কেৰিয়াৰ কেনেকৈ বাচি ল’ব পাৰি

(বহু অভিভাৱকৰ লগত পতা কথাই মোক এইটো লিখনি লিখিবলৈ বাধ্য কৰিছে)

আমি কেৰিয়াৰ কেনেদৰে বাচোঁ

আমি সদায় নিজে কেৰিয়াৰ বাচি লওতে বা ল’ৰা-ছোৱালীৰ বাবে কেৰিয়াৰ বাচি দিওতে সদায় এনে এটা কেৰিয়াৰ বাচি লও যিটোত চাকৰি পাবলৈ সহজ বা যত টকা-পইচা ঘটিবলৈ চিন্তা কৰিব নালাগে৷ যেনে ডাক্তৰ বা ইঞ্জিনিয়াৰ৷ অতীতৰে পৰা সেয়া কৰি আহিছোঁ আৰু আজিও আমি তাকে কৰি আছোঁ৷ আমি সেই কেৰিয়াৰ বাচি লও যত টকা-পইচা বেছি, ক্ষমতা বেছি, নাম বেছি, মান-সন্মান বেছি৷ আচৰিত কথা! আমাৰ কেৰিয়াৰৰ সিদ্ধান্তটো নির্ভৰ কৰে মাত্ৰ এই কেইটা কাৰকৰ ওপৰত? আন কিছুমানে আকৌ কেৰিয়াৰ বাচি লয় কতো একো সুবিধা নাপাই৷ কিবা এটা কৰিব লাগে গতিকে তেওঁলোকে কিবা এটাত সোমাই লয়৷ কেৰিয়াৰ এটা বাচি লওতে এনেদৰে ল’ব পাৰিনে? এনেদৰে কেৰিয়াৰ এটা ঠিক কৰাটো ঠিক কথা হ’বনে?

কেৰিয়াৰ বাচি লওতে আমি কিন্তু চিন্তা নকৰোঁ যে মই কি কৰি ভাল পাওঁ৷ আমি ভাবিব লাগিছিল সেইটো কথাহে কিন্তু তাকে নাভাবি আমি ভাবো কোনটো কেৰিয়াৰে আমাক বেছি টকা-পইচা বেছি, ক্ষমতা বেছি, মান-সন্মান, নাম দিব৷ পিছলৈ গৈ আকৌ তেনে মানুহেই চিন্তা কৰে মই সুখী নহয় কিয়, কিয় মই জীৱনত ইমান বস্তু থকাৰ পিছতো সুখ আৰু শান্তি পাব পৰা নাই? কিয় মোৰ জীৱনটো খালি খালি লাগে? কাৰণ আপুনি লোভতে বহুত ডাঙৰ ভুল এটা কৰিছে৷

scott-walsh-wWCGW9AQ-y0-unsplash

ই কিয় আচৰিত কথা?

কাৰণ আপুনি আপোনাৰ জীৱনৰ আধা অর্থাৎ 50 শতাংশ এই কামটো কৰিয়েই কটাব৷ মানুহে সাধাৰণতে চাকৰি কৰে 30 ৰ পৰা 35 বছৰ, যি জীৱনটোৰ প্ৰায় আধা৷ কিছুমানে তাতোকৈ বেছিদিন নিজৰ কাম কৰে বা চাকৰি কৰে৷ অর্থাৎ জীৱনটোৰ আধা আপুনি এনে এটা কাম কৰি কটাব যিটো আপুনি কৰি ভাল নাপায়৷ যদি আপুনি টকা-পইচা বেছি, ক্ষমতা বেছি, নাম বেছি, মান-সন্মান বেছি কাৰণে এটা কেৰিয়াৰ বাচি লৈছিল আৰু সেইটো ভাল পায় তেতিয়াটো কথাই নাই৷ বহুত ভাল কথা৷ কিন্তু সাধাৰণতে টকা-পইচা বেছি, ক্ষমতা বেছি, নাম বেছি, মান-সন্মান বেছি ৰ ওপৰত নির্ভৰ কৰি আৰু মই কি কৰি ভাল পাও তাৰ ওপৰত নির্ভৰ নকৰাকৈ বাচি লোৱা কেৰিয়াৰটো আপুনি ভাল নোপোৱাৰ সম্ভাৱনাই বেছি৷ আৰু যদি তেনে হয়, তেতিয়া ই বৰ ডাঙৰ কথা হ’ব৷ তাৰমানে আপুনি জীৱনৰ আধা সময় এনে এটা কাম কৰি নষ্ট কৰিলে যিটো কাম কৰি আপুনি ভাল নাপায়৷

তেনে ভাল নোপোৱা কামৰ পৰা আপুনি সন্তুষ্টি পাবনে, সুখ পাবনে? নাপায়৷ তেনে ভাল নোপোৱা কাম আপুনি নিজৰ এশ শতাংশ প্ৰচেষ্টা দি কৰিব পাৰিবনে? নোৱাৰে৷ বর্তমান সময়ত প্ৰায় 70-75 শতাংশ মানুহেই তেওঁলোকৰ চাকৰিবোৰ ভাল নাপায়৷ কিয়? কাৰণ তেওঁলোকে একোটা চাকৰি কৰি আছে যিটো তেওঁলোকে ভাল নাপায়৷ যদি কোনোবাই ভাল নোপোৱা কাম এটা কৰি থাকে বা কৰি থাকিব লগীয়া হয় তেনেহ’লে তেওঁ কিমান ভাল কোৱালিটিৰে বা গুণগতমানেৰে সেই কামটো কৰিব? তেওঁ ভাল কাম কৰিবনে? নকৰে৷

কেনেকৈ কেৰিয়াৰ বাচি ল’ব পাৰি?

এতিয়া চাও আহক কেনেদৰে কেৰিয়াৰ বাচি ল’লে সঠিকভাৱে কেৰিয়াৰ বাচি লোৱাটো সম্ভৱ হ’ব৷ ইয়াৰ বাবে দুটা ষ্টেপৰ এটা উপায় আছে৷

প্ৰথম ষ্টেপ- ল’ৰা-ছোৱালীয়ে কি কৰি ভাল পায়

আপোনাৰ ল’ৰা-ছোৱালীয়ে কি কৰি ভাল পায়? আপুনি কি ভালপায় সেয়া নহয়, সিহঁতে কি ভাল পায়৷  কেতিয়াবা আপোনাৰ ল’ৰা-ছোৱালীয়ে নাজানিব পাৰে সিহঁতে কি কৰি ভাল পায়৷ কাৰোবাক অলপ সময় লাগে সেই কথাটো বিচাৰি পাবলৈ৷ সেয়া হয় আমাৰ চেলফ এৱেৰনেছ বা আত্মসচেতনতা নথকাৰ বাবে৷ কেৰিয়াৰৰ ভুলবিলাকৰ বহুখিনি সেইকাৰণেই হয়৷ অভিভাৱকসকলে আৰু শিক্ষকসকলে এই কামত সিহঁতক সহায় কৰিব পাৰে৷ সিহঁতে যদি কথাটো মন নকৰে বা কেনেদৰে বিচাৰি উলিয়াব পাৰি সেয়া নাজানে, আপোনালোকে সেই কামত সহায় কৰি দিব পাৰে৷ মাত্ৰ সেয়া কৰোতে আপুনি কি ভাল পায় সেই কথাটো তাত নুসুমুৱাব৷ সঁচাকৈ যি দেখে তাকেহে ক’ব, আপুনি বিচৰাফালে সিহঁত প্ৰলোভিত বা প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা নকৰিব৷

এই কথাটো কিয় প্ৰয়োজনীয়? ভালপোৱা কাম এটা যদি কেৰিয়াৰ হিচাপে ল’ব পাৰে আপোনাৰ ল’ৰা-ছোৱালীয়ে তাত ভাল কৰাৰ সম্ভাৱনা বেছি৷ সিহঁতে যদি ক্ৰিকেটক নিজৰ কেৰিয়াৰ হিচাপে ল’ব বিচাৰে, কৰিবলৈ দিয়ক সেয়া৷ সিহঁতে যদি সঁচাকৈয়ে সেয়া বিচাৰে, সিহঁতৰ তাত আত্মোৎসর্গ কৰাৰ মন আছে, তাত সিহঁতে সঁচাকৈয়ে ভাল কৰিব৷ কোনোবাই যদি ইঞ্জিনিয়াৰিঙ নকৰি বুৰঞ্জী বিষয়টো সঁচাকৈয়ে পঢ়িব বিচাৰে সেয়া কৰিবলৈ দিয়ক৷ প্ৰথম পর্যায়ত বা ষ্টেপত তেনেদৰে সিহঁতে ভালপোৱা, কৰিব বিচৰা কামৰ ওপৰত নির্ভৰ কৰি চাৰি বা পাঁচটা মান কেৰিয়াৰ বিকল্প বাচি ল’বলৈ দিয়ক৷ কোনোবাই যদি মাত্ৰ এটা বাচি লৈছে সেয়াও ভালকথা৷ তাৰমানে সেই ল’ৰাজন বা ছোৱালীজনী নিজৰ বিষয়ে খাটাং৷ সেয়া ভাল কথাহে, বেয়া নহয়৷

দ্বিতীয় ষ্টেপ- সিহঁতৰ কি কি স্কিল আছে

দ্বিতীয় পর্যায় বা ষ্টেপত আপুনি চাব লাগিব সিহঁতৰ কি কি স্কিল আছে৷ যদি ল’ৰা-ছোৱালীয়ে নাজানে কি কি কামত সিহঁত ভাল, সিহঁতৰ কি কি কামত স্কিল আছে, তেতিয়াহ’লে অভিভাৱক বা শিক্ষকসকলে তাত সহায় কৰিব পাৰে৷ সেই স্কিলবোৰ মন কৰি সেইবোৰ লিপিবদ্ধ কৰি যোৱাত সহায় কৰিব পাৰে৷ যিফালে স্কিল আছে সেইফালে যোৱাটোৱে বেছি ভাল৷ এতিয়া চাওক যিকেইটা কেৰিয়াৰ সিহঁতে প্ৰথম পর্যায়ত বাচি লৈছিল সেইবোৰৰ ক্ষেত্ৰত সিহঁতৰ স্কিল আছেনে নাই৷ নে আন কিবা বাচি নোলোৱা ক্ষেত্ৰতহে সিহঁতৰ স্কিল আছে? যিবোৰত স্কিল আছে বা যিবোৰত আজি স্কিল নাই কিন্তু কষ্ট কৰি সেইখিনি স্কিল শিকি ল’বলৈ ল’ৰা-ছোৱালীহঁত সাজু সেইফালে কেৰিয়াৰ বাচি লোৱাটো বেছি ভাল হ’ব৷

এইখিনিতে এতিয়া আপুনি এটা কাম কৰিব লাগিব৷ এইটো আপোনাৰ কাম৷ সিহঁতক যিমান পাৰি সিমান এক্সপ’জাৰ দিয়ক৷  সিহঁতক এক্সপ’জাৰ দিয়াটো আপোনাৰ কাম৷

jesse-orrico-IdjxBF_StBk-unsplash

কিয় লাগে এক্সপ’জাৰ?

এক্সপ’জাৰ নোপোৱাকৈ ল’ৰা-ছোৱালীহঁতে যি কেইটা কেৰিয়াৰ বাচি ল’ব সেয়া হয়তো কেৱল নিজৰ ধাৰণাৰ পৰাহে কৰিব৷ আৰু মানুহৰ ধাৰণাবোৰ শুদ্ধ নহবও পাৰে৷ চচিয়েল মিডিয়া বা ৱেবচাইটত কেৰিয়াৰ এটাৰ যি ৰূপ দেখা পোৱা যায় সেয়া সম্পূর্ণৰূপে সঁচা নহবও পাৰে৷ কাৰোবাৰ কথাবোৰ বুজি পাওতেও ভুল হ’ব পাৰে৷ কিন্তু যেতিয়া নিজ চকুৰে দেখি, লক্ষ্য কৰি সিহঁতে এটা কেৰিয়াৰ কেনে হ’ব সেয়া গম পায় তেতিয়া সিহঁতে কথাবোৰ যেনেকুৱা তেনেদৰেই বুজি পোৱাৰ সম্ভাৱনা থাকে৷ তেনেকুৱা হ’লে কেৰিয়াৰৰ বিষয়ে সিদ্ধান্ত এটা লওতে ভুল হোৱাৰ সম্ভাৱনা কম৷

কেনেকৈ দিব এই এক্সপ’জাৰ?

এটা উদাহৰণ লও আহক৷ যদি আপোনাৰ ল’ৰা-ছোৱালীয়ে যদি প্ৰশাসনিক সেৱালৈ যাব বিচাৰিছে যেনে ACS, APS, IAS, IPS হ’ব বিচাৰিছে, তেন্তে অভিভাৱক হিচাপে আপোনাৰ কাম হ’ল সিহঁতক তেনে এজন মানুহৰ ওচৰলৈ লৈ যোৱাটো৷ তেনে এজন মানুহৰ লগত কথা পাতি তেওঁৰ ওচৰলৈ লৈ যোৱা, তেওঁ কি কি কাম কৰে, কেনেকৈ কৰে, দ্বায়িত্ব্বোৰ কি কি, কি কি ভাল আছে, কি কি বেয়া আছে সেইবোৰ জানিবলৈ চেষ্টা কৰিব লাগিব৷ মাজে-সময়ে তেনেদৰে তেওঁৰ ওচৰলৈ লৈ যাব লাগিব৷ যাওতে তেওঁক সুধিবলগীয়া প্ৰশ্নবোৰ লিখি লৈ গ’লে কাৰো সময় নষ্ট নহয়৷ লগতে নিজেও তেওঁৰ অফিচৰ বাহিৰত বহি তেওঁৰ অফিচৰ কাম-কাজ, তেওঁৰ কাম-কাজ লক্ষ্য কৰিলে বহুতখিনি সঠিক ধাৰণা হ’ব৷ তেনে এজন বিষয়াৰ লগত কথা পাতি আপোনাৰ উদ্দেশ্যৰ কথা বুজাই ক’লে এনে কোনোবা নহয় কোনোবা বিষয়া পাব যিয়ে কথাটোত আপত্তি নকৰে, বৰঞ্চ তেওঁ ভালহে পাব৷

একেদৰে কোনোবাই যদি উকীল হ’ব খোজে, কোনোবাই লিখক হ’ব খোজে, কোনোবাই উদ্যোগী হ’ব খোজে, কোনোবাই আৰ্মী অফিচাৰ হ’ব খোজে বা যি হ’ব খোজে তেনে এজন মানুহৰ ওচৰলৈ লৈ যোৱাটো অভিভাৱকৰ কাম যিয়ে সেই কামটো কৰি আছে৷ যাৰে তাৰে উপদেশ লোৱাতকৈ ই এশগুণে বেছি কামত অহা কথা৷ কোনোবাই ছফটৱেৰ ইঞ্জিনিয়াৰ হ’ব খোজে, তেওঁক এজন ভাল, সকলোৱে নাম জনা ছফটৱেৰ ইঞ্জিনিয়াৰৰ ওচৰলৈ লৈ যাওক, যাতে আপোনাৰ ল’ৰাটোৱে-ছোৱালীজনীয়ে ছফটৱেৰ ইঞ্জিনিয়াৰৰ এজনৰ দৈনন্দিন জীৱনটো কেনেকুৱা সেয়া নিজে বুজি পায়৷

আমি ইমান সৰু সৰু কথাতে সিদ্ধান্ত লওতে ভুল কৰোঁ, কেৰিয়াৰ বাচি লওতে ভুল হ’ব নোৱাৰেনে? পাৰে৷ কিন্তু এনেদৰে আগবাঢ়ি গ’লে ভুল হোৱাৰ সম্ভাৱনা বহুত কম হ’ব৷ আৰু কেতিয়াবা কেৰিয়াৰ সলনি কৰাৰ প্ৰয়োজন হলেও এনেদৰে কেৰিয়াৰ বাচি ল’বলৈ শিকা ল’ৰা-ছোৱালীয়ে নতুন কেৰিয়াৰ এটা বাচি লৈ তাতো ভাল কৰিব পাৰিব৷

পৰৱৰ্তী পর্যায়

এবাৰ বাচি লোৱা কেৰিয়াৰৰ কেইটাৰ প্ৰতিটোতে এক্সপ’জাৰ পোৱাৰ পিছত ল’ৰা-ছোৱালীহঁতে তাৰে বেয়া পোৱাকেইটা বাদ দি ভালপোৱাকেইটা ৰাখি থব৷ তেতিয়া যি চাৰি পাঁচটা কেৰিয়াৰৰ কথা ভাবিছিল সেয়া কমি আহি হয়তো দুটা কেৰিয়াৰ চইছত পৰিবহি৷ এক্সপ’জাৰে পালে সিহঁতে ভিতৰৰ কথাবোৰ বুজি পাব আৰু তেতিয়া নিজে সিদ্ধান্ত কৰিব পাৰিব যে তেনে এটা জীৱন লাগে নে নালাগে, নিজৰ জীৱনৰ প্ৰতিদিনে সেই কামটো কৰিব পাৰিব নে নোৱাৰিব৷ তেতিয়া কেৰিয়াৰ চইচবোৰ কমাই আনি এটা কেৰিয়াৰ বাচি ল’বলৈ বেছি ভাল হ’ব৷ তেতিয়া সিদ্ধান্ত ল’বলৈ সুবিধা হ’ব, সহজ হ’ব৷ প্ৰয়োজন হ’লে বাকী থকা কেৰিয়াৰ চইছ কেইটাৰ ক্ষেত্ৰত আকৌ এবাৰ এক্সপ’জাৰ দিয়াৰ ব্যৱস্থা কৰক৷

এবাৰ কেৰিয়াৰ পছন্দটো ঠিক হ’লে এতিয়া আহিল তাৰ পৰৱৰ্তী পর্যায়টো, যিটো বৰ ডাঙৰ আৰু গুৰুতৰ৷ এতিয়া সেই কেৰিয়াৰটোলৈ সম্পূর্ণৰূপে প্লেন কৰিব লাগিব৷ এই প্লেনটোত থাকিব কোনকেইখন ইন্সষ্টিটিউট বা কলেজ এই ফিল্ডত আটাইতকৈ ভাল, সেইবোৰ কলেজত চিট পাবলৈ কিমান নম্বৰ লাগিব, কিবা এন্ট্ৰেন্স টেষ্ট হয় নেকি,  কচিং ল’ব লাগিব নেকি, কিমান দিন আগৰ পৰা প্ৰস্তুতি কৰিব লাগিব, কি কি পঢ়িব লাগিব, কি কি থাকে চিলেবাচত, কি কি কিতাপ লাগে, কিমান নম্বৰ পালে ক’ত পঢ়িবলৈ পোৱা যাব ইত্যাদি৷  আৰু সেইমতে তাৰবাবে প্ৰস্তুতি চলাব লাগিব৷ প্লেনটো কৰি ল’লে কথাবোৰ বহুত সহজ হৈ পৰিব আৰু পঢ়িব বিচৰা কলেজ বা ইন্সিষ্টিউটত পঢ়িবলৈ পোৱাৰ সম্ভাৱনাতো বাঢ়ি যাব৷ তাৰপিছৰ কামখিনি ল’ৰা-ছোৱালীহঁতৰ নিজা৷ কিমান কষ্ট কৰিব, কিমান চেষ্টা কৰিব সেয়া সিহঁতে নিজে ঠিক কৰি ল’ব পাৰিব ৷ ই আন এটা ডাঙৰ কথা সিহঁতক শিকাব– সিহঁতে নিজে নিজৰ জীৱনৰ দ্বায়িত্ব ল’বলৈ শিকিব আৰু সেই অভ্যাসটো জীৱনজুৰি থাকিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *