Close

আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে- এই কাঠটো কৰক

আপুনি যদি আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে, এটা সহজ উপায়েৰে আপুনি তেনে ফলাফল লাভ কৰিব পাৰে৷ এই পদ্ধতিটোৱে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপোনাক ফলাফল লাভ কৰাত সহায় কৰিব৷ তাতোকৈ ডাঙৰ কথা ই আপোনাক আপুনি সপোন দেখা জীৱনটো লাভ কৰাত সহায় কৰিব৷ ই মোক এনে এটা পর্যায়লৈ অহাত সহায় কৰিছে যাৰ কথা মই আগতে কেৱল সপোনতহে ভাবিব পাৰিলোঁহেঁতেন৷

এইটো এটা বৰ সহজ পদ্ধতি আৰু আপুনি আজিৰ পৰাই ইয়াক ব্যৱহাৰ কৰা আৰম্ভ কৰিব পাৰে৷ আপোনাক মাত্ৰ এটা বস্তু লাগে-

আপোনাক লাগে “কাইজেন”৷

কাইজেন কি?

কাইজেন এটা জাপানী শব্দ যাৰ অর্থ “উন্নতি”৷ কিন্তু ইয়াক “ক্ৰমাগত উন্নতি” বুজাবলৈ বেছিকৈ ব্যৱহাৰ কৰা হয়৷ প্ৰথমতে ইয়াক ব্যৱসায়, মেনেজমেন্ট আদিত বেছিকৈ ব্যৱহাৰ কৰা হৈছিল, কিন্তু আমাৰ জীৱনৰ ক্ষেত্ৰত ই বেছিকৈ ব্যৱহৃত হয়৷

এই উপায়টোৱে আপোনাক অব্যাহত ভাৱে উন্নতি কৰিবলৈ সহায় কৰিব৷ ইয়াৰ দ্বাৰা আপুনি আপোনাৰ সকলো লক্ষ্য লাভ কৰিবলৈ সমর্থ হ’ব৷ ই আপোনাক আপোনাৰ বেয়া অভ্যাসবোৰ সলনি কৰি তাৰ ঠাইত ভাল অভ্যাস গঢ়ি তুলিবলৈ সহায় কৰিব৷ ই আপোনাক আৰু বেছিকৈ আৰু সহজে বিচৰা ফলাফল লাভ কৰাত সহায় কৰিব৷

উত্তৰটো হ’ল কাইজেন

কাইজেন পদ্ধতিটো গঠিত হয় সৰু সৰু খোজেৰে নিজকে উন্নীত কৰাৰ ব্যৱস্থাৰ দ্বাৰা৷

কাইজেনত আপুনি সৰু সৰু খোজ ব্যৱহাৰ কৰে যিবোৰ প্ৰথমতে নগন্য বা তুচ্ছ যেন লাগে৷ কিন্তু অলপ সময়ৰ ভিতৰতে আপুনি তেনে সৰু সৰু খোজৰ ফলাফল আৰু গুৰুত্ব দেখা পাব আৰু অনুভৱ কৰিব৷ এনে সৰু সৰু খোজবোৰ লগ হৈ ডাঙৰ ডাঙৰ ফলাফলৰ সৃষ্টি কৰিব আৰু সেয়া হ’ব কম সময়ৰ ভিতৰতে, যিয়ে আপোনাক বহু সময়লৈকে কাম কৰি থাকিবলৈ মটিভেট কৰিব৷

মই নিজে ব্যক্তিগতভাৱে মোৰ জীৱনৰ বিভিন্ন দিশৰ উন্নতি সাধন কৰিবলৈ এই পদ্ধতিটো ব্যৱহাৰ কৰি আছোঁ৷ মোৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি, দেখাত ভাল হোৱা, কেৰিয়াৰ সলনি কৰাৰ পৰা নতুন ষ্টার্টআপ এটা আৰম্ভ কৰালৈকে মই বহুত কাম কৰিছোঁ এই উপায়টোৰ সহায়ত৷ মই সদায়ে এক মটিভেচনেল স্পিকাৰ হ’বলৈ বিচাৰিছিলোঁ আৰু যোৱা তিনিবছৰত মই সেয়া কৰিছোঁ আৰু আজি মানুহে মোৰ কথা শুনিবলৈ আৰু মোৰ পৰা পৰামর্শ ল’বলৈ সময় আৰু টকা-পইচা খৰছ কৰিবলৈ সাজু৷ এই সকলোবোৰ সম্ভৱ হৈছে কাইজেনৰ বাবে৷

ইয়াক লাগে কিয়?

কেতিয়াবা আমি আমাৰ লক্ষ্যক লৈ ইমানে উত্তেজিত আৰু উৎসাহিত হও যে আমি লগে লগে কাম আৰম্ভ কৰিব বিচাৰোঁ বা আৰম্ভ কৰোঁ যথেষ্ট উৎসাহেৰে যি উৎসাহ মাত্ৰ অলপ সময়ৰ বাবেহে থাকে৷ সেইবাবে আমি ইমানবোৰ কাম আৰম্ভ কৰোঁ কিন্তু মাত্ৰ কমসংখ্যকহে কৰি শেষ কৰোঁ৷ এটা উদাহৰণে কথাটো বুজিবলৈ সহজ কৰি তুলিব৷

আপুনি যদি ওজন কমাব বিচাৰে আৰু সেই ক্ষেত্ৰত আপুনি লক্ষ্য থিৰ কৰি লৈছে আৰু লগতে আপুনি অনুপ্ৰাণিত৷ গতিকে আপুনি যথেষ্ট উত্তেজিত আৰু উৎসাহিত হৈ কাম আৰম্ভ কৰে৷ আপুনি সপ্তাহত ৪-৫ দিন জিমলৈ যাবলৈ আৰম্ভ কৰে, আপুনি অনবৰতে ব্যায়ামৰ উপকাৰিতাৰ বিষয়ে ক’বলৈ আৰম্ভ কৰে, আপুনি এক নির্দিষ্ট ডায়েট মানি চলা আৰম্ভ কৰে আৰু আপুনি সদায় নিজৰ ওজন জোখা আৰম্ভ কৰে, কেতিয়াবা ২-৩ বাৰ দিনটোত ওজন জোখে৷ কিন্তু এমাহ বা অলপ বেছি পাৰ হৈ যোৱাৰ পিছত আপুনি যেতিয়া আপুনি আশা কৰা মতে সাংঘাটিক ফলাফল নেদেখে তেতিয়া আপোনাৰ উত্তেজনা আৰু উৎসাহ কমি লাহে লাহে নোহোৱা হয় আৰু পিছলৈ ২-৩ বাৰ জিম যোৱাটোও টান হৈ পৰে৷ তাৰ পৰিৱর্তে আপুনি যদি সৰু সৰু খোজেৰে আৰম্ভ কৰিলেঁহেঁতেন আৰু ওজন কমোৱা লক্ষ্য লাভ কৰিবলৈ কাইজেন ব্যৱহাৰ কৰিলহেঁতেন, তেতিয়া আপুনি বেছি সফল হ’লহেঁতেন৷ আপুনি নিজৰ ওজন ১০-২০ কেজি কমোৱাৰ লক্ষ্যক সৰু সৰু লক্ষ্যত ভাগ কৰি ল’ব পাৰে আৰু সেই সৰু লক্ষ্যবোৰক তাতোকৈ সৰু সৰু কিছুমান লক্ষ্যত পুনৰাই ভাঙি ল’ব পাৰে৷ তেনে ক্ষুদ্ৰ লক্ষ্যবোৰ লাভ কৰাটো সহজ আৰু আপুনিস এইবোৰ লাভ কৰিবলৈ কাম আৰম্ভ কৰিব পাৰে৷ আপুনি মাত্ৰ ক্ৰমাগত উন্নিতৰ পদ্ধতিটো ব্যৱহাৰ কৰিব লাগিব যত আপুনি কালিৰ লক্ষ্যতকৈ আজি আৰু অলপ আগুৱাবলৈ চেষ্টা কৰে৷

সময়ৰ ব্যৱধানত তেনে ক্ৰমাগত উন্নতি লগ হৈ ডাঙৰ ডাঙৰ কাম হৈ পৰে আৰু এইবোৰে আপোনাক সৰু সৰু লক্ষ্যবোৰ লাভ কৰাত সহায় কৰে৷ ক্ৰমাগত ভাৱে এনে সৰু সৰু লক্ষ্যবোৰ লাভ কৰিলে এইবোৰ লগ হৈ ডাঙৰ ডাঙৰ লক্ষ্যবোৰ লাভ কৰাত সহায় কৰিব৷ লগে লগে ওজন কমোৱাৰ ফলাফল লাভ কৰাৰ সলনি ই আপোনাৰ বাবে এক যাত্ৰা হৈ পৰিব যি যাত্ৰা আপুনি উপভোগ কৰিব আৰু লগতে আপোনাৰ লক্ষ্যবোৰ ফলাফল হিচাপে লাভ কৰিব৷

সকলো কথাই কিছুমান সহজ পদ্ধতিৰে কৰিব পাৰি৷ আপুনি যদি সকলো কথাতে সদায় ক্ৰমাগত উন্নতি লাভ কৰিবলৈ চেষ্টা কৰে, তেতিয়া কোনো ধৰণৰ ষ্ট্ৰেছ নোহোৱাকৈ আপুনি ডাঙৰ ডাঙৰ ফলাফল লাভ কৰিব পাৰিব৷ এই প্ৰক্ৰিয়াটোৰ সময়ত নিজকে পুৰস্কাৰ দিয়ক সৰু সৰু লক্ষ্যভোৰ লাভ কৰাৰ বাবে যাতে আপুনি সদায়ে অনুপ্ৰাণিত অনুভৱ কৰে৷ পুৰস্কাৰবোৰে বহু সময়লৈকে আপোনাক অনুপ্ৰাণিত হৈ থকাত সহায় কৰিব আৰু সেয়া অত্যাবশ্যকীয় যদিহে আপুনি ডাঙৰ ডাঙৰ ফলাফলবোৰ লাভ কৰিবলৈ ইচ্ছা কৰে৷

ক্ৰমাগত উন্নতি বৰ সহজ কাৰণ আপুনি মাত্ৰ কালিতকৈ আজি অলপ বেছি ভাল কৰিব লাগে, উন্নতি কৰিব লাগে৷ গতিকে ইমানবোৰ কাম কৰিবলৈ আছে বা ইমান ভালকৈ কৰিবলৈ আছে বুলি ভাবি আপোনাৰ ষ্ট্ৰেছ নহয়৷ ই বেছি সহজ৷

ই সৰল আৰু সেইবাবে বেছি সহজ আৰু কার্যকৰী৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top