কোনেও আপোনাক চাপর্ট নকৰিলে কি কৰিব

জীৱনত এনেকুৱা সময় কেতিয়াবা আহিব যি সময়ত আপোনাক কোনেও সহায় নকৰে, চাপর্ট নকৰে৷ সেয়া পঢ়ি থাকোতে হ’ব পাৰে, চাকৰি কৰোতে হ’ব পাৰে বা জীৱনৰ আন সময়ত হ’ব পাৰে৷ যি সময়ত আপোনাক চাপর্টৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল, সেই সময়তে আপুনি দেখিব যে আপোনাক চাপর্ট কৰা মানুহ কোনো নাই৷ মই কাজিয়া বা তর্কাতর্কিত আপোনাক চাপর্ট কৰা মানুহৰ কথা কোৱা নাই৷ জীৱনত আপুনি কিবা এটা কৰিব বিচাৰোতে, কৰি গৈ থাকোতে কিছু এনে মুহূর্ত আহে যেতিয়া আপুনি অকণমান সাহায্য পালে ভাল পালেহেঁতেন, আপোনাৰ কষ্ট অলপ হলেও কমিলহেঁতেন, কিন্তু আপুনি সেই চাপর্ট নাপায়৷ আপুনি নিজৰ কেৰিয়াৰ এটা বিশেষ ফালে গঢ়িব বিচাৰে কিন্তু তাত কাৰো সহায় আপুনি পোৱা নাই, নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, কিন্তু কোনেও আপোনাক সহায় নকৰে৷

rock-1771913_1920

দ্বায়িত্ব আপোনাৰ

আপোনাৰ জীৱনটো আপোনাৰ দ্বায়িত্ব৷ আন কোনেও ইয়াৰ দ্বায়িত্ব নলয়৷ আপুনি আনক দ্বায়িত্ব দিব পাৰে, কিন্তু তেতিয়া ই কেনে হ’ব তাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকিব৷ আৰু যাৰ ওপৰত দ্বায়িত্ব দিলে তেওঁ বিভিন্ন কাৰণত ইমান মনোযোগ দিবলৈ সময় নাপাব পাৰে৷ তাৰোপৰি তেওঁ আপোনাৰ সমানে গুৰুত্ব দিবনে কামটোত? গতিকে আনৰ চাপর্ট বিচাৰি জীৱনটো ভাল কৰিবলৈ চেষ্টা কৰাতকৈ আপুনি নিজৰ প্ৰচেষ্টা আৰু নিজৰ চাপর্টত সেয়া কৰিবলৈ যোৱাটো বেছি ভাল হ’ব৷ আনৰ ভৰসাত ৰ’লে আপুনি হয়তো গোটেই জীৱনটো অপেক্ষা কৰি থাকোতেই যাব, কামবোৰেহে কৰা নহ’ব৷ গতিকে কোনেও চাপর্ট নকৰিলেও কোনো কথা নাই, আপুনি থমকি নৰ’ৱ, নিজৰ কাম কৰি যাওক৷  

আপুনি কি কৰিব পাৰে?

যেতিয়া কোনেও মোক সহায় নকৰে, লগ নিদিয়ে তেতিয়া মোৰ হাতত দুটা উপায় আছে-

কামটো সম্পূর্ণৰূপে বাদ দি সেই মানুহবিলাকে যি কয় তাকে কৰা বা কোনেও সাহায্য নকৰিলেও মই যি কৰিব বিচাৰো তাকে কৰা৷ এই দুটা পচন্দ আপোনাৰ হাতত সদায় থাকিব৷ আৰু তাৰে যিটো আপুনি বাচি লয় তাৰ ওপৰত নির্ভৰ কৰি আপোনাৰ জীৱনটো তেনেকুৱাই হ’ব৷ এই যে জীৱনটো বেলেগ হৈ গ’ল সেয়া আপুনি এটা সময়ত গম পাব, জীৱনৰ পিছৰ এছোৱাত৷ আপুনি যদি আনৰ কথামতে, আনৰ পৰা কোনো চাপর্ট নোপোৱা বাবে নিজে কৰিব বিচৰা কামবোৰ নকৰে, নিজৰ সপোনবোৰ বাদ দি দিয়ে, পিছলৈ গৈ সেইবোৰেই অনুতাপৰ ৰূপ ল’ব৷

অজুহাত হিচাপে নল’ব

“কোনেও মোক চাপর্ট নকৰে গতিকে মই এই কামটো কৰিব নোৱাৰোঁ, মই যি কৰিব বিচাৰোঁ সেয়া কৰিব নোৱাৰোঁ, মোৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব নোৱাৰোঁ,” কেতিয়াও ভুলতো এনে চিন্তা নকৰিব৷ আপুনি কোনেও সহায় নকৰা বাবে, চাপর্ট নকৰা বাবে কিবা এটা নকৰিলে কাৰো একো আহে বা নাযায়৷ লোকচান আপোনাৰহে, আন কাৰো একো লোকচান নাই৷ আপুনি কি কাৰণত নিজৰ সপোনবোৰ পূৰণ কৰিব চেষ্টা কৰা নাই, বা কৰিব পৰা নাই, কিয় নকৰিলে সেই কথা লৈ কোনে মানুহেই কেয়াৰ নকৰে, তেওঁলোকে মাত্ৰ চাব আপুনি কৰিব পাৰিছে নে নাই৷

hands-2545754_1920

সাৱধান হ’ব

আপোনাৰ যদি পৰিয়াল আছে তেতিয়া আপুনি সাৱধান হ’ব লাগিব৷ আপোনাৰ কামৰ দ্বাৰা যাতে কোনো মানুহৰে জীৱনটো থানবান হৈ নপৰে, নষ্ট নহয়, সেই কথাটো চাব লাগিব৷ পৰিয়ালৰ মানুহে আপোনাক চাপর্ট নকৰা মানে তেওঁলোক বেয়া বা তেওঁলোকে আপোনাক বেয়া পায় সেয়া নহবও পাৰে৷ তেওঁলোকৰ হয়তো নিজা নিজা কাৰণ আছে৷ তেওঁলোকে চাপর্ট নকৰিলেও আপুনি কামটো কৰিব পাৰিব, মাত্ৰ অলপ সাৱধান হ’ব কাৰণ তেওঁলোকৰ জীৱনবোৰো কিছু পৰিমাণে আপোনাৰ লগত যুক্ত হৈ আছে৷

আপুনি কি কৰিব?

কোনেও আপোনাক সহায় নকৰিলে, আপোনাৰ কাষত থিয় নিদিলে আপুনি নিজে নিজৰ বাবে এটা সাহায্য বা চাপর্ট চিষ্টেম বনাই লওক৷ পাৰিনে তেনে কৰিব৷ নিশ্চয় পাৰি৷ কিন্তু কেনেদৰে পাৰি? কি কি থাকিব এই চাপর্ট চিষ্টেমটোত?

এক মটিভেচনেল ৰিচ’র্চ

আপোনাক বেয়া সময়ত মটিভেট কৰি থাকিবলৈ, চাপর্ট দিবলৈ লাগিব মটিভেচনৰ এক সংগ্ৰহ৷ ইয়াত থাকিব মটিভেচনেল কিতাপ, চিনেমা, ভিডিও, কথা, ছবি, ব্লগ, ৱেবচাইট ইত্যাদি৷ যিবিলাক কিতাপ পঢ়িলে, যিবিলাক চিনেমা চালে, ভিডিঅ চালে আপুনি মনত সাহস পায়, উৎসাহ পায়, আকৌ কামত লাগি যাবলৈ উদগনি পায় সেইবোৰ এই সংগ্ৰহটোৰ ভিতৰত থাকিব৷ আপোনাৰ কম্পিউটাৰ বা ফোনটোত এঠাইত আপুনি এইবোৰ গোটাই থৈ দিব পাৰে৷ যদি কম্পিউটাৰ বা ফোনটো ব্যৱহাৰ কৰিবলৈ ভাল নাপায়, তেন্তে এটা কার্ডবর্ডৰ বক্সত তেনে কিতাপবোৰ, লিখনিবোৰ, চিনেমাৰ চিডিবোৰ, কবিতাবোৰ গোটাই থৈ দিয়ক৷ প্ৰতিদিনে, যদি সময় পায়, এবাৰ হলেও, অলপমান হলেও তাৰে এটা অংশ পঢ়া, শুনা, চোৱাৰ অভ্যাস কৰক৷

অর্থনৈতিক স্বাৱলম্বন

আনৰ পৰা টকা-পইচা লোৱাটো যিমান সোনকালে পাৰি বাদ দিয়ক, নিজে ঘটিবলৈ আৰম্ভ কৰক৷ অর্থনৈতিক স্বাৱলম্বন আপোনাৰ বাবে প্ৰথম খোজ৷ যদি আপোনাৰ ক্ষেত্ৰত সম্ভৱ হয়, তেন্তে যিয়ে আপোনাক চাপর্ট নকৰে, তেওঁৰ পৰা টকা-পইচা লোৱাটো বাদ দিবলৈ চেষ্টা কৰক৷ কোনোবাই যদি আপোনাক চাপর্ট নকৰে, জোৰকৈ আন কিবা কৰিবলৈ কয়, তেওঁৰ পৰা টকা-পইচা লোৱাতকৈ আপুনি নিজে উপার্জন কৰিবলৈ আৰম্ভ কৰক৷ কমকৈ, সৰুকৈ হলেও আৰম্ভ কৰক৷ যিমানে কম টকা-পইচা আপুনি ল’ব সিমানে তেওঁৰ আপোনাৰ ওপৰত কিবা এটা জোৰকৈ কৰোৱাৰ অধিকাৰ কমি যাব৷

চেলফ টক

আপুনি নিজৰ লগত কথা পাতিব লাগিব৷ মাত্ৰ সাৱধান হ’ব ই সম্পূর্ণৰূপে পজিটিভ হ’ব লাগিব৷ আন কোনেও যদি আপোনাক চাপর্ট নকৰে, আপুনি নিজে জানো নিজকে চাপর্ট কৰিব নোৱাৰে এজন প্ৰকৃত বন্ধুৰ দৰে? এজন প্ৰকৃত বন্ধুই যিদৰে আপোনাক সঠিক, কামত অহা উপদেশ দিব, বুদ্ধি দিব, পৰামর্শ দিব, উপায় দিব, তেনেদৰে আপুনি নিজৰ লগত কথা পাতি নিজকে তেনেদৰে চাপর্ট কৰিব পাৰে৷

নিজৰ লগত কথা পাতোতে যদি ই আপোনাৰ কামত আহে, তেনেহ’লে কোনে কি ভাবিছে সেই লৈ বেছি চিন্তা নকৰিব৷ কিবা এটা কাম কৰিব পৰা নাই, কামটো কৰাৰ উপায় এটা বিচাৰক নিজৰ বাবে৷ কিবা সমস্যা আহি পৰিছে, তাক আলোচনা কৰাতকৈ তাৰ সমাধানৰ বিষয়ে কথা পাতক৷ মনটো বেয়া লাগিছে, কি কৰিলে ভাল লাগিব সেই বিষয়ে কথা পাতক৷ আনে যেনেকৈ আপোনক উদগনি দিয়ে, সাহস দিয়ে, অনুপ্ৰেৰণা যোগয়, তেনেদৰে আপুনিও নিজকে সেই সকলোবোৰ দিব পাৰে৷ আপুনি ভাবিব পাৰে যে মইতো ইমানবোৰ কথা নাজানো৷ চিন্তা নকৰিব, আপোনাৰ অৱচেতন (চাব কনচিয়াছ) মনে আপুনি ভবাতকৈ বহুত কথা জানে৷ ই নিজৰ ভিতৰত বহুত কথা সুমুৱাই থৈ দিয়ে৷

children-1149671_1920

আশা নকৰিব

এই কামটো বৰ টান৷ আশা নকৰাকৈ কাম কৰাটো সহজ নহয়, কিন্তু কৰিব পাৰি৷ যেতিয়া আন কোনেও আপোনাক সহায় নকৰে, চাপর্ট নকৰে, আপুনি কিয় অসুবিধা পায়, কিয় আপোনাৰ মন বেয়া লাগে, খঙ উঠে? কাৰণ আপুনি মনে মনে হ’লেও আশা কৰি আছিল যে আপোনাৰ বন্ধু-বান্ধৱে, পৰিয়ালৰ মানুহে, স্বামী বা স্ত্ৰীয়ে আপোনাক সহায় কৰিব৷ যদি আপুনি আগতেই ধৰি লয় যে কোনেও মোক চাপর্ট নকৰিব বা সহায় নকৰিব, তেতিয়া? তেতিয়া জানো আপোনাৰ মনটো বেয়া লাগিব, দুখ লাগিব, হাৰি যোৱা যেন লাগিব? আৰু যদি কোনোবাই আপুনি নভবাকৈ, নিবিচৰাকৈ সহায় কৰেই, চাপর্ট কৰেই, তেন্তে খুব ভাল কথা, আপোনাৰ কষ্ট কমি যাব, দুখ কমি যাব, কামবোৰ সহজে হ’ব৷

জীৱনটো আপোনাৰ, সপোনবোৰ, কৰিব বিচৰা কামবোৰো আপোনাৰ৷ সেয়া আনৰ নহয়৷ তেনেদৰে আন এজন মানুহৰো নিজৰ সপোন, নিজৰ কৰিব বিচৰা কাম, নিজৰ জীৱন আছে৷ যনেদেৰে আপুনি আনৰ চাপর্ট পালে ভাল পায় তেনেদৰে পাৰিলে আপোনাৰ জীৱনৰ আন মানুহবোৰকো ঠিক সময়ত অলপ হলেও চাপর্ট কৰক৷ মাত্ৰ তেওঁলোকেও আপোনাক ঘূৰাই চাপর্ট কৰিব, সহায় কৰিব বুলি নধৰাকৈ কৰিব তেনে সহায় আৰু চাপর্ট৷ আপোনাৰ আৰু আন জনৰো জীৱনটো আৰু ভাল হৈ উঠিব৷ 

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *