দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি?

jaliya-rasaputra-U_eZSoRUMQM-unsplash

নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷

এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা লাভ কৰা পুষ্টি বা কেলৰিতকৈ কম হ’ব৷ যি সিংহই দিনটো নিগনি খেদি, ধৰি খাবলৈ আৰম্ভ কৰিব সি সদায় ভোকত মৰিব৷ সিংহ এটাই নিগনি খাই বাচি থাকিব নোৱাৰে৷ সিংহক হৰিণ লাগে৷ হৰিণ এটা ধৰিবলৈ বেছি গতি আৰু শক্তিৰ প্ৰয়োজন হ’ব, কিন্তু এবাৰ ধৰিব পাৰিলে ই সিংহৰ লগতে তাৰ পৰিয়ালৰ বাবে এক বৰভোজ হ’ব৷

আজি দিনটোৰ শেষত নিজকে সোধক, “মই দিনটো নিগনি খেদি শেষ কৰিলোঁ নে হৰিণ চিকাৰ কৰি?” আপোনাৰ উত্তৰটো কি হ’ব?

হৰিণ

হৰিণটো আপোনাৰ কাম, কেৰিয়াৰ, ব্যৱসায়, সামাজিক কাম, অর্থনৈতিক অৱস্থা যিকোনো হ’ব পাৰে৷ কেলৰি মানে অর্থপূর্ণ অগ্ৰগতি, টকা-পইচা, কৃতিত্ব বা আন যিকোনো হ’ব পাৰে৷ আপুনি যদি কিবা ডাঙৰ কাম কৰিব বিচাৰিছে, তেন্তে সেই কামৰ বাবে প্ৰতিদিনে আপুনি যি যি কাম কৰি যাব সেয়া আপোনাৰ বাবে হৰিণ৷ ডাঙৰ লক্ষ্য লৈ কাম কৰিলে তাৰ ফলাফল ডাঙৰ আৰু বেছি সন্তুষ্টিদায়ক হোৱাৰ সম্ভাৱনা আছে৷ 

যদি আপুনি বহুত ডাঙৰ কিবা এটা কৰিব নিবিচাৰে কিন্তু যি কৰে সেয়াই প্ৰভাৱশালী হোৱাটো বিচাৰে৷ ইয়েই আপোনাৰ হৰিণ৷ কামটো কৰি যদি আপুনি সন্তুষ্টি পায়, জব চেটিছফেকচন থাকে আৰু জীৱনটোত কিবা কৰিলোঁ বুলি আপোনাৰ মনটো ভাল লাগে, তেন্তে সেয়াই আপোনাৰ হৰিণ৷

colin-watts-Vu59UaEwj2g-unsplash

নিগনি

যিবোৰ কাম দেখাত আকর্ষণীয়, আপোনাৰ সাধ্যৰ ভিতৰত কিন্তু এইবোৰ আপোনাৰ লক্ষ্যৰ অন্তর্ভুক্ত নহয়৷ আপুনি নিজৰ জীৱনত যি যি কৰিব বিচাৰে সেইবোৰ লাভ কৰাত ই কোনো ধৰণৰ অৰিহণা নযোগায়৷ কামটো সৰু নহবও পাৰে, ই ডাঙৰ কামো হ’ব পাৰে, কিন্তু ই আপুনি বিচৰা বস্তু নহয়, আপোনাৰ লক্ষ্যৰ পিনে ই আপোনাক আগবঢ়াই নিনিয়ে, আপোনাক কি সন্তুষ্টি দিব নোৱাৰে৷ ইয়াৰ কিছুমান লাভ নিশ্চয় আছে কিন্তু এইবোৰ আপুনি বিচৰা বস্তুবোৰ নহয়৷

yunu-dinata-k9NVUS7PS4A-unsplash

দিনটো শেষ হ’ল, এতিয়া

দিনটো শেষ হ’ল, এতিয়া যদি আপুনি দিনটোৰ খতিয়ান লয় তেন্তে ই আপোনাৰ এটা সাংঘাটিক ভাল অভ্যাস৷ আৰু মনত ৰাখিব আপোনাৰ অভ্যাসবোৰেই আপোনাৰ জীৱনটো কেনেকুৱা হ’ব সেয়া নির্ণয় কৰাত এটা প্ৰধান ভূমিকা ল’ব৷ আজি দিনটো আপুনি কি কৰি কটালে- নিগনি খেদি, ধৰি নে হৰিণ ধৰি? যেতিয়া আপুনি প্ৰতিদিনে সেই খতিয়ান লোৱাৰ অভ্যাসটো কৰিব তেতিয়া নিজে নিজে সদায় হৰিণ ধৰাৰ বা অন্তঃত ধৰিবলৈ চেষ্টা কৰিবলৈ সাজু হ’ব আৰু সেয়া কৰিবও পাৰিব৷

কেনেদৰে হৰিণ ধৰাত সহায় হ’ব?

প্ৰথম কথা, হৰিণ ধৰিবলৈ হ’লে আপুনি জানিব লাগিব আপোনাৰ বাবে হৰিণ কি৷ নহয় জানো? আপোনাৰ বাবে যি হৰিণ আনৰ বাবে সি হৰিণ নহবও পাৰে৷ এতিয়া হৰিণ কি সেয়া ঠিক কৰি লোৱাৰ পিছত আপুনি শিকিব লাগিব কেনেদৰে হৰিণ ধৰে৷ মাকে পোৱালি সিংহবোৰক সেয়া শিকায়৷ শিকাৰ পিছত সিহঁতৰ কাম হ’ল অভ্যাস কৰা৷ আৰু এনেদৰে অভ্যাস কৰোতে কৰোতে সৰু, নতুন শিকাৰু সিংহ এটাই  হৰিণ চিকাৰ কৰিবলৈ শিকি যায়৷ আপুনি আপোনাৰ হৰিণ ধৰিবলৈ হ’লে অভ্যাস কৰিব লাগিব আৰু সেই কামটোত লাগি থাকিব লাগিব৷ তেনে কৰিলেহে প্ৰয়োজনৰ সময়ত হৰিণ ধৰিবলৈ আপুনি সমর্থ হ’ব৷

হৰিণ চিকাৰ কৰিবলৈ হ’লে প্ৰতিদিনে দৈনন্দিন কামবোৰ আপুনি কেনেদৰে কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব৷

দৈনন্দিন কাম ভালদৰে কৰাৰ এটা কৌশল

যিসকলে এতিয়ালৈকে টু ডু লিষ্ট (কৰিবলগীয়া কামৰ তালিকা) এখন কৰি চলি থকা নাই তেওঁলোকে বহুত ডাঙৰ বস্তু এটা হাতৰ পৰা হেৰুৱাইছে৷ জীৱনত তেওঁলোকে আৰু বহুত কিবা কিবি কৰিব পাৰিলহেঁতেন কিন্তু এতিয়ালৈকে পৰা নাই৷ তেনে লোকসকলে প্ৰথমতে এই তালিকাখন কৰি তাৰ মতে চলা অভ্যাস কৰক৷ যিসকলে এনে কৰি আছে তেওঁলোকে এই তালিকাখন অতিক্ৰম কৰি এই চিন্তাটো কৰি চাব পাৰে যে “আজি যিবোৰ কাম মই কৰিলোঁ সেইবোৰৰ দ্বাৰা মই কৰিব বিচৰা কামবোৰ সম্পূর্ণ হোৱাৰ দিশত অলপো আগবাঢ়িব নে মই মাত্ৰ কেৱল বেছিকৈ কাম কৰাতহে গুৰুত্ব দিছোঁ?” তালিকাখন আৰু ভাল কৰি ল’ব পাৰিব প্ৰায়’ৰিটি অনুসৰি ইয়াত থকা কামবোৰ সজাই ল’লে৷ সেয়া আপুনি নিজেও কৰিব পাৰে অথবা আইজেনহাৱাৰৰ মেট্ৰিক্স (কোনটো কাম জৰুৰী আৰু  গুৰুত্বপূর্ণ, কোনটো কম জৰুৰী কিন্তু গুৰুত্বপূর্ণ, কোনটো কম গুৰুত্বপূর্ণ আৰু কোনটো কম গুৰুত্বপূর্ণ আৰু লগতে কম জৰুৰী) ব্যৱহাৰ কৰিও সেয়া কৰিব পাৰে৷

আমাৰ শক্তি, আৰু সময় নষ্ট হয়

আপুনি নিগনি খেদি ফুৰিলেও আপোনাৰ শক্তি আৰু সময় দুয়োটাই নষ্ট হ’ব৷ কিন্তু আপুনি বিচাৰি থকা ফলাফল আপুনি কেতিয়াও নাপায়, বিচৰা সন্তুষ্টি কেতিয়াও নাপায়৷ কিয়? কাৰণ আপুনি দৰাচলতে নিগনি বিচৰা নাছিল, হৰিণহে বিচাৰিছিল৷ আৰু নিগনি সংখ্যাত বেছি হলেও ই আপোনাৰ চাহিদা পূৰাব নোৱাৰিব৷ কেইদিনমান হয়তো ঠিকে থাকিব, কিন্তু তাৰ পিছত নিগনি খেদি ফুৰা সিংহটো খাবলৈ নাপাই ক্ষীণাই শুকাই কষ্ট পাই এদিন মৰি থাকিব৷

অকণমান ব্যক্তিগত কথা

কিছুমানে পাঠকে, চিনাকি মানুহে মোক সোধে যে মই ইমান কম প্ৰগ্ৰেম কিয় কৰোঁ? প্ৰথম কথা হ’ল এটা অনুষ্ঠানৰ বাবে মই যিমান ফিজ লও সকলোৱে সেয়া বহন কৰিব নোৱাৰে৷ (সম্ভৱত মোৰ কাউঞ্চেলিঙৰ এটা চেচনৰ ফিজো গুৱাহাটীত সকলোতকৈ বেছি)৷ এনে বহুত প্ৰতিষ্ঠান আছে যিয়ে মোৰ ফিজৰ কথা শুনি দ্বিতীয়বাৰ আৰু ফোন কৰা নাই৷ কিন্তু এক প্ৰফেচনেল হিচাপে মই যিটো ফিজ লও তাৰ উচিত মূল্য মই সদায় প্ৰগ্ৰেম এটাৰ জৰিয়তে প্ৰদান কৰোঁ৷ যিসকলে নিজৰ লাভৰ বাবে, নিজৰ নামৰ বাবে এনে প্ৰগ্ৰেম এটা নাপাতে বা যিসকলে গোটেই কথাটোক গুৰুত্ব সহকাৰে লয় তেওঁলোকৰ বাবে এই ফিজটো ডাঙৰ কথা নহয়৷ আৰু ই মোক অযথা সময় নষ্টকাৰী মানুহ আৰু মিটিঙৰ পৰা ৰক্ষা কৰে, যিখিনি সময় মই আন কামত অহা কামত লগাব পাৰোঁ৷

দ্বিতীয়তে এনে বহুত অনুষ্ঠান আছে যিবোৰলৈ গৈ তাত অনুষ্ঠান এটা কৰা মানে সময়ৰ অপচয়ৰ বাদে আন একো নহয়৷ মোৰ সময়ক মই আটাইতকৈ বেছি মূল্য দিও আৰু সেয়ে যিকোনো মেল-মিটিঙলৈ গৈ মই মোৰ সময় নষ্ট কৰিব নিবিচাৰোঁ৷ তাৰ পৰা মোৰ বা আন কাৰোবাৰ একো লাভ নহয়৷ কিন্তু যদি সেইখন মিটিঙ নহৈ কর্মশালা বা মটিভেচনেল প্ৰগ্ৰেম হয় তেতিয়া তাত উপস্থিত থকাসকলৰ বাবে ই লাভজনক হৈ পৰে৷ আমাৰ মূল্যবান সময়ৰ সিমানখিনি মূল্যতো আমি দিবই লাগিব৷ সম্ভৱত আজিৰ এই লিখনিটোৱে মোৰ স্থিতিৰ এক ব্যাখ্যা দিব৷

মেডিঅ’কৰ বা মধ্যমীয়া ফলাফল

হৰিণ নধৰি নিগনি ধৰিবলৈ গ’লে, ইয়াৰ ফলত আমি যি ফলাফল পাম সেয়া মেডিঅ’কৰ বা মধ্যমীয়া বা মজলীয়া বিধৰ হ’ব৷ কষ্ট হ’ব, সময়ো যাব কিন্তু তাৰ ফলাফল মধ্যমীয়া হ’ব৷ সদায় যদি নিগনি খেদাৰহে অভ্যাস আপুনি কৰি থাকে তেতিয়া সদায় আপুনি মধ্যমীয়া ফলাফলহে পাব৷ ফলাফল অৱশ্যেই পাব কাৰণ আপুনি কাম কৰিছে, কষ্ট কৰিছে, কিন্তু সেই ফলাফলৰ পৰা সন্তুষ্টি আহিবনে, সেয়া আপুনি আপোনাৰ নামৰ লগত যুক্ত কৰিব পৰা বিধৰ ফলাফল হ’বনে নহয় সেয়াহে চিন্তা কৰিবলগীয়া কথা৷ আপুনি গোটেই জীৱন ধৰি কষ্ট কৰিলে কিন্তু আপোনাৰ নামৰ লগত যিবোৰ কাম সাঙোৰ খাই থাকিল সেইবোৰ যদি মধ্যমীয়া গুণগত মানৰহে হ’ল৷ সাধাৰণ মানুহ এজনৰ বাবে সেয়াই যথেষ্ট হ’ব পাৰে, কিন্তু তেতিয়া আপোনাৰ জানো ভাল লাগিব? নে সংখ্যাত কম হলেও কিছুমান সাংঘাটিক আনে কৰিব নোৱাৰা উচ্চ গুণগতমানৰ কামৰ লগত আপোনাৰ নামটো সাঙোৰ খাই থাকিলে আপুনি বেছি ভাল পাব৷

maxime-agnelli-QC1oHW5JVu4-unsplash

নিগনি ধৰা কামটো কম কষ্টৰ

হৰিণ এটা ধৰিবলৈ নিগনি ধৰাতকৈ বেছি টান৷ আৰু নিগনি ধৰা মানে আপুনি কিবা এটাতো ধৰিছে, কাম কিছুমানতো কৰিছে৷ সাধাৰণতে আমি টান কাম কৰিব নিবিচাৰোঁ, নিজৰ কমফ’র্ট জনৰ পৰা বাহিৰ ওলাব নিবিচাৰোঁ৷ গতিকে যিটো কাম আমাৰ বাবে সহজ আমি সেয়া কৰিবলৈ বেছি ভাল পাও৷ কমফর্ট জনৰ পৰা মাজে মাজে ওলোৱাটো বেয়া কথা নহয়৷ সদায় নহলেও মাজে মাজে তাৰ পৰা ওলালেহে আমাৰ বিভিন্ন বিষয়ত উন্নতি হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু সিংহ হিচাপে আপোনাৰ সন্তুষ্টি, সুখ আহিব হৰিণ এটা ধৰিহে, নিগনি ধৰি নহয়৷

ডাঙৰ কাম ডাঙৰকৈ কৰোঁ আহক

এনে এটা কাম কৰোঁ আহক যিটো কৰিলে জীৱনটো সার্থক হোৱা যেন লাগে, যিটো কৰি মোৰ নিজৰ ওপৰত গর্ব হ’ব পাৰে, যিটো কৰিলে এই পৃথিৱীলৈ কিয় আহিলোঁ সেয়া সাহসেৰে ক’ব পাৰোঁ৷ এনে কাম কৰোঁ যিটো কৰিলে অকল মোৰ নহয় আন বহুতো মানুহৰ কিবা এটা ভাল হয়, কামত আহে৷ মোৰ সামর্থৰে যিমান ডাঙৰকৈ কৰিব পাৰোঁ সিমান ডাঙৰকৈ কৰোঁ৷ কাইলৈ সামর্থ বাঢ়ি গ’লে লক্ষ্য সিমানে আগুৱাই নিম, সিমানে বেছি কাম কৰিম৷ সৰু সপোন দেখাটোও এক দোষেই৷ জোনটোলৈ ফর্মূটিয়ালে কিজানি আমিও তৰাটো পাওৱেই বা৷

মাত্ৰ এটা কথা নাপাহৰিব৷ আজি দিনটোৰ শেষত নিজকে সুধিবলৈ নাপাহৰিব, “মই দিনটো নিগনি খেদি শেষ কৰিলোঁ নে হৰিণ চিকাৰ কৰি?”

এতিয়া আপোনাৰ উত্তৰটো কি হ’ব ?

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

Leave a Reply

Your email address will not be published. Required fields are marked *