Close

“মোৰ কোনো কাম নাই” চিন্তা মনলৈ আহিলে কি কৰিব?

office garbage near metal basket

“মোৰ কোনো কাম নাই” – এই চিন্তাটো কোনোবা নহয় কোনোবা সময়ত বহু মানুহৰ মনলৈ আহে৷ এনে হ’ব পাৰে আপুনি যেতিয়া কিবা এটা বস্তু লাভ নকৰে, যেতিয়া আপুনি ‘বিফল’ হয়, যেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰে, যেতিয়া আপুনি ভবামতে কামবোৰ নহয় তেতিয়া৷

আপুনি তেনে পৰিস্থিতিত কি কৰিব পাৰে সেয়া বিচৰাৰ আগতে এয়া চাও আহকচোন৷

“আপোনাৰ সন্মতি নোহোৱাকৈ কোনেও আপোনাক নিকৃষ্ট অনুভৱ কৰাব নোৱাৰে”- এলেনৰ ৰুজভেল্ট

“আপুনি নিজকে বছৰ বছৰ ধৰি সমালোচনা কৰি আহিছে আৰু ই কাম কৰা নাই৷ নিজকে অনোমোদন কৰি চাওকচোন কি ঘটে”- লুইচ এল. হে

এতিয়া আপুনি কৰিব পাৰে সেয়া চাও আহক৷

সমাধান বা উপায়

ভিতৰৰ সমালোচকজনৰ মুখ বন্ধ কৰক

ভিতৰৰ সমালোচকজন মাজে-সময়ে আপোনাক লাগে যাতে আপুনি প্ৰয়োজনতকৈ বেছি আত্মবিশ্বাসী হৈ নপৰে, কাৰণ বেছি হলে ই আপোনাৰ বাবে বেয়া৷ আপুনি এনে বহু বছৰৰ পৰা কৰি আছে কিন্তু ই আপোনাৰ বাবে কাম কৰা নাই (সেইবাবে আপোনাৰ মনলৈ এই চিন্তাটো আহিছে), গতিকে সেয়া কৰা বন্ধ কৰোঁ আহক৷ তাৰ পৰিৱর্তে আপুনি যি কৰিছে আৰু আপুনি এতিয়া যেনেকুৱা তাক অনুমোদন জনাওক আহক৷ আপুনি যদি বিচাৰিব জানে তেতিয়া আপুনি নিজৰ মাজত কিছুমান ভাল গুণ বিচাৰি পাব, বা আপুনি কৰা ভাল কাম বিচাৰি পাব৷ যেতিয়াই ভিতৰৰ সমালোচকজনে লেতেৰা মূৰটো দাঙি উঠে, ইয়াক মাৰি তললৈ পেলাই দিয়ক৷ দৰকাৰ হ’লে, “আতৰ ইয়াৰ পৰা, এইবোৰ বন্ধ কৰ, তোক সাৱধান কৰি দিছো এইবোৰ লগে লগে শেষ কৰ” বা তেনে আন কিবা তাক কওক আৰু তাক বন্ধ কৰক৷ এতিয়া আপোনাক ভিতৰৰ সমালোচকজন নালাগে, গতিকে ইয়াক মুখৰ মাত বন্ধ কৰক৷

ভাল ভাল বস্তুবোৰৰ খতিয়ান লওক

আপোনাৰ জীৱনত কিছুমান ভাল ভাল বস্তু আছে৷ কিছুমান ভাল, পজিটিভ স্মৃতি আছে আৰু আপুনি কিছুমান ভাল, পজিটিভ কাম কৰিছে৷ নিজকে সঠিক প্ৰশ্নটো কৰক- “মোৰ জীৱনত ভাল আৰু পজিটিভ বস্তুবোৰ কি কি?” আৰু “মোৰ জীৱনত মই কি কি ভাল আৰু পজিটিভ কাম কৰিছোঁ?” ভাল বস্তুবোৰৰ খতিয়ান ল’লে ই আপোনৰ মুডটো ভাল কৰাত সহায় কৰিব আৰু কিছু সময় পিছত নিজৰ বিষয়ে ভাবি ভাল লাগিব৷

এটা সৰু ষ্টেপ লওক

আপুনি আপোনাৰ পৰিবেশত কিছুমান গুৰুত্বপূর্ণ আৰু সঁচা সালসলনি কৰাৰ প্ৰয়োজন আছে৷ আপোনাৰ অনুভৱ সলনি কৰিবলৈও আপুনি কিছু সালসলনি কৰিব লাগিব৷ প্ৰথমতে আপুনি বিচাৰি উলিয়াব লাগিব কিহে আপোনাক আপুনি চিন্তা কৰা পদ্ধতিটো, অনুভৱ কৰা পদ্ধতিটো আৰু ব্যৱহাৰ কৰা পদ্ধতিটো সালসলনি কৰাত সহায় কৰিব৷ লগতে আপুনি বিচাৰি উলিয়াওক আপোনাৰ পৰিবেশত কি কি সালসলনি কৰিব লাগিব যাতে আপুনি নিজৰ বিষয়ে বেয়া অনুভৱ নকৰে৷ আপোনাৰ নিগেটিভ পৰিবেশটোক পজিটিভলৈ পৰিৱর্তন কৰক৷ আপুনি নিজকে সালসলনিৰ বিষয়ে সঠিক প্ৰশ্ন সুধিলে সঠিক উত্তৰ বিচাৰি পাব৷

উত্তৰবোৰ বিচাৰি পালে, সালসলনি কৰাৰ বাবে প্ৰথমটো ষ্টেপ লওক৷ কেৱল চিন্তা কৰা আৰু পৰিকল্পনা কৰা পর্যায়তে ৰৈ নাযাব৷ সেয়া অতিক্ৰম কৰক আৰু পৰৱর্তী পর্যায়লৈ যাওক৷, যি হ’ল কাম কৰা পর্যায়৷ কাম কৰক৷ ই এটা সৰু ষ্টেপ হ’ব পাৰে কিন্তু আপুনি সৰু হ’লেও কাম কৰিছে আৰু সি এক গতি লাভ কৰিব যি পৰৱর্তী ষ্টেপ লোৱাত সহায় কৰিব৷ আৰু তেনেকুৱা হ’লে ই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰি পেলাব৷

নিজকে পুৰস্কৃত কৰক

আপুনি কাম কৰিলে আৰু সৰু সৰু লক্ষ্য লাভ কৰিলে তাৰবাবে নিজকে পুৰস্কৃত কৰক৷ এয়া নিজকে মটিভেট কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয় যাতে আপুনি আৰু বেছি কাম কৰিব পাৰে আৰ পৰৱর্তী ষ্টেপটো ল’ব পাৰে৷ সৰু হ’লেও আপুনি ভালপোৱা কিবা এটাৰে নিজকে পুৰস্কৃত কৰক৷ তাৰ পিছত পৰৱর্তী লক্ষ্যটো ঠিক কৰক আৰু তাক লাভ কৰক আৰু তাক লাভ কৰিবলৈ চেষ্টা কৰা বাবে নিজকে পৰস্কৃত কৰক৷

এয়া কৰিবলৈ অলপ সময় আৰু বিশেষকৈ কাম কৰিব লাগে যাতে আপুনি নিজৰ বিষয়ে থকা ভাবটো সম্পূর্ণৰূপে সলনি কৰিব পাৰে৷

আপুনি সেয়া কৰিবনে? আপোনাৰ জীৱন, আপোনাৰ পছন্দ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top