আপুনি ন’ মেনছ লেণ্ডত আছে নেকি?

এটুকুৰা সাংঘাটিক ঠাই হ’ল “ন মেনছ লেণ্ড৷” দুখন দেশৰ মাজত থকা ঠাইটুকুৰাৰ দৰে এখন ঠাই৷ ইয়াত থকা মানে আপুনি এইফালৰো নহয়, সেইফালৰো নহয়৷ আপোনাৰ জীৱনটো যদি তেনে এক অৱস্থাত পৰে, তেন্তে কেনে হ’ব? ই আপোনাৰ বর্তমান আৰু ভবিষ্যতৰ বাবে বৰ ভাল নহ’ব৷

watch-tower-802102_1920

ন মেনছ লেণ্ড কি?

ই সেই ঠাইখন যত আপুনি সুখীও নহয়, কিন্তু ইমান অসুখীও নহয় যে এই বিষয়ে কিবা কৰিব৷ মটিভেচনেল স্পিকাৰ, ইন্টাৰভেনচনেলিষ্ট এন্থনী ৰবীনছৰ সংজ্ঞামতে সেয়াই ন মেনছ লেণ্ড৷ অর্থাৎ আমি ক’ব পাৰোঁ ই এক জীৱামৃত অৱস্থা৷ জীৱনটো মাথো চলি গৈ আছে, আপুনি নাজানে আপুনি কি কৰি আছে, কি হৈ আছে, মাত্ৰ সময়ৰ লগত গৈ আছে৷ পানীত উটি গৈ থকা কাঠ এটুকুৰা আৰু আপোনাৰ মাজত বিশেষ পার্থক্য নাই, মাথো আপোনাৰ হৃদস্পন্দন চলি আছে, কাঠটুকুৰাৰ নাই৷

কেতিয়াও এই ঠাইখনত নাথাকিব

এই  ঠাইখনত থকাৰ দৰে দুখ আৰু ভয়লগা কথা সম্ভৱত আৰু একো নাই৷ এই ঠাইত জীৱনটো কটালে জীৱনটো কেনেকুৱা হ’ব? জীৱনটো ইমান সুন্দৰ হোৱাৰ সম্ভাৱনা আছিল, কিন্তু সেই সম্ভাৱনাৰ কথা আপুনি গমেই নাপালে৷ অত তত দুই এটা ভাললগা ঘটনা বাদ দি আপোনাৰ জীৱনটোত এনে কোনো ঘটনাই নাই যাৰ কথা ভাবিলেই আপোনাৰ নিজৰ ওপৰত গর্ব হয়, নিজৰ ভাল লাগে “এই কামটো মই কৰিছোঁ” বুলি৷ এনে কোনো কাম আপুনি কৰা নাই যাৰ বাবে আপোনাৰ নাম আনেও জানিব, আপোনাক সন্মান কৰিব, পিছলৈ মনত ৰাখিব৷ আপুনি জীয়াই আছে, কিন্তু জীয়াই নাথাকিলেও কোনেও গমেই নাপালেহেঁতেন৷

আপোনাৰ জীৱনলৈ যি যি আহে মাত্ৰ নিস্ক্ৰিয়ভাৱে তাক গ্ৰহণ কৰি নাযাব৷ নিজৰ জীৱনটোক আপুনি চলাবলৈ চেষ্টা কৰকচোন৷ আপুনি কি বিচাৰে সেয়া প্ৰথমে বিচাৰি উলিয়াওক আৰু সেইফালে ইয়াক লৈ যাবলৈ চেষ্টা আৰম্ভ কৰক৷ আপুনি সফল হ’ব নে নাই সেই কথালৈ আমি পিছত আহিম, কিন্তু আপুনি অন্তঃত চেষ্টা কৰিছে আৰু সমগ্ৰ শক্তিৰে কৰিছে৷

ন মেনছ লেণ্ডত থকা মানুহবোৰৰ বৈশিষ্ট্য

এই ঠাইত যিসকল আছে তেওঁলোকৰ কিছুমান নির্দিষ্ট লক্ষণ আছে যিবোৰ চাই আপুনি গম পাব পাৰে, তেওঁ ন মেনছ লেণ্ডত থকা মানুহ নেকি৷ কেনেকুৱা লক্ষণ?

(ক) তেওঁ সকলো ধৰণৰ আশা বাদ দিছে৷

(খ) তেওঁ সপোনবোৰ বাদ দিছে৷ যদি তেওঁৰ কিবা সপোন আছিল, তেওঁ সেইবোৰ এতিয়া আৰু বাদ দি দিছে৷

(গ) তেওঁলোকৰ জীৱনত কোনো ধৰণৰ লক্ষ্য নাই৷

(ঘ) নিজৰ কামক লৈ তেওঁলোকৰ কোনোধৰণৰ উৎসাহ-উদ্দীপনা নাই৷

ন মেনছ লেণ্ডৰ পৰা আতৰিব কেনেকৈ?

কি কি কৰিলে আপুনি ন মেনছ লেণ্ডৰ পৰা নিজকে আতৰাই আনি জীৱনৰ আচল সোৱাদ লাভ কৰিব পাৰিব? তলৰ কথাকেইটাই আপোনাক সহায় কৰিব৷

আত্মসচেতনতা

আপুনি কেনে জীৱন এটা বিচাৰিছে? আত্মসচেতনতাই আপোনাক সহায় কৰিব সেই কথাটো জানিবলৈ৷ আপুনি মান-সন্মান বিচাৰিছে, টকা-পইছা বিচাৰিছে, সমাজলৈ কিবা অৱদান আগবঢ়াব বিচাৰিছে, সকলোৱে আপোনাক চিনি পোৱাটো বিচাৰিছে, নে আন কিবা বিচাৰিছে সেয়া গম পাবলৈ হ’লে আপুনি প্ৰথমতে নিজকে জানিব লাগিব৷ অর্থাৎ আপুনি কি বিচাৰিছে সেয়া জানিব লাগিব৷ তেতিয়াহে আপুনি সেইবোৰ লাভ কৰিবলৈ কাম আৰম্ভ কৰিব পাৰিব৷ যদি আপুনি কি কৰিব বিচাৰে নাজানে তেন্তে কেনেদৰে আপুনি নিজৰ কাম আৰম্ভ কৰিব?

সেই জীৱনটোৰ কল্পনা বা ভিজুৱেলাইজেচন

যিটো জীৱন আপুনি বিচাৰিছে সেই জীৱনটো সম্পূর্ণৰূপে আপুনি কল্পনা কৰিব পাৰিব লাগিব৷ সেই জীৱনটোৰ প্ৰতিটো কথা, প্ৰতিটো অংশ কল্পনা কৰিব পাৰিলে তেতিয়াহে আপুনি সেই  জীৱনটো পাবলৈ কাম আৰম্ভ কৰিব পাৰিব৷ কল্পনাৰ এক সাংঘাটিক শক্তি আছে৷ এবাৰ কল্পনাত গোটেই জীৱনত সৃষ্টি কৰি ল’ব পাৰিলে আপুনি সেইটো লাভ কৰিবলৈ কাম কৰিব পাৰিব৷ ভিজুৱেলাইজেচনৰ সহায়ত শূন্য বস্তু এটাক আপুনি আকৃতি দিব পাৰিব৷ তেতিয়া আপুনি চালিজাৰি চাব পাৰিব কোনটো বস্তু সঁচাকৈয়ে আপোনাক লাগে, কোনটো নহলেও হ’ব, আৰু কোনবোৰ নহ’লে আপুনি জীয়াই থাকিব নোৱাৰে৷ এই প্ৰেকটিচটো কৰোতে এক শান্ত, নিজান পৰিবেশত বহি, মনটো শান্ত কৰি সম্পূর্ণৰূপে জীৱনটো কেনেকুৱা হোৱাটো বিচাৰে সেয়া কল্পনা কৰিবলৈ আৰম্ভ কৰিব৷ যিমান স্পষ্টকৈ পাৰি সিমান স্পষ্টকৈ প্ৰতিটো কথা, প্ৰতিজন মানুহ, কাপোৰ, চাৰিওফালৰ বস্তু, আপুনি কি কৰিছে, অংগী-ভংগী সকলো কথাই চাবলৈ যত্ন কৰিব৷

dry-856544_1920

কি কি অভ্যাস লাগিব সেয়া শিকা

ইমানদিনে যদি আপুনি ন’ মেনছ লেণ্ডত আছে তেতিয়াহ’লে তাৰ কাৰণ হ’ল আপোনাৰ কিছুমান অভ্যাস৷ এই অভ্যাসবোৰ নসলালে জানো আপুনি ন’ মেনছ লেণ্ডৰ পৰা বাহিৰ ওলাব পাৰিব? আৰু অভ্যাসবোৰ নসলালে জানো আপোনাৰ কামৰ, অৱস্থাৰ আৰু ফলাফলৰ কিবা সালসলনি হ’ব? কিন্তু কেনেধৰণৰ নতুন অভ্যাস আপোনাক লাগিব? কেইটামান প্ৰয়োজনীয় অভ্যাস হ’ল প্ৰয়োজনীয় স্কিলবোৰ শিকি নিজকে আৰু বেছি সাজু কৰি তোলা, পজিটিভ এটিটিউড, লক্ষ্য নির্ধাৰণ কৰা, সময়ক সঠিক মূল্য দিয়া, সদায় শাৰীৰিক ব্যায়াম কৰা, মেডিটেচন, নিয়মীয়া মটিভেচন, উন্নতিৰ মানসিকতা ইত্যাদি৷ আৰু কিবা অভ্যাস প্ৰয়োজনীয় হয় নে নহয় সেয়া আপুনি নিজে আগবাঢ়ি কামত গ’লে ঠিক কৰি ল’ব পাৰিব৷

কাম আৰম্ভ কৰক

আপুনি যিমানে কিতাপ নপঢ়ক, যিমানে মটিভেচনেল কিতাপ নপঢ়ক বা ভিডিও নাচাওক, যিমানে প্লেনিঙ নকৰক, যিমানে ষ্ট্ৰেটেজী নবনাওক কিয়, তাৰপৰা একোকে লাভ নহয়, যদিহে আপুনি কামত হাত নিদিয়ে৷ নিজকে আৰু ভাল কৰিবলৈ যি যি কৰিব লাগে সেই কাম কৰা আৰম্ভ নকৰালৈকে কেনেকৈ আপুনি নিজকে সেই ৰূপত লাভ কৰিব? কাম আৰম্ভ নকৰালৈকে আগৰ অৱস্থাৰ পৰা আপোনাৰ এখোজো লৰচৰ নহয়৷ সেয়ে জীৱনটেঅ যেনেকুৱা হোৱাটো বিচাৰিছে তেনেদৰে কল্পনা কৰাৰ পিছত সেইটো প্ৰকৃততে লাভ কৰিবলৈ এক সামগ্ৰিক পৰিকল্পনা কৰি লওক আৰু সেইমতে যি যি কাম কৰিব লাগে সেই কাম কৰা আৰম্ভ কৰক৷

কাম কৰিলে কিন্তু কষ্ট হ’ব৷ এই কষ্ট হ’ল নিয়ম মানি প্ৰতিদিনে আপুনি বিচৰা জীৱনটো লাভ কৰিবলৈ কৰা যুদ্ধত হোৱা কষ্ট৷

নিয়মানুৱর্তিতাৰ কষ্ট অথবা অনুতাপৰ কষ্ট

আপুনি জীৱনত এই দুটা কষ্টৰ এটা বাচি ল’ব লাগিব৷ হয়তো আপুনি নিয়মানুৱর্তিতাৰ কষ্ট গ্ৰহণ কৰিব অথবা পিছলৈ অনুতাপৰ কষ্ট গ্ৰহণ কৰিবলৈ বাধ্য হ’ব৷ আপুনি যেতিয়া নিজকে ভাল কৰি তুলিবলৈ কাম আৰম্ভ কৰে তেতিয়া যথেষ্ট নিয়মানুৱর্তিতা সহকাৰে আপুনি এই কাম কৰিব লাগিব৷ ইয়াৰ বাবে কষ্ট হ’ব আৰু যথেষ্ট সময় লাগিব পাৰে৷ নিয়মানুৱর্তিতাৰ সৈতে যদি আপুনি সদায় চেষ্টা কৰি যায় তেতিয়া আপুনি বিচৰা ফলাফল লাভ কৰিব পাৰিব৷ কিছুমান মানুহে এই কষ্ট কৰিব নোখোজে আৰু এনেদৰে নিয়মীয়াকৈ নিয়মানুৱৰ্তীতা মানি চলি তেওঁলোকে কাম কৰিব নোৱাৰে৷ গতিকে তেওঁ লোকে একোকে নকৰে৷ কিন্তু তেনে মানুহবোৰে পিছলৈ গৈ এটা সময়ত অনুতাপত ভূগিবলগীয়া হয়৷ “মোৰ ইমান টেলেন্ট আছিল, মই পঢ়াত ইমান ভাল আছিলোঁ, মই ক্ৰিকেট খেলত ইমান ভাল কৰিছিলোঁ, কিন্তু একোকে কৰিব নোৱাৰিলোঁ,” “অমূক মোতকৈ ইমান বেয়া আছিল কিন্তু আজি তাৰ অৱস্থা চোৱা আৰু মোৰ দুখলগা অৱস্থা চোৱা,” “মোৰ সফল হ’বৰ বাবে সকলো থাকিও, সকলো সুবিধা পাইও মই কিন্তু একো নকৰিলোঁ,” “সময়বোৰ এনেয়ে নষ্ট কৰিলোঁ, জীৱনত একোৱে কৰা নহ’ল,” “সকলো থাকিও মাত্ৰ সফল নোহোৱাৰ ভয়তে মই মোৰ নিজৰ কাম আৰম্ভ কৰিব নোৱাৰিলোঁ,”- এনেধৰণৰ নানা অনুতাপৰ সন্মুখীন হ’বলগীয়া হয়৷ এই অনুতাপবোৰ বৰ কষ্টকৰ৷ ই ভীষণ কষ্ট দিয়ে৷ যিকোনো বৃদ্ধ আশ্ৰম এখনলৈ গৈ তাৰ আবাসী সকলৰ লগত কথা পাতিলে আপুনি এনে বহু অনুতাপৰ কাহিনী শুনিব৷ নিয়মানুৱর্তিতাৰ কষ্ট টান হয়, কিন্তু অনুতাপৰ কষ্টৰ তুলনাত ই তেনেই সামান্য৷

ন’ মেনছ লেণ্ডত আছে যদি তাৰ পৰা আতৰি আহক৷ এইখন কোনো থকাৰ উপযোগী ঠাই নহয়৷ জীৱনটো বহুত সুন্দৰ৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *