Close

আপুনি এক অসফল, পৰাজিত মানুহ

আপুনি এজন অসফল, পৰাজিত মানুহ৷ মই নাই কোৱা৷ আপুনি হয়তো নিজেই সিদ্ধান্ত কৰিছে, নিজেই ভাবি লৈছে অথবা আন কোনোবাই (আপোনাৰ মৰমৰ কোনোবাই বা ভালদৰে নজনা কোনোবা এজনে) আপোনাক সেই কথাটো বুজাই দিছে৷ আৰু আপুনি কথাটো বুজি পাইছে আৰু বিশ্বাসো কৰিছে৷ সমস্যাটো তাতেই৷ আপনি এবাৰ বিশ্বাস কৰি ল’লে, যেতিয়ালৈকে আপুনি এই বিশ্বাসটো সলনি নকৰে তেতিয়ালৈকে আপোনাৰ জীৱনটো সঁচাকৈ তেনে এক জীৱন হৈ পৰিব৷

অসফল আৰু পৰাজিত৷ আপুনি নিজে নিজকে এইবুলি ভাবে বা আন কোনোবাই সেয়া আপোনাক বুজাই ক’বলৈ বিচাৰিছে আৰু আপুনি সেয়া মানি লৈছে তেন্তে সাৱধান হ’ব৷ দুয়োটা ক্ষেত্ৰতে আপুনি তেনে হৈ পৰাৰ সম্ভাৱনা আছে৷ 

কিন্তু আপুনি সঁচাকৈ এজন অসফল, পৰাজিত মানুহ হয়নে? চাও আহক৷

আপুনি কেনেকৈ জানে?

আপুনি কিদৰে জানে যে আপুনি অসফল আৰু পৰাজিত? কোনোবাই আপোনাক ক’লে নে আপুনি নিজে সিদ্ধান্ত ল’লে যে আপুনি পৰাজিত আৰু অসফল? নিজকে এবাৰ সুধি চাওক যে কোনকেইটা বস্তু নাই কাৰণে আপুনি নিজকে এক পৰাজিত আৰু অসফল মানুহ বুলি গণ্য কৰে৷ লগতে চিন্তা কৰি চাওকচোন সঁচাকৈয়ে সেইকেইটাই সফল আৰু বিজয়ী মানুহ বিচাৰি উলিওৱাৰ নির্ভৰযোগ্য কাৰকনে?

ঘৰ বা ফ্লেট, আন সা-সম্পত্তি কৰিব নোৱাৰাৰ বাবে, বিচৰা চাকৰিটো নোপোৱাৰ বাবে, যাক ভাল পাইছিল তেওঁক জীৱনত লাভ নকৰাৰ বাবে বা তেনে আন কোনো কাৰণত এনে এটা ভাৱে আপোনাৰ মনত ঘৰ কৰিছে নেকি? নে আপোনাৰ লগত একেলগে পঢ়া, একেলগে কাম কৰা বা চিনাকি আন কাৰোবাৰ লগত নিজৰ জীৱনটো তুলনা কৰি আপুনি সিদ্ধান্ত কৰিছে যে আপুনি অসফল আৰু পৰাজিত? এনেদৰে তুলনা কৰি চাবলৈ আপোনালোক দুয়োজনৰ অতীত, বর্তমান, স্কিল, পঢ়া-শুনা, চিন্তা, এটিটিউড সকলো একেনে? হয় জানো?

নে টকা-পইচা নাই কাৰণে সেয়া ভাবি ল’লে নেকি? যদি নহয় তেন্তে টকা পইছা ঘটিব নোৱাৰা কাৰণেই আপুনি নিজকে অসফল, পৰাজিত বুলি ভাবি ল’লে নেকি? টকা থাকিলেই তাৰমানে আপুনি নিজকে সফল বা বিজয়ী বুলি ভাবি ল’লেহেঁতেনে? আপুনি আন মানুহৰ আগত অস্বীকাৰ কৰিলেও যদি সেয়া সঁচা হয় তেন্তে তাৰমানে আপুনি টকা-পইচাক আন সকলো কথাতকৈ বেছি গুৰুত্ব দিয়ে? আৰু যদি টকাক আটাইতকৈ বেছি গুৰুত্ব দিয়ে তেতিয়াহ’লে আন টকা থকা মানুহে টকা প্ৰদর্শন কৰিলে, টকাৰ বলত কাম কৰিলে কিয় তেওঁলোকক বেয়া পায়, কিয় সমালোচনা কৰে?

আনে কেনেকৈ জানে?

কোনে সিদ্ধান্ত কৰিলে যে আপুনি অসফল বা পৰাজিত

কোনজন মানুহে সিদ্ধান্ত কৰিলে যে আপুনি পৰাজিত আৰু অসফল? তেওঁ নিজে কি? তেওঁ নিজে অসফল নেকি? তেওঁ নিজে পৰাজয় স্বীকাৰ কৰা এজন মানুহ নেকি? সম্ভৱত দুয়োট কথাই তেওঁৰ ক্ষেত্ৰত হয়৷ কাৰণ এজন পৰাজিত, অসফল মানুহেহে, এজন নিগেটিভ, বিষাক্ত মানুহেহে আপোনাক ক’ব পাৰে যে আপুনি অসফল আৰু পৰাজিত৷ আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল আন এজন মানুহে আপোনাক অসফল আৰু পৰাজিত বুলি ক‘লে আৰু আপুনি মানি ল’লে? কিয়? কিয় মানি ল’লে? তেওঁ এই পৃথিৱীৰ সকলো কথা জানে নেকি৷ তেওঁ সেই বিষয়ত এক্সপার্ট নেকি? কোনে ক’লে তেওঁ এক্সপার্ট বুলি?

কিহৰ ওপৰত ভিত্তি কৰি সেয়া সিদ্ধান্ত কৰিলে?

কি কথাক ভিত্তি হিচাপে লৈ তেওঁ সিদ্ধান্ত কৰিলে যে আপুনি অসফল আৰু পৰাজিত? আপুনি ডাঙৰ চাকৰি নকৰে কাৰণে, বেছি টকা-পইচা নাই কাৰণে, আপুনি বিদেশত নাথাকে কাৰণে, আপুনি স্মার্ট নহয় কাৰণে, আপোনাৰ পঢ়া-শুনা কম কাৰণে নে আন কিবা কাৰণত? তেখেতক সোধক সেই কথা৷ আৰু লগত সুধিব যে তেওঁ কেনেকৈ জানিলে যে সফল আৰু বিজয়ী হয় নে নহয় তাক জনাৰ সেইকেইটাই ভিত্তি৷ সেইকেইটা অকল অসমৰ, ভাৰতৰ নে গোটেই পৃথিৱীৰ বাবে ব্যৱহাৰযোগ্য ভিত্তি?

আপুনি আনতকৈ বেলেগ- গতিকে নিজৰ বেলেগ ৰেচ দৌৰক

আপুনি আনতকৈ বেলেগ৷ সেয়া সঁচা কথা৷ মাত্ৰ আনৰ কথা শুনি, সমাজৰ হেচাত, বা আন ধৰণৰ চাপত পৰি আমি সেই কথা বাদ দি সকলোৱে গ্ৰহণ কৰা এটা সাধাৰণ জীৱন গ্ৰহণ কৰোঁ, তাক মানি লও৷ আনে জীৱনটো কেৱল টকা-পইচা, সম্পত্তি, ক্ষমতা আদি ঘটাৰ বাবে শেষ কৰিলেও আপুনিও তাকে কৰিব লাগিব বুলি কোনো কথা নাই৷ আপুনি যদি সেয়া ভাল নাপায় সম্ভৱত সেই ৰেচ আপোনাৰ বাবে নহয়৷ তাতোকৈ নিজৰ ৰেচ দৌৰক, নিজে ঠিক কৰক ক’ত দৌৰিব, কিমান জোৰে দৌৰিব, কেনেদৰে দৌৰিব৷ আপুনি যদি খেতি কৰি সুখী তাকে কৰক৷ আপুনি যদি স্কুলত পঢ়াই সুখী সেয়াই কৰক৷ আপুনি যদি এন জি ও এটাত মহিলাৰ স্বাৱলম্বিতাৰ বিষয়ে কাম কৰি ভাল পায় তাকে কৰক৷ মাত্ৰ মনত ৰাখিব যি কাম কৰে তাত আপুনি সাংঘাটিক ধৰণে ভাল হ’ব লাগিব, নহ’লে কামটো কৰি কি লাভ?

সাধাৰণ মানুহতকৈ পৃথক মানুহবোৰৰ কথাহে সকলোৰে বাবে আকর্ষণীয় হয়৷ তেওঁলোকহে ভিৰৰ মাজতো সকলোৰে চকুত পৰে৷ তেওংলোকৰ কথাহে আমি বাতৰি কাকতত পঢ়োঁ, তেওঁলোকৰ জীৱনৰ ওপৰতহে চিনেমা নির্মাণ হয়৷

হাত দাঙি আত্মসমর্পণ নকৰালৈকে এনে নহয়

যেতিয়ালৈকে আপুনি হাত দাঙি আত্মসমর্পণ নকৰে, তেতিয়ালৈকে আপুনি পৰাজিত নহয়৷ যেতিয়ালৈকে আপুনি নিজে হাৰ মানি নলয় তেতিয়ালৈকে আপুনি অসফল নহয়৷ আৰু আপুনি হাত দাঙি দিব নে নাই, আপুনি হাৰ মানি ল’ব নে নাই সেয়া কিন্তু সম্পূর্ণৰূপে আপোনাৰ হাতত৷ তেতিয়াহ’লে আপুনি যদি নিজে হাৰ নামানে, হাত দাঙি নিদিয়ে নিজে অসফল বা পৰাজিত বুলি ভবাৰ কোনো সম্ভাৱনাই নাই৷ আৰু আপুনি যদি নিজে হাৰ নামানে, হাত দাঙি নিদিয়ে তেন্তে আনে কি কৈছে সেই কথাৰো কোনো মূল্য নাই৷ আনে আপোনাক াসফল বুলি কলেও, পৰাজিত বুলি কলেও মানি নল’ব৷ আৰু কিছুমান কামত অসফল হোৱাটো বৰঞ্চ ভাল কথাহে, কাৰণ ই আপোনাক সফল হ’বলৈ সুবিধা দিয়ে আৰু জীৱনটো সমৃদ্ধ কৰে৷ সেই কথাটো আপুনি সফল হ’লে, বিজয়ী হ’লে নিজে সময়ত বুজি পাব৷ মানুহক কেতিয়াও কোনো কথাতে আপোনাৰ জীৱনটোৰ দিশ, গতি বা আন একোকে ঠিৰাং কৰিবলৈ নিদিব৷ এই জীৱনটো আপোনাৰ, গতিকে নিজে সিদ্ধান্ত লওক, নিজে দিশ নির্দেশ কৰক, নিজে নিজৰ গতি থিৰ কৰক৷ আনৰ হাতৰ কাঠপুতলা নহ’ব৷

তাৰমানে জীৱনটোত একো নকৰাকৈ থাকিলেও একো কথা নাই?

নহয়৷ তাৰমানে এইটো নুবুজায় যে জীৱনটোত আপুনি এটাও কাম নকৰিলে, একো নকৰিলে আৰু তথাপিও তাৰমানে আপুনি পৰাজিতও নহয় বা অসফলো নহয়৷ সেয়া নহয়৷ এই কথাটো সেই সকল লোকৰ বাবেহে যিয়ে চেষ্টা কৰিছিল৷ যিসকলে কিবা এটা ভাল, ডাঙৰ, আনৰ কামত অহা কাম কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ হাতত নথকা কিবা এটা কাৰকৰ বাবে তেওঁ সেই বিচৰা কামবোৰ কৰিব নোৱাৰিলে৷ তেওঁ এবাৰ নহয়, বহুবাৰ, বেলেগ বেলেগকৈ চেষ্টা কৰিছিল, কিন্তু প্ৰতিবাৰেই হয়তো বেলেগে বেলেগ কাৰণত সেয়া তেওঁ কৰিব নোৱাৰিলে৷ তেওঁ নিজৰ 100 শতাংশ দি সম্পূর্ণভাৱে চেষ্টা কৰিছিল৷ তেনে মানুহ এজনে বিচৰা ফলাফল নাপালেও বা আনৰ দৰে প্ৰকাণ্ড ঘৰ এটা বা দুটা নাথাকিলেও, ডাঙৰ গাড়ী এখন নাথাকিলেও, ডাঙৰ চাকৰি এটা নাথাকিলেও, বেংকত বহুত টকা নাথাকিলেও, ওচৰৰ পূজা-মেল-মিটিঙত গামোচা নাপালেও তেওঁ বিফল নহয় বা পৰাজিতও নহয়৷ সেইবোৰ মানুহেহে আমাক যুগ যুগ ধৰি অনুপ্ৰেৰণা যোগাই আহিছে৷ 

চেষ্টা কৰিলে আপোনাৰ নিজৰ মনতো নিজৰ প্ৰতি যথেষ্ট সন্মান থাকিব৷ আপুনি কেতিয়াবা বিচৰা ফলাফল নাপাব পাৰে, কিন্তু কেতিয়াও চেষ্টা জনতকৈ আপুনি বহুতগুণে শ্ৰেষ্ঠ৷ নিজকে শ্ৰদ্ধা কৰিব পৰাটো সহজ কথা নহয়, বহু কম মানুহেহে প্ৰকৃততে নিজকে শ্ৰদ্ধা কৰিব পাৰে৷ নিজকে যদি আপুনি শ্ৰদ্ধা কৰে তেতিয়া জানো কেতিয়াবা আপোনাৰ মনত ভাৱ হ’ব “মই অসফল আৰু পৰাজিত বুলি?”

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top