জীৱনটো ভাল পোৱা নাই, তেনেহ’লে সলাই পেলাওক

leaves-1030816_1920

আপুনি কাৰোবাৰ লগত কথা পাতি আছে কিন্তু কথাটো পাতি ভাল লগা নাই৷ আপুনি কি কৰিব পাৰে? কথাটো সলাওক৷ বেলেগ বিষয় এটা উলিয়াওক৷ যদি সেই মানুহজনৰ লগত কথা পাতি ভাল লগা নাই সেই মানুহজনক সলাই বেলেগ এজন মানুহৰ লগত কথা পাতক৷ তেনে আমি কৰিয়েই থাকো৷ একেবাৰে সহজ কথা৷ তেনেহ’লে জীৱনৰ আন আন অংশত, আন আন কথাত কিয় নকৰোঁ?

মনটো ভাল লগা নাই, বেয়া লাগিছে? বেয়া লগা অনুভৱটো সলাই পেলাওক৷ মাত্ৰ এদিন পৰীক্ষা কৰি চাওকচোন৷ অনুভৱটো সলনি কৰি জোৰকৈ হলেও এদিন বেলেগ এটা অনুভৱ মনলৈ আনি চাওকচোন, মনটো লগে লগে বেলেগ লাগিব৷

কথা পাতি ভাল লগা নাই, কথাটো সলাওক৷ সহজ নহয় জানো৷ তেনেদৰেই বাকীবোৰে কথাও সহজ৷ জীৱনটো ভাল লগা নাই, সলাওক৷ জীৱনটোৰ যিবোৰ গুৰুত্বপূর্ণ কথা, দিশ আপোনাৰ বাবে বেয়া হৈ আছে, আপোনাৰ পচন্দমতে হোৱা নাই সেইবোৰ সলাই পেলাওক৷ কেতিয়াবা কিছুমান কথা নসলাই  ঠিকঠাক কৰিও ল’ব পাৰি৷ যেনেদেৰে কিবা এটা বস্তু বা মেচিন বেয়া হ’লে আমি কেতিয়াবা ঠিকঠাক কৰি ল’ব পাৰোঁ, তেনেদৰে জীৱনটোত যদি কিছুমান কথা আপুনি ভাল নাপায়, কিন্তু সম্পূর্ণৰূপে সলাবও নিবিচাৰে, তেন্তে ইয়াক ঠিকঠাক কৰি ল’ব পাৰি৷ মেচিনটোৰ এটা অংশ বেয়া হ’লে সেয়া সলনি কৰিলেই হ’ল, তাৰবাবে গোটেই মেচিনটো সলনি নকৰিলেও হয়৷

মাত্ৰ এটা কথা মনত ৰাখিব লাগিব- আপোনাৰ জীৱনটো আপুনি নসলালে আন কোনেও নসলায়৷

কান্দি নাথাকিব

আপুনি যিমানে নাকান্দক কিয়, তাৰ পৰা একো লাভ নহয়৷ কোনেও কেয়াৰ নকৰে৷ গতিকে যদি কিবা এটা বেয়া হৈ আছে, আপুনি ভাল নোপোৱা কিবা হৈ আছে, তেনেক্ষেত্ৰত “মোৰ জীৱনটোত এয়া বেয়া, সেয়া বেয়া,” বা “মোৰ পোৰা কপাল, মোৰ লগতহে এইবোৰ হয়,” “মোৰ জীৱনটোত একোৱেই নাই,” বুলি কান্দি থাকি একো লাভ নহ’ব৷ আপুনি মন কৰিছে নে যিবোৰ মানুহে এনেদৰে কান্দি থাকে কিন্তু বেয়াখিনি সলাবলৈ একোকে নকৰে, তেওঁলোকৰ জীৱনটো সদায় একে হৈয়েই থাকে৷ তেওঁলোকে গোটেই জীৱন কান্দিয়েই থাকে৷ যেতিয়ালৈকে আপুনি নিজে একো নকৰে তেতিয়ালৈকে একো সালসলনি নোহোৱাৰ সম্ভাৱনা বেছি৷ কেতিয়াবা একো নকৰাকৈ কিবা কাৰণত সালসলনি হয়ো যদি সেই সালসলনি আপুনি বিচৰা মতে নহবও পাৰে৷ তাতোকৈ ভাল হ’ব যদিহে আপুনি নিজে বিচৰামতে যি সালসলনি কৰিব বিচাৰে সেই সালসলনি কৰিবলৈ চেষ্টা আৰম্ভ কৰাটো৷ তেতিয়া জীৱনটো আপুনি বিচৰা মতে অলপ হলেও সম্ভাৱনা আছে৷

আনক দোষ নিদিব

আনক দোষ নিদিব৷ কিয়? কাৰণ আনক আপুনি হাজাৰ দোষ দিওক, আনৰ আগত সেই দোষী মানুহজনৰ কথা হাজাৰবাৰ কওক, আনকি যদি তেওঁ মানিও লয় যে তেৱেই দোষী তথাপিও আপোনাৰ জীৱনটো কিন্তু সলনি নহ’ব৷ আপুনি সলনি নকৰালৈকে ই সলনি নহয়৷ যদি আপুনি নিজেই জীৱনটো সলাব লাগিব, তেন্তে আনক দোষ দি সময় নষ্ট কৰাৰ বাহিৰে কি লাভ হ’ব?

তাৰোপৰি আনক দোষ দিয়াটো এটা অজুহাত৷ এই অজুহাতেৰে আপুনি নিজকে আৰু লগতে আন কিছুমানকো মুর্খ বনাব পাৰিব, কিন্তু তাৰপৰা একো লাভ নহয়৷ পিছত যেতিয়া ঘূৰি জীৱনটোৰ পিনে চাব তেতিয়া আপুনি কি কৰিলে, কি ফলাফল পালে সেই কথাটোহে প্ৰয়োজনীয়, গুৰুত্বপূর্ণ হ’ব, আপুনি কিয় কৰিব নোৱাৰিলে বা কাৰ কাৰণে নোৱাৰিলে সেই কথাটো একোবাৰে গুৰুত্বপূর্ণ নহয়৷

কাম কৰিব লাগিব৷ জীৱনটো নিজে নিজে আপোনাৰ মতে নহ’ব৷ ই নিজে নিজে চলি থাকিব, কিন্তু আপুনি বিচৰা মতে নহ’ব৷ আপুনি বিচৰা মতে জীৱনটো লাগিলে আপুনি কাম কৰিব লাগিব সেই লক্ষ্যটোৰ পিনে৷

board-978179_1920

সাৱধান হ’ব

এটা কথাত সাৱধান হ’ব৷ মন গ’লেই সকলো কথা সলাই পেলালে কেতিয়াবা সমস্যাও হ’ব৷ আপুনি স্কুলৰ কিতাপ পঢ়ি ভাল নাপায়, গতিকে স্কুলৰ কিতাপ পঢ়াৰ সলনি যদি সেয়া সলাই মবাইল ফোনটোত ভিডিঅ চাবলৈ লয় তেতিয়া সমস্যা হ’ব৷ যিসকলে জীৱনটোৰ কথা অলপ বুজি পায় বা জীৱনত মহত্তৰ কথা জানে তেওঁলোকক এই কথাটো বুজাই ক’ব নালাগে৷ কিন্তু কিছুমানে নাজানে৷ তেওঁলোকে সকলো কথাতে এই সূত্ৰটো খটাবলৈ যাব পাৰে৷ সেয়া যাতে নহয় তাৰবাবে কিবা এটা সলনি কৰাৰ আগতে চাব সেই কথাটোৱে, কামটো আপোনাৰ জীৱনত গুৰুত্বপূর্ণ নেকি, অত্যাৱশ্যকীয় নেকি, প্ৰয়োজনীয় নেকি৷ যদি হয় আৰু সি ঠিকে আছে, তাক সলনি কৰিবলৈ নাযাব৷ তেতিয়া মন নগলেও সেই কামটো কৰিব লাগিব৷ যেনে, আপোনাৰ মন নগলেও স্কুল, কলেজ পঢ়াটো জৰুৰী হ’ব পাৰে৷ আপোনাৰ মন নগলেও আপোনাৰ জীৱনত যিবোৰ গুৰুত্বপূর্ণ মানুহ আছে তেওঁলোকৰ আৱেগ-অনুভূতি, মনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ লগত ব্যৱহাৰ কৰাটো, তেওঁলোকক সময় দিয়াটো প্ৰয়োজনীয় হ’ব পাৰে৷ তেতিয়া সেয়া মন নগলেও, বেয়া পালেও কৰিব লাগিব, সলাব নালাগে৷ আপোনাৰ জীৱনৰ যি যি ক্ষেত্ৰ আপোনাৰ বাবে বেয়া হৈ আছে, সেইবোৰহে সলোৱাৰ কথা ইয়াত কোৱা হৈছে৷

আপুনি কি বিচাৰে

জীৱনটো সলোৱাৰ আগতে প্ৰথমতে আপুনি জানিব লাগিব যে আপুনি কি বিচাৰে৷ তাৰ পিছত সেই সালসলনি কৰিবলৈ আপুনি কি কৰিব লাগিব সেয়া গম পাব আৰু তাকেই কৰা আৰম্ভ কৰিব পাৰিব৷  সৰু সৰুকৈ আৰম্ভ কৰক৷ এটা সৰু সালসলনি কৰি শেষ হ’লে আন এটা কাম আৰম্ভ কৰক৷

আপুনি যি কৰি ভাল পায় সেই কাম কৰিলে আপোনাৰ ভিতৰৰ পৰা মটিভেচন আহিব, কামটো বা কামবোৰ কৰিবলৈ মন যাব৷ এতিয়া সম্ভৱত আপোনাৰ কামবোৰ কৰিবলৈ মন নাযায় কাৰণ আপুনি ভাল নোপোৱা কাম কিছুমান কৰি আছে৷ কি কৰিব বিচাৰে সেয়া বিচাৰি উলিওৱাটো সম্ভৱ হ’ব যদিহে আপুনি নিজৰ লগত সম্পূর্ণ সৎ হয় তেতিয়াহে৷ তেতিয়া আপুনি গম পাব আপুনি কোন, কি বিচাৰে আৰু বর্তমান আপোনাৰ জীৱনটো কি ষ্টেজত আছে৷

কেইটামান প্ৰশ্ন

কেইটামান প্ৰশ্নই আপোনাক জীৱনটোত কি কি সলাব লাগিব, কোনফালে যাব লাগিব, কেনেদৰে আগবাঢ়িব লাগিব সেই বিষয়ে জনাত সহায় কৰিব৷

মই কি কি ভাল পাও?, মোৰ লিগেচী কি হ’ব (মৃত্যুৰ পিছত মই কি এৰি থৈ যাব বিচাৰোঁ)?, কোনো বাধা বা সীমাই বন্ধ কৰি নাৰাখিলে জীৱনত মই কি কৰিলোহেঁতেন?, মই যদি পইচাৰ বাবে কাম কৰিব নালাগিলহেঁতেন তেতিয়া মই কি কৰিলোঁহেঁতেন?, কেনেধৰণৰ জীৱন এটা জীয়াই থাকিলে মই নিজকে সুখী বুলি ভাবিব পাৰিলোঁহেঁতেন?, কি কিবস্তু মই আজি কৰি আছোঁ কিন্তু কৰি ভীষণ বেয়া পাও? ইত্যাদি৷ এইকেইটা প্ৰশ্নৰ উত্তৰে আপোনাক নিজৰ বিষয়ে বহুত কথা জনাত সহায় কৰিব আৰু সেইমতে আপুনি নিজৰ চেষ্টাৰ দিশ নির্ণয় কৰিব পাৰিব৷

time-for-a-change-3842467_1920

কি কি বস্তু এৰিব লাগিব

জীৱনটো আৰু ভাল কৰিব বিচাৰিলে আপুনি কিছুমান বস্তু বাদ দিয়াই বেছি ভাল হ’ব৷ গর্ব, সমস্যাৰ পৰা পলাই ফুৰা, আনৰ ওপৰত ভৰসা কৰা, ফূর্তি বিচাৰি ফুৰা, কমফর্ট জ’নত থকা, নিশ্চয়তা বিচৰা, কিছুমান পুৰণি ধাৰণা আৰু বিশ্বাস, কিছুমান আসক্তি৷ চিন্তা নকৰিব, কি কি লাগে, কি কি এৰিব লাগে সেয়া আপুনি সালসলনিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে নিজে গম পাব৷

অভ্যাসবোৰ

জীৱনটো সলনি কৰি ভাল কৰিবলৈ যাওতে আপুনি এটা কথা মনত ৰাখিব লাগিব- ই তেতিয়াহে সলনি হ’ব যেতিয়া আপুনি আপোনাৰ অভ্যাসবোৰ সলনি কৰিব৷ আপোনাৰ অভ্যাসবোৰে ঠিৰাং কৰে আপুনি প্ৰতিদিনে কেনে ব্যৱহাৰ কৰিব আৰু সেইমতে আপোনাৰ আপোনাৰ জীৱনটো তেনেকুৱাই হৈ পৰিব৷ গতিকে যিবোৰ অভ্যাসৰ ফলত আপোনাৰ জীৱনটো বা জীৱনৰ এটা অংশ বেয়া হৈছে বা আপুনি বিচৰামতে হোৱা নাই, সেই অভ্যাসবোৰ সলনি কৰি আপুনি নতুন ভাল অভ্যাস, যিবোৰ অভ্যাসে আপোনাক জীৱনটো বিচৰাৰ নিচিনা কৰি তুলিবলৈ সহায় কৰিব, সেইবোৰ অভ্যাস গঢ়ি তুলিব লাগিব৷

চকুপানী

জীৱনটো সলনি কৰিবলৈ যাওতে হয়তো বহুত চকুপানী ওলাব পাৰে৷ সেয়াও বেয়া নহয়৷ সেই চকুপানীয়ে আপোনাৰ চকুত পৰি থকা ধূলি, আৱর্জনা, বীজাণু আদি ধূই নি দৃষ্টি পৰিষ্কাৰ কৰি তুলিব, জীৱনটোক আৰু ভালদৰে আপুনি দেখিবলৈ পাব৷

দ্বায়িত্ব আপোনাৰ নিজৰ

আপোনাৰ জীৱনটো সলনি কৰাৰ, ভাল কৰাৰ দ্বায়িত্ব আপোনাৰ৷ আন কোনেও সেয়া কৰি নিদিয়ে আৰু কৰিবও নোৱাৰে৷ নিজৰ জীৱনটোৰ দ্বায়িত্ব নোলোৱালৈকে ই একো সলনি নহয়, আপুনি বিচৰা ধৰণৰো নহয়৷ দ্বায়িত্ব লওক৷ তেতিয়া আপুনি যি কৰা প্ৰয়োজনীয় সেই সকলো কৰিব আৰু তেতিয়া বর্তমানৰ জীৱনটো সলনি কৰি আপুনি যিটো জীৱন লাভ কৰিব বিচাৰিছে সেয়া লাভ কৰাৰ যাত্ৰা আৰম্ভ হ’ব৷

যদি আপুনি আপোনাৰ বর্তমানৰ জীৱনটো লৈ সন্তুষ্ট নহয়, তেন্তে তাক সলনি কৰি নিজে বিচৰা ধৰণৰ কৰিবলৈ চেষ্টা আৰম্ভ কৰক৷ এদিনতে এয়া নহ’ব, হয়তো বহুদিন লাগিব৷ এদিন কিন্তু হ’বগৈ৷ কিন্তু যদি আপুনি ইয়াক সলাবলৈ একোৱে নকৰে তেতিয়া ই কেতিয়াও নহয় আৰু কেতিয়াবা কেনেবাকৈ হ’লেও আপুনি বিচৰাৰ দৰে নহ’ব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *