নায়কৰ যাত্ৰা

aneta-ivanova-tPKQwYHy8q4-unsplash

নায়কৰ যাত্ৰা৷ ই সকলোতে বিদ্যমান৷ ধর্মপ্ৰচাৰক বা গুৰুসকলৰ জীৱনতো এয়া দেখা যায়৷ বুদ্ধ, হজৰত মহম্মদ বা যীশু খ্ৰীষ্ট বা মজেজ সকলোৰে জীৱনত এয়া দেখা যায়৷ পৌৰাণিক কাহিনীত এয়া দেখা যায়৷ হাৰকিউলিচ হওক বা ৰাম হওক বা পাণ্ডৱ হওক সকলোৰে জীৱনত এনে হোৱা দেখা যায়৷ আনকি বুৰঞ্জীয়ে ঢুকি পোৱা সময়তো ৰজা-মহাৰজাৰ জীৱনতো এই যাত্ৰা আপুনি দেখিবলৈ পাব৷ ৰাণা প্ৰতাপ, আকবৰ, বাবৰ, শ্বেৰশ্বাহ, শিৱাজী, লাচিত বৰফুকন সকলোৰে জীৱনত এই যাত্ৰাৰ ভিন্ন ৰূপ আপুনি দেখিবলৈ পাব৷ আটাইতকৈ আকর্ষণীয় কথা হ’ল ই আপোনাৰ জীৱনতো বিদ্যমান৷

কি এই নায়কৰ যাত্ৰা?

প্ৰথমতে কাহিনী আৰম্ভ হোৱাৰ সময়ত, প্ৰথম পর্যায়ত নায়কে সাধাৰণ পৃথিৱীত বাস কৰে৷ এয়া এক সুৰক্ষিত স্থান যত আমি দেখিবলৈ পাম নায়কজনৰ চাৰিত্ৰিক  বৈশিষ্ট্য, সামর্থ, প্ৰকৃতি আৰু জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী৷ তেওঁ আমাৰ মাজৰে এজন মানুহ৷ দ্বিতীয় পর্যায়ত তেওঁ লাভ কৰে দুঃসাহসিক কামৰ বাবে আহ্বান৷ এই আহ্বান তেওঁৰ পৰিয়ালৰ প্ৰতি বিপদ, ভাবুকি, তেওঁৰজীৱন-ধাৰণৰ প্ৰণালীৰ প্ৰতি ভাবুকি বা সমাজৰ প্ৰতি ভাবুকিৰ ৰূপত আহিব পাৰে৷ ই কাৰোবাৰ লগত কথা-বতৰা, এটা ফোনকল, কাজিয়া, মৰামৰি বা আন যিকোনো ৰূপতে আহিব পাৰে৷ নায়কজন এক প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেইবাবে তেওঁ এক যাত্ৰাৰ আৰম্ভণি কৰিবলগীয়া হয়৷ কিন্তু আমাৰ নায়কজনে প্ৰথমবাৰ সেই আহ্বানটো নাকচ কৰে৷ এয়া তৃতীয় পর্যায়৷ ব্যক্তিগত সামর্থৰ ওপৰত সন্দেহ, নিজৰ ওপৰত বিশ্বাস নথকা, খুব মৰমৰ কাৰোবাৰ বাবে ভয় বা অন্যান্য কাৰণত তেওঁ এই আহ্বানটো আওকাণ কৰিবলৈ চেষ্টা কৰিব পাৰে৷ কিন্তু এই আহ্বান আওকাণ কৰি তেওঁ কষ্টত আৰু অশান্তিত ভূগিবলগীয়া হয়৷ আমাৰো হয়তো একে অৱস্থাই হয় বা হ’লহেঁতেন৷ এইটো এটা বৰ গুৰুত্বপূর্ণ সময়৷ চতুর্থ পর্যায় মেন্টৰক বা পথ প্ৰদর্শকক লগ পোৱাটো৷ এই মেন্টৰে তেওঁৰ পথ দেখুওৱাৰ লগতে কিবা এটা বস্তু তেওঁক দিব পাৰে যি বস্তুটো খুব দৰকাৰী কিবা এটা বস্তু বা স্কিল বা ট্ৰেইনিং বা পৰামর্শ বা আত্মবিশ্বাস যিকোনো হ’ব পাৰে৷ নায়কৰ সন্দেহ, ভয় দূৰ কৰি তেওঁক নিজৰ যাত্ৰা আৰম্ভ কৰিবলৈ ই সাহস আৰু শক্তি প্ৰদান কৰে৷

দূৱাৰদলি পাৰ কৰা হ’ল পঞ্চম পর্যায়৷ নায়কে এতিয়া নিজৰ যাত্ৰা আৰম্ভ কৰে৷ এই যাত্ৰা শাৰীৰিক, মানসিক বা আধ্যাত্মিক যিকোনো ধৰণৰ হ’ব পাৰে৷ এই দূৱাৰদলি হ’ল জনা পৃথিৱী আৰু নজনা বা অজ্ঞাত পৃথিৱী এখনৰ৷ ই হ’ব পাৰে নায়কে ভয় কৰা কিবা এটা কাম কৰা বা ঘৰৰ পৰা প্ৰথমবাৰৰ বাবে বাহিৰলৈ ওলাই যোৱা বা আন কিবা৷ ই এটা বৰ গুৰুত্বপূর্ণ কথা কাৰণ ই নায়কৰ যাত্ৰাটোৰ প্ৰতি থকা কমিটমেন্টক সূচায়৷ পৰীক্ষা, বন্ধু, শত্ৰু আদি আহে ষষ্ঠ পর্যায়ত৷ নিজৰ চিনাকি পৰিবেশৰ পৰা বাহিৰ ওলাই আহি নায়কে নানা ধৰণৰ পৰীক্ষাৰ সন্মুখীন হ’ব যিবোৰে তেওঁক নানা ধৰণে পৰীক্ষা কৰি চাব৷ নানা ধৰণৰ সমস্যা, বাধা, তেওঁক অন্যায় কৰিব খোজা মানুহ ইত্যাদি আহি তেওঁৰ সন্মুখত উপস্থিত হ’বহি৷ নায়কে নিজৰ শক্তি, সামর্থ, সাহসেৰে এই সকলোবোৰৰ লগত যুঁজি এইবোৰ অতিক্ৰম কৰিব লাগিব আৰু নিজৰ লক্ষ্যৰ পিনে ধাৱমান হ’ব লাগিব৷ এই সময়তে নায়কে নিজৰ বন্ধু আৰু শত্ৰু দুয়োকে লগ পাব৷ চিনি পোৱাটো বৰ ডাঙৰ কথা৷ বন্ধুসকলে নায়কক নিজৰ লক্ষ্যৰ পিনে অগ্ৰসৰ হোৱাত সহায় কৰিব৷ এই সময়ত নায়কৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু গুণাগুণ সকলো দেখা পোৱা যাব৷ গভীৰ গুহাৰ ভিতৰলৈ অগ্ৰসৰ হোৱাটো পৰৱৰ্তী অর্থাৎ সপ্তম পর্যায়৷ গভীৰ গুহাই সঁচাকৈ এক গভীৰ গুহা বা স্থান এটুকুৰাৰ কথা বুজাব পাৰে যত নায়কে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব৷ অথবা তেওঁ নিজৰ মনৰ ভিতৰৰ এক সাংঘাটিক আভ্যন্তৰীণ দ্বন্দ্বৰ সন্মুখীন হ’ব৷ ই হ’ল অজনা-অচীন এক ঠাইলৈ তেওঁৰ খোজ আৰু সেয়ে সেই খোজ দিয়াৰ আগতে তেওঁ সম্পূর্ণৰূপে তাৰবাবে সাজু হ’ব লাগিব৷ এই সময়ত তেওঁ আকৌ কিছুমান ভয়, শংকা, সন্দেহৰ সন্মুখীন হ’ব লগা হ’ব পাৰে৷ ইয়াৰ বাবে তেওঁ কিছু সময় ইয়াতে কটাব লাগিব পাৰে৷ এই যাত্ৰাৰ পৰৱৰ্তী পর্যায় (অষ্টম) হ’ল অগ্নিপৰীক্ষা বা কঠোৰ পৰীক্ষা৷ নায়কে যাত্ৰাৰ আটাইতকৈ টান পৰীক্ষাটোৰ সন্মুখীন হয় এই সময়ত৷ এই সময়ছোৱা নায়কৰ বাবে আটাইতকৈ কঠিন, অন্ধকাৰ সময়৷ তেওঁৰ আটাইতকৈ ডাঙৰ ভয়ৰ সন্মুখীন নায়কে হ’ব লাগে এই সময়তে৷ কিন্তু গোটেই কাহিনীটোতে আৰু জীৱনত এই সময়ছোৱা অত্যন্ত গুৰুত্বপূর্ণ কাৰণ আমাৰ নায়কজন ইয়াৰ পৰা বাহিৰ ওলাই আহিব সম্পূর্ণৰূপে সলনি হৈ যদিহে তেওঁ ইয়াৰ পৰা ওলাব পাৰে৷ ইয়াত জয়ী হৈ বাহিৰ ওলাই আহিব পাৰিলে আমি আমাৰ নায়কক প্ৰকৃততে নায়ক বুলি ক’ব পাৰোঁ৷ নৱম পর্যায় হ’ল পুৰস্কাৰ৷ নায়কে নিজৰ কঠিন সংকট পাৰ কৰি নিজ কষ্টৰ ফল লাভ কৰে৷ তেওঁ নিজকে বুজি পায়, নিজৰ ওপৰত বিশ্বাস স্থাপন কৰিব পৰা হয়, তেওঁৰ আত্মানুসন্ধান সফল হয়৷ গভীৰ অন্ধকাৰ সুৰংগ এটাৰ শেষত যেন তেওঁ পোহৰ দেখা পায়৷ পৰৱৰ্তী পর্যায় (দশম) হ’ল পথৰ বাধা৷ সুৰংগৰ শেষত দেখা পোহৰটো যেন ভবাতকৈ অলপ বেছি দূৰত অৱস্থিত৷ নতুন নতুন সমস্যা, অসুবিধা, বিপদে দেখা দিয়ে এই সময়ত৷  একাদশ পর্যায় পুনৰুত্থান৷ নায়কে এই পর্যায়ত অন্তিম পৰীক্ষাৰ মুখামুখি হয়৷ ইমান সময়ে ঘটি থকা সকলোবোৰ ঘটনা আহি এই সময়ছোৱাত এই শেষ পৰীক্ষাটোত চৰমসীমা পায়হি৷ আকৌ এবাৰ নায়কৰ পৰীক্ষা হয় তেওঁ ভয়ানক সময় আৰু কষ্টৰ পৰা কিবা শিকিছেনে নাই৷ হাৰো হাৰো হৈ ও নায়ক এই সময়ত জিকি যায় যদিহে তেওঁ পৰীক্ষাত সফল হয়৷ দ্বাদশ বা অন্তিম পর্যায় হ’ল অমৃতৰ সৈতে পুনৰাগমণ৷ আমাৰ নায়ক ঘৰলৈ ঘূৰি আহে৷ কিন্তু তেওঁ আগৰ মানুহজন নহয়, বৰঞ্চ তাতোকৈ বহুত ভাল, নতুন এজন মানুহ৷ যাত্ৰাৰ ফলস্বৰূপে তেওঁ আগতকৈ পূর্ণবিকশিত আৰু উন্নত এক মানুহ৷ তেওঁ লৈ অহা অমৃত কিবা এটা বস্তু, জ্ঞান, অন্তর্দৃষ্টি, কাৰোবাৰ প্ৰেম, এটা সম্বন্ধ বা আন কিবা হ’ব পাৰে৷ আৰু এনেদৰে লাভ কৰা অমৃত কেৱল অকল নায়কৰে উপকাৰ নকৰে, ই আন মানুহৰো উপকাৰ কৰে, সমাজৰো উপকাৰ কৰে৷

আমাৰ জীৱনৰ লগত সম্বন্ধ

আমাৰ জীৱনতো একেটাই ঘটে৷ সমগ্ৰ জীৱনটো আপুনি লক্ষ্য কৰিলে ই আমাৰ বাবে এক যাত্ৰা৷ তেনেদৰেই জীৱনটোৰ ভিতৰৰ এটা অংশ বা কিবা এটা লক্ষ্য বা কামৰ ক্ষেত্ৰতো এই যাত্ৰাৰে পুনৰাবৃত্তি হয়৷ আমি দুটামান কথা ইয়াৰ পৰা শিকিব পাৰোঁ যিয়ে জীৱনটো ভালদৰে জীয়াই থকাত আমাক সহায় কৰিব৷ 

দুখ নকৰিব বেয়া অৱস্থাত পৰি আছে বুলি৷ সম্ভৱত এই বেয়া অৱস্থা, দুখলগা অৱস্থা আপোনাৰ বাবে এক পৰীক্ষা মাথো, হয়তো কিবা এটা শিকিবলৈ ই মাথো এক সুবিধাহে আৰু সেই পৰীক্ষা শেষ হ’লে, শিকা কামটো সম্পূর্ণ হ’লে আপুনি আপোনাৰ যাত্ৰাৰ পৰৱৰ্তী পর্যায়লৈ গতি কৰিব পাৰিব৷

জীৱনত আমাক আনৰ সহায় লাগিবই৷ সহায় কৰিব পাৰে এজন মেন্টৰ বা পথ প্ৰদর্শকে৷  মাত্ৰ তেওঁক বাচি লওতে সাৱধান হ’ব৷

জীৱনত পৰীক্ষা-নিৰীক্ষা থাকিবই৷ আপুনি মাত্ৰ হাৰ মানিব নালাগে৷ যাত্ৰাটোৰ কথা মনত পেলাই আপুনি মাত্ৰ আগলৈ গৈ থাকিবলৈ চেষ্টা কৰি থাকিলে হ’ল৷ শেষত আপুনি সলনি হ’বই- সোণ পুৰি যিদৰে উজ্বল হয়, আপুনিও তেনে হ’ব৷ আৰু সেই সোণৰ মূল্য আগতকৈ বহুত বেছি হ’ব৷

দুখন পৃথিৱী

এই যাত্ৰাত আপুনি দুখন পৃথিৱী দেখা পাব৷ এখন সাধাৰণ পৃথিৱী আৰু আনখন বিশেষ পৃথিৱী৷ হয়তো আমাৰ জীৱনৰ প্ৰধান উদ্দেশ্যই হ’ল সাধাৰণ পৃথিৱী এখনৰ পৰা (আমাৰ বাবে) অসাধাৰণ বা বিশেষ পৃথিৱী এখনলৈ গতি কৰা৷

ক’ত ক’ত কামত আহিব

আপুনি শৰীৰৰ পৰা মেদ কমাব বিচাৰিছে৷ বর্তমান অৱস্থাত আপুনি প্ৰয়োজনতকৈ অধিক শকত আৰু আপুনি নিজৰ ওজন আৰু শৰীৰৰ চৰ্বী কমাই দেখাত ভাল হ’ব বিচাৰিছে আৰু লগতে মানসিকভাৱেও শান্তি বিচাৰিছে৷ এয়া আপোনাৰ বাবে এক যাত্ৰা আৰু সমগ্ৰ যাত্ৰাটো এই কেইটা পর্যায়ৰ মাজেৰে পাৰ হৈ যাব পাৰে৷ নানা সমস্যা, বহুত কষ্টৰ মাজেৰে আপুনি হয়তো এই কামত সফল হ’ব অথবা পৰীক্ষাত অকৃতকার্য হৈ, কামটো শেষ কৰিব নোৱাৰি বিফল হ’ব৷ 

এন্ট্ৰাপ্ৰিনিউৰ বিলাকৰ জীৱনতো তেনেকুৱাই ঘটে৷ সৰু ঘটনা এটাই আপোনাৰ বাবে সেই আহ্বান ( দ্যা ক’ল) হ’ব পাৰে৷ আপুনি ধৰি লওক নতুনকৈ অনলাইনত নিজৰ ডিজাইনৰ কাপোৰ বিক্ৰী কৰা আৰম্ভ কৰিছে৷ কোনোবাই এদিন হঠতে একেলগে বিশ যোৰ কাপোৰৰ অর্ডাৰ দিলে৷ সেই সামান্য বা সৰু কথাটোৱে আপোনাৰ বাবে নিজৰ ব্যৱসায় গঢ়ি তোলাৰ, ইয়াক ডাঙৰ কৰি হৈ থকাৰ বাবে এক আহ্বান হ’ব পাৰে৷ এই আহ্বান গ্ৰহণ কৰাৰ লগে লগে এই যাত্ৰাৰ মুখ্য পর্যায়বোৰৰ আৰম্ভণি হৈ আপোনাৰ সমগ্ৰ জীৱনটোকে ই সলনি কৰি পেলাব পাৰে, আপোনাক এক সফল উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে৷

jakub-kriz-q1wd1Q2LYHc-unsplash

শেষ কথা

আমাৰ সমগ্ৰ জীৱনটো তেনেকুৱাই নহয় জানো? কেতিয়াবা আপুনি সেই আহ্বান গ্ৰহণ কৰে আৰু কেতিয়াবা নানা কাৰণত (বিশেষকৈ ভয়তে) সেই আহ্বান শুনিও আওকাণ কৰে আৰু গোটেই জীৱনটো এক অনুশোচনা মনৰ গহনত কঢ়িয়াই লৈ ফুৰে৷

সেই আহ্বান গ্ৰহণ কৰাৰ লগে লগে ই আপোনাৰ জীৱনটো সলনি কৰি পেলাই আৰু আপুনি নানা ধৰণৰ ঘটনা-পৰিঘটনাৰ মাজেৰে নির্দিষ্ট সময়ৰ শেষত সাধাৰণ পৃথিৱীৰ পৰা এক অসাধাৰণ পৃথিৱীলৈ গতি কৰে৷

এক বিশেষ পৃথিৱী বা অসাধাৰণ পৃথিৱী এখনে আপোনাৰ বাবে অপেক্ষা কৰি আছে৷ বর্তমানৰ সাধাৰণ পৃথিৱীখনৰ পৰা সেই অসাধাৰণ পৃথিৱীলৈ আপুনি যাব কিদৰে? আপোনাৰ বাবে অহা সেই আহ্বান গ্ৰহণ কৰি আৰু সেই ৰাস্তাত বিচ্যুত নোহোৱাকৈ চলি৷

আপুনি আপোনাৰ আহ্বানৰ বাবে সাজুনে?

 

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *