Close

ভিক্টৰ ফ্ৰেঙ্কলৰ পাঁচটা উদ্ধৃতি যিয়ে আপোনাক ভাবিবলৈ বাধ্য কৰিব

আপোনাৰ দৃষ্টিভংগী সলনি কৰক

ভিক্টৰ ফ্ৰেঙ্কলৰ তেওঁৰ মহান কাম ‘এ মেনছ চার্চ ফৰ মিনিঙ’ ৰ বাবে জনাজাত৷ তেওঁ এসময়ত অচৱিটজ কনেচনট্ৰেচন কেম্পৰ বন্দী আছিল আৰু তাৰ পৰা ৰক্ষা পৰাত তেওঁক সহায় কৰিছিল অন্য ধৰণে চিন্তা কৰিব পৰা তেওঁৰ শক্তিয়ে৷ তেওঁৰ সূক্ষ্মদৃষ্টিয়ে আপোনাকো নিজৰ জীৱনৰ অর্থ বিচাৰি পোৱাত সহায় কৰিব আৰু আপোনাৰ দৃষ্টিভংগী সলনি কৰি জীৱনটো আৰু উন্নত কৰাত সহায় কৰিব৷

1. “Between stimulus and response, there is a space. In that space is our power to choose our response.”

উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত অলপ ঠাই থাকে৷ সেই ঠাইতে থাকে আমাৰ প্ৰতিক্ৰিয়া বাচি লোৱাৰ শক্তি৷

উদ্দীপক থাকিলে প্ৰতিক্ৰিয়া থাকিবই৷ কিন্তু কোনো উদ্দীপকৰ ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে আপোনাৰ হাতত ঠাই আৰু সময় থাকিব আৰু আপুনি থিৰাং কৰিব পাৰিব আপুনি কেনেদৰে সেই উদ্দীপক ৰ প্ৰতি বা সংঘটিত হোৱা ঘটনাত প্ৰতি নিজৰ প্ৰতিক্ৰিয়া জাহিৰ কৰিব৷ আৰু আপোনাৰ প্ৰতিক্ৰিয়াই থিৰাং কৰিব আপোনাৰ জীৱনটও কেনে হ’ব৷

2. “In some way, suffering ceases to be suffering at the moment it finds a meaning.”

যেতিয়াই যন্ত্ৰণাই এক অর্থ বিচাৰি পায় তেতিয়াই আৰু যন্ত্ৰণা হৈ নাথাকে৷

আমি দিয়া অর্থৰ বাহিৰে জীৱনৰ আন কোনো অর্থ নাই৷

গতিকে যদিও আপুনি জীৱনত যন্ত্ৰণা পায় আপুনি যদি তাত জীৱনৰ অর্থ বিচাৰি পায় বা ঘটি থকা সকলো কথাকে নিজে অর্থ প্ৰদান কৰিব পাৰে, তেন্তে সেই যন্ত্ৰণা আৰু যন্ত্ৰণা হৈ নাথাকে, ই এক অর্থ লাভ কৰে৷ যি মূহূর্তত আপুনি অর্থ বিচাৰি পায় বা অর্থ প্ৰদান কৰিব পাৰে আপোনাৰ যন্ত্ৰণা নোহোৱা হৈ পৰিব আৰু আপুনি আৰু যন্ত্ৰণা ভোগ নকৰে৷

3. “The more one forgets himself — by giving himself to a cause to serve or another person to love — the more human he is and the more he actualizes himself.”

যিমানে এজন মানুহে নিজকে পাহৰি যায়নিজকে সেৱাৰ কাৰণে উচর্গা কৰি বা আন কাৰোবাক ভাল পাইতেওঁ সিমানে মানুহ হৈ পৰে আৰু নিজকে উপলব্ধি কৰিব পাৰে৷

জীৱনটো আপোনাতকৈ বহু ডাঙৰ৷ ই কেৱল আপোনাৰ বিষয়ে নহয়—আপোনাৰ টকা-পইচা, ঘৰ-বাৰী, সা-সম্পত্তি, আপোনাৰ জীৱনসংগী, আপোনাৰ সন্তান ইত্যাদিৰ বিষয়ে নহয়৷ জীৱনটো হ’ল আপুনি আনৰ বাবে কি কৰিছে৷ আপুনি যদি আন মানুহক সহায় কৰি আছে, আনৰ সেৱা কৰি আছে, সেয়া আপোনাৰ আপোনাৰ আত্মোপলব্ধি আৰু তেতিয়া আপুনি এক প্ৰকৃত মানুহ হৈ পৰে৷

4. “For the world is in a bad state, but everything will become still worse unless each of us does his best.”

পৃথিৱীখনৰ অৱস্থা বেয়া, কিন্তু সকলোবোৰ আৰু বেছিকৈ বেয়া হৈ পৰিব যদিহে আমি প্ৰত্যেকে নিজে কৰিব পৰা কামবোৰ আটাইতকৈ ভালকৈ নকৰোঁ৷

যদিও ব্যক্তি হিচাপে আপুনি বা মই আমি বিচৰা ধৰণে পৃথিৱীখন সলাব নোৱাৰিব পাৰোঁ, কিন্তু তাৰ মানে এয়া নহয় যে আমি একো নকৰাকৈ হাত সাৱটি বহি থাকিম৷ ইয়াৰ মানে হ’ল পৃথিৱীখন ভাল কৰিবলৈ আমি কৰিব পৰা কামটো আটাইতকৈ ভালদৰে কৰিম৷ এটা সময়ৰ পিছত, তেনে ব্যক্তিসকল আৰু তেওঁলোকে কৰা কামবোৰ একলগ হৈ পৃথিৱীখনক বাস কৰাৰ এক ভাল ঠাই কৰি তুলিব৷

5. “When we are no longer able to change a situation, we are challenged to change ourselves.”

আমি যেতিয়া এটা অৱস্থা সলনি কৰিব নোৱাৰো, আমাক নিজকে সলনি কৰিবলৈ প্ৰত্যাহ্বান জনায়৷

আপুনি কেতিয়াবা এনে এটা পৰিস্থিতিত পৰে যত আপুনি একো কৰিব নোৱাৰে, আপোনাৰ হাতত একো নাথাকে৷ তেতিয়া আপুনি তাক মানি লৈ আগবাঢ়ি যাব পাৰে৷ বা আপুনি আন কিবা উপায় বিচাৰি পালে সেয়া গ্ৰহণ কৰিব পাৰে৷ কিন্তু যদি আপুনি অৱস্থা এটাৰ একো সলনি কৰিব নোৱাৰে, তেনে স্থলত আপোনাৰ হাতত এক শক্তিশালী উপায় থাকে- নিজকে সলনি কৰা৷

কাৰণ তেনে এক পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো বা চম্ভালি লোৱা কামটোৱে আপুনি বর্তমান অৱস্থাত যি তাতোকৈ বেছি দাবী কৰে৷ আপুনি তেনে কৰিব পাৰিব যেতিয়া আপুনি নিকে সলনি কৰি পৰিস্থিতৰ লগত নিজকে খাপ খুৱাই ল’ব পাৰে৷ আপুনি যদি নিজকে সলনি কৰিব পাৰে আপুনি পৰিস্থিতিটো ভালদৰে চম্ভালি ল’বলৈ সক্ষম হ’ব আৰু পৰিস্থিতটোৰ অন্তত নিজকে এক বেছি ভাল মানুহ হিচাপে অনুভৱ কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top