আপোনাৰ ৰূমটো পৰিষ্কাৰ কৰা মানে সময় নষ্ট নে কি?

আপুনি যিটো ঘৰত বাস কৰে, যিটো ৰূমত দিনটোৰ বেছিভাগ সময় কটায় সেই ৰূমটো পৰিপাটি হ’লে কি লাভ হ’বনো? ই আমাৰ মূল্যৱান সময়বোৰ নষ্টহে কৰে নেকি? ই সঁচাকৈয়ে জীৱন সলনি কৰিব পৰা ধৰণৰ হয়নে? ই সঁচাকৈয়ে জীৱনটো মেজিকৰ নিচিনা সলনি কৰিব পাৰেনে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হ’লে আমি নিজে কামটো কৰি চাব লাগিব আৰু তেতিয়াহে আমি গম পাম কথাটো হয় নে নহয়৷

এই কথাটো লৈ মই এটা পৰীক্ষা কৰি চাইছিলোঁ৷ অলপতে মই মোৰ কাপোৰৰ আলমাৰি, ডেক্স আৰু কাগজ-পাতি থোৱা আলমাৰি চাফ-চিকুণ কৰিছিলোঁ৷ এই কামটো এইবাৰ আমি সদায়ে কৰাৰ নিচিনা নাচিল, কাৰণ এইবাৰ এক বিশেষ পদ্ধতি ব্যৱহাৰ কৰিছিলোঁ এই কাম কৰোতে আৰু তাৰেই ফলাফল আপোনালোকৰ লগত ভাগ-বতৰোৱা কৰিব বিচাৰিছোঁ৷

jason-leung-jWU9FpLW7fI-unsplash

কনমাৰি পদ্ধতি

মই চেষ্টা কৰি চোৱা পদ্ধতিটো আছিল কনমাৰি পদ্ধতি৷ কনমাৰি পদ্ধতিটো পৰিপাটি বিশেষজ্ঞ মাৰি কনডোৰ দ্বাৰা উদ্ভাৱন কৰা পৰিপাটি কৰাৰ এক পদ্ধতি৷ এই পদ্ধতিটোত আপুনি বস্তুৰ শ্ৰেণী হিচাপে পৰিষ্কাৰ কৰা আৰম্ভ কৰে৷ অর্থাৎ আপুনি কাপোৰবোৰ এদিন ঠিক কৰিলে, আন এদিন হয়তো কিতাপবোৰ ঠিক কৰিলে৷ আনহাতে  পৰিপাটি কৰাৰ আন পদ্ধতিবোৰে  ৰখা ঠাই (অৱস্থান) হিচাপে পৰিষ্কাৰ কৰা কাম কৰিবলৈ কয়, অর্থাৎ এদিন শোৱনি কোঠাটো ঠিক কৰিলে, আন এদিন ড্ৰয়িং ৰূমটো ঠিক কৰিলে৷ কনমাৰি পদ্ধতিত কথাটো বেলেগ৷ কনমাৰি পদ্ধতিত আপুনি প্ৰথমতে নিজৰ কাপোৰবোৰ ঠিক কৰে, তাৰ পিছত কিতাপবোৰ, তাৰ পিছত কাগজ-পাতি, তাৰ পিছত অন্যান্য বস্তুবোৰ আৰু শেষত আপোনাৰ আৱেগ যুক্ত হৈ থকা বস্তুবোৰ (বা আৱেগিক বস্তুবোৰ যেনে প্ৰেমৰ প্ৰথম চিঠি, প্ৰথম দৰমহাৰে কিনা বস্ত, প্ৰথমটো লেপটপ ইত্যাদি) ঠিক কৰে৷ আৰু এনে কৰোতে অপ্ৰয়োজনীয় বস্তুবোৰ আপোনাৰ ৰূমৰ পৰা আতৰাই পেলাব লাগে আৰু কিছুমান বস্তু ৰাখিব লাগে৷

কোনবোৰ বস্তু ৰাখিব আৰু কোনবোৰ আপুনি আতৰাই পেলাব, বা দান দিব সেয়া কেনেকৈ থিৰাং কৰিব? সেয়া নির্ভৰ কৰে এটা সহজ নিয়মৰ ওপৰত৷ বস্তুটো (কাপোৰ, কিতাপ, কাগজ, আন বস্তু) হাতত লৈ আপোনাৰ মনত এটা আনন্দৰ অনুভৱ হয়, যিবিলাকে আপোনাৰ অন্তৰৰ সৈতে কথা পাতে, সেইবোৰ আপুনি ৰাখিব আৰু যিবোৰ হাতত ল’লে আনন্দ অনুভৱ  নহয়, সেই সকলোবোৰ আপুনি আতৰাই থৈ যাব৷ কিন্তু সেইবোৰ পেলোৱাৰ আগতে বা দান দিবলৈ বেগত ভৰোৱাৰ আগতে এই জাপানী পদ্ধতিমতে আপুনি সেইবোৰক সিহঁতৰ আপোনালৈ আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ দিব৷ অর্থাৎ সেইবোৰক ‘থেংক য়ু’ কৈ তেনে বস্তুবোৰ আতৰাই থব৷

তেনেদৰে এই পদ্ধতিত কাপোৰবোৰ জাপি থোৱাৰ এটা বিশেষ নিয়ম আছে৷ জাপোতে কাপোৰবোৰত হাত ফুৰাই আপুনি নিজৰ মৰম এইবোৰক প্ৰদান কৰে৷ এই নিয়মমতে কাপোৰবোৰ জাপি গ’লে এইবোৰ জপা হোৱাৰ পিছত দেখাত এটা চর্তুভুজৰ নিচিনা হয় আৰু টেবুল এখনত থিয় কৰি থ’লে ই নিজে নিজে থিয় হৈ থাকে৷ কাপোৰবোৰ আলমাৰিত বা বাকচত থওতে এইবোৰক এটাৰ ওপৰত এটাকৈ থোৱা নহয়, বৰঞ্চ ইয়াক উলম্বভাৱে (ভার্টিকেলি) থোৱা হয়৷ এনেদৰে থোৱাৰ কাৰণ হ’ল তেতিয়া আলমাৰি বাবাকচটো খুলিলেই গোটেইবোৰ কাপোৰ দেখা যায় আৰু উলিয়াওতে এটাৰ লগত আন এটা নষ্ট নহয়৷ আপুনি প্ৰতিটো কাপোৰ দেখা পায় আৰু সিদ্ধান্ত কৰিব পাৰে কোনটো কাপোৰ আজি আপুনি পিন্ধিব বিচাৰে৷

এই পদ্ধতিটো কিয় ইমান জনপ্ৰিয়?

কাৰণ ই বৰ কার্যকৰী৷ এই পদ্ধতিটো এটা নিজস্ব দর্শনৰ মতে চলে৷ লগতে ইয়াক অনুসৰণ কৰিবলৈ যাওতে আপুনি নিজৰ ভিতৰলৈ ভালদৰে মন কৰিবলগীয়া হয়, মাইণ্ডফুল হ’বলগীয়া হয় আৰু ভবিষ্যত পিনে মন কৰিবলগীয়া হয়৷ অর্থাৎ ই কেৱল ৰূমটো বা ঘৰটো পৰিষ্কাৰেই নকৰে ই আপোনাৰ জীৱনটো আন ধৰণে সমৃদ্ধ কৰি তোলে৷

কোন এই মাৰি কনডো?

মাৰি কনডো পৰিপাটি বিশেষজ্ঞ অর্থাৎ তেওঁ ঘৰ আৰু জীৱনটো কেনেদৰে পৰিপাটি কৰিব পাৰি সেয়া শিকায়৷ তেওঁ লিখা “দা লাইফ চেঞ্জিং মেজিক অব টাইডিং আপ” নামৰ কিতাপখন নিউয়র্ক টাইমৰ সর্বাধিক বিক্ৰী হোৱা কিতাপৰ লিষ্টত আছিল৷ “টাইডিং আপ ৱিথ মেৰি কনডো” নামৰ টিভি (নেটফ্লিক্স ত) শ্ব এটাও তেওঁ কৰিছিল৷ মানুহক ঘৰবোৰ পৰিপাটি কৰিবলৈ তেওঁ শিকায় আৰু সহায় কৰে৷ টাইম মেগাজিনৰ এশজন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ লিষ্টতো তেওঁক দেখা গৈছিল৷

মই কিয় কৰিলোঁ আৰু কি শিকিলোঁ

কিন্তু মই কিয় এই পদ্ধতিটো ব্যৱহাৰ কৰি পৰীক্ষা কৰি চালোঁ? ইয়াৰ বহুকেইটা কাৰণ আছে৷ প্ৰথমতে মই ইমান শৃংখলাবদ্ধ নহয়, ইমান পৰিপাটি নহয়৷ তাৰোপৰি মই চাবলৈ চেষ্টা কৰিলোঁ যে মোৰ মনটো আজি কিমান খোলা৷ মই নতুন কিবা শিকিব পাৰোঁ নে মই সকলো জানো বুলি ভাবোঁ? যদি মোৰ মনটো বন্ধ তেতিয়া মই ভাবিম যে মই সকলো জানো আৰু মোৰ শিকিবলগীয়া একো নাই৷ কিন্তু মনটো খোলা হ’লে নতুন নতুন কথাৰ প্ৰতি মোৰ আগ্ৰহ থাকিব আৰু সেয়া শিকি কামত লগাবলৈ মই চেষ্টা কৰিম৷ আনহাতে জীৱনৰ নানা পৰীক্ষা-নিৰীক্ষাৰ ই এটা অংশ৷ জীৱনটো নানা পৰীক্ষা-নিৰীক্ষা কৰি কোনটো ভাল, কোনটো বেয়া সেয়া নিজে ঠিৰাং কৰাটো বেছি প্ৰয়োজনীয়৷ এনে পৰীক্ষা-নিৰীক্ষাই জীৱনটোক আকর্ষণীয় কৰি তোলে৷ লগতে কাৰোবাৰ পৰা যদি ভাল কিবা এটা শিকিব পাৰি সেয়া শিকাতনো কি আপত্তি?

কি কি শিকিব পাৰোঁ?

কিছুমান প্ৰয়োজনীয় কথা আমি এই পৰীক্ষাটো কৰি শিকিব পাৰোঁ৷

এইদৰে নিজৰ বস্তুবোৰ পৰিপাটি কৰিবলৈ শিকিলে আৰু অপ্ৰয়োজনীয় বস্তুবোৰ ত্যাগ কৰিব পাৰিলে, ই আপোনাক শিকায় কিদৰে আপোনাৰ নানা ধৰণৰ বস্তুৰ প্ৰতি থকা আসক্তি কমাব পাৰি আৰু কিদৰে আপুনি কিছুমান বস্তুৰ মোহ এৰিব পাৰে৷ আপুনি নিজৰ কাপোৰ-কানি, কিতাপ-পত্ৰ, আন বস্তু-বাহানি, বিশেষকৈ আৱেগ যুক্ত হৈ থকা সামগ্ৰী সমূহৰ মোহ এৰিবলৈ এই পদ্ধতি অনুসৰি চাফ-চিকুণ কৰি গৈ থাকোতে শিকিব পাৰিব আৰু অভ্যাসো কৰিব পাৰিব৷ এনেদৰে যদি আমি মোহ এৰিবলৈ শিকিব পাৰোঁ আৰু তাৰ অভ্যাস কৰিব পাৰোঁ, তেতিয়া আমাৰ বহু সমস্যাৰ সমাধান সহজেই হৈ যাব৷ জীৱনৰ কোনো সময়তে যদি কিছুমান মোহ এৰিব লগীয়া হয়, তেতিয়াও সেয়া আমাৰ বাবে ইমান কঠিন নহ’ব৷

এই পদ্ধতি অনুসৰি কাম কৰি থাকোতে মোৰ অনুভৱ হ’ল যে বেছি বস্তুতকৈ কম বস্তুৱে ভাল৷ এসোপা বস্তুৰে ঘৰ ভৰি থকাতকৈ আপোনাৰ মনত আনন্দ দিয়া কম বস্তু থাকিলে জীৱনটো চলাবলৈ বেছি ভাল আৰু সুবিধা৷ এনে প্ৰতিটো বস্তুয়ে আপোনাৰ মনত আনন্দ দিব৷

আপোনাৰ বস্তুবোৰৰ গত লগালে আপোনাৰ জীৱনটোৱেও ইয়াকে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিব৷ প্ৰথমতে আমাৰ সামগ্ৰীবোৰ ঠিকথাক কৰি ল’ব পাৰিলে ই আমাৰ মনটোও ঠিকে থকাত সহায় কৰিব৷ তেতিয়া একেটা প্ৰক্ৰিয়াকে আমি জীৱনৰ আন আন ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰিম আৰু গোটেই জীৱনটোকে আগতকৈ বেছি শৃংখলাবদ্ধ কৰি তুলিব পাৰিম৷

আপুনি অনুভৱ কৰিব যে দৰাচলতে বস্তুৱে নহয় তাৰ লগত থকা আৱেগে-অনুভূতিয়েহে আপোনাৰ মনলৈ আনন্দ আনে৷ গতিকে যদি আপুনি বস্তুতকৈ অভিজ্ঞতাক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰে তাৰ পৰা আপুনি বেছি আনন্দ লাভ কৰিব পাৰিব৷

সৰু সৰু কথাৰ পৰাই আনন্দ লাভ কৰিব পাৰি এই কথাটো মই ইয়াত মন কৰিছোঁ৷ আপোনাৰ পুৰণি কাপোৰ এটাইও আপোনাৰ মনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে৷ আনন্দ লাভৰ বাবে বিৰাট দামী হোটেললৈ গৈ এসাজ খাবই লাগিব বা লেটেষ্ট মডেলৰ ফোনটো ল’বই লাগিব বা নতুন কিবা এটা বস্তু কিনিবই লাগিব বুলি কথা নাই৷ এনে সৰু সৰু কিমান আনন্দৰ সুবিধা হাতত পাইও আমি হেৰুৱাইছোঁ বাৰু?

roberto-nickson-ZXbDeof0nlQ-unsplash

কাপোৰ-কানিৰ দৰে নিৰ্জীৱ বস্তু বা সামগ্ৰী সমূহকো জীৱনৰ পৰা বিদায় দিয়াৰ সময়ত ধন্যবাদ সহকাৰে বিদায় দিয়াটো এক আকর্ষণীয় কথা৷ আমি সাধাৰণতে এনে নকৰোঁ৷ কাৰোবাৰ বাবে এয়া উন্নাসিকৰ কামো হ’ব পাৰে৷ কিন্তু আমি যদি এনেদৰে ধন্যবাদ দিয়াৰ অভ্যাস কৰিব পাৰোঁ, তেনেহ’লে আমাৰ ই এটা অভ্যাস হৈ নপৰিবনে? যদি আমি আমাৰ কাপোৰবোৰৰ দৰে নিৰ্জীৱ বস্তুকে ধন্যবাদ দিয়া আৰম্ভ কৰোঁ, তেতিয়া আন মানুহ ক ধন্যবাদ দিয়াৰ অভ্যাসো আমাৰ গঢ় লৈ নুঠিবনে? লগতে নিজৰ কাপোৰ বা সামগ্ৰীৰ প্ৰতি যি সমবেদনা বা এমপেথিৰ ভাব আমি ইয়াত মনলৈ আনিবলৈ শিকিছোঁ সি আন মানুহ আৰু জীৱ-জন্তুৰ প্ৰতি আমাৰ সমবেদনা গঢ়ি তোলাত সহায় নকৰিবনে? এনে সমবেদনা যদি সকলোৰে মনত গঢ় লৈ উঠে, এই পৃথিৱীখন, সমাজখন আগতকৈ বহুত বহুত বেছি সুন্দৰ হৈ নপৰিবনে?

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *