কাম কৰাত কিহে আপোনাক বাধা দিয়ে আৰু এই বিষয়ে কি কৰিব পাৰি

will-porada-ZaGcU6BxJEc-unsplash

বাধা বা প্ৰতিৰোধ

আপুনি কিতাপ এখন লিখিব বিচাৰে৷ সদায় ভাবে আজি আৰম্ভ কৰিম, কিন্তু কেতিয়াবা আইডিয়া নোপোৱা বাবে, কেতিয়াবা নামটো ঠিক কৰিব নোৱাৰা বাবে, কেতিয়াবা আন কামৰ বাবে সেয়া কৰা হৈ উঠা নাই যোৱা তিনি বছৰৰ পৰা৷ পঢ়া শেষ হোৱাৰ পিছতে আপুনি নিজৰ কাম, নিজৰ বিজনেচ আৰম্ভ কৰিম বুলি ভাবিছিল, কিন্তু কৰাহে হোৱা নাই৷ এনেদৰে থাকোতে থাকোতে লাহে লাহে আজি পাঁচ বছৰ পাৰ হৈ গ’ল৷ আপুনি যোৱা বছৰতে ভাবিছিল যে প্ৰতিদিনে ব্যায়াম কৰিব নহ’লে ওজন বাঢ়িছে, চুগাৰ বর্ডাৰ লাইনত, হার্টতো কিবা অকণমান সমস্যা পাইছিল যোৱাবাৰ মেডিকেল চেকআপত৷ আৰম্ভও কৰিছিল, কিন্তু এসপ্তাহৰ পিছত আৰু কৰা হোৱা নাই৷

আপুনি যেনেধৰণৰ হ’ব বিচাৰে আৰু আজি আপুনি যি তাৰ মাজত যথেষ্ট পার্থক্য থাকিব পাৰে৷ এই পার্থক্যৰ কাৰণ এটা আছে৷ সেই কাৰণটোৰ বাবে আপুনি বর্তমান যিটো জীৱন জীয়াই আছে আৰু যিটো জীৱন আপুনি জীয়াই থাকিব বিচাৰে বা পাব বিচাৰে দুইটাৰে মাজত আছে প্ৰতিৰোধ বা বাধা৷ আপুনি হ’ব পৰা আটাইতকৈ ভাল ৰূপটোৰ পৰা আপোনাক আতৰাই ৰখা আৰু আপুনি বিচৰা ফলাফল লাভ কৰাৰ পৰা বিৰত কৰি ৰখা এই বলটোৱে হ’ল বাধা৷

প্ৰতিৰোধৰ শক্তি

চিনেমা এখনত আপুনি যি ভিলেইনক দেখে সেই ভিলেইনক প্ৰতিৰোধৰ এক মেটাফ’ৰ (ৰূপক) বুলি ধৰিব পাৰে৷ যিদৰে খলনায়ক বা ভিলেইনে নায়কক প্ৰেম, টকা-পইচা, সন্মান, সুখ আদি লাভ কৰাত বাধা দিয়ে, তেনেদৰে প্ৰতিৰোধে আপোনাক আপোনাৰ লক্ষ্যবোৰ, সপোনবোৰ লাভ কৰাত বাধা দিয়ে৷

আপোনাৰ এনে লাগে নেকি যে কেৱল আপোনাৰ ক্ষেত্ৰতহে এনে হয়? বা অকল আপুনিহে এনে বাধাৰ বেছিকৈ সন্মুখীন হয়? ই প্ৰকৃতিৰ এক শক্তি আৰু ই কাৰো বাবে ব্যক্তিগত নহয়৷ অর্থাৎ আপুনি যি প্ৰতিৰোধৰ সন্মুখীন হৈছে সেই প্ৰতিৰোধৰ সন্মুখীন আন মানুহো আগতে হৈছে, এতিয়াও হৈছে আৰু আগলৈও হৈ থাকিব৷ আনহাতে আপোনাৰ লগতে একে সময়তে আন বহুতেই একে ধৰণৰ প্ৰতিৰোধৰ মুখামুখি হ’বলগীয়া হৈছে৷ তাৰ ৰূপবোৰ ভিন ভিন হ’ব পাৰে বা নহ’বও পাৰে৷ বহু মানুহ একেধৰণৰ বাধাৰ সন্মুখীন হৈ থাকে আনহাতে কিছুমানে আনে নোহোৱা প্ৰতিৰোধৰ মুখামুখি হ’বলগীয়া হয়৷

বাধাৰ ৰূপ

প্ৰতিৰোধৰ ৰূপ বিভিন্ন হ’ব পাৰে- ভয়, নিজৰ ওপৰত সন্দেহ, প্ৰয়োজনতকৈ বেছি চিন্তা কৰা, সময়, নিজৰ উদ্দেশ্যক লৈ সন্দেহ, দ্বায়িত্বৰ হেঁচাত আৱদ্ধ হৈ পৰা ইত্যাদি৷ আপুনি যি বাধাৰ সন্মুখীন হৈছে সেয়া তাৰ আচল ৰূপ নহ’বও পাৰে৷

আপুনি প্ৰতিৰোধক ভয় হিচাপেও অনুভৱ কৰিব পাৰে৷ কামটোত সফল নোহোৱাৰ ভয়, টকা-পইচা নথকাৰ ভয়, মানুহে হঁহাৰ ভয়, জীৱনত একো কৰিব নোৱাৰাৰ ভয় আৰু আন সকলো ধৰণৰ ভয়৷

প্ৰতিৰোধে কামৰ পৰা আতৰাই ৰাখিবৰ বাবে আপোনাক যিকোনো কথা ক’ব- মিছা মাতিব, কাহিনী সাজিব, লোভ দেখুৱাব, মোহ জগাব, কামটো কৰা বাদ দিবলৈ আপোনাক মান্তি কৰিব আৰু আৰামেৰে থাকিবলৈ জোৰ কৰিব৷

কেনেকৈ গম পাব যে আপুনি প্ৰতিৰোধৰ সন্মুখীন হৈছে?

আপুনি যদি প্ৰতিৰোধৰ সন্মুখীন হৈছে সেয়া আপুনি সহজে কিছুমান চিনৰ জৰিয়তে দেখিবলৈ পাব৷ জীৱনৰ কৰিবলগীয় কামবোৰ আপুনি পিচলৈ থৈ গৈ থাকে, কাম নকৰাকৈ থাকিবলৈ আপুনি কিবা নহয় কিবা এটা অজুহাত সদায় বিচাৰি পায়, আপোনাৰ মনত কেতিয়াও আপুনি কৰা কামৰ গুণগতমান যথেষ্ট নহয়, আপুনি সকলো প্লেন কৰি লৈছে কিন্তু কামটো আপোনাৰ কৰা নহয়গৈ, আপোনাৰ কাম কৰা হোৱা নাই বাবে খঙ উঠি থাকে, আপোনাৰ আত্মসন্মান কমি যোৱা যেন ভাব হৈছে ইত্যাদি৷  যদি আপুনি এইবোৰৰ মুখামুখি হৈছে, তেন্তে হয়তো আন কোনোবাই আপোনাক বাধা দিয়াৰ সলনি সেই ক্ষেত্ৰত থকা প্ৰতিৰোধেহে আপোনাক এনেদৰে বাধা দি আছে৷

আটাইতকৈ কম বাধাৰ পথটি নল’ব

গছত ওলমি থকা ফলবোৰৰ ভিতৰত আটাইতকৈ তলত থকা ফলটো বেছি পকা বুলি আমাৰ মগজুৱে আমাক বিশ্বাস জন্মাব খোজে৷ সেইবাবে নিজকে আৰু বেছি ভাল কৰি তুলিবলৈ কিতাপ এখন পঢ়াতকৈ টিভিৰ সন্মুখত বহি থকাটো বেছি সহজ আৰু সেয়ে আমি তাকে কৰোঁ৷ অফিচত কষ্ট কৰি উন্নত মানৰ কাম কৰাতকৈ কেৱল অফিচৰ সময়খিনি পাৰ কৰাটো বেছি সহজ৷ এনেদৰে জীৱনৰ প্ৰায়বোৰ কথাতে আটাইতকৈ কম বাধাৰ পথটি ল’বলৈ আমি প্ৰলোভিত হও৷

আটাইতকৈ কম বাধাৰ পথটো লোৱাটো আপোনাৰ অভ্যাস হৈ পৰিব পাৰে৷ তেতিয়া আপুনি সকলো সিদ্ধান্ত আটাইতকৈ সহজ, আটাইতকৈ সুখকৰ বা আটাইতকৈ কম দুখ কষ্ট ক’ত আছে তাৰ ওপৰত নির্ভৰ কৰিহে ল’বলৈ আৰম্ভ কৰিব, যিটো আপোনাৰ বাবে আটাইতকৈ ভাল পথ নহ’বও পাৰে৷ তেতিয়া আপুনি সদায় সংগ্ৰামৰ পথটোৰ পৰা আতৰি থাকিব আৰু সংগ্ৰাম অবিহনে আপুনি কেনেকৈ যি হ’ব খোজে, আৰু আগতকৈ ভাল হ’ব পাৰিব? সংগ্ৰামৰ জৰিয়তেহে আমাৰ জীৱনে বৃদ্ধি আৰু অগ্ৰগতি লাভ কৰিব পাৰে৷

অসুবিধা আৰু সংগ্ৰামৰ লগত বন্ধুত্ব

সাধাৰণ বা মধ্যমীয়া নহ’ব৷ অসাধাৰণ হ’বলৈ অলপ চেষ্টা কৰোঁ আহক৷  অসুবিধা আৰু সংগ্ৰামে আপোনাৰ মনৰ সীমা, কাম কৰিব পৰা সীমাক বহুত বহল কৰি তুলিব৷ অসুবিধাবোৰেহে আপোনক বাধ্য কৰায় আগতকৈ ভাল হ’বলৈ৷  প্ৰত্যাহ্বানৰ সন্মুখীন হলেহে আপুনি নিজকে আৰু ভাল কৰি তুলিব, নতুন নতুন স্কিল শিকিব, নতুন নতুন দৃষ্টিভংগী গ্ৰহণ কৰিব, নিজক সীমাবদ্ধ কৰি ৰখা সীমাবোৰ ঠেলি বহল কৰিব৷

কিবা এটা কাম কৰিবলৈ যদি আপুনি ভয় খায়, তেন্তে আপুনি খাটাং হ’ব পাৰে যে সেই কামটো আপুনি কৰিবই লাগিব নিজৰ বিকাশৰ বাবে, নিজৰ আত্মাৰ বৃদ্ধিৰ বাবে৷ কিয়? কাৰণ যদি কথাটো আমাৰ বাবে গুৰুত্বপর্ণ নহ’লহেঁতেন তেন্তে আপুনি কোনো ধৰণৰ প্ৰতিৰোধৰ সন্মুখীন নহ’লহেঁতেন৷

jon-tyson-2TzSuQZOHe4-unsplash

কি কৰিব পাৰি?

জীৱনৰ নানা কামত, বিভিন্ন সময়ত আপুনি প্ৰতিৰোধ বা বাধাৰ সন্মুখীন হ’বই৷ এইবোৰ কিন্তু আপুনি অতিক্ৰম কৰিবই লাগিব কাৰণ তেতিয়াহে আপুনি বিচৰা ফলাফল আপুনি পাব, আপুনি কৰিব বিচৰা কামবোৰ আমি কৰিব পাৰিব৷ তেনেহ’লে কেনেদৰে আপুনি এই প্ৰতিৰোধৰ মুখামুখি হ’ব পাৰে আৰু সেই সংগ্ৰামত জয়ী হ’ব পাৰে?

কামবোৰ কৰিবলৈ আৰু বেছি সুবিধা হ’ব যদি আপুনি তাৰবাবে স্থান আৰু সময় দুয়োটাই ঠিক কৰি লয়৷ কামবোৰ কৰবাত লিখি লওক৷ এখন নোটবুক, বহী এখন, টু ডু লিষ্ট এপ এটা বা কম্পিউটাৰৰ এটা নোটপেড বা ৱর্ড ফাইল এটাত আপুনি কৰিবলগীয়া কামবোৰ লিখি লওক৷ এতিয়া তাৰপৰা আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কাম এটা বাচি লওক৷ ঠিক কৰি লোৱা স্থান আৰু সময়মতে সেই আটাইতকৈ গুৰুত্বপূর্ণ কামটো কৰা আৰম্ভ কৰক৷ তেতিয়ালৈকে নৰ’ৱ যেতিয়ালৈকে আপুনি সেইদিনাৰ বাবে ঠিক কৰি লোৱা ফলাফলটো লাভ নকৰে৷

প্ৰতিৰোধৰ মুখামুখি হ’লে ইয়াৰ লগত হোৱা সংগ্ৰামত জয়ী হ’বলৈ বহুত কিবা কিবি কৰিব পাৰি কিন্তু ষ্টিভেন প্ৰেচফিল্ড নামৰ প্ৰখ্যাত লিখকজনৰ এই উপদেশটো আমাৰ সকলোৰে কামত আহিব৷ প্ৰতিৰোধৰ লগত জয়ী হ’বলৈ ই এক মকৰধ্বজ৷

তেওঁ নিজৰ দৈনন্দিন কামকাজৰ তালিকাখনৰ কথাৰে উপায়টো প্ৰকাশ কৰিছে৷ ৰাতিপুৱা শুই উঠি, কাপোৰ-কানি পিন্ধি সাজু হয়, নানা সৰু-সুৰা কাম কৰে আৰু 10.30 বজাত নিজৰ টেবুলত বহি তেওঁ চাৰি ঘন্টা ধৰি লিখে৷ তেওঁৰ বাবে তেওঁ যি লিখিলে সেয়া কেনেকুৱা, তাৰ কিবা মূল্য আছে নে নাই, সেয়া তেওঁ কিতাপ হিচাপে প্ৰকাশ কৰিব নে নাই সেই কথাবোৰ গুৰুত্বপূর্ণ নহয়৷ গুৰুত্বপূর্ণ কথাটো হ’ল সেইদিনাখন তেওঁ প্ৰতিৰোধৰ বিপক্ষে যুদ্ধ কৰিলে আৰু সেই যুদ্ধত জয়ী হ’ল৷

আপুনি যদি একেটাই কাম কৰে আৰু বছৰটোৰ মাত্ৰ আধাসংখ্যক দিনতহে আপুনি ভাল মানৰ লিখা লিখে তেতিয়াও কিন্তু ই আপোনাক এক ভাল লিখক হোৱাত আৰু ভাল কিতাপ লিখাত সহায় কৰিব৷ কেইবছৰমানৰ ভিতৰতে আপুনি যথেষ্ট আৰু উল্লেখনীয় কাম কৰিব পাৰিব৷ তেনেদৰে প্ৰতিদিনে যদি আপুনি আপোনাৰ ব্যক্তিগত, সামূহিক কাম অথবা আপোনাৰ দ্বায়িত্বত থকা কার্যালয়ৰ কামবোৰ কৰাৰ সংগ্ৰামত ব্ৰতী হয় আৰু সদায় সময়ত হাজিৰ হৈ নিজৰ কৰিবলগীয়া কামবোৰ কৰি যায়, এইবোৰ গোট খাই বছৰৰ শেষত বহুতখিনি কাম কৰা হ’ব৷ ফলাফল আৰু ভাল হ’ব যদি আপুনি পৰিকল্পনা কৰি এই কামবোৰ কৰাত লাগি যায়৷

প্ৰয়োজন হোৱা আন এটা গুণ

প্ৰতিৰোধৰ মুখামুখি হৈ সেই যুঁজত জয়ী হ’বলৈ আমাক অলপ ধৈর্য লাগিব৷ কাৰণ প্ৰতিদিনে ইমানবোৰ মনোযোগ হৰণকাৰী বস্তু আৰু কথাৰ পৰা নিজকে বচাই  কৰিবলগীয়া কামবোৰ কৰি যোৱাটো সহজ কথা নহয়৷ তাতে আমাৰ মনোযোগ দিব পৰা সময়ৰ পৰিমাণো কমি আহি আছে আৰু আমি অনবৰতে দেখি থকা লোকসকল তাৎক্ষণিক পৰিতৃপ্তিত ব্যস্ত৷ তেনে এক পৰিবেশত নিজৰ কামত লাগি থকাটো সকলোৰে বাবে সম্ভৱ নহয়৷ আপুনি যদি নিজৰ কাম কৰি যাব পাৰে, প্ৰতিৰোধৰ লগত প্ৰতিদিনে যুদ্ধ কৰি বেছিভাগ সময়ত জয়ী হ’ব পাৰে, তেন্তে আপুনি কৰিব বিচৰা কামবোৰ ডাঙৰকৈ আৰু বিচৰা ফলাফলৰে সৈতে আপুনি কৰিব পাৰিব৷ কোনেও আপোনাক ৰখাব নোৱাৰিব৷ মনক কর্ষণ কৰি তেনে এটা মন তৈয়াৰ কৰি লোৱাটো আমাৰ বাবে বর্তমান এক প্ৰধান কাম৷ কৰিব পাৰিলে আমিও সময়ক জয় কৰা কিছুমান এনে কাম কৰিব পাৰিম যিয়ে আমাক সুখ, শান্তি, সন্তুষ্টি দিয়াৰ লগতে কামেৰে নিজৰ নাম অমৰ কৰি যাবলৈ আমাক সুবিধা দিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *