বেছি ভালদৰে কাম কৰাৰ আৰু অর্থপূর্ণ কিবা এটা সৃষ্টি কৰাৰ প্ৰক্ৰিয়াটো

florian-wehde-4PaBB8Bl_8Q-unsplash

আপুনি যেতিয়া কাম এটা বেছি ভালদৰে কৰিব বিচাৰে আৰু কিবা এটা অর্থপূর্ণ সম্পন্ন কৰিব বিচাৰে তেতিয়া আপুনি কি কৰে? কিবা পদ্ধতি, কিবা এনে টেকনিক আছে নেকি যিয়ে আপোনাক বেছি ভালদৰে কাম কৰাত আৰু অর্থপূর্ণ কাম কৰাত সহায় কৰিব পাৰে? এনে এটা প্ৰক্ৰিয়া থাকিব পাৰেনে যিয়ে আপোনাক সকলো কাম খুব ভালদৰে কৰাত সহায় কৰিব আৰু তাৰ লগতে অর্থপূর্ণ কাম কৰি আপোনাৰ লিগেচী এটা সৃষ্টি কৰিবলৈ সহায় কৰিব?

কি কৰিব পাৰি সেয়া জনাৰ আগতে তেনে কৰাত সহয়া কৰিব পৰা এটা থিয়ৰীৰ কথা জানো আহকচোন৷ আর্ণো ৰাফেল মিনকিনেন এজন ফিনিশ-আমেৰিকান ফটোগ্ৰাফাৰ৷ 2004 চনত তেওঁ নিউ ইংলেণ্ড স্কুল অব ফটোগ্ৰাফীত দিয়া এক ভাষণত এক আকর্ষণীয় থিয়ৰীৰ কথা উল্লেখ কৰিছিল৷

হেলচিংকি বাছ ষ্টেচন থিয়ৰী

“চহৰৰ মাজমজিয়াত থকা বাছ ষ্টেচনটোত বর্গাকাৰ আকৃতিত প্ৰায় দুই ডজন প্লেটফর্ম সজোৱা হৈছিল৷ প্ৰতিখন প্লেটফর্মৰ মূৰত সেই প্লেটফর্মৰ পৰা যাত্ৰা আৰম্ভ কৰা বাছবিলাকৰ নম্বৰবোৰ লিখা আছিল৷ ধৰি লওক বাছ নম্বৰবোৰ আছিল 21, 71, 58, 33 আৰু 19৷ বাছবিলাকে যাত্ৰা আৰম্ভ কৰি চহৰৰ পৰা বাহিৰলৈ ওলাই যাওতে প্ৰায় এক কিলোমিটাৰ  মান একেটা পথেৰে গতি কৰে আৰু নিজৰ পথে পথে বাট ষ্টপবোৰত ৰৈ ৰৈ যায়৷

ধৰি লোৱা প্ৰতিটো বাছ ষ্টপেই এজন ফটোগ্ৰাফাৰৰ জীৱনৰ একোটা বছৰক প্ৰতিনিধিত্ব কৰে৷ গতিকে যাত্ৰাৰ তৃতীয়টো বাছ ষ্টপে ফটোগ্ৰাফী কামৰ তৃতীয়টো বছৰক বুজায়৷ ধৰি লৈছো তুমি 3 বছৰ ধৰি নগ্ন মডেলৰ প্লেটিনাম ছবিত কাম কৰি আছা৷ ইয়াক আমি বাছ নম্বৰ 21 বুলি কম৷

সেই তিনিবছৰৰ কাম লৈ তুমি বষ্টনৰ মিউজিয়াম অব ফাইন আর্টছলৈ গ’লা৷ তাৰ তত্ত্বাৱধায়ক/অধ্যক্ষই তোমাক সুধিলে তুমি আর্ভিং পেনৰ নগ্ন ছবিবোৰৰ বিষয়ে জানানে৷ তেওঁৰ বাছ নম্বৰ 71 এ একেটা পথেৰে গতি কৰিছিল৷ বা তুমি সেই তিনিবছৰৰ কাম পেৰিছৰ এক গেলেৰীলৈ লৈ গ’লা যত তেওঁলোকে তোমাক বিল ব্ৰাণ্ডট্‌ কামৰ কাম চাবলৈ মনত পেলাই দিলে যাৰ বাছ নম্বৰ আছিল 58৷ বিস্মিত হৈ তুমি গম পালা যে তুমি তিনিবছৰ ধৰি যি কাম কৰি আছিলা সেয়া আনে আগতেই কৰি থৈ গৈছে৷

গতিকে তুমি বাছৰ পৰা নামি তৎক্ষণাত এখন টেক্সি ধৰি, কাৰণ সময় কম, আকৌ বাছ ষ্টেচনটোলৈ ঘূৰি আহিলা আন এক পেল্টফর্ম বিচাৰি৷

এইবাৰ তুমি আন এক ধৰণৰ ছবিৰ কামত লাগিলা (8 x 10 জোখৰ সাগৰৰ পাৰত শুই থকা মানুহৰ ৰঙীন ছবি) আৰু তিনিবছৰ সময় আৰু বহুত টকা-পইচা তাত খৰছ কৰিলা আৰু বহুখিনি কাম সম্পন্ন কৰিলা যাৰ বিষয়ে তুমি আকৌ একেধৰণৰ মন্তব্য শুনিবলগীয়া হ’ল৷ তুমি ৰিচার্ড মিচৰাকৰ কামৰাজি দেখা নাইনেকি?

গতিকে আকৌ এবাৰ তুমি বাছৰ পৰা নামি গ’লা, টেক্সি ধৰি বাছ ষ্টেচনলৈ ঘূৰি আহিলা আৰু নতুন এক প্লেটফর্ম বিচাৰি ল’লা৷ এই ঘটনা তোমাৰ গোটেই সৃষ্টিশীল জীৱনটোতে ঘটি থাকে- নতুন কাম দেখুওৱা আৰু আনৰ লগত তোমাৰ তুলনা কৰা৷ ”

ইয়াৰ উপায় কি? কি কৰা উচিত?

মিনকিনেনৰ মতে, “বৰ সহজ৷ বাছখনতে থাকা, বাছখনৰ পৰা নানামিবা৷ কাৰণ যদি তুমি বাছখনতে থকা সময়ত তুমি পার্থক্য দেখিবলৈ আৰম্ভ কৰিবা৷”

তেওঁ আকৌ কয়, “হেলছিংকিৰ পৰা বাহিৰলৈ ওলাই যোৱা বাছবোৰ একেটা পথতে থাকে কিন্তু মাত্ৰ অলপ সময়ৰ বাবে- কেতিয়াবা মাত্ৰ এক বা দুই কিল’মিটাৰৰ বাবেহে৷ তাৰপিছত সেইবোৰ ইখন সিখনৰ পৰা আতৰ হ’বলৈ আৰম্ভ কৰে আৰু বেলেগ বেলেগ নম্বৰৰ বাছবোৰে নিজস্ব অনন্য গন্তব্যস্থানলৈ গতি কৰে৷ Á33 নম্বৰ বাছখনে উত্তৰলৈ যায়, 19 নম্বৰখন দক্ষিণ-পূৱলৈ৷ হয়তো 21 নম্বৰ আৰু 71 নম্বৰ বাছদুখন একে পথতে অলপ সময় গতি কৰে কিন্তু অলপ সময়ৰ পিছতে দুয়োখন পৃথক হৈ পৰে৷ আর্ভিং পেনে আন এক ঠাইলৈ গতি কৰি আছে৷

তুমি যেতিয়া তুমি ইমান শ্ৰদ্ধা কৰা আন এজনৰ কামৰ লগত নিজৰ কামৰ পার্থক্য দেখা পাবলৈ আৰম্ভ কৰা, তাৰ পিছত তুমি তোমৰ বিৰাট সাফল্য অর্জনকাৰী সেই ক্ষণটো বিচাৰিব লাগিব৷ হঠাতে তোমাৰ কাম সকলোৱে মন কৰিবলৈ আৰম্ভ কৰিব৷ এতিয়া তুমি নিজৰ কাম বেছিকৈ কৰিবলৈ আৰম্ভ কৰিছা আৰু তোমাৰ কাম আৰু ইয়াক প্ৰভাৱিত কৰা কামৰ আৰু বেছিকৈ পার্থক্যৰ সৃষ্টি কৰিবা৷ তোমাৰ দর্শন বা দৃষ্টি ৰূপ ল’বলৈ আৰম্ভ কৰিব৷ যিমানে বছৰ পাৰ হ’ব সিমানে তোমাৰ কামৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু সোনকালেই সমালোচকসকলে তোমাৰ কামলৈ মন কৰিবলৈ আৰম্ভ কৰিব, অকল আনৰ লগত তোমাৰ কামৰ পার্থক্যই নহয়, বৰঞ্চ তুমি আৰম্ভনিতে কৰা কামবোৰো তেওােঁলকে লক্ষ্য কৰিব৷

এতিয়া তুমি বাছৰ গোটেই পথটোকেই লাভ কৰিবা৷ যেতিয়া তোমাৰ শিল্পী হিচাপে কেৰিয়াৰ শেষ হ’ব বা যেতিয়া তোমাৰ মৃত্যু ঘটিব তেতিয়া তোমাৰ সকলো কাম, আৰম্ভণিৰ কাম, মাষ্টাৰপিচ, ভাল-বেয়া সকলোবোৰ তোমাৰ বিশেষ দিগন্তপ্ৰসাৰী দৃষ্টিৰ চাপসহ তোমাৰ সন্মুখত থাকিব৷

কিয়? কাৰণ তুমি বাছৰ পৰা নানামিলা৷”

তেন্তে কি কৰিলে আপুনি অর্থপূর্ণ কাম কৰিব পাৰিব?

brunel-johnson-En3dXXE2-GA-unsplash

কেৱল অবিৰত কাম?

আপুনি অবিৰতভাৱে (অবিচলিতভাৱে) কাম কৰি যাব লাগিব৷ কিন্তু ইয়াতে এটা প্ৰশ্ন উঠিবই৷ অকল অবিৰাম কাম কৰি গলেই আপুনি নিজৰ ক্ষেত্ৰত, নিজৰ কলাত, নিজৰ শিল্পত শিখৰত উপনীত হ’ব পাৰিব নে?

ইয়াৰ উত্তৰটো আপুনি ভবাৰ নিচিনা নহয়৷ উত্তৰটো হ’ল- নোৱাৰে৷ তাতোকৈ অলপ বেলেগ কিবা এটা লাগিব, অলপ বেছি কিবা এটা লাগিব৷ কেৱল একেৰাহে অবিৰতভাৱে কাম কৰি গ’লেই আপুনি সফল নহ’বও পাৰে, অর্থপূর্ণ কাম এটা কৰিব নোৱাৰিবও পাৰে৷ অবিৰতভাৱে কাম কৰিব পৰা সামর্থ্য আৰু ইচ্ছা লাগিব কিন্তু অকল ইয়েই যথেষ্ট নহবও পাৰে৷ উদাহৰণ স্বৰূপে,

  • আপুনি প্ৰায় প্ৰতিদিনে কম্পিউটাৰটো ব্যৱহাৰ কৰে, কিন্তু তাৰ ফলত আপুনি এজন লিখক হৈ উঠা নাই বা কম্পিউটাৰ প্ৰগ্ৰেমিঙত এক্সপার্ট হৈ উঠা নাই৷
  • আপুনি ক্ৰিকেট বা টেনিচ বহুবছৰ ধৰি খেলি আছে বা আছিল৷ কিন্তু তাৰ ফলত আপুনি ক্ৰিকেট বা টেনিচত এক্সপার্ট হৈ যোৱা নাই, দেশৰ কাৰণে খেলিবলৈ টিমত ঠাই পোৱা নাই৷
  • আপুনি সদায় টিভি চাওতে ঘন্টাৰ হিচাপত সময় কটায়, কিন্তু সেইবাবেই আপুনি কিন্তু এক্টিং, ডাইৰেকচন, বা টিভি প্ৰগ্ৰেম আদিৰ ক্ষেত্ৰত বিশেষজ্ঞ হৈ উঠা নাই৷

আপুনি যদি অর্থপূর্ণ কাম কৰিব বিচাৰে, কামবোৰৰ গুণগত মান ভাল কৰিব বিচাৰে, একেৰাহে কাম কৰি থকাৰ লগতে আপোনাৰ আৰু কিবাও লাগিব৷ যি কাম কৰিব বিচাৰে তাত গুৰুত্ব দিব লাগিব, তাৰ লগৰ অন্য কামবোৰ কৰাত নহয়৷  1000 টা কাম এবাৰ এবাৰ কৰাৰ সলনি আপুনি এটা কামকে 1000 বাৰ কৰিব লাগিব৷

একেৰাহে এটা কাম কৰি থকাটো

যিটো কামত আপুনি ভাল হ’ব বিচাৰিছে, যিটো কাম খুব ভাল গুণগত মান সহকাৰে আপুনি কৰিব বিচাৰিছে, যদি অর্থপূর্ণ কাম এটা কৰিব বিচাৰিছে তেন্তে আপুনি একেটা কামকে 100, 200 বা 1000 বাৰ কৰিব লাগিব৷ নানাধৰণৰ কামত যদি আপুনি ফ’কাছ কৰে তেন্তে তেনে ফলাফল আপুনি লাভ কৰিব নোৱাৰিব৷

আপুনি এটা কামকে যেতিয়া বাৰে বাৰে কৰি থাকিব, তেতিয়া আপুনি কামটো আশ্চর্যজনক মান সহকাৰে কৰিবলৈ সমর্থ হ’ব৷ আনকনচিয়াচ কম্পিটেনচৰ যি পর্যায় সেয়া আপুনি গম নোপোৱাকৈ নিজে নিজে লাভ কৰিব এইদৰে কাম এটা 100, 200 বা 1000 বাৰ কৰিআৰু এনে আনকনচিয়াচ কম্পিটেনচ লাভ কৰাৰ উপায় সেইটোৱে৷

ইচ্ছাকৃত অভ্যাস

কাম এটাত ভাল হ’বলৈ আৰু অবিশ্বাস্য গুণগতমানৰ সৈতে ইয়াক কৰি সম্পন্ন কৰিবলৈ হ’লে, কিবা এটা কাম এনেয়ে কৰি যোৱাতকৈ আপুনি ইচ্চাকৃতভাৱে কাম এটা অভ্যাস কৰিব লাগিব৷ ইচ্ছাকৃত অভ্যাসৰ জৰিয়তেহে কাম এটাৰ কোৱালিটি বঢ়াই গৈ থকাটো সম্ভৱ৷ নিজৰ লিগেচী এৰি থৈ যোৱাৰ যদি আপোনাৰ পৰিকল্পনা আছে, মানুহে যদি আপোনাক পিছলৈও মনত ৰখাটো আপুনি বিচাৰিছে তেন্তে সেয়া আপুনি কৰিব পাৰিব আপোনাৰ কামৰ দ্বাৰা, যি কামবোৰ হ’ব ডাঙৰ আৰু অত্যন্ত উচ্চখাপৰ গুণগতমানৰ৷ তেনে কাম কৰাটো সম্ভৱ একমাত্ৰ ইচ্ছাকৃত অভ্যাসৰ দ্বাৰাহে৷ কোনেও জোৰকৈ আপোনাৰ দ্বাৰা সেয়া কৰাব নোৱাৰে৷ আপুনি মাত্ৰ আধা মন দি কাম কৰি তেনে কাম কৰিব নোৱাৰে৷ ইচ্ছাকৃত অভ্যাস কৰিলেহে আপুনি কাম এটাৰ গুৰুত্বপূর্ণ অংশবোৰত গুৰুত্ব দিব পাৰিব, প্ৰয়োজনীয় স্কিলবোৰ শিকিব পাৰিব আৰু কামবোৰ এনে গুণগতমান সম্পন্ন কৰিব পাৰিব যিয়ে কিবা এটা অতুলনীয় কাম কৰাত আপোনাক সহায় কৰিব আৰু ই আপোনাৰ নাম ভবিষ্যতলৈও ৰাখি থৈ যাব৷

মন গ’লেও বাছখনৰ পৰা নামি নিদিব৷ আন কোনোবাই আপোনাৰ কাম ভাল নহয় বুলি কলেও বা আন কাৰোবাৰ লগত মিল দেখা পালেও বাছখনৰ পৰা নামি নিদিব৷ আপুনি যি কাম কৰিছে তাতে এই কথাকেইটা মনত ৰাখি কাম কৰি গ’লে সোনকালেই আপুনি উঠি থকা বাছখনৰ পথটো বেলেগ হ’ব আৰু আনেও এটা সময়ত সেয়া দেখা পাব৷ কেতিয়াবা হয়তো তাৰবাবে অলপ সময় লাগিব পাৰে, কেতিয়াবা গোটেই জীৱনভৰ কাম কৰিহে তেনে অৱস্থা এটা পোৱাটো সম্ভৱ হ’ব পাৰে৷ কোনো কথা নাই, শেষত হলেও যদি আপুনি গম পায় যে আপুনি সঠিক আছিল আৰু আনে আপোনাৰ এক নির্দিষ্ট, আনতকৈ পৃথক পথ দেখা পায় সেয়াও আপোনাৰ লিগেচী সৃষ্টি কৰাৰ বাবে যথেষ্ট৷ ই কেৱল শিল্পী, যেনে লিখক, অভিনেতা, গায়কসকলৰ বাবে নহয়, ই সকলোৰে বাবে৷ সকলোৱে ইয়াক অনুসৰণ কৰি একে ফলাফল লাভ কৰিব পাৰে৷

এই প্ৰক্ৰিয়াটো বুজি পালে আৰু এই ষ্টেপকেইটা অনুসৰণ কৰিব পাৰিলে আপুনি অর্থপূর্ণ কাম কৰিব পাৰিব, বেছি ভাল কৰিব পাৰিব আৰু সেইবোৰৰ জৰিয়তে নিজৰ নামটো যাউতিযুগীয়া কৰি থৈ যাব পাৰিব, যাৰ ফলত আনে আপোনাক আপুনি নোহোৱা হৈ যোৱাৰ বহু পিছলৈও মনত ৰাখিব৷ এই প্ৰক্ৰিয়াটো সহজ-সৰল আৰু আপুনি ইয়াক অনুসৰণ সহজেই কৰিব পাৰিব, মাত্ৰ তেনে কৰাৰ এটা মন আৰু ইচ্ছা আপোনাৰ থাকিব লাগিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *