Close

কাম কমকৈ কৰক, জীৱনটো বেছিকৈ জীয়াই থাকক

সকলোৱে আজিকালি খুব ব্যস্ত৷ সম্ভৱত সকলোৱে ব্যস্ততা ভাল পায় আৰু সেয়া ভাল কথা৷ কিন্তু কেতিয়াবা আপোনাৰ এনে লাগে নেকি আপুনি ক্ৰমান্বয়ে বেছি ব্যস্ত হৈ গৈ আছে আৰু যদিও আপুনি আৰু বেছি কাম কৰি গৈ আছে আপুনি কিন্তু জীৱনটো জীয়াই থকা নাই৷ আপোনাৰ যদি তেনে অনুভৱ হৈছে, আপুনি অকলশৰীয়া নহয়৷

সম্ভৱত আমি আৰু বেছিকৈ কাম কৰি গৈ আছোঁ কিন্তু আমি আমাৰ জীৱনটো জীয়াই থকা বাদ দিছোঁ৷ বেছিকৈ কাম কৰিব পাৰিলেহে, প্ৰডাক্টিভিটি বাঢ়িলেহে আমি শান্তি পাও আৰু ফলত ইয়াত আমি লাহে লাহে ফচি গৈছোঁ৷ কিন্তু জীৱনটো জীয়াই থাকিবলৈ আমি পাহৰি গৈছোঁ৷

বহু মানুহে ভাবে যে ব্যস্ততা সফলতাৰ চিন৷ সঁচাকৈয়েনে? এই কথাটোৱে সফলতা মানেনো কি সেই আলোচনালৈ লৈ যাব৷ সফলতা কি সেয়া আপুনি নিজে সিদ্ধান্ত কৰিব পাৰে৷ আন মানুহৰ বাবে সফলতা মানে যদি ব্যস্ততা, সেয়া আপোনাৰ বাবে যে হ’ব লাগিব তেনে কোনো কথা নাই৷ আপোনাৰ বাবে সফলতা মানে আন কিবা হ’ব পাৰে৷ সেয়া আপুনি নিজে ঠিৰাং কৰক৷

অশান্তিবোৰ কমাওক

ডিচট্ৰকচন বা যিবোৰ বস্তুৱে আপোনাৰ মনোযোগ ব্যাহত কৰে, তেনে অশান্তিবোৰ কমাবলৈ চেষ্টা কৰি চাওকচোন৷ নানা ধৰণৰ বস্তুৰ দ্বাৰা আমাৰ মনোযোগ ব্যাহত হয় আৰু তাৰ ফলত সময়বোৰ উৰি গৈ থাকে, যাৰ ফলত যিবোৰ বস্তু বা কাম আপুনি ভাল পায় সেইবোৰৰ বাবে আপোনাৰ সময় নোহোৱা হয়৷ উদাহৰণ স্বৰূপে, আমি আমাৰ মবাইল ফোন, টেবলেট আৰু আন ইেলকট্ৰনিকছ সামগ্ৰীবোৰৰ স্ক্ৰীণলৈ চাই চাই ইমান সময় নষ্ট কৰোঁ আৰু তাৰ পিছত আমাৰ প্ৰয়োজনীয় কামবোৰৰ বাবে যেনে সদায় ব্যায়াম কৰা, ভালপোৱা লোকসকলৰ লগত কথা পতা, বন্ধু-বান্ধৱক লগ কৰা ইত্যাইদ কামৰ বাবে সময় নাথাকে৷

প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভালদৰে চিন্তা কৰক

কিবা এটা কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ আগতে (কামটো কৰিম বুলি কোৱাৰ আগতে) সাৱধানে চিন্তা কৰি লওক৷ আপুনি যদি সঁচাকৈয়ে কিবা এটা কৰিব নিবিচাৰে তেন্তে প্ৰতিশ্ৰুতি নিদিব৷ কোনোবাই বেয়া পাব বুলি, আপোনাৰ পৰিয়ালে কিবা কৰিবলৈ কৈছে বুলি, সামাজিকভাৱে নহ’ব বা নাই বুলি কোৱাটো বেয়া বাবে আন যিকোনো কাৰণতে নিবিচাৰিলে হ’ব বুলি নক’ব, কৰিম বুলি নক’ব৷

লৰচৰ নকৰাকৈ থকা আৰু নীৰৱতা

লৰচৰ নকৰাকৈ থকা আৰু নীৰৱতাই আপোনাক জীৱনটো ভালদৰে বুজাত সহায় কৰিব৷ আমাৰ সচেতনতা বৃদ্ধি কৰি এই দুটা কাম বা অভ্যাসে আপোনাক এক ভাল জীৱন সৃষ্টি কৰিবলৈ সহায় কৰিব৷ লৰচৰ নকৰাকৈ থাকিলে আৰু নীৰৱতা অৱলম্বন কৰিলেহে আপুনি নিজৰ মাতটো ভালদৰে শুনিব পাৰিব, নিজৰ অন্তৰৰ মাতটোৱে কি কৈছে সেয়া বুজি পাব৷ আপোনাৰ চাৰিওফালে হুলস্থূল হৈ থাকিলে, আপোনাৰ মনোযোগ ব্যাহত হৈ থাকিলে, আপুনি অনবৰতে ব্যস্ত থাকিলে কেনেদৰে আপুনি নিজৰ মাতটো শুনিব পাৰিব? যদিও লৰচৰ নকৰাকৈ ৰৈ থকাটো সহজ কাম যেন লাগে, দৰাচলতে ই ইমান সহজ নহয়৷ পৰৱর্তী ৫ মিনিটৰ বাবে লৰচৰ নকৰাকৈ থাকিবলৈ চেষ্টা কৰি চাওকচোন৷ ই কিমান টান?

একেদৰে মনে মনে বহি থকাটোও সমানে টান কাম৷ বহু মানুহে অলপ সময়ৰ বাবেও কিবা নোকোৱাকৈ মনে মনে বহি থাকিব নোৱাৰে৷ তেওঁলোকে অনবৰতে কিবা নহয় কিবা এটা কৈ থাকিবলৈ বাধ্য৷

আপুনি যেতিয়া লৰচৰ নকৰাকৈ বহি থাকে আৰু নীৰৱতাৰ মাজত বেছি সময় কটায়, তেতিয়া আপুনি হয়তো কম কাম সম্পন্ন কৰিব কিন্তু বেছিকৈ জীয়াই থাকিব৷

সাৰাংশ

কাম কৰা আৰু বেছিকৈ কাম কৰি অটোৱা ভাল কথা কিন্তু আপুনি ইয়াৰ বাবে যদি আুনি জীৱনটো জীয়াই থকাটো তাৰ মূল্য হিচাপে ভৰিবলগীয়া হয় আৰু জীৱনটো জীয়াই থাকিব নোৱাৰে, তেন্তে সম্ভৱত এই মূল্য বহুত বেছি৷

অমাৰ জীৱনটো জীয়াই থাকো আহক যাতে বুঢ়া বয়সত, যি সময়ত এই বিষয়ে আমি একো কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ কোনো আক্ষেপ নাথাকে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top