Close

মনৰ চিনেমা

আপোনাৰ মনৰ ভিতৰত এখন চিনেমা অনবৰতে চলি থাকে৷ যেতিয়াই আপুনি কিবা এটা কথা চিন্তা কৰি থাকে, তেতিয়াই এখন চিনেমা মনৰ ভিতৰত চলি থাকে৷ আপোনাৰ মনটোৱে এখন চিনেমা প্ৰদর্শন কৰে আৰু আপুনি সেইখন চায়৷ আপুনি যেতিয়া অতীতৰ কিবা কথা ভাবে, ই আগতে ঘটি যোৱা কথাবোৰ দেখুৱায়৷ আপুনি যদি ভবিষ্যতৰ কথা চিন্তা কৰে, ই ভবিষ্যতে হ’ব পৰা ঘটনাবোৰৰ বিষয়ে আপোনাক দেখুৱায়৷ আপুনি যেতিয়া সিদ্ধান্ত এটা লয়, আপোনাৰ মনটোৱে এক বা ততোধিক চিনেমা প্ৰদর্শন কৰে আৰু আপোনাৰ সিদ্ধান্তটো তাৰ ওপৰত বহু পৰিমাণে নির্ভৰ কৰে৷

আপোনাৰ মনটোৱে যদি এখন নিগেটিভ চিনেমা প্ৰদর্শন কৰে, ই আপোনাক আৰু আপোনাৰ জীৱনৰ বিভিন্ন দিশক নিগেটিভভাৱে প্ৰভাৱিত কৰিব কাৰণ আপোনাৰ সিদ্ধান্তবোৰ সেই চিনেমাখনৰ দ্বাৰা প্ৰভাৱিত হ’ব৷

আপোনাৰ মনটোৱে যদি এখন পজিটিভ চিনেমা প্ৰদর্শন কৰে তেতিয়া ই আপোনাক এক পজিটিভ মুড লাভ কৰাত সহায় কৰে লগেত পজিটিভ চিন্তাবোৰ আপোনাৰ মনলৈ আহে৷ আপুনি নিজৰ বিষয়ে, ভবিষ্যতৰ বিষয়ে, পৰিস্থিতিৰ বিষয়ে, আপুনি কৰিবলগীয়া কামবোৰৰ বিষয়ে, আপুনি ইতিমধ্যে কৰা কামবোৰৰ বিষয়ে ভাল আৰু পজিটিভ অনুভৱ কৰে৷

সমস্যাবোৰ

মনৰ চিনেমাখনে নিশ্চিত কৰে প্ৰয়োজন হ’লে আপুনি নিজকে সলনি কৰিব পাৰিব নে নাই৷ আপোনাৰ অভ্যাস কিছুমান সলনি কৰিবলগীয়া হ’লে ই সেই সালসলনি হোৱাত বাধা দিয়ে৷ ই হতাশা, বেয়া চিন্তা, ষ্ট্ৰেছ, উদ্বেগ, দুঃচিন্তা, দীর্ঘসুত্ৰিতা, ক্ষোভ আদি সমস্যাৰ সৃষ্টি কৰে৷ আপোনাৰ মনৰ চিনেমাখন আপোনাৰ নানা সমস্যাৰ কাৰণ৷

আপুনি কি চিনেমা চাব তাক নিয়ন্ত্ৰণ কৰিব পাৰে

আপোনাৰ মনৰ ভিতৰত প্ৰদর্শিত চিনেমাখন আপনি নিয়ন্ত্ৰণ কৰিব পাৰে৷ আপুনি সদায় পজিটিভ চিনেমা এখন প্ৰদর্শন কৰিবলৈ বাচি ল’ব পাৰে যাতে আপুনি যি লাভ কৰিবলৈ ইচ্ছা কৰে সেয়া লাভ কৰিবলৈ কাম কৰিবলৈ অণুপ্ৰাণিত অনুভৱ কৰে৷ যদি আপোনাৰ মনটোৱে এখন নিগেটিভ চিনেমা প্ৰদর্শন কৰে, তেন্তে ইয়াক সততে সলনি কৰিব পাৰে চিনেমাখন, চৰিত্ৰবোৰ, কাহিনী, স্থান, ঘটনা আৰু প্লটটো সলনি কৰি৷ আপোনাৰ সচেতন আৰু অৱচেতন দু্য়োটা মনৰে বাবে এয়া সম্ভৱ৷

আপোনাক নিগেটিভভাৱে প্ৰভাৱ পেলোৱা আৰু আপোনাক হতাশ কৰি তোলা, আত্মবিশ্বাস কমোৱা আৰু কামৰ মান নিম্নগামী কৰা এখন নিগেটিভ চিনেমা মনৰ ভিতৰত প্ৰদর্শিত হৈ থকাতকৈ আপুনি নিজে পজিটিভ মনৰ চিনেমা এখন সৃষ্টি কৰিবলৈ চেষ্টা নকৰে কিয়ে যিয়ে আপোনাক সঠিক আৰু পজিটিভ চিন্তা কৰিবলৈ বাধ্য কৰাব?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top