খোলা

“তুমি যদি সঁচা মানুহজনীক চাব খোজা তেনেহ’লে তাইক এনেকুৱা এটা পৰিবেশ-পৰিস্থিতিত এৰি দিয়া য’ত তাই সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে যে তাই নিশ্চিন্ত- তাইৰ যিহকে ইচ্ছা তাকে কৰিবলৈ স্বাধীনতা আছে আৰু সেয়া ভাল কামেই হওক বা বেয়া কামেই হওক পৰিবেশটোৱে কোনো ক্ষতি নকৰে, বৰং সহায়হে কৰিব৷ তেতিয়া তাই খুব সন্তঃর্পণে খোলাৰ পৰা আচল মানুহজনীক বাহিৰলৈ উলিয়াই আনে৷ পৰিবেশৰ কিঞ্চিত লৰচৰ হলেই তাই সুৰুককৈ গৈ আকৌ খোলাটোৰ ভিতৰত সোমাই পৰে৷ এই পৰিস্থিতি সৃষ্টি কৰাটো সকলোৰে পক্ষে সহজ বা সম্ভৱ নহয়৷ যিয়ে এই কামটো কৰিব নোৱাৰে সি গোটেই জীৱনটো কাষে কাষে থাকিলেও মাত্ৰ তাইৰ খোলাটোহে দেখা পাই থাকে৷ তোমাৰ যদি বাহুত বল আছে আৰু তাকে প্ৰয়োগ কৰা তেতিয়া সেই খোলাৰ ভিতৰৰ মানুহজনীক খোলাটোৰ সৈতে চেপেটা কৰি পেলাব পাৰিবা, কিন্তু নিঘূণীয়াকৈ আচল মানুহজনীক বাহিৰলৈ উলিয়াই আনিব নোৱাৰা ! ” – মহা অৰণ্য, অনুজ বৰুৱা

কথাটো সঁচা৷ কিছুমান মানুহক একোটো খোলাৰ প্ৰয়োজন হয়৷ প্ৰকৃতিতো শামুক, কাছ আদিৰ এনে একোটা খোলা আছে৷ আমাকো এই খোলাটোৰ কেতিয়াবা দৰকাৰ হ’ব পাৰে৷ সাধাৰণতে মানুহে লাজ এৰি কথা পতাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰে কিন্তু ই কেৱল সেই কথাটোকে নুবুজায়৷ খোলাটো অকল লাজৰ পৰা ৰক্ষা পাবলৈ নহয় আন কথাটো আপুনি ব্যৱহাৰ কৰিব পাৰে৷ অকল নাৰী বুলিয়েই নহয় পুৰুষকো এই খোলাটোৰ প্ৰয়োজন হ’ব পাৰে৷ কিন্তু কিয় প্ৰয়োজন হয় এনে খোলা এটাৰ?

ই আমাক, আমাৰ ভিতৰৰ মনটোক বা অন্তৰক ৰক্ষা কৰি থকা এক ৰক্ষাকৱচ৷ ই আমাৰ ভিতৰৰ যি বিশেষ কিবা এটা থাকে তাক ৰক্ষা কৰিব পাৰে৷ ই আমাক অত্যধিক সংবেদনা থকা পৰিবেশৰ পৰা বচাই ৰাখিব পাৰে, যিবোৰ মানুহে কেৱল কথা কয় কিন্তু আনৰ কথা নুশুনে তেনে মানুহৰ পৰা বচাই ৰাখে, নানাধৰণৰ মনোযোগহৰণকাৰী বস্তু আৰু কথাৰ পৰা আতৰাই ৰাখে৷ নিজকে সাজু বুলি গম নোপোৱালৈকে এই খোলাটোৱে আমাক আৱৰি থাকে৷ ই আমাক অলপমান সময় জিৰণি ল’বলৈ সুবিধা দিয়ে৷

javardh

খোলাটো কাৰাগাৰ নেকি?

নহয়৷ ই কাৰাগাৰ হয় নে নহয় সেয়া সম্পূর্ণৰূপে নির্ভৰ কৰিব আপোনাৰ ওপৰত৷ আন মানুহে ভাবিব পাৰে যে খোলাত সোমাই থকা মানে আপুনি এক কাৰাগাৰত বন্দী৷ কিন্তু আপোনাৰ বাবে সেয়া কাৰাগাৰ নহবও পাৰে৷ যদি ই আপোনাৰ নিজস্বতাক সম্পূর্ণৰূপে প্ৰকাশ কৰাত বাধা দিছে, আগুৱাই যোৱাত বাধা দিছে, জীৱনটো জীয়াই থকাত বাধা দিছে, তেন্তে ই আপোনাৰ বাবে এক কাৰাগাৰ৷ নহ’লে নহয়৷

মানুহে কি কয়?

কোনোবাই নহয় কোনোবাই কেতিয়াবা নহয় কেতিয়াবা হয়তো আপোনাক কৈছে, “কিয় খোলা এটাৰ ভিতৰত সোমাই থকা, কেতিয়াবা বাহিৰ ওলাবাচোন৷” মানুহে কৈছে বাবেই আপুনি এই কথাটো অনবৰতে ভাবি থাকি, সেয়া সঁচা বুলি গ্ৰহণ কৰি নিজকে আনতকৈ বেলেগ, তলৰ বুলি গণ্য কৰি মনটো বেয়া কৰিব নালাগে৷ আমি চাম যে আপুনি খোলাৰ ভিতৰত মাজে মাজে সোমাই থকাটো ভাল নে বেয়া৷

সাধাৰণতে ইন্ট্ৰ’ভার্ট বা অন্তর্মূখী মানুহৰ ক্ষেত্ৰত এই কথাটো বেছিকৈ ব্যৱহাৰ কৰা হয়৷ কিন্তু তাৰমানে এয়া নেকি যে বর্হিমূখী বা এক্সট্ৰ’ভার্ট মানুহৰ খোলা নাথাকে? নহয়৷ তেওঁলোকৰো খোলা থাকিব পাৰে, আপুনি মাত্ৰ সেয়া ধৰিব নোৱাৰে৷ হয়তো তেওঁলোক অভিনয় কৰাত সাংঘাটিক ভাল৷

আপুনি হতাশ, ডিপ্ৰেচড?

আপুনি খোলাটোত সোমাই থকা মানে আপুনি হতাশ, আপোনাৰ ডিপ্ৰেচন আছে নেকি? নহয়৷ তাৰমানে আপুনি অকলশৰীয়া নেকি? নহবও পাৰে৷ হয়তো আপুনি খোলাটোত সোমাই থাকি মাজে মাজে উপভোগ কৰে, ভাল পায়৷ হয়তো জীৱন যুদ্ধত অকণমান জিৰণি বিচাৰি আপুনি খোলাটোৰ ভিতৰলৈ সোমাই যায়৷ অকণমান জিৰণি লয়, আকৌ ওলাই আহে আৰু নিজৰ যুদ্ধত ব্ৰতী হয়৷ সেয়াতো একো বেয়া কথা নহয়৷

খোলাৰ পৰা বাহিৰ ওলোৱাটো

আন কাৰোবাৰ বাবে খোলাৰ পৰা বাহিৰ ওলাবনে নাই? সেয়া সিদ্ধান্ত সম্পূর্ণৰূপে আপোনাৰ হ’লে বেছি ভাল হ’ব৷ আনে জোৰ কৰিলেই যদি আপুনি খোলাৰ পৰা বাহিৰ ওলাই আহে সেয়া হয়তো আপুনি কৰে নিজে দোষী দোষী এক ভাৱৰ বশৱৰ্তী হৈ৷ আপুনি খোলাৰ পৰা বাহিৰ নোলালে আপোনাক বাহিৰলৈ ওলাবলৈ কোৱাসকলেও সময়টো উপভোগ কৰিব নোৱাৰিব বুলি আপুনি নিজকে দোষী অনুভৱ কৰি তাৰপৰা বাহিৰ ওলাই আহে৷ কিন্তু তাতোকৈ বেছি ভাল হ’ব যদিহে আপুনি নিজে বিচাৰে কাৰণে অথবা আপোনাৰ বাবে খোলাৰ পৰা ওলাই অহাটো ভাল বাবেহে আপুনি ইয়াক এৰি বাহিৰলৈ ওলাই আহে৷

কেতিয়াবা আমাক খোলাৰ প্ৰয়োজন নহয়

কিছুমান মানুহৰ ওচৰত আপোনাক খোলাটোৰ প্ৰয়োজন নহয়৷ কিছুমান মানুহৰ ওচৰত আপুনি সহজেই খোলাটোৰ পৰা ওলাই আহিব পাৰে৷ তেনে মানুহক কেতিয়াও জীৱনৰ পৰা যাবলৈ নিদিব৷ সি লাগিলে আপোনাৰ জীৱনসংগীয়ে হওক, বন্ধুৱে হওক বা আন কোনোবাই হওক৷

আপুনি যেতিয়া নিজৰ জীৱন সংগী বাছি লৈছে তেতিয়া কোন কিমান ধুনীয়া বা কোন কিমান সম্পদশালী বা কোন কিমান ডাঙৰ ঘৰৰ, সেইবোৰ বাচ-বিচাৰ কৰাতকৈ আপুনি মাত্ৰ এই কথাটোকো এক মাপকাঠি হিচাপে ধৰি ল’ব পাৰে৷ হয়, আপোনাৰ জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটাৰ ক্ষেত্ৰতো আপুনি এই সৰু কথাটোৰ ওপৰত নির্ভৰ কৰিব পাৰে৷ যিজন মানুহৰ ওচৰত থাকিলে আপোনাক খোলাৰ প্ৰয়োজন নহয় বা যিজনে সহজতে আপোনাক খোলাৰ পৰা বাহিৰলৈ উলিয়াই আনিব পাৰে সেইজন যদি গোটেই জীৱনটো আপোনাৰ কাষত থাকে সম্ভৱত তাতোকৈ ভাল আৰু আন একোৱে হ’ব নোৱাৰে৷

খোলাৰ ভিতৰত মাজে সময়ে সোমোৱাটো ভাল নে বেয়া?

খোলাটো বেয়া বুলি ক’ব মই নোৱাৰোঁ৷ নিজৰ ভিতৰৰ মানুহজনক বা মানুহজনীক বা মনটোক কেতিয়াবা এই খোলাটোৰ প্ৰয়োজন হয়৷ ই সেই কোমল বস্তুটোক ৰক্ষা কৰি থাকে৷ তেতিয়া ই বৰ প্ৰয়োজনীয় বস্তু৷ যদি ই আপোনাৰ কোনো হানি-বিঘিনী কৰা নাই, ই যদি শিকলিৰ দৰে আপোনাক বান্ধি ৰাখি আগবাঢ়িবলৈ নিদিয়াকৈ থকা নাই তেতিয়াহ’লে একো কথা নাই৷ কিন্তু যদি এই খোলাত সোমাই থকাৰ বাবে আপোনাৰ এনেধৰণৰ সমস্যা হৈছে, তেতিয়া লাহে লাহে খোলাটোৰ পৰা ওলাই বাহিৰত বেছি সময় কটোৱাটো আপোনাৰ বাবে ভাল হ’ব৷ অকণমান সাৱধানে মন কৰিলে আপুনি নিজে গম পাব যে আপুনি লগাতকৈ বেছিকৈ খোলাটোত সোমাই আছে নেকি? যদি আছে, তাৰ পৰা বাহিৰ ওলালেই হ’ল৷

ray-hennessy

যেতিয়া কাছ এটা চিকাৰীৰ সন্মুখত পৰে তেতিয়া ই নিজকে বচাবলৈ তাৰ খোলা বা চলঙৰ ভিতৰলৈ সোমাই যায়৷ আপুনিও হয়তো তাকে কৰোঁ৷ মাত্ৰ এটা কথাত সাৱধান হ’ব৷ প্ৰত্যেকবাৰ কিবা বিপদৰ বা টান কামৰ সন্মুখীন হ’লেই আপুনি সেয়া কৰে নেকি? তেন্তে আপোনাৰ এই কৌশলটো হয়তো অলপ সলাব লাগিব৷ কিয়? কাৰণ বিপদৰ পৰা বা টান সময়ৰ পৰা হাত সাৰিবলৈ খোলটোত সোমাই গ’লেই বিপদ বা টান, বেয়া সময়বোৰ নিজে নিজে গুচি নাযায়৷ তাৰবাবে আপুনি এইবোৰৰ মুখামুখি হ’বলৈ শিকিব লাগিব আৰু শিকি উঠি সেয়া অভ্যাস কৰিব লাগিব৷ আৰু আচৰিত কথাটো হ’ল যেতিয়া আপুনি সেই অভ্যাসটো কৰা আৰম্ভ কৰিব তেতিয়া আৰু বিপদে বা বেয়া সময়ে আপোনাক আৰু আগৰ নিচিনাকৈ ভয় খুৱাব নোৱাৰে৷ সম্ভৱত সেইটো মানুহ হিচাপে আমি কৰিব পৰা এটা বৰ ডাঙৰ কাম৷ বিপদৰ মুখামুখি হোৱাৰ অভ্যাস নকৰাকৈ কেনেকৈ আপুনি বিপদৰ সন্মুখীন হ’ব পাৰিব? যদি কাৰোবাৰ বাবে বা কিবা পৰিস্থিতিৰ বাবে আপুনি অনবৰতে খোলাত সোমাই থাকিবলগীয়া হৈছে, তেন্তে সেই মানুহ আৰু সেই পৰিস্থিতি সলনি কৰাটোৱেই আপোনাৰ বাবে ভাল নহ’বনে? জীৱনটো খোলৰ বাহিৰত থাকি উপভোগ কৰাটো, জীৱনটো উদযাপন কৰাটো আপোনাৰ এক অধিকাৰ৷ কাৰোবাৰ বাবে বা কোনো পৰিস্থিতি, পৰিবেশৰ বাবে ইয়াক বাদ দিব কিয়?

সকলো পৰিস্থিতিতে খোলাটো ব্যৱহাৰ কৰি পলাই ফুৰিবলৈ চেষ্টা কৰাতকৈ নিজকে আৰু টান, ভয়হীন আৰু ভাল কৰি তোলাত ইয়াক এক সহায় বা চাপর্ট হিচাপে ব্যৱহাৰ কৰিব পাৰি নেকি? চিন্তা কৰি চাবচোন৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *