অপদার্থ আৰু মূল্যহীন

কেতিয়াবা, জীৱনৰ কোনো সময়ত হঠাত এটা মনোভাৱ লুকাই-চুৰকৈ আপোনাৰ মনৰ গহনত প্ৰৱেশ কৰিব পাৰে৷ আৰু এবাৰ প্ৰৱেশ কৰাৰ পিছত ইয়াৰ ধ্বংসলীলাৰ কোনো সীমা নাথাকে, যদিহে আপুনি ইয়াক বাধা নিদিয়ে আৰু মনৰ পৰা আতৰ কৰি নপঠিয়ায়৷ নিজৰ কামত আপুনি ভাল নহ’লে কেতিয়াবা এই অনুভৱটো আহিব পাৰে, সন্তানক ভালদৰে ডাঙৰ-দীঘল কৰিব নোৱাৰিলে এই ভাৱটো আহিব পাৰে, নিজে কিবা এটা কৰিব নোৱাৰিলে এই ভাৱটো আহিব পাৰে, আনৰ লগত নিজকে তুলনা কৰিলে এনে চিন্তা মনলৈ আহিব পাৰে৷ লাজ, অকৃতকার্য হোৱাৰ ভয় ৰ বাবেও এনে অনুভৱ হয়৷ এই চিন্তা, এই অনুভৱে আমাৰ সমগ্ৰ জীৱনটোকে সলনি কৰি জীৱনটো তছনছ কৰি পেলাব পাৰে৷ কি এই ভাৱ? ই হ’ল নিজকে অপদার্থ বা মূল্যহীন যেন লগা অনুভৱ বা ভাৱ৷ ই হ’ল “মই কোনো কামৰ নহয়” বুলি মনলৈ অহা অনুভৱ৷

tiago-bandeira-mMV4NU3UBY8-unsplash

নিজৰ মূল্য নোহোৱা বুলি ভবাটোৱে মূল্যহীন বুলি ভবা৷ নিজৰ মূল্য হ’ল আমি নিজকে কিমান মূল্য দিও৷ ই মূল্যহীনতাৰ অনুভৱৰ সম্পূর্ণ বিপৰীত৷ নিজৰ মূল্য আপোনাৰ আত্ম সন্মান ৰ লগত ওপপ্ৰোতভাৱে জড়িত৷ অকল আত্ম সন্মান বঢ়ালেই নিজৰ মূল্য নাবাঢ়িবও পাৰে কাৰণ আত্মসন্মান হ’ল আমি নিজৰ বিষয়ে কেনে অনুুভৱ কৰোঁ আনহাতে আত্ম মূল্য হ’ল আমি নিজকে কিমান মূল্য দিও৷

এনেধৰণৰ মূল্যহীন বুলি হোৱা ভাৱে কিছুমান মানুহক আত্মহত্যাৰ দৰে চূড়ান্ত পযায়লৈও ঠেলি দিয়ে৷ কিন্তু সাৱধান হ’ব, কাৰণ ই এটা ভাৱ হে৷ ই আপোনাৰ মনৰ ধাৰণাহে, সাৱধান হ’ব ই সঁচা নহবও পাৰে৷

কিয় আহে এনে চিন্তা, ভাৱ?

আগতে উল্লেখ কৰাৰ নিচিনাকৈ এই ভাৱৰ কাৰণ বিভিন্ন হ’ব পাৰে- চাকৰি যোৱা, নিজে দেখাত বেয়া বুলি বিশ্বাস কৰা, টকা-পইচাৰ সমস্যা, জীৱনত এতিয়ালৈকে আনৰ তুলনাত কোনো সাফল্য লাভ নকৰা, বা আন কিবা৷ আনৰ লগত তুলনা কৰা, নিজৰ পৰিচয় নোহোৱা হোৱা, আনে সমালোচনা কৰিলে, আমি নিজে নিগেটিভ হ’লে, মানসিক সমস্যা আদিও এনে ধৰণৰ ভাৱৰ কাৰণ হ’ব পাৰে৷

joshua-earle-yi6dvuynEuo-unsplash

দুটামান প্ৰয়োজনীয় কথা

আপুনি আনক ভাল পাওক তাত কোনো কথা নাই, কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ জনক পাহৰি নাযাব- নিজক৷ নিজকো ভাল পাবলৈ শিকক৷ নিজৰ প্ৰতিও অলপ সমবেদনা প্ৰকাশ কৰিবলৈ শিকক৷ নিজৰ প্ৰতি সমবেদনা মানে নিজ প্ৰতি অলপ দয়া, মৰম৷ আপুনি অসম্পূর্ণ, তাক গ্ৰহণ কৰক৷ আপুনি যেনেকুৱা নিজকে তেনেদৰেই গ্ৰহণ কৰক আৰু নিজৰ প্ৰতি অলপ মোলায়েম হওক- এই দুটা কথাই “কোনো কামৰ নহয়” অনুভৱটো কমাব আৰু নোহোৱা কৰিব৷

আপুনি যেনেকুৱা নিজকে তেনেদৰেই গ্ৰহণ কৰকচোন৷ আপুনি যেনিবা আনতকৈ কম কৰিছে, কম সাফল্য লাভ কৰিছে, আপুনি যেনিবা নিজকে টুকুৰা-টুকুৰ বুলি ভাবে, আপোনাৰ যেনিবা বহুত দোষ আছে৷ কোনো কথা নাই৷ মাত্ৰ নিজকে যেনেকুৱা মানি লওক আৰু নিজকে কওকচোন, “মই এনেকুৱাই, কোনো কথা নাই, মই জানো মোৰ বহু দোষ আছে, কোনো কথা নাই, মাত্ৰ এতিয়াৰ পৰা এই দোষবোৰ আতৰ কৰি মই বিচৰা গুণবোৰ আহৰণ কৰিবলৈ মই চেষ্টা চলাই যাম, কিন্তু কিবা নাই বুলি কোনোদিনেই, কোনোদিনেই হতাশ নহও৷”

আপুনি যদি বিশ্বাস কৰে যে আপোনাৰ কিবা এটা ভুল বা গণ্ডগোল আছে, ই আপোনাৰ আত্ম মূল্যহীনতাৰ ভাৱৰ কাৰণ হ’ব পাৰে৷ আমি যেতিয়া কোনো এটা বস্তুত একো মূল্য দেখা নাপাও তেতিয়া আমি ইয়াক বেয়া ব্যৱহাৰ কৰোঁ৷ একেটা কামকে আমি কৰোঁ নিজৰ ক্ষেত্ৰত- যেতিয়া আমি নিজৰ গাত, নিজৰ ভিতৰত কেনো মূল্য দেখা নাপাও, তেতিয়া আমি নিজকে বেয়া ব্যৱহাৰ কৰোঁ৷

এতিয়া কথাটো হ.ল আপুনি এতিয়া কি কৰিব?

ই এটা বৰ ডাঙৰ প্ৰশ্ন৷ যিহেতু ই এটা ভাৱ বা ধাৰণাহে, গতিকে ই প্ৰকৃততে সঁচা নহয়৷ গতিকে এনে ধ্বংসাত্মক ভাৱ আৰু চিন্তাৰ পৰা আপুনি নিজকে বচাব লাগিবই৷

আপুনি কিছুমান কাম কৰিব পাৰে আৰু এই কামবোৰে আপোনাক এই আত্ম মূল্যহীনতাৰ ভাৱৰ পৰা মুক্ত হ’বলৈ সহায় কৰিব৷ কিন্তু তাৰ আগতে এটা কথা আমি ঠিৰাং কৰি ল’ব লাগিব৷ আপুনি যদি হাত সাৱটি বহি থাকে কিন্তু একো কাম নকৰে, তেন্তে ইয়াৰ পিছৰ কথাখিনি পঢ়ি আপোনাৰ একো লাভ নাই৷ একো সলনি নহয়৷ কিন্তু যদি আপুনি মনে মনে হাত সাৱটি নাথাকি কাম কৰে, সঁচাকৈয়ে কাম হাতত লয় আৰু মন যেনেকুৱাই নালাগক কিয় সেই কামবোৰ কৰি শেষ কৰে, তেন্তে ইয়াৰ পিছৰ কামবোৰে আপোনাক আত্ম মূল্যহীনতাৰ ভাৱৰ পৰা মুক্তি লাভ কৰাত সহায় কৰিব৷

আপুনি হাতে-কামে কৰেনে? যদি কৰে, তেন্তে পিছৰখিনি পঢ়ক৷ 

সৰু সৰু কৃতিত্ববোৰ উদযাপন কৰক

সকলোৰে জীৱনত কিছুমান সৰু সৰু কৃতিত্ব থাকে৷ আপুনি বহুত ডাঙৰ কাম কৰিব পৰা নাই, কোনো কথা নাই৷ আজি নোৱাৰিলে কালিও নোৱাৰিব বুলি কথা আছে জানো? আজি সৰু সৰু কৃতিত্বতে আনন্দ পাওচোন, কাইলৈ ডাঙৰ কাম কৰিলে তাৰবাবে আনন্দ কৰিম৷ তেনে সৰু সৰু কৃতিত্ব নাই? ভালদৰে চাওকচোন আপুনি কিজানি খোৱা খুব সুন্দৰকৈ তৈয়াৰ কৰিব জানে, অথবা মানুহক সহায় কৰি ভাল পায়, অথবা আপুনি ঘৰটো সুন্দৰকৈ ৰাখিব জানে৷ যিয়ে নহওক সৰু সৰু কথাবোৰ, কামবোৰ ভালদৰে কৰিব পৰাটো ডাঙৰ কথা, কাৰণ বহুতে সেইয়াও পৰা নাই৷

পজিটিভ চেলফ টক

নিজৰ লগত আপুনি কিছুমান পজিটিভ কথা পাতিব লাগিব৷ মই বুজি পাও যে যি সময়ত আপোনাৰ আত্ম মূল্যহীনতাৰ ভাৱ মনত থাকে সেই সময়ত একো কৰিবলৈ মন নাযায়, একো কৰা নহয়৷ নিজৰ লগত ভালদৰে কথা পতাটোতো দূৰৰ কথা৷ কিন্তু তথাপি মই আপোনাক নিজৰ লগত পজিটিভ কথা পাতিবলৈ কৈছোঁ কাৰণ যেতিয়ালৈকে আপুনি অৱস্থাটো সলনি কৰিবলৈ একো নকৰে, তেতিয়ালৈ ই নিজে নিজে সলনি নহয়৷ আপুনি কেনেধৰণৰ পজিটিভ কথা পাতিব পাৰে? আপোনাৰ বিষয়ে যিকোনো, একেবাৰে সৰু হলেও পজিটিভ কথা৷ যদি একো বিচাৰি নাপায় বা মন নাযায়, তেন্তে আপুনি কিছুমান “উৎসাহজনক” (ইনস্পিৰেচনেল) উক্তি গোটাই লৈ দিনটো সেইবোৰ মাজে মাজে পঢ়ি থাকি পাৰে৷

তাতোকৈ ভাল হ’ব যদি আপুনি এই কামটো কৰে৷  চকু বন্ধ কৰি, মেৰুদণ্ড চিধা কৰি, গণ্ডোগল নোহোৱা এঠাইত বহি লৈ, মনটো শান্ত কৰাৰ পিছত বাৰে বাৰে এটা সহজ, পজিটিভ বাক্য আওৰাওক৷ কেনে বাক্য? আপুনি ক’ব পাৰে “মই দিনে দিনে সকলো ফালৰ পৰাই আগতকৈ ভাল হৈ গৈ আছোঁ” বা “মোৰ জীৱনৰ মূল্য আছে, আৰু মই তাক বিচাৰি উলিয়ামেই,” বা “মই কিমান মূল্যৱান সেয়া মই সকলোকে প্ৰমাণ কৰি দেখুৱাম,” বা “এতিয়াৰ পৰাই মই মোৰ জীৱনটোক নিজৰ বাবে আৰু সকলোৰে বাবে মূল্যৱান কৰি তুলিম৷” যিকোনো এটা কথা বাচি লওক আৰু ইয়াক বাৰে বাৰে আওৰাওক, সম্পূর্ণ বিশ্বাসেৰে, যেন আপুনি সঁচাকৈয়ে যি বুলি কৈছে তেনেকুৱা হৈ গৈছে৷ এবাৰত মাত্ৰ 5 মিনিট সময় বাক্যটো আওৰালে হ’ব৷ তেনেদৰে দিনটোত 5 বাৰ এই কামটো কৰক৷ মোৰ আপোনালৈ অনুৰোধ- মন নগলেও মাত্ৰ এসপ্তাহ সম্পূর্ণ বিশ্বাসেৰে এই কামটো কৰি চাওক৷ তাৰ পিছত যদি কাম নাহে তেতিয়া বাদ দিব, কামত আহিলে ইয়াত প্ৰতিদিনে কৰি থাকিব৷

আনক সহায় কৰক বা সামূহিক কাম কৰক

দিনটোত আন কোনোবা এজনক হলেও সহায় কৰক বা এটা হলেও সামূহিক কাম কৰক৷ নিজৰ লাভৰ কথা চিন্তা নকৰি সামূহিক কিবা এটা কাম কৰক৷ সদায় সামূহিক কামৰ সুবিধা নাপাব পাৰে, তেতিয়া আন কোনোবা এজনক কিবা এটা সৰু হলেও সহায় কৰক৷ কোনোবাই ৰাস্তা পাৰ হ’ব পৰা নাই, তেওঁক ৰাস্তা পাৰ কৰাই দিয়ক, কোনোবা ট্ৰেফিক পুলিচ এজনে গৰমত থিয় দি ডিউটি কৰি আছে, তেওঁক পানী এবটল দিয়ক, ৰাস্তাত কুকুৰ এটা ভোকত চেৰেলা পৰিছে, তাক অলপ খোৱা বস্তু কিনি দি দিয়ক, কোনোবা ভিক্ষাৰীয়ে খাবলৈ বিচাৰিছে, কিনি দিয়ক, ঘৰত পৰিয়ালৰ কোনোবাই কিবা কৰি আছে, অকণমান সহায় কৰি দিয়ক, আন একো নাপালে কৰবাত কাৰোবাৰ কিবা এটা ভাল দেখিছে সেই কথাটো আন্তৰিকতাৰে তেওঁক কওক আৰু চাওক কেনেদৰে ই তেওঁৰ মুখখন উজলাই তুলিছে৷

কৃতজ্ঞতাৰ অভ্যাস

এই কামটো কৰাৰ অভ্যাস আমাৰ বৰ কম৷ এয়া কৰিলে আপোনাৰ আত্ম মূল্যহীনতাৰ ভাৱৰ পৰা মুক্ত কৰাত কি লাভ হ’ব? হ’ব৷ প্ৰথমে মন কৰকচোন, আপোনাৰ যদি হাত-ভৰি-চকু-নাক, কাণ সকলো ঠিকে আছে, সেয়া ডাঙৰ কথা নহয়নে? কাৰোবাৰ যে হাত, ভৰি, চকু আদি নাই৷ আপোনাৰটো আছে৷ তাৰ বাবে জানো কৃতজ্ঞতা প্ৰকাশ কৰাটো জৰুৰী নহয়? কিন্তু তেনে হাত আৰু ভৰি নথকা মানুহে গোটেই পৃথিৱী ঘূৰি ফুৰিছে, কিতাপ লিখিছে, আনৰ আগত বত্ত্নৃতা দিছে, চালে সুন্দৰী যুৱতী বা যুৱকৰ চকু ৰৈ যোৱা শৰীৰ তৈয়াৰ কৰিছে জিমলৈ গৈ, বিয়া পাতিছে, “নর্মেল” পৰিয়াল চলাইছে, সকলোৰে সন্মান আৰু শ্ৰদ্ধা লাভ কৰিছে (পূতৌ নহয়)৷

আজি যদি ৰাতিপুৱা সুন্দৰ এটা ব্ৰেকফাষ্ট আপুনি খাইছে, এবাৰ ভাবকচোন আপুনিতো ডাষ্টবিনৰ পৰা, লোকৰ উচ্ছিষ্ট খাব লগীয়া হোৱা নাই৷ তেনে খাদ্যৰ তুলনাত আপুনি খোৱা খিনি জানো ৰাজভোগৰ নিচিনা নহয়? তাতোকৈ ডাঙৰ কথা আজিতো আপুনি জীয়াই আছে৷ কোনোবা কেঞ্চাৰ বা আন আৰোগ্য নোহোৱা বেমাৰ হোৱা মানুহৰ কথা ভাবকচোন, তেওঁক হয়তো ডাক্তৰে মাত্ৰ তিনিমাহ, এমাহ, এসপ্তাহ বা এদিন সময় দিছে৷ আপোনাৰতো তেনে নির্দিষ্ট সময়ৰ কথা ডাক্তৰে আপোনাক কোৱা নাইহ্ল আপোনাৰতো হাতত অফুৰন্ত সময়৷ হয় অফুৰন্ত সময় আছে আপোনাৰ হাতত, নহ’লে জানো আপুনি এনে নিগেটিভ চিন্তা কৰি বহি থাকিলহেঁতেন, বৰঞ্চ আপুনি জীৱনত কৰিবলগীয়া কামবোৰ কৰিলেহেঁতেন, আপোনাৰ পৰিয়ালৰ বা সংগীসকল লগত জীৱনটোৰ ক্ষণস্থায়ী সময়বোৰ, মুহূর্তবোৰ উপভোগ কৰিলেহেঁতেন৷ আপুনি যে পৃথিৱীত ইমান দিন পাইছে, কাইলৈ যদি কিবা কৰিবলৈ মন যায় সেয়া কৰিবলৈ, ভালপোৱা জনৰ লগত সময়় কটাবলৈ সময় পাইছে, তাৰবাবে জানো আপুনি কৃতজ্ঞ হ’ব নালাগে? এবাৰ চিন্তা কৰি চাবচোন৷ 

নিজৰ জীৱনত আপুনি যদি এক উদ্দেশ্য (purpose) বিচাৰি উলিয়াব পাৰে, তেতিয়া কিন্তু আপোনাক এনে চিন্তা বা ভাৱে একো কৰিব নোৱাৰে, কাৰণ উদ্দেশ্য এনে এটা শক্তিশালী ভাৱ বা সঁজুলি যে তাৰ আগত আন সকলো নিগেটিভ চিন্তা, ধাৰণা, অনুভৱ টিকিবই নোৱাৰে৷ জীৱনটো এটা বা ততোধিক উদ্দেশ্য লৈ জীয়াই থাকিবলৈ চেষ্টা কৰোঁ আহক যাত আমি নিজৰ জীৱনৰ মূল্য নিজে বুজি পাও৷ তাৰ এটা ডাঙৰ লাভ আপোনাৰ হ’ব ———–কেতিয়াও, কেতিয়াও আমাৰ মনলৈ এই চিন্তাটো নাহে – “মোৰ একো কাম নাই৷”

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *