নে নাই নে ই এনেয়ে গ’ল, যদি দিনটোৰ সময়খিনি নষ্ট হ’ল তেতিয়াহ’লে কোনটো বস্তুই আপোনাৰ মূল্যবান সময়খিনি নষ্ট কৰিলে, কি কৰিলে সময়বোৰ নষ্ট নহ’ব, নানা ধৰণৰ সম্পর্ক আৰু মানুহৰ পৰা আপুনি কি শিকিলে জি কথা কাইলৈ আপোনাৰ কামত আহিব ইত্যাদি কথাও আপুনি জার্নেলখনত লিখিব পাৰে৷ পিছত এইবোৰ পঢ়ি চালে আপুনি জীৱনৰ বিষয়ে আৰু নিজৰ বিষয়ে বহু কথা শিকিব পাৰিব৷

to-do-2607082_1920

কৰিবলগীয়া কামৰ তালিকা

এইটো এটা বহুত সৰু কিন্তু সাংঘাটিকভাৱে শক্তিশালী উপায়৷ যিসকল লোকে “মোৰ কামবোৰ কৰাই নহয়,” “কামবোৰ সদায় থাকি যায়,” “কামবোৰ কৰিবলৈ পাহৰি যাও,”  বুলি কয় তেওঁলোকৰ বাবে ই এটা জীৱন সলনি কৰিব পৰা কৌশল৷ আৰু ইয়াক কৰিব পাৰি মাত্ৰ এখন নোটবুক লৈ৷  প্ৰথমতে নোটবুক খনৰ এটা পাত লৈ তাত ক্ৰমাংক (চিৰিয়েল নম্বৰ) দি লওক 1 ৰ পৰা 10 লৈ৷ এতিয়া ৰ নম্বৰৰ পৰা আৰম্ভ কৰি এটাৰ পিছত এটাকৈ আজি আপোনাৰ কৰিবলগীয়া কামবোৰ লিখি যাওক৷ আপুনি যদি আজি প্ৰথম এই কামটো কৰিছে, তেন্তে দহটা কৰিবলগীয়া কাম লিখি ল’লেই হ’ল৷ কি কি কৰিবলগীয়া কামৰ কথা লিখিব? যিকোনো কাম, যিবোৰ আপোনাৰ কৰিবলগীয়া কামৰ তালিকাত আছে৷ ধৰক স্কুল-কলেজৰ হোমৱর্ক, অফিচৰ কাম, পাচলি কিনা, ইলেকট্ৰিচিটি বিল দিয়া, কাৰোবাক ইমেইল কৰা,  ঘৰৰ কিবা কাম, কাৰোবাক লগ ধৰা, মটিভেচনেল ভিডিঅ এটা চোৱা ইত্যাদি৷ 

লিখাৰ পিছত মাত্ৰ এটা নিয়ম আপুনি অনুসৰণ কৰিব লাগিব, তেতিয়াহে এই কৌশলটোৱে কাম কৰিব৷ সেয়া হ’ল- এবাৰ যদি আপুনি এই লিষ্টখনত কাম এটা লিখি লৈছে তাক কৰি শেষ কৰিব৷ এই নিয়মটো মানি চলিলে হ’ল৷ এনেদৰে মাত্ৰ এসপ্তাহ চলি চাওকচোন কাম কৰে নে নকৰে সেয়া নিজেই গম পাব৷ এই লিষ্টখন লিখা কামটো আগদিনাই ৰাতিও কৰিব পাৰি৷

destination-1285851

লক্ষ্য বা লবোৰ

এই নোটবুকখন আপুনি নিজৰ লক্ষ্যবোৰৰ এক ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ অর্থাৎ আপোনাৰ সকলোবোৰ লক্ষ্য ইয়াতে থাকিব৷ লক্ষ্যবোৰ লিখি লোৱাটো বৰ ডাঙৰ কথা৷ ইয়াত আপুনি আপোনাৰ সকলোবোৰ লক্ষ্য ল’ব পাৰে আৰু সেইবোৰ প্ৰতিদিনে এবাৰ হলেও চকু ফুৰাব পাৰে৷ 1 বছৰৰ লক্ষ্য, 3 বছৰৰ লক্ষ্য, 5 বছৰৰ লক্ষ্য, 10 বছৰৰ লক্ষ্য এনেদৰে নানা ধৰণৰ লক্ষ্যবোৰ আপুনি এই নোটবুকখনত লিখি ল’ব পাৰে৷ লক্ষ্যবোৰ লিখি লোৱাৰ লগতে প্ৰতিটো লক্ষ্যকে আকৌ সৰু সৰু কিছুমান লক্ষ্যত ভগাই ল’ব পাৰে৷ এনেদৰে ভাঙি গৈ থাকিলে এটা সময়ত গৈ আপোনাৰ ডাঙৰ লক্ষ্য লাভ কৰিবৰ বাবে আজি কি কৰিব পাৰি সেয়া আপুনি গম পাব৷ গম পোৱাৰ পিছত আপুনি সেই কামটো অলপ আগতে কোৱা সেই আজিৰ কৰিবলগীয়া কামৰ তালিকাখনলৈ লৈ যাব পাৰে৷ কৰিবলগীয়া কামৰ তালিকাখন বা টু ডু লিষ্টখনত এবাৰ লিখি ল’লে যিহেতু আপুনি কামটো কৰেই, গতিকে সেই কামটো হ’ব বুলি আমি ধৰি ল’ব পাৰোঁ৷ এনেদৰে সেই কামটো হৈ যোৱা মানে আপুনি আপোনাৰ লক্ষ্যৰ পেন অকণমান হলেও আগবাঢ়ি নগ’লনে? নিশ্চয় গ’ল৷ এনেদৰে অলপ অলপকৈ আগবাঢ়ি গৈ থাকিলে এদিন গৈ আপুনি নিজৰ সেই লক্ষ্যটো লাভ নকৰিবনে? 

আপুনি নিজকে জানিব বিচাৰে

নিজকে জনা মানে আত্মসচেতনতা আৰু এই আত্মসচেতনতা লাভ কৰিবলৈ এই সৰু নোটবুকখনে আপোনাক সহায় কৰিব পাৰে৷ আপুনি কি ভাল পায়, কি বেয়া পায়, কি কৰিব বিচাৰে, আপোনাৰ নানা ধৰণৰ চিন্তা-ভাৱনা, আৱেগ-অনুভূতি সকলোবোৰ ইয়াত লিখিব পাৰি৷ আপোনাৰ যদি মনটো বেয়া কিয় বেয়া৷ এবাৰ আত্মসচেতন হ’লে আপোনাৰ জীৱনটোৰ গতি আৰু দিশ দুয়োটাই ঠিক হৈ পৰিব৷ 

আপুনি যদি নিজেই নাজানে জীৱনত কি বিচাৰে সেয়া বিচাৰি পাবলৈ এই নোটবুকখনে আপোনাক সহায় কৰিব পাৰে৷ আপোনাৰ ডিপ্ৰেচন হৈ আছে নেকি আৰু যদি আছে কিয় হৈ আছে তেনে কথাবোৰ জানিবলৈও ই আপোনাক সহায় কৰিব পাৰে৷ 

এই সকলোবোৰ মাত্ৰ এখন কেইটকামানৰ নোটবুকে কৰিব পাৰিব৷ নোটবুক কিনিবলৈ টকা-পইচা নাথাকিলে এক দিস্তা কাগজ কিনি আনি তাৰে এখন বহী চিলাই ল’লেও হ’ব৷ 

এশ টকাই আপোনাৰ জীৱনটো ভাললৈ সলনি কৰি পেলাব পাৰে যদিহে আপুনি জানে কি কৰিব লাগে, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে৷ এই এশ টকাটো কামত লগাও আহক৷ ই খৰচ নহয়, ই ইনভেষ্টমেন্ট, আপোনাৰ নিজৰ ওপৰত ইনভেষ্টমেন্ট৷ 

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *