আজিৰ দিনটোক অসাধাৰণ কৰি তোলাৰ এটা সহজ উপায়

ৰাতিপুৱাটো এক পৱিত্ৰ সময়, আপুৰুগীয়া সময়, আপোনাৰ হাতত থকা সময়৷ এই সময়খিনিক আপুনি দিনটোৰ বাবে প্ৰেৰণাৰ, মানসিক প্ৰশান্তিৰ আৰু সুখৰ উৎস হিচাপে গঢ়ি তুলিব পাৰে৷ কেনেকৈ? ৰাতিপুৱাৰ ৰিচুৱেল বা ৰাতিপুৱাৰ আচৰণবিধিৰ দ্বাৰা৷ ৰাতিপুৱাৰ আচৰণবিধি মানে হ’ল সেই কামবোৰ যিবোৰ আপুনি প্ৰতি ৰাতিপুৱাতে কৰে৷ কিন্তু আমাক ইয়াৰ কি প্ৰয়োজন? ই আপোনাক নানা ধৰণে সহায় কৰিব- ৰাতিপুৱা একে সময়তে শুই উঠাৰ অভ্যাস হ’ব, ৰাতিপুৱা শুই উঠি কি কৰিম সেয়া চিন্তা কৰিব নালাগে, লগতে আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি, সামর্থ্য বৃদ্ধি পাব৷ এয়া আপোনাৰ বাবে এক নিজৰ সময়৷ এইখিনি সময় আপুনি আপোনাৰ ভালৰ বাবে আৰু নিজে বিচৰা ধৰণে কটাব পাৰে৷

danielle

ৰাতিপুৱাৰ প্ৰথম ঘন্টাটো

ৰাতিপুৱাৰ (আপুনি শুই উঠাৰ পিছৰ) প্ৰথম ঘন্টাটো আটাইতকৈ গুৰুত্বপূর্ণ৷ কাৰণ ই এক সম্পূর্ণ উকা শ্লেটৰ নিচিনা, বহীৰ পাতৰ নিচিনা৷ তাত আপুনি যি মন যায়, যেনেকৈ মন যায় তেনেকৈ লিখিব, আকিব পাৰে৷ ৰাতিপুৱাই যদি আপুনি এটা কাম ভালদৰে কৰিব পাৰে তাৰমানে আপুনি দিনটোৰ আৰম্ভণি ভালদৰে কৰিলে আৰু এটা হলেও কাম ভালদৰে সম্পন্ন কৰিলে৷ ই আপোনাক বাকী কামবোৰ ভালদৰে কৰি শেষ কৰিবলৈ সাহস যোগাব৷ আৰু দিনটো আপোনাৰ মতে ভালদৰে নগলেও অন্তত আপুনি এটা হলেও কাম ভালদৰে কৰি শেষ কৰিলে যিয়ে আপোনাৰ মনটো ভাল লগাত সহায় কৰিব৷

কেতিয়াবা আপুনি ৰাতিপুৱাৰ সময়খিনি ব্যৱহাৰ কৰিব নোৱাৰে৷ কাৰোবাৰ ঘৰত যদি কেচুৱা আছে, কোনোবাই যদি ৰাতিপুৱা সাত বা আঠ বজাত কাম আৰম্ভ কৰিব লাগে তেওঁ সেয়া কৰিব নোৱাৰিব পাৰে৷ তেওঁ কি কৰিব? তেতিয়া তেওঁ আবেলিৰ সময়খিনিত এক “আবেলিৰ ৰুটিন” অনুসৰণ কৰিব পাৰে৷ বা যদি সম্ভৱ হয় ৰাতিপুৱা শুই উঠাৰ সময়টো অকণমান আগবঢ়াই আনি সেয়া কৰিব পাৰে৷

কিয় ৰাতিপুৱা ৰিচুৱেল আৰম্ভ কৰিব?

এই কামটো কৰিবলৈ আপুনি এটা বস্তু বিচাৰি ল’ব লাগিব৷ সেয়া হ’ল ৰাতিপুৱাৰ ৰিচুৱেল বা সহজকৈ ক’বলৈ গ’লে ৰুটিন এখন আপুনি কিয় তৈয়াৰ কৰিব আৰু মানি চলিব? ৰাতিপুৱাৰ ৰিচুৱেল এটা মানি চলিলে ভাল ভাল অভ্যাস গঢ়িব পাৰিব, স্বাস্থ্য ভালে থাকিব, মানসিক শান্তি আৰু শক্তি বাঢ়িব, মনটো ভাল লাগি থাকিব ইত্যাদি আপোনাৰ বহুত লাভ হ’ব৷ কিন্তু তাতোকৈ ডাঙৰ কথা হ’ল যিসকলে এই ৰিচুৱেল এটা বনাই লৈ তাক অনুসৰণ কৰা আৰম্ভ কৰে সেই সকলোৰে এই কাম কৰাৰ নিজা নিজা একোটা কাৰণ থাকে৷ এই কাৰণটো সকলোৰে বাবে বেলেগ বেলেগ হ’ব পাৰে৷ আপুনি ৰাতিপুৱাৰ এই ৰুটিনখন বনাই লৈ কিয় সেইখন অনুসৰণ কৰিব সেয়া নিজে বিচাৰি ল’ব লাগিব৷ ইয়াত উল্লেখ কৰা কাৰণবোৰৰ কোনোবা এটা আপোনাৰ কাৰণ হ’ব পাৰে বা আন কিবা এটা কাৰণো হ’ব পাৰে৷ যদি কোনো কাৰণ নাই আপুনি কেতিয়াও এনে এক ৰাতিপুৱাৰ ৰিচুৱেল বনাই নলয় আৰু তাক অনুসৰণো নকৰে৷ এটা গুৰুত্বপূর্ণ কাৰণ নাথাকিলে ৰাতিপুৱা শুই উঠিবলৈ মন নাযাব, উঠিলেও এই ৰুটিনখন মানি চলিবলৈ মন নাযাব, বা কিবা এটা অজুহাত দেখুৱাই আপুনি নিজে বনাই লোৱা এই ৰুটিনখন মানি চলাটো বাদ দিব৷ অকণমান টান হ’লেই, অকণমান অসুবিধা পালেই আপুনি ৰুটিনখন বাদ দি পেলাব যদিহে আপুনি কোনো কাৰণ বিচাৰি পোৱা নাই৷

কোনোবাই সফল হ’ব বিচাৰে বাবে, কোনোবাই কিছুমান ভাল অভ্যাস গঢ়ি তুলিব বিচাৰে বাবে, কোনোবাই জীৱনৰ অর্থ বিচাৰি, আন কোনোবাই জীৱনৰ নতুন আৰম্ভণি কৰিব বিচাৰি এই মণির্ং ৰিচুৱেল এটা আৰম্ভ কৰিব পাৰে৷ আপুনি হয়তো আন কিবা কাৰণত ইয়াক আৰম্ভ কৰিব৷ যিয়েই নহওক, কাৰণ এটা থকাটো বৰ গুৰুত্বপূর্ণ৷

এক সহজ, ভাললগা ৰাতিপুৱাৰ ৰিচুৱেল

এক সহজ, ভাললগা ৰাতিপুৱাৰ ৰিচুৱেল কেনেকুৱা হ’ব পাৰে? চাও আহক৷

ৰাতিপুৱা আপুনি সোনকালে শুই উঠিলে (প্ৰায় ৫ টা বা ৫:৩০ বজাত)৷ চাৰিওফালে শান্ত, নীৰৱ এক পৰিবেশ, চৰাই চিৰিকতিৰ মাত৷ মুখ হাত ধুই আহি আপুনি বহি আধা ঘন্টা মেডিটেচন কৰিলে৷ তাৰ পিছত একে ঠাইতে বহি লৈ আধাঘন্টা যোগ ব্যায়াম কৰিলে৷ তাৰ পিছত নিজৰ জার্নেলখন উলিয়াই তাত আপোনাৰ মনলৈ অহা কথাবোৰ লিখি গ’ল পোন্ধৰ মিনিটৰ বাবে৷ তাৰ পিছত পাঁচ মিনিটত দিনটোত আপুনি কৰিম বুলি ভবা কামবোৰৰ এখন সৰু তালিকা কৰিলে৷ তাৰ পিছত তাতে বহি নেমু দিয়া ৰঙা চাহ একাপ খাওক৷ মুঠতে ৰাতিপুৱাটো কামত অহাৰ লগতে আপুনি উপভোগো কৰাটো বৰ জৰুৰী৷

যদি আপোনাৰ হাতত সময় আছে আৰু একো দৌৰা দৌৰি নাই, তেতিয়া পঢ়িব বিচৰা এখন কিতাপ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰক৷

প্ৰখ্যাত ব্যক্তিৰ ৰাতিপুৱাৰ ৰিচুৱেল বা আচৰণবিধি

এপল কোম্পানীৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ ৰাতিপুৱাৰ ৰুটিন- প্ৰতিদিনে ৰাতিপুৱা তেওঁ শুই উঠাৰ পিছত বিচনা ঠিক কৰে, গা ধোৱে আৰু আইনাৰ সন্মুখত ঠিয় হৈ নিজৰ চকুত চকু থৈ নিজকে প্ৰশ্ন এটা সোধে, “আজি যদি মোৰ জীৱনৰ অন্তিম দিন, আজি মই যি কৰিম বুলি ভাবিছোঁ সেই কাম কৰি সুখী হ’মনে?” যদি তাৰ উত্তৰটো একেৰাহে কেইদিনমানৰ বাবে “নহয়,” তেতিয়াহ’লে তেওঁ গম পাইছিল যে কিবা এটা সলনি কৰিব লাগিব আৰু সেইমতে কাম কৰিছিল৷

বেঞ্জামিন ফ্ৰেংকলিনে নিজৰ দিনটো আৰম্ভ কৰিছিল নিজকে এটা প্ৰশ্ন সুধি, “আজিৰ দিনটোত মই কি ভাল কাম কৰিম?” আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই নিজৰ দিনটো আৰম্ভ কৰে তেওঁৰ কার্যসূচী আৰম্ভ হোৱাৰ দুঘন্টা আগতে৷ গতিকে তেওঁ ৰাতিপুৱা পাঁচ বজাৰ আগতেই উঠিবলগীয়া হয়৷ তেওঁ সদায় (ষ্ট্ৰেংথ আৰু কার্ডিঅ) ব্যায়াম কৰে ৰাতিপুৱা উঠিয়েই৷ অপৰাহ ৱিনফ্ৰিয়ে দিনটো আৰম্ভ কৰে বিশ মিনিট সময় মেডিটেচন কৰি তেওঁৰ মতে যিয়ে তেওঁৰ মনটো আশা, সন্তষ্টি আৰু গভীৰ আনন্দেৰে ভৰাই তোলে৷ তাৰ পিছত তেওঁ ট্ৰেডমিলত খোজ কাঢ়ে যিয়ে তেওঁৰ কর্মদক্ষতা আৰু শাৰীৰিক শক্তি বঢ়াই তোলে৷ তাৰ পিছত তেওঁ গান শুনি শুনি খোজ কাঢ়ে বা নিজৰ বাবে স্বাস্থ্য উপকাৰী এসাজ তৈয়াৰ কৰে৷

কি কৰিব পাৰি?

মেডিটেচন, যোগ (য়োগা), শাৰীৰিক পৰিশ্ৰম (জিমলৈ যোৱা, বডী ৱেইট ব্যায়াম বা আন কিবা), জার্নেল (ডায়েৰী) লিখা, কৃতজ্ঞতা প্ৰকাশ কৰা, লিখা, চবি অকা, গান শুনা বা গোৱা বা আন তেনে কাম যত আপুনি মন দি কৰিবলগীয়া হয় বা যি কামে আপোনাৰ মনটো আৰু শৰীৰটো ব্যৱহাৰ কৰিবলৈ বাধ্য কৰে৷ মেডিটেচন, শাৰীৰিক ব্যায়াম আৰু জার্নেল লিখা কামকেইটা বৰ লাভজনক আৰু এই কেইটা কামে আপোনাৰ জীৱনটো আৰু ভাল কৰি তুলিব পাৰে৷

যদি সময় নাথাকে

ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক৷ তেতিয়া হাতত যথেষ্ট সময় থাকিব৷ আপুনি যদি এনেয়ে সাত বজাত উঠে, তাৰ সলনি পাঁচ বজাত উঠিব পাৰিলে আপোনাৰ হাতত দুঘন্টা পাব আৰু সেই দুঘন্টাত বহুত কাম কৰিব পাৰি৷ আপুনি আজি যিমান সময় শুই আছে সিমান সময়ৰ টোপনি আপোনাক প্ৰয়োজন নহবও পাৰে৷ পৰীক্ষা-নিৰীক্ষা কৰি আপুনি শোৱাৰ সময়টো এনেদৰে ঠিক কৰি ল’ব পাৰে যাতে ই কম নহয় আৰু বেছিও নহয়, পর্যাপ্ত হয়৷ বহুতে একো কাম নাথাকে বাবেও ৰাতিপুৱা আঠ বা নটা বজাত উঠে৷ সোনকালে উঠাৰ অভ্যাসটো এটা অভ্যাসহে৷ গতিকে আন অভ্যাসৰ দৰে ৰাতিপুৱা সোনকালে উঠাৰো অভ্যাসো কৰিব পাৰি৷ প্ৰথমদিনা মাত্ৰ ১৫ মিনিট সময় আগতে উঠক৷ এলার্ম লাগিলে এলার্ম দি লওক৷ এসপ্তাহমান অলপ দিগদাৰ হ’ব, সেয়া সকলো অভ্যাসৰ ক্ষেত্ৰতে হয়৷ এসপ্তাহৰ পিছত ঠিক হৈ যাব৷ ৰাতি শোৱাৰ সময়তে ৰাতিপুৱা কি কৰিব সেয়া ভাবি ঠিক কৰি থৈ দিয়ক৷ ৰাতিপুৱা সেনকালে উঠিবলৈ হ’লে ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰক৷

boudewijn-huysmans-W39xsPWZgA4-unsplash

কিছুমান কাম নকৰিব

মবাইলটো উলিয়াই কি মেচেজ আহিছে, কি নোটিফিকেচন আহিছে সেয়া চোৱাটো বাদ দিয়ক৷ ৰাতিপুৱা উঠিয়েই যদি আপুনি প্ৰথমতে মবাইল ফোনটো চাবলৈ বাধ্য হৈ পৰিছে, তেন্তে আপুনি মবাইল ফোনটোৰ দাস হৈ পৰিছে৷ মালিক হওক, চাকৰ নহয়৷ মবাইল ফোনটোক আপোনাৰ প্ৰয়োজনত কামত লগাওক, তাৰ বাধ্য হৈ তাৰমতে নচলিব৷

আপুনি যদি উপার্জন কৰাৰ এটা নিজা পথ নিজমতে উলিয়াই লৈছে, তেতিয়া ৰাতিপুৱা যি ইচ্ছা সেয়া কৰা যেনে ৰাতিপুৱাৰ ৰুটিন এখন মানি চলাটো আপোনাৰ বাবে সহজ কথা৷ যদি আপুনি সেয়া কৰিব পৰা নাই আৰু আনৰ অধীনত কাম কৰি থাকিব লগীয়া হৈছে, তেন্তে তাক সলনি কৰিবলৈ চেষ্টা কৰাটো উচিত হ’ব, কাৰণ তেতিয়া আপুনি নিজৰ ৰাতিপুৱাটোৰ লগতে নিজৰ জীৱনটো নিজৰমতে চলাব পাৰিব৷

যদি সময় নাথাকে সৰুকৈ আৰম্ভ কৰক৷ মাত্ৰ ১৫ মিনিট সময়ৰ পৰা আৰম্ভ কৰক৷ আৰু লাহে লাহে অলপ অলপকৈ সময় বঢ়াই গৈ থাকক৷ ৰাতিপুৱা মাত্ৰ ১৫ মিনিট সোনকালে উঠক আৰু সেই ১৫ মিনিট সময় ৰাতিপুৱাৰ এই ৰিচুৱেল এটা মানি চলাত ব্যৱহাৰ কৰক৷ যাৰ যাৰ এয়া কৰিবলৈ মন থাকে তেওঁ অন্তঃত ১৫ মিনিট সময় বিচাৰি উলিয়াব পাৰিব৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *