প্ৰেম জনমে জনমে?

tyler-nix-Pw5uvsFcGF4-unsplash

কাৰোবাক ভাল লাগিলেই সকলোৱে ভাৱে যে তেওঁ প্ৰেমত পৰিল, কিন্তু তেনে সকলোবোৰ সম্পর্ক বা ভাললগাই প্ৰেম নহয়৷ তেনেহ’লে প্ৰেম কিনো? এটা সময়ত ই নোহোৱা হৈ যায় নে কি? প্ৰেমৰ পৰৱৰ্তী পর্যায় কি? কোনোবাই প্ৰেম এইটো জনমতে বিচাৰি নাপায় আৰু আন কোনোবাই আকৌ একেজন প্ৰেমাস্পদকে জনমে জনমে বিচাৰে৷ সেয়া সম্ভৱনে?

ই নোহোৱা হৈ যায় নেকি?

প্ৰেম জীৱনভৰ বাচি থাকিব পাৰেনে? ই বাৰে বাৰে জনমে জনমে বাচি থাকিব পাৰেনে? ই নোহোৱা হৈ যায় নে ভিতৰত কৰবাত ই উমি উমি জ্বলি থাকে?

কোনোবাই কাৰোবাক ভাল পায়, বিয়া হয় আৰু তাৰ পিছত প্ৰেম নোহোৱা হৈ যায়৷ ই ৰোমান্টিক এক ধাৰণা মাত্ৰ আছিল আৰু তথাকথিত বাস্তৱতাৰ সন্মুখীন হোৱাৰ লগে লগে ই নোহোৱা হৈ যায়৷ সেয়াই নে কাৰণ? নে ই কেৱল শাৰীৰিক আকর্ষণহে আছিল যি এটা সময়ত নোহোৱা হৈ গ’ল? নে হ’ৰমনবোৰহে ইয়াৰ বাবে জগৰীয়া আছিল, যাকে দেখে আপুনি তাৰে প্ৰেমত পৰিছিল? হ’ৰমনৰ বাবেহে আপুনি প্ৰেমত পৰিছিল নেকি, মনৰ অনুভূতি বা অনুভৱৰ বাবে নহয়?

আপুনি প্ৰতি বছৰে বছৰে উন্নতি কৰি গৈ আছে, আগবাঢ়ি গৈ আছে, আপোনাৰ সংগীজনৰ বৃদ্ধি হোৱা নাই, সেই কাৰণেও প্ৰেম নোহোৱা হৈ যায় নেকি?

আপুনি কাৰোবাক ভালপাও বুলি ভাবিছিল কিন্তু সেয়া মাত্ৰ মোহচ্ছন্নতা (infatuation) হে আছিল আৰু সেয়ে এটা সময়ৰ পিছত সেয়া নোহোৱা হৈ গ’ল? নে ই সেইজনৰ লগত আপোনাৰ সেয়া আসক্তি (attachment) হে আছিল? বায়’লজিকেল এনথ্ৰ’প’লজিষ্ট হেলেন ই. ফিচাৰৰ মতে, প্ৰেম হ’ল মোহচ্ছন্নতা (infatuation), আসক্তি (attachment) আৰু যৌন লালসা (lust) ৰ সংমিশ্ৰণ আৰু ইয়াৰে এটা নাথাকিলেও আপুনি প্ৰেমৰ সম্পূর্ণ অভিজ্ঞতা লাভ নকৰে৷

নে বস্তু এটা পোৱাৰ কিছুদিন পিছত যিদৰে আমাৰ বস্তুটোৰ প্ৰতি আগৰ দৰে মৰম বা ইপ্সা নাথাকে, তেনেদৰেই যাক ভাল পোৱা বুলি ভাবিছিলোঁ তেওঁকো লাভ কৰাৰ পিছত আৰু সেই একে মৰম নাথাকেগৈ?

আপুনি প্ৰেমত পৰা উচিত আৰু সেয়ে আপুনি পৰিছিল৷ জোৰ জবৰদস্তি৷ ল’ৰাজনক বা ছোৱালীজনীক আপুনি ভালপোৱা নাছিল কিন্তু আন কাকো নাপাব বুলি, আপোনাৰ সিমানেই সামর্থ বুলি বা সময় পাৰ হৈ যাব বুলি আপুনি ভালপোৱাৰ নামটো দি সেই সংগীজনক আকোৱালি লৈছিল নেকি? যদি তেনে এক ভয়ৰ বাবে আপুনি কাৰোবাৰ লগত এক সম্পর্ক স্থাপন কৰিছিল, তেন্তে ই টিকি থাকিবনে? 

প্ৰেমৰ পৰৱৰ্তী পর্যায় বিয়া?

বহুতে ধৰি লয় যে প্ৰেমৰ লক্ষ্যস্থান যৌনতা আৰু বিয়া৷ আপুনি বিয়া পতাৰ একমাত্ৰ কাৰণ হ’ল আপোনাক কোনোবাই জোৰ কৰিছিল!

যিসকলে জনে-সিজনক ভাল পাই বিয়া হয় (লাভ মেৰেজ), তেওঁলোকে দুটামান কথা মন কৰিব লাগে৷ বিয়া এখনৰ জৰিয়তে দুজন মানুহ একেলগ হয় সামাজিকভাৱে৷ কিন্তু এই দুজন মানুহ সম্পূর্ণৰূপে পৃথক হ’ব পাৰে৷ কোনোবাই ক’ব পৃথক পৃথক হোৱাটো ভাল কথা, কোনোবাই ক’ব বেয়া কথা৷ কিন্তু প্ৰধান কথাটো হ’ল দুইজন সম্পূর্ণ বেলেগ বেলেগ হ’ব পাৰে৷ এজনৰ বিশ্বাস, মূল্যবোধ, সপোনবোৰ বেলেগ বেলেগ হ’ব৷ লগতে পচন্দবোৰ বেলেগ বেলেগ হ’ব৷ এৰাধৰা নিশ্চয় প্ৰয়োজন হ’ব৷ কিন্তু কোনে এৰাধৰা কৰিব, নে অকল ছোৱালীজনীয়েহে কৰিব? কিয়? নে অকল ল’ৰাজনে কৰিব? কিয়? দুয়োজনে কৰিব? কৰিবনে?

এজনে যদি আনজনৰ সপোন পূৰণ কৰিবলৈ বা ঘৰ চলাবলৈ নিজৰ সকলোবোৰ (বিশ্বাস, মূল্যবোধ, সপোনবোৰ) বাদ দিব লগা হয় তেতিয়া ই এটা সমস্যা হৈ পৰে৷ তেওঁৰ সপোনবোৰ কি হ’ব, তেওঁ নিজৰ বিশ্বাসবোৰ, মূল্যবোধবোৰ কিয় বাদ দিব লাগে বা সলনি কৰিব লাগে? তাৰোপৰি পুৰুষ আৰু মহিলাৰ চিন্তা কৰাৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে৷ তাৰবাবে এৰাধৰা কৰা আৰু এই পার্থক্যটো বুজি পোৱাটো সকলোৰে বাবে সম্ভৱনে?

সমলৈংগিক প্ৰেম

সমলৈংগিক প্ৰেমৰ ক্ষেত্ৰত বাকী সমস্যাবোৰতো থাকেই ইয়াৰ লগতে আন দুটা সমস্যা দেখা যায়৷ সেয়া হ’ল আইন-কানুনমতে এয়া গ্ৰহণযোগ্য হয় নে নহয়৷ যদি আইনমতে হয়ো তেতিয়াও সমাজৰ নানাজনৰ ঠাট্টা-মস্কৰা, হাঁহিয়তাৰ পাত্ৰ হোৱাৰ ভয়ৰ যি চাপ সেই চাপ এই ক্ষেত্ৰত অতিৰিক্ত ৰূপত দেখা যায়৷ ওচৰে-পাজৰে থকা মানুহ, কর্মক্ষেত্ৰত, সামাজিক অনুষ্ঠানত আন মানুহৰ ফিচিঙা-ফিচিঙি, ঠাট্টা-মস্কৰা আদি সন্মুখীন হৈ জীয়াই থকাটো বৰ টান আৰু এই ক্ষেত্ৰত বেছি সাহসৰ প্ৰয়োজন হ’ব৷ তেনে চাপৰ মুখামুখি হৈ প্ৰেম নোহোৱা হৈ যাব নেকি?

প্ৰেমৰ বাবে আত্মহত্যা?

প্ৰেমৰ বাবে আত্মহত্যা কৰিবলৈ ওলোৱা বা কৰা মানুহো কিছুমান আছে৷ ঘৰৰ মানুহে বাধা দিয়া বাবে বা সংগীজনক কিবা কৰাৰ বাবে আত্মহত্যা কৰাৰ কথাটো বুজা টান নহয়৷ কিন্তু কোনোবা এজন মানুহে (ল’ৰা বা ছোৱালীয়ে) এৰি থৈ যোৱাৰ বাবেই আত্মহত্যা কৰাৰ কথাটো কি? কোনোবাই আপুনি তেওঁৰ যোগ্য নহয় বুলি ভবা বাবেই আপুনি আত্মহত্যা কৰিব? কি কথা? প্ৰথম কথা তেওঁ যে আপোনাক তেওঁৰ যোগ্য নহয় বুলি ভাবিলে সেই কথাটো বিচাৰ কৰোতেই তেওঁৰ ভুল হ’ব পাৰে, তেওঁৰ পৰীক্ষা লোৱা পদ্ধতিটোতে ভুল থাকিব পাৰে৷ আৰু তাৰবাবে কোনোবা এজনে আত্মহত্যাৰ পথ ল’ব? কোনোবাই যদি আপোনাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে বা ‘নো’ বুলি কৈছে, তেন্তে আপুনি কৰিব পৰা দুটামান কাম আছে৷ আত্মহত্য নকৰি সেয়া কৰিব পাৰি নেকি চাবচোন? কি কাম-

(1) তেওঁক দেখুৱাই দিয়ক যে আপুনি তেওঁৰ যি পচন্দৰ বাচি লৈছে তাতোকৈ বহুত ভাল৷ তাৰবাবে সময় লাগিব পাৰে, কিন্তু এটা সময়ত সেয়া আপুনি কৰিব পাৰিব৷ তাৰবাবে নিজকে উন্নীত কৰিব লাগিব, আগতক ভাল কৰিব লাগিব সকলো ফালৰ পৰাই৷ টান কাম কিন্তু কৰিব পাৰি৷

(2) তেওঁলোকক জীৱনৰ পৰা বাহিৰ কৰি দিয়ক (জহন্মামলৈ যাবলৈ ক’বলৈ মন থাকিলে সেয়াও ক’ব পাৰে) আৰু জীৱনৰ আন ডাঙৰ ডাঙৰ কামবোৰত ফ’কাছ কৰক৷ সপোন, লক্ষ্য আদি বহুত বস্ত আছে৷ অকণমান মন কৰিলেই দেখিব৷ সেইবোৰক ফ’কাছ কৰক, মানুহ এজনৰ ওপৰত ফ’কাছ কৰাতকৈ সেইবোৰত ফ’কাছ কৰিলে জীৱনটো বেছি ভাল হ’ব, বেছি সুন্দৰ হ’ব৷

মই আগতেও কৈছোঁ, আকৌ কৈছোঁ- প্ৰেম আৰু বিয়া (তাৰ পৰিণতি) আপোনাৰ জীৱনৰ গছডালৰ এটা ডালহে, গোটেই গছডাল নহয়৷ অকল ডালটোত মনোযোগ দিলে বাকী গছডাল হেৰাই থাকিব পাৰে৷ সাৱধান হ’ব৷

scott-broome-BcVvVvqiCGA-unsplash

প্ৰকৃততে কথাটো কি?

কোনোবাই আপোনাক অগ্ৰাহ্য কৰা বাবে, ভাল নোপোৱা বাবে, ‘নো’ বুলি কোৱা বাবে, আপুনি যদি মাত্ৰ এজনী ছোৱালী বা এজন ল’ৰাৰ মতামতক লৈ ইমান চিন্তিত হৈছে, তাৰমানে আপোনাৰ নিজৰ মনত নিজৰ বিষয়ে (আত্মসন্মান, আত্মপ্ৰতিচ্ছবি) খুব এটা ভাল ভাব নাই ৷ সঁচাকৈয়ে আন এজন মানুহৰ মতামত আপোনাৰ নিজৰ মতামততকৈ বেছি ডাঙৰ? ভালদৰে মন কৰকচোন, আপুনি তাতোকৈ ডাঙৰ৷ আপোনাৰ জীৱনটোৰ দিশ মাত্ৰ এজন মানুহৰ মতামতৰ ওপৰত নির্ভৰ কৰি আপুনি ঠিৰাং কৰিবনে? ইমানে দুর্বলনে আপুনি?

দৰাচলতে আপুনি লেজি, এলেহুৱা আৰু কাম নকৰাৰ, কষ্ট নকৰাকৈ থকাৰ বাবে প্ৰেমত বিফল (?) হোৱাটো আপোনাৰ বাবে এটা অজুহাত৷ মদ খাবলৈ বা নিচা কৰিবলৈ ই আপোনাৰ এটা অজুহাত যাৰ জৰিয়তে আপুনি মদ খোৱা, নিচাযুক্ত দ্ৰব্য সেৱন কৰা, কাম নকৰাকৈ থকা কথাটোৰ নিজৰ বিবেকৰ ওচৰত আৰু আনৰ আগত ন্যায্যতা প্ৰতিপন্ন কৰিব বিচাৰে৷ নহ’লে ই কি নো?

মৰম আৰু সন্মান

আকর্ষণ সম্ভৱত প্ৰজনন আৰু যৌনতাৰ বাবে প্ৰয়োজনীয় কিন্তু তাক অতিক্ৰমি যাব পাৰিলেহে কিজানি প্ৰেম সম্ভৱ৷

যিকোনো সম্পর্কৰ ক্ষেত্ৰত দুটা বস্তু প্ৰয়োজনীয় – মৰম আৰু সন্মান৷ আছেনে এই দুটা? আপুনি যদি আপোনাৰ সংগীজনক মৰম দিব পাৰে আৰু লগতে সন্মানো কৰিব পাৰে তেওঁৰ ব্যক্তিত্বৰ বাবে, তেওঁৰ ব্যৱহাৰ, কামৰ বাবে তেন্তে এই প্ৰেম চিৰদিন চলি থাকিব৷ প্ৰেমৰ আন সকলো উপাদান লাহে লাহে নোহোৱা হৈ গলেও এই দুটা থাকিলে আপেনাৰ প্ৰেম বর্তি থাকিব৷ এই বিষয়ে বিশদভাৱে আমাৰ “প্ৰেমৰ ভাষা” ৰ বিষয়ে লিখা লিখাটোত আলোচনা কৰা হৈছিল৷

সঁচাকৈয়ে যদি আপুনি ভাল পায়

আপুনি যদি সঁচাকৈয়ে কাৰোবাক ভাল পায় তেতিয়াহ’লে আপুনি নিবিচাৰিব জানো তেওঁ সুখী হওক? নিশ্চয় বিচাৰিব৷ যদি তেওঁ আন কাৰোবাৰ লগত সুখী হয় বা সুখী হোৱা দেখে বা কিবা কাৰণত তেওঁ সঁচাকৈয়ে আপোনাক এৰি যাবলহীয়াও হয়, তেতিয়াও আপুনি তেওঁৰ সুখতে সুখী নহ’বনে? হ’ব৷ তেওঁ শাৰীৰিক ভাৱে লগত থাকিবই লাগিব বুলি কিবা কথা আছে নেকি? নিজৰ স্বার্থ এৰি তেওঁৰ স্বার্থক অগ্ৰাধিকাৰ দিব পৰা হোৱাটোহে দৰাচলতে প্ৰেম নহ’বনে? তেতিয়াহে আপুনি তেওঁক সঁচাকৈয়ে ভাল পায় বুলি ক’ব পাৰি৷ এই কামটো সহজ নহয় আৰু মানুহে সহজতে এয়া নকৰেও৷ গতিকে আপুনি এনে কৰিব কোনোবা বিশেষ ব্যক্তিৰ বাবেহে যাৰ জীৱনটো ভাল হোৱাটো, সুখৰ হোৱাটো আপোনাৰ কাম্য আৰু তাৰবাবে যি প্ৰয়োজন সেয়া কৰিবলৈ আপুনি সাজু৷

প্ৰেমত পৰাটো প্ৰয়োজনীয়

এইবাবেই ই প্ৰয়োজনীয় কাৰণ ই আপোনাক বহু কথা শিকাব৷ আপুনি বহু স্কিল আয়ত্ত কৰিব, বহুত আগতে কৰিব নোৱাৰা কাম কৰিব পৰা হ’ব৷ লগতে ই আপোনাক আপোনৰ আৱেগবোৰৰ লগত চিনাকি কৰি দিব, প্ৰচণ্ড শক্তিশালী আৱেগবোৰৰ লগত, আৰু সেইবোৰ পৰিচালনা কৰিবলৈ শিকাব (নিয়ন্ত্ৰণ নহয়) পাৰে৷ লগতে কিদৰে ধুনীয়াকৈ থাকিব লাগে, দেখাত ভাল হ’বলৈ কেনেদৰে চেষ্টা কৰিব লাগে, আনক কিদৰে প্ৰভাৱিত কৰিব পাৰি এইবোৰ সকলো শিকাব পাৰে৷ আপুনি শিকিম বুলি ভাবিলে শিকাব পাৰে, নিশিকিলে বাৰে বাৰে প্ৰেমত পৰিলেও একো নিশিকিব পাৰে৷ লগতে ই আপোনাক শিকাব পাৰে কিদৰে নিজক অতিক্ৰমি আন এজনক বেছি গুৰুত্ব দিব পাৰি, বেছি ভাল পাব পাৰি৷ প্ৰেমত পৰক, আনক ভাল পাবলৈ শিকক, কিজানি আমাৰ জীৱনবোৰ আৰু সমাজখনো আগতকৈ অলপ ভাল হৈ পৰেই কিজানিবা৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *