বিৰক্তি- বিৰক্ত হ’লে কি কৰিব?

niklas

আমি কোনেও বিৰক্তিৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ৷ কোনোবা নহয় কোনোবা সময়ত, বেলেগ বেলেগ পৰিস্থিতিত, সময়ত, বা স্থানত আপুনি বিৰক্তি অনুভৱ কৰে বা ব’ৰ হয়৷  

ব’ৰ হোৱা বা বিৰক্ত হোৱাক এইদৰে বর্ণনা কৰিব পাৰিঃ 

মই এক অপ্ৰাসঙ্গিক বুলি অনুভৱ কৰা পৰিস্থিতিত বন্দী হৈ আছোঁ

অৱশ্যে আমি এটা কথাত সকলোৱে নিশ্চয় মান্তি হ’ম – 

কোনেও ব’ৰ হ’ব নিবিচাৰে

কিন্তু বর্তমানৰ নানাধৰণৰ উদ্দীপনাৰে ভৰপূৰ পৃথিৱীখনত ব’ৰ হোৱাটো আগতকৈ সহজ হৈ পৰিছে৷ কিন্তু ই এনে এটা বস্তু যিটো আমাক নালাগে৷ গতিকে আমিনো কেনেকৈ বিৰক্তি বা ব’ৰ হোৱাৰ পৰা ৰক্ষা পাব পাৰোঁ বা আতৰি থাকিব পাৰোঁ সেয়া চাও আহক৷ 

বিৰক্তিৰ কাৰণ যিয়েই নহওক কিয় ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু সময়ত বিপদজনকো হ’ব পাৰে৷ Scientific American নামৰ আলোচনীখনৰ মতে বিভিন্ন গৱেষণাৰ পোৱা অনুসৰি এবাৰত অত্যধিক খাদ্য খোৱাৰ প্ৰৱণতা ৰূপী অসুখৰ বিভিন্ন কাৰণৰ ভিতৰত বিৰক্তি এটা প্ৰধান কাৰণ৷ আন গৱেষণাৰ মতে আপুনি যেতিয়া বিৰক্ত হয়, তেতিয়া আপুনি বেছি জোৰেৰে গাড়ী চলোৱাৰ, অনাকাঙ্খিত ঘটনাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া কৰোতে বেছি সময় লোৱাৰ আৰু বেছিকৈ অমনোযোগী হোৱাৰ সম্ভাৱনা থাকে৷ 

বিৰক্তি আকর্ষণীয়

ব’ৰ হোৱাটো বা বিৰক্তি আকর্ষণীয় হ’ব পাৰে কাৰণ ই আমাক আমাৰ ব্যৱহাৰ, আৱেগ, আমাৰ মূল্যবোধ আৰু আশাবোৰৰ কথা কয়৷

বিৰক্তি কেনেকৈ চম্ভালি ল’ব?

এটা সহজ উপায়ৰ দ্বাৰা আপুনি বিৰক্তি লগা ভাৱ বা ব’ৰ হোৱা অনুভৱক ভালদৰে চম্ভালি ল’ব পাৰিব৷ ই আপোনাক বিৰক্ত নহ’বলৈও সহায় কৰিব৷

আপুনি যদি কোনোবা এটা পৰিস্থিতিত ব’ৰ হৈছে, নিজকে আপুনি এটা সৰু, সহজ প্ৰশ্ন সুধিব পাৰে, “এই পৰিস্থিতি, সময়, মানুহবোৰ বা স্থানত কি কি আকর্ষণীয় কথা আছে?” এই প্ৰশ্নটোৱে আপোনাক পৰিস্থিতিটো আন এক দৃষ্টিকোণৰ পৰা চাবলৈ সহায় কৰিব৷ ই আপোনাৰ মনটোক বাধ্য কৰিব সেই পৰিস্থিতি, মানুহ, সময় আৰু স্থানত থাকিব পৰা পজিটিভ কথাবোৰত ফ’কাছ কৰিবলৈ বাধ্য কৰিব৷ ই আপোনাক আপোনাৰ দৃষ্টিভংগী সলনি কৰিবলৈ সহায় কৰিব৷

দেখাত সহজ যেন লাগিলেও প্ৰথমতে আপোনাৰ বাবে ই টান হ’ব পাৰে৷ কিন্তু এবাৰ আপুনি বিৰক্তিৰ সলনি প্ৰশ্নটোত ফ’কাছ কৰিব পাৰিলে ই সহজ হৈ পৰিব৷ এবাৰ প্ৰশ্নটোত ফ’কাছ কৰিলে আৰু ইয়াৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিলে, সেই পৰিস্থিতিত থকা ভাল কথাবোৰ বিচাৰি পোৱাটো সহজ হৈ পৰিব৷

আপুনি এনে ঠাইলৈ, যত আপুনি জানে যে আপুনি ব’ৰ হ’ব বা ব’ৰ হোৱাৰ সম্ভাৱনা আছে, যোৱাৰ আগতেও এই কামটো কৰিব পাৰে অর্থাৎ নিজকে এই প্ৰশ্নটো কৰিব পাৰে৷ এনে কৰিলে দুটা লাভ হ’ব- প্ৰথমতে আপুনি তেনে পৰিস্থিতিৰ পৰা কোনো আশা নকৰে, আৰু একে সময়তে আগতেই আপুনি পজিটিভ কথাবোৰৰ ওপৰত ফ’কাছ কৰিবলৈ সাজু হৈ থাকিব আৰু পৰিস্থিতি, সময় আৰু মানুহেবাৰক ভালদৰে লক্ষ্য কৰিবলৈ সাজু হৈ থাকিব৷ ই ব’ৰ হোৱাৰ পৰা আপোনাক ৰক্ষা কৰাৰ লগতে আন বহুতো লাভ প্ৰদান কৰিব৷

কিছুদিন অভ্যাস কৰিলে ই আপোনাৰ বাবে সহজ হৈ পৰিব৷ ই আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰ ভালদৰে মন কৰা কথাটোৱে৷ আপুনি ইয়াক মাইণ্ডফুলনেছ বা পর্যেবক্ষণ যিকোনো নাম দিব পাৰে৷ আপুনি কিছুমান বিশেষ বস্তুৰ ওপৰত ফ’কাছ কৰিবলৈ চেষ্টা কৰিছে যিবোৰে আপোনাৰ ফ’কাছ বঢ়োৱাত সহায় কৰিব৷ ই আপোনাৰ পর্যবেক্ষণ শক্তিকো বৃদ্ধি কৰিব৷

যেতিয়া আপুনি মানুহ আৰু পৰিস্থিতিক সূক্ষ্মভাৱে পর্যবেক্ষণ কৰে আৰু তাৰ মাজত থকা ভাল, পজিটিভ কথাবোৰ বিচাৰি উলিয়ায়, ই আপোনাক কিছু কথা শিকাত সহায় কৰিব৷ ইয়াৰ অর্থ এই যে আপুনি ফ’কাছ কৰিব পাৰে, পর্যবেক্ষণ কৰিব জানে আৰু আপুনি নতুন কথা কিছুমানো শিকে আৰু যেতিয়া তেনে হয়, তেতিয়া আৰু আপুনি বিৰক্ত হ’ব নোৱাৰে৷

ONLINE COURSES

এতিয়া অসমীয়াত অনলাইন কর্ছ
ঘৰৰ পৰাই আপুনি নিজকে আৰু ভাল আৰু উন্নীত কৰি তুলিব পাৰিব

আত্মবিশ্বাস বৃদ্ধি কৰক- The Confidence Course
প্ৰেজেন্টিং ইয়ৰচেলফ- ইন্টাৰভিউৰ বাবে কেনেদৰে সাজু হ'ব- Presenting Yourself

তলৰ ইমেজটোত ক্লিক কৰক


Online Course

অনলাইন কর্ছ

Post Author: বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, লাইফ স্কিল প্ৰশিক্ষক, চার্টিফাইড কোচ আৰু উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ) , যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ International Coach Federation (ICF), USA ৰ দ্বাৰা চার্টিফাইড এজন চার্টিফাইড কোচ, Associate Certified Coach (ACC). বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *