ইকিগাই  – দীর্ঘ আৰু সুখী জীৱন

অকিনৱা নামৰ জাপানী দ্বীপ এটাত এই শব্দটোৰ আৰম্ভণি হৈছিল, যি দ্বীপত আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শতবৰ্ষীয় লোক৷ তাৰমানে এই ধাৰণাটোৰ লগত দীর্ঘ জীৱনৰ কিবা সম্পর্ক আছে নেকি? কি বস্তু এই ইকিগাই (বা আইকিগাই বা একিগাই)?

ই এটা এনে ধাৰণা যিয়ে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰিব৷ কিন্তু অকল সেয়াই নহয় আপুনি কি কাম কৰি ভাল পায়, সেই কামকে কৰি কেনেদৰে পইচা ঘটিব পাৰে, আৰু সেই কামৰ পৰা কেনেদৰে জীৱনৰ অর্থ বাচি উলিয়াব পাৰি সেই সকলো ইকিগাই নামৰ ধাৰণাটোৱে আপোনাক দেখুৱাই দিব৷ আমি সাধাৰণতে বহু সময়ত কৰিব খোজা কাম কৰিব নোৱাৰোঁ, নিবিচৰা চাকৰি এটা কৰি টকা-পইছা উপার্জন কৰোঁ, আৰু সেইবাবে অসুখী হও, লগতে আনৰ বাবে বা সমাজৰ বাবে একো অৱদান আগবঢ়াব নোৱাৰোঁ৷ এই সকলো সমস্যাৰে সমাধান কৰাত এই ধাৰণাটোৱে আমাক সহায় কৰিব৷

কি কৰিব লাগে?

আপোনাৰ মূল্যবোধ, আপুনি কৰি ভালপোৱা কাম আৰু আপুনি কি কামত ভাল—-এই তিনিখন লিষ্ট তৈয়াৰ কৰক আৰু এই তিনিখন লিষ্টৰ কটাকটি কৰা অংশই হ’ল আপোনাৰ ইকিগাই৷ ইকিগাইৰ বিষয়ে ছবিখন চালে আপুনি কথাটো ভালদৰে বুজিব পাৰিব৷ ই হ’ল এনে এটা কাম যিটো কৰাৰ বাবে আপোনাৰ পেচন আৰু কৌশল আছে আৰু যাৰ বাবে আন মানুহে আপোনাক টকা-পইচা দিব৷  

I1

ইয়াক এইদৰেও ক’ব পাৰি৷ ইকিগাই হ’ল চাৰিটা প্ৰাথমিক উপাদানে কটাকটি কৰা অংশ৷ এই চাৰিটা উপাদান হ’ল আপুনি কি কৰি ভাল পায় (আপোনাৰ পেচন), পৃথিৱীক প্ৰয়োজনীয় বস্তু (আপোনাৰ মিচন), আপুনি কিহত ভাল (আপোনাৰ কাম) আৰু কিহৰ বাবে আনে আপোনাক টকা-পইচা দিব (আপোনাৰ বৃত্তি)৷

বহুতে এটা অর্থপূর্ণ আৰু মূল্য থকা জীৱন বিচাৰে আৰু তেনে কাম কৰিব বিচাৰে৷ আনহাতে একেজন মানুহে বহুত টকা-পইচা আৰু টকা-পইচাই দিব পৰা লাইফষ্টাইল এটা বিচাৰে৷ ফলত যিবোৰ বস্তুই টকা-পইচা ঘটাত সহায় কৰে আৰু যিবোৰ বস্তু সঁচাকৈ তেওঁ কৰিব বিচাৰে তাৰ মাজত এক ভয়ানক সংঘাতত তেওঁৰ অন্তৰ ৰক্তাক্ত হৈ পৰে৷ সম্ভৱত ইয়াৰ পৰা বাহিৰ ওলোৱাৰ আৰু দুয়োটা ইচ্ছাকে বেলেঞ্চ কৰাৰ উপায় দিব পাৰে এই ইকিগাইয়ে৷

ইকিগাই য়ে আপোনাক সন্তুষ্টি, সুখ আৰু দীর্ঘজীৱন প্ৰদান কৰিব৷ এবাৰ কল্পনা কৰি চাওকচোন- আপুনি এনে এটা কাম কৰিছে যিটো আপোনাৰ পেচন (কামটো কৰি আপুনি সাংঘাটিক ভাল পায়), কামটো কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় স্কিল আছে, এই কামটো কৰি আপুনি যথেষ্ট পৰিমাণে টকা-পইচাও ঘটিছে, লগতে পাইছে নাম, যশস্যা, খ্যাতি৷ আৰু আপোনাৰ এই কামটোৰ জৰিয়তে বহু মানুহৰ জীৱন ধনাত্মকভাৱে উন্নীত হৈছে, বেছি ভাল হৈ পৰিছে৷ কেনে লাগিব? এট সপোন সপোন যেন লগা কাম নহয়নে?

কেনেকৈ নিজৰ ইকিগাই লাভ কৰিব

কেইটামান প্ৰশ্ন নিজকে সুধিলে ইকিগাই বিচাৰি পোৱাত সহায় কৰিব-

(ক) মই কি কৰি ভাল পাওঁ? (খ) মই কি কামত ভাল?(গ) মোৰ কি কামৰ বাবে আনে মোক পইচা দিব পাৰে (ই এতিয়াৰ বা ভবিষ্যতৰ কাম হ’ব পাৰে)(ঘ) মানুহক কি লাগে?

“ইকিগাই দা জাপানীজ চিক্ৰেট টু এ লং এণ্ড হেপী লাইফ” নামৰ কিতাপখনত লিখক হেক্টৰ গার্চিয়া আৰু ফ্ৰাঞ্চেচ মিৰালিচ ইকিগাই বিচাৰি পোৱাৰ বাবে দহটা নিয়মৰ কথা কৈছে৷ এই নিয়ম কেইটা হ’ল-

1) সক্ৰিয় হৈ থাকক, অৱসৰ নল’ব

2) দৌৰাদৌৰি বাদ দিয়ক আৰু অলপ ধীৰ-স্থিৰ জীৱন প্ৰণালী এটা গ্ৰহণ কৰক

3) মাত্ৰ 80 শতাংশ পূৰণ হোৱালৈকেহে খাদ্য খাব

4) ভাল বন্ধু-বান্ধৱৰে নিজকে আৱৰি ৰাখক

5) প্ৰতিদিনে মৃদু ধৰণৰ শাৰীৰিক ব্যায়ামেৰে নিজকে ফিট কৰি ৰাখক

6) হাঁহক আৰু চাৰিওফালৰ মানুহক গুৰুত্ব দিয়ক

7) প্ৰকৃতিৰ লগত পুনৰ সংযুক্ত হওক

8) আমাৰ দিনটো সুন্দৰ কৰি তোলা আৰু আমাক পুনৰ জীৱিত অনুভৱ কৰোৱা যিকোনো মানুহকে ধন্যবাদ দিয়ক

9) এই মূহুর্তটোত জীয়াই থাকক

10) নিজৰ ইকিগাই ক অনুসৰণ কৰক৷

অসাধাৰণ এক জীৱন

ইকিগাই অনুসৰণ কৰি আপুনি এটা সপোন সপোন যেন লগা, সুন্দৰ জীৱন সৃষ্টি কৰি ল’ব পাৰে৷ ধৰি লওক ই এটা লাইফষ্টাইল ডিজাইনৰ উপায়৷ আপুনি বিচৰা ধৰণে নিজৰ জীৱনটো নিজে সৃষ্টি কৰি ল’ব পাৰিলে আপোনাক আৰু কি লাগে? এই জীৱনটো অসাধাৰণ বুলি এইবাবেই কৈছোঁ কাৰণ ইয়াত আপুনি বিচৰা সকলো আছে৷ আপুনি বহু টকা-পইচা ঘটিব বিচাৰে, ধনী হ’ব বিচাৰে, সেয়া ইয়াত আছে৷ আপুনি আনৰ বাবে কিবা কৰিব বিচাৰে, নিজৰ অৱদান দিব বিচাৰে, সেয়া ইয়াত বিচাৰি পাব৷ আপুনি কি কামত ভাল সেই কাম আপুনি কৰিব পাৰিব৷ তাতোকৈ ডাঙৰ কথা হ’ল আপুনি যি কাম কৰিব বিচাৰে, যি কাম আপোনাৰ পেচন সেই কাম আপুনি নিজৰ জীৱিকা হিচাপে ল’ব পাৰিব৷ এই শেষৰ সুবিধাটো 70-80 শতাংশ মানুহেই নাপায় যিসকলে ভাল নোপোৱা কিবা এটা  চাকৰি বা কাম কৰি জীৱনটোৰ আধা সময় নষ্ট কৰে৷

কোনোবাই জীৱনৰ এটা অংশ পায়, আন এটা নাপায়৷ কোনোবাই বহুত টকা-পইচা কৰে কিন্তু কামৰ পৰা সুখ, শান্তি নাপায়৷ আন কোনোবাই নিজে ভালপোৱা কাম এটা কৰি আছে কিন্তু তেওঁৰ হাতত প্ৰয়োজনীয় ধন নাই৷ অর্থাৎ কোনো বেলেঞ্চ নাই৷ বহুতে ভাবে যে জীৱন তেনেকুৱাই৷ নহয়, জীৱনে কেতিয়াও কোৱা নাই যে আপুনি বিচৰা সকলোবোৰ পাব নোৱাৰে, বা আপুনি একেলগে সকলোবোৰ পাব নোৱাৰে কাৰণ বস্তুৰ অভাৱ৷ প্ৰকৃতিত একোৰে অভাৱ নাই, আমি মাত্ৰ নাজানো কেনেদেৰে বেলেঞ্চ কৰি সকলোবোৰ বস্তু জীৱনলৈ আগবঢ়াই আনিব পাৰি৷ আমি এক অভাৱৰ মানসিকতা পালন কৰি থাকো কিন্তু দৰাচলতে প্ৰকৃতিত অভাৱ আছে নে সকলো উভৈনদী? এই অভাৱৰ মানসিকতা এৰি প্ৰাচুর্য মানসিকতা গ্ৰহণ কৰিবলৈ হ’লে আমি ইকিগাই ধাৰণাটো বুজি পাব লাগিব৷

I2

জীৱনৰ উদ্দেশ্য

জীৱনৰ এটা নহয় এটা সময়ত আপোনৰ জীৱনটো খালী খালী যেন লাগিব পাৰে, জীৱনত একো নাই যেন লাগিব পাৰে৷ এনে হোৱাৰ কাৰণ হ’ল আপোনাৰ জীৱনৰ কোনো উদ্দেশ্য নথকা বাবে৷

জীৱনৰ উদ্দেশ্য নাথাকিলে সদায় ৰাতিপুৱা সোনকালে শুই উঠাৰ বাবে আপুনি কোনো কাৰণ বিচাৰি নাপায়৷ ইকিগাই য়ে আপোনাক এনে এটা বা ততোধিক উদ্দেশ্য বাচি লোৱাত সহায় কৰিব পাৰে যিয়ে সদায় ৰাতিপুৱা আপোনাক সোনকালে বিছনাৰ পৰা উঠিবলৈ বাধ্য কৰিব৷ ৰাতিপুৱা সাৰ পোৱাৰ পিছত আপুনি আৰু চিন্তা কৰিব নালাগে- “সোনকালে উঠি কি কৰিম” বা “বিচনাৰ পৰা উঠি এতিয়া কি কৰিম?”

যদি আপুনি জীৱনটো কিয় জীয়াই আছে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱা নাই তেনেহ’লে আপুনি ইকিগাই বিচাৰি উলিয়াব লাগিব৷ আপুনি এই পৃথিৱীলৈ কিয় আহিছে সেই প্ৰশ্নটোৰ উত্তৰ পোৱাত ই সহায় কৰিব৷

ইকিগাই ধাৰণাটোৱে আপোনাক আপোনাৰ জীৱনটোৰ উদ্দেশ্য বিচাৰি পোৱাত সহায় কৰিব পাৰে৷ আপোনাৰ স্বাস্থ্য, প্ৰাণ আৰু সুখৰ উৎস হ’ল জীৱনৰ উদ্দেশ্য৷ সেই উদ্দেশ্য আপুনি বিচাৰি পাবলৈ এটা সহজ উপায় হ’ল ইকিগাই৷

দৈনন্দিন জীৱন

ইকিগাই দৈনন্দিন জীৱনত আনন্দ, সম্পূর্ণতা আৰু সমতা বিচাৰি পোৱাৰ ক’লা৷ বহু সময়ত আমি এনেদৰে ভাবিব পাৰোঁ যে চাকৰি, পৰিয়াল, টকা-পইচা, ইচ্ছাবোৰ, কিবা এটা বস্তুৰ প্ৰতি সাংঘাটিক আসক্তি আদি জীৱনৰ পৃথক পৃথক অংশ আৰু ইটোৰ লগত সিটোৰ কোনো সংস্পর্শ নাই৷ কিন্তু ইকিগাইৰ সহায়ত আপুনি বুজি পাব যে এই সকলোবোৰ ইটো সিটোৰ লগত সংযুক্ত৷ আপুনি যি তীব্ৰভাবে ভাল পায় তাক কৰি থাকিও, বহু টকা-পইচা ঘটিও, নিজৰ পৰিয়ালক সময় আৰু মৰম দিও, সমাজ আৰু পৃথিৱীৰ বাবে এনে কাম কৰিব পাৰে যি কামে আপোনাক সুখ, শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব৷ এই সকলোবোৰ সম্ভৱ যদিহে আপুনি জীৱনটোক বেলেঞ্চ কৰিব পাৰে৷ ইকিগাই এ এই বেলেঞ্চ লাভ কৰিবলৈ আপোনাক সহায় কৰিব৷

পৃথিৱীক কি কি লাগে সেয়া বিচৰাটো এক ডাঙৰ কাম৷ এনে এটা কাম নিশ্চয় আছে যিটো কাম কৰি আপোনাৰ নিজকে সম্পূর্ণ সচেতনতাৰে, সম্পূর্ণভাৱে জীয়াই থকা যেন লাগে৷ তেনে সম্পূর্ণভাৱে, সম্পূর্ণ সচেতনতাৰে জীয়াই থকা মানুহ সংখ্যাত বহুত কম৷ তেনে মানুহবোৰৰ কার্যৰ দ্বাৰাই গোটেই সমাজ, গোটেই পৃথিৱীখন সমৃদ্ধ হয়৷ সম্ভৱত পৃথিৱীখনক তেনে মানুহেই লাগে৷ আৰু ইকিগাই বোলা ধাৰণাটোৱে আপোনাক তেনে এজন মানুহ হৈ উঠাত সহায় কৰিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *