নিজৰ ভালৰ বাবে চিন্তা কেনেকৈ কৰিব পাৰি

এদিন এজন প্ৰফেচাৰ তেওঁৰ ক্লাছলৈ সোমাই আহিল আৰু ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “আজি তোমালোকৰ পৰীক্ষা লোৱা হ’ব৷” সকলো আচৰিত, পৰীক্ষাৰতো একো কথা তেওঁলোকক কোৱা হোৱা নাছিল৷ চাৰপ্ৰাইজ টেষ্ট তাৰমানে৷ প্ৰশ্নকাকতখন পোৱাৰ পিছত সকলো আৰু আচৰিত হ’ল৷ বগা কাগজখনৰ সোমাজত মাত্ৰ এটা ক’লা ফুট আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক ক’লে, “তোমালোকে কাগজখনত যি দেখা সেই বিষয়ে কেইটামান লাইন লিখিব লাগে৷ সেয়াই আজিৰ পৰীক্ষা৷”

সকলো আচৰিত৷ ই কেনেধৰণৰ পৰীক্ষা৷ তথাপি উপায় নাই৷ গতিকে সকলোৱে নিজৰ নিজৰ উত্তৰবোৰ লিখিলে৷ উত্তৰবহীবোৰ সংগ্ৰহ কৰাৰ পিছত প্ৰফেচাৰে উত্তৰবোৰ ডাঙৰ ডাঙৰকৈ পঢ়ি শুনালে৷ ছাত্ৰ-ছাত্ৰীসকলে সকলোৱে সেই ক’লা ফুটটোৰ কথা লিখিছিল৷ ই আকাৰত কিমান, দেখিবলৈ কেনে, তাৰ অৱস্থান ইত্যাদিৰ কথা সেইবোৰ কথা আছিল৷ প্ৰফেচাৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দ্যেশ্যি ক’লে, –

“তোমালোক সকলোৱে সেই ক’লা ফুটটোৰ কথা লিখিছে৷ তাৰ কথা সকলোৱে মন কৰিছা কিন্তু সেই ক’লা ফুটটো থকা বগা কাগজখনৰ কথা কোনেও মন নাই কৰা, লিখা নাই৷ আমাৰ জীৱনবোৰতো একেটা ঘটনাই ঘটে৷ আমি সদায় সেই ক’লা, আন্ধাৰ কথাবোৰত বেছি গুৰুত্ব দিও৷ অথচ সন্মুখত ইমান ডাঙৰ বগা কাগজ এখন থাকে৷ আমাৰ জীৱনবোৰত আনন্দ পাবলগীয়া, সুখী হ’বলগীয়া ইমানবোৰ কথা থাকে- আমাৰ পিতৃ-মাতৃ, বন্ধু-বান্ধৱ, ভাল স্বাস্থ্য, এটা ভাল চাকৰি, সন্তানৰ হাঁহি আৰু তেনে আন আশ্চর্যজনক কথা থাকে কিন্তু আমি সদায় ভাবি থাকো বেয়া নিগেটিভ কথাবোৰৰ বিষয়ে আৰু তাকে লৈ মন বেয়া কৰি থাকো৷ আমি সদায় ডার্ক স্পটবোৰ যেনে হতাশা, ব্যর্থতা, ভয়, উদ্বেগ, আনে আমাৰ কি বেয়া কৰিলে, আমি কি নাপালোঁ সেইবোৰৰ ওপৰত ফ’কাছ কৰি বগা কাগজখনৰ দৰে জীৱনৰ আন পজিটিভ কথাবোৰৰ বিষয়ে নাভাবো৷ বৰঞ্চ সৰু, তুচ্চ কথা এটাৰ বিষয়ে নিগেটিভ চিন্তা কৰি, নিগেটিভ ভবিষ্যতৰ কথা ভাবি বহি থাকো৷”

allie-smith-tc7chPE3FZc-unsplash

আপুনিও একেই কৰে নেকি? যদি আপোনাৰ মনলৈও তেনে নিগেটিভ চিন্তাই বেছিকৈ আহে তেন্তে সম্ভৱতঃ সেয়া সলনি কৰাৰ সময় আহিল৷ কিয় সলনি কৰিব লাগে? কাৰণ ই ইতিমধ্যে আপোনাৰ জীৱনটোত নানা সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু আগলৈও কৰি থাকিব যদি আপুনি আপোনাৰ চিন্তা কৰা পদ্ধতিটো নসলায়৷ লগতে হাতত পায়ো জীৱনটো সুমধুৰ কৰি তুলিব পৰা বহু বস্তু আপুনি হেৰুৱাইছে৷ আৰু নেহৰুৱাব৷

নিগেটিভ চিন্তাৰ সমস্যা

যেতিয়া আপোনাৰ চিন্তাবোৰ নিগেটিভ হ’ব তেতিয়া ই ঠেক, মাত্ৰ এটা কথাতে সম্পূর্ণৰূপে মনোসংযোগ কৰি থাকে৷ এটা কথাত ফ’কাছ কৰিব পৰাটো বেয়া নহয়, কিন্তু আপুনি যদি ভুল কথা এটাত ফ’কাছ কৰি থাকে, তেন্তে সমস্যা হ’ব আৰু অকল সমস্যাই নহয়, ই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব৷ তেতিয়া জীৱন এটাৰ ডাঙৰ ৰূপটো দেখিবলৈ নাপাব আৰু তাত থকা নানা পজিটিভ কথাবোৰ আপুনি হেৰুৱাই পেলাব৷ 

উদাহৰণ স্বৰূপে আপোনাৰ যদি নিগেটিভ চিন্তা কৰাৰ অভ্যাস আছে, তেন্তে আপুনি জীৱনটোত একো নাই যেন অনুভৱ কৰিব৷  ফলত আপুনি এই কথাটো কেতিয়াও দেখা নাপাব, মন নকৰিব যে আপুনি কিন্তু নিজে এই অর্থহীন জীৱনটোক নানা ধৰণৰ অর্থ প্ৰদান কৰিব পাৰে৷ আপোনাৰ হাতত থকা সেই শক্তি আপুনি কেতিয়াও অনুভৱ নকৰে, দেখা নাপায়৷ ফলত সঁচাকৈয়ে আপোনাৰ জীৱনটোত একো অর্থও নাথাকে৷

নিগেটিভ চিন্তা কৰি থকা মানুহবোৰে সমগ্ৰ জীৱনটোত দুখতেই কটায়৷ আপোনাৰ জীৱনটোৰ ষাঠি, সত্তৰ, আশী বা ততোধিক বছৰ যদি আপুনি বেয়া হ’ব, দুখ আহিব বুলি কটায় আপুনি জীয়াই থাকিলে কেতিয়া?

নিগেটিভ চিন্তা কৰা মানুহ এজনে অনবৰতে ষ্ট্ৰেছৰ মাজতে জীৱন অতিবাহিত কৰে৷ তেওঁৰ মনৰ মাজত তেওঁ অনবৰতে নিগেটিভ কথাই শুনিবলৈ পায়৷ তেওঁৰ নিজৰ লগত যি কথা পাতে (চেলফ টক) সেয়া সদায় নিগেটিভ৷

অনবৰতে নিগেটিভ চিন্তা কৰা মানুহ এজনে যিহেতু ভবিষ্যতৰ এক নিগেটিভ ছবিয়ে দেখা পায় গতিকে তেনে ভবিষ্যতৰ বাবে কাম কৰাৰো কোনো অর্থ তেওঁ দেখা নাপায়৷ গতিকে তেওঁ নিজকে ভাল কৰাৰ বাবে বা নিজৰ বর্তমান আৰু ভবিষ্যত ভাল কৰাৰ বাবে কিবা কাম কৰিবলৈ কোনো ধৰণৰ কাৰণ বিচাৰি নাপায়৷ গোটেই জীৱনটো তেওঁ মাত্ৰ চলি থাকে, কোনোমতে সময়খিনি পাৰ কৰে৷ কিছুমান পজিটিভ লক্ষ্য ঢিয়াই কাম কৰা আৰু সেই কামৰ ফলাফল লাভ কৰি যি বুজাব নোৱাৰা সুখানুভূতি পোৱা যায় তেওঁ কেতিয়াও সেই সুখ লাভ কৰিবই নোৱাৰে৷

ল’ৰা এজন বা ছোৱালী এজনীয়ে যদি অনবৰতে নিগেটিভ চিন্তাই কৰি থাকে তেওঁ কেতিয়াও আৰু নতুন নতুন স্কিল শিকাৰ বাবে আগ্ৰহী নহয়৷ উাহৰণ স্বৰূপে, তেনে ছাত্ৰ-ছাত্ৰী এগৰাকীয়ে নিজেই জানে যে ইংৰাজী ক’ব আৰু লিখিব পৰাটো কিমান প্ৰয়োজনীয়, কিন্তু তেওঁ শিকিব নোৱাৰে কাৰণ তেওঁ ভাবে যে শিকি একো লাভ নাই বা তেওঁৰ দ্বাৰা সেই কাম সম্ভৱ নহয়৷

আপুনি সদায় যি কথা চিন্তা কৰে, যি ধৰণে চিন্তা কৰে, আপুনি তেনেকুৱাই হৈ পৰে৷ কেনেকৈ? চিন্তাৰ শক্তিৰ দ্বাৰা৷

চিন্তাৰ শক্তি

আপুনি যেতিয়া সদায় মনতে ভাবে যে মই একো কৰি লাভ নাই কাৰণ মই একো কৰিব নোৱাৰো, তেতিয়া লাহে লাহে ই আপোনাৰ ভাগ্যত পৰিণত হয়৷ এদিন চিন্তা কৰিলে হয়তো একো নহয়৷ কিন্তু যেতিয়া আপুনি সদায় নিজৰ মনত সেয়া চিন্তা কৰে বা আনক সেয়া কয়, তেতিয়া সদায় সদায় শুনোতে আৰু চিন্তা কৰোতে এই কথাষাৰ আপোনাৰ বিশ্বাস হ’বলৈ আৰম্ভ কৰে৷ আৰু যদি এবাৰ কথাষাৰ আপোনাৰ বিশ্বাস হৈ যায়, তেতিয়া সকলো শেষ৷ ই আপোনাৰ বিশ্বাসত পৰিণত হ’লেই সকলো সমস্যাৰ আৰম্ভণি হয়৷ যদি আপুনি কিবা কথা এটা বিশ্বাস কৰে, তেতিয়া আপোনাৰ ব্যৱহাৰ এই বিশ্বাসৰ লগত মিলি যায়৷ মিলি যাবলৈ বাধ্য কাৰণ আপুনি আপোনাৰ বিশ্বাস অনুসৰিহে কাম কৰে, তাৰ বিপক্ষে কাম কৰি আপুনি শান্তিত থাকিব নোৱাৰে৷

বহুতৰে চিন্তাবোৰ নিগেটিভ হয় কিয়?

কিন্তু চিন্তাবোৰ নিগেটিভ বা ঋণাত্মক হয় কিয়? বহুতৰে চিন্তাবোৰ নিগেটিভ হোৱাৰ কাৰণ হ’ল তেওঁৰ আত্মবিশ্বাস ৰ অভাৱ৷ মোৰ মনত যদি আত্মবিশ্বাসৰ অভাৱ থাকে সাধাৰণতে মোৰ মনলৈ অহা চিন্তাবোৰ নিগেটিভেই হ’ব৷ মই কেতিয়াও চিন্তা কৰিব নোৱাৰিম যে কিবা পজিটিভ, মোৰ ভাল লগা, মই বিচৰা ধৰণৰ ফলাফল হ’বও পাৰে৷ তাতোকৈ বেছি ভাল হ’ব নাই একো নহ’ব, একো নোৱাৰিম বুলি বহি থকা কাৰণ তেতিয়া মই একো কৰিব নালাগে৷ ভাল ফলাফল, বিচৰা ফলাফল লাভ কৰিবলৈ কষ্ট হয়, কাম কৰিব লাগে৷ এই কাম এৰাই চলিবলৈ ইচ্ছা কৰিলে বা এলেহুৱা হ’লে মই কষ্ট কৰাৰ পৰা আতৰি থাকিবলৈ এনে নিগেটিভ চিন্তাৰ আশ্ৰয় ল’ব পাৰোঁ৷

কেতিয়াবা এই নিগেটিভ চিন্তা কৰাৰ কথা পৰোক্ষ হয়, আৰোপিত হয়, মই আনৰ পৰা শিকিছোঁ৷ মাক-দেউতাকৰ পৰা এনেদৰে চিন্তা কৰিবলৈ শিকাটো সহজ৷ নিজে কেতিয়াও চেষ্টা নকৰা বা কষ্ট কৰিব নোখোজা মাক-দেউতাকে সদায় ক’ব পাৰে যে এনে চিন্তা কৰি একো লাভ নাই, ডাঙৰ চিন্তা কৰি একো নহয়, একো নহয়৷ নিজৰ ব্যর্থতাক ব চেষ্টাৰ অভাৱক বা জ্ঞানৰ অভাৱক তেওঁলোকে এনেদৰে ঢাকিবলৈ চেষ্টা কৰে৷ ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ পৰা জানি বা নজনাকৈ এই ব্যৱহাৰ আৰু চিন্তা কৰাৰ পদ্ধতিবোৰ শিকে৷

কি কৰিব পাৰি

মই আপোনাক ক’ব পাৰোঁ যে সদায় পজিটিভ চিন্তা কৰক৷ কিন্তু সেয়া আপোনাৰ বাস্তৱ জীৱনত সম্ভৱ নহ’ব পাৰে৷ পজিটিভ চিন্তা কৰিম বুলি ভাবিলেই মনলৈ পজিটিভ চিন্তা নাহিবও পাৰে৷ তেন্তে কি কৰিব?

আত্মবিশ্বাস বৃদ্ধি

আত্মবিশ্বাস বৃদ্ধি কৰিলে আপোনাৰ নিগেটিভ চিন্তাবোৰ কমি যাব৷ আত্মবিশ্বাস বঢ়াবলৈ নানা উপায় আছে , আপোনাৰ যি ভাললাগে সেই উপায়কে আপুনি অৱলম্বন কৰিব পাৰে৷ তাৰবাবে অলপ সময় লাগিব, কিন্তু লাহে লাহে ই বৃদ্ধি হৈ অহাৰ লগে লগে নিগেটিভ চিন্তাবোৰ কমি আহিব৷

এটা সহজ টেকনিক

এটা পজিটিভ বাক্য ঠিক কৰি লৈ সেই বাক্যটো প্ৰতিদিনে যদি আপুনি মাত্ৰ দহ মিনিট সময় আওৰায় (ৰিপিট কৰে), এক শান্ত, নীৰৱ পৰিবেশত বহি তেতিয়াও ই আপোনাৰ মনটো লাহে লাহে পজিটিভ কৰি আনিব৷ লাহে লাহে আপোনাৰ অৱচেতন মনটো পজিটিভ হৈ আহিব আৰু তেতিয়া চিন্তাবোৰ পজিটিভ হৈ আহিবলৈ আৰম্ভ কৰিব৷

সৰু সৰু কামবোৰ কৰি চাওক

যদি আপোনাৰ মনটো টান আৰু আপুনি নিজে কৰি চাই কথা এটা বিশ্বাস কৰা ধৰণৰ মানুহ, তেতিয়া আপুনি এইটো কৰিব পাৰে৷ সৰু কাম এটা লওক যি কামটো আপোনাৰ বাবে গুৰুত্বপূর্ণ আৰু যত পজিটিভ আৰু নিগেটিভ দুয়োটাই হোৱাৰ সম্ভাৱনা আছে৷ এতিয়া এই কামটোৰ ফলাফলৰ ক্ষেত্ৰত আজিৰ পৰা ই শেষ নোহোৱালৈকে কেৱল পজিটিভহে ভাবিবলৈ আৰম্ভ কৰক৷ নিগেটিভ কিবা আহিলেও লগে লগে ইয়াক সলনি কৰি পজিটিভ চিন্তাহে কৰিব৷ একে সময়তে আপুনি কামটোৰ বিচৰা পজিটিভ ফলাফল লাভ কৰিবৰ বাবে যি কৰিব লাগে সেয়া কৰা আৰম্ভ কৰক৷ আৰু শেষ নোহোৱালৈকে সেয়া কৰি থাকিব৷ এতিয়া কামটোৰ ফলাফল লাভ কৰিলে চাওক যে আপুনি ভবাৰ দৰে পজিটিভ ফলাফল আপুনি লাভ কৰিব পাৰিছে নে নাই৷

কামৰ ফলাফল বেলেগে বেলেগ হয়

যিজন মানুহে পজিটিভ চিন্তা কৰে আৰু যিজনে নিগেটিভ চিন্তা কৰে দুয়োৰে ক্ষেত্ৰত ফলাফল বেলেগ বেলেগ হয়নে? হয়৷ একেটা কামৰে ক্ষেত্ৰত ফলাফল বেলেগ বেলেগ হ’বই৷ দুয়োজন মানুহৰ যদি আন সকলো গুণ, ক্ষমতা একেও হয় মাত্ৰ চিন্তাৰ পার্থক্যৰ বাবে তেওলোকে লাভ কৰা ফলাফলবোৰ বেলেগ বেলেগ হ’ব৷ কিয়? কাৰণ নিগেটিভ চিন্তাৰ মানুহজনে যিমান শক্তিৰে, যিমান চেষ্টাৰে কামটো কৰিব পাৰে সিমানখিনি কেতিয়াও নকৰে৷ তাৰ কাৰণ হ’ল তেওঁ জানে এইবোৰ কৰি লাভ নাই৷ আনহাতে যিজন মানুহ পজিটিভ তেওঁ কামটোৰ এক পজিটিভ ফলাফল বিচাৰিব আৰু তাৰবাবে তেওঁৰ সমষ্ট শক্তি আৰু চেষ্টা সেই কামত লগাব৷ তেওঁ জানে যে কামটো সৰু হলেও তাৰ ফলাফলে তেওঁৰ মনত এক বিৰাট পজিটিভ পেলাব পাৰে, নিজকে জুখি চাবলৈ এয়া তেওঁৰ বাবে এক সুবিধা৷ সেয়ে তেওঁ অকল পজিটিভ ফলাফল পাব তেনে নহয়, এই অভিজ্ঞতাটোৱে তেওঁক সমৃদ্ধ কৰিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “নিজৰ ভালৰ বাবে চিন্তা কেনেকৈ কৰিব পাৰি

Leave a Reply

Your email address will not be published. Required fields are marked *