মই যথেষ্ট ঠেকা খাই এই কথাটো শিকিবলগীয়া হৈছে৷ মোৰ হাতত বহু এনে বস্তু আছে যিবোৰ মোক নালাগে বা যিবোৰ মই ব্যৱহাৰ নকৰো৷ মই যদি এইবোৰ বস্তুত নষ্ট কৰা টকা-পইচাৰ হিচাপ কৰোঁ ই এক ডাঙৰ সংখ্যা হ’বগৈ৷
কেইটামান প্ৰশ্নই আপোনাক এনে অৱস্থাৰ পৰা হাত সাৰি থাকিবলৈ সহায় কৰিব৷ আপুনি নিজকে এই প্ৰশ্নবোৰ সোধক আৰু তাৰ পিছত সিদ্ধান্ত কৰক আপুনি বস্তুটো কিনিব নে নিকিনে৷
মোক এইটো সঁচাকৈয়ে লাগেনে?
আপুনি সম্পূর্ণ ৰূপে শান্ত হৈ থকা অৱস্থাত যদি সম্পূর্ণ সততাৰে নিজকে এই প্ৰশ্নটো সোধে, তাৰ উত্তৰটো বস্তুটো দেখি আপোনাৰ মনলৈ অহা অনুভৱতকৈ বেলেগ হ’ব৷ আপোনাৰ যদি সঁচাকৈয়ে বস্তুটোৰ প্ৰয়োজন নাই, কৰবাৰ পৰা কেনেবাকৈ আপোনাৰ মনটোৱে উত্তৰ দিব যে আপোনাক বস্তুটোৰ প্ৰয়োজন নাই, বস্তুটো আপোনাক নালাগে৷
সেইখিনি টকা মই খৰচ কৰিব পাৰোঁ জানো?
যদি আপুনি ক্ৰেডিট কার্ডেৰে তাৰ পেমেন্ট কৰিব লাগিব তেতিয়াহ’লে হয়তো আপুনি নোৱাৰে৷
ই মোৰ জীৱনৰ কিবা মূল্য বঢ়াবনে?
ই এটা ডাঙৰ প্ৰশ্ন৷ যদি বস্তুটোৱে আপোনাৰ জীৱনৰ মূল্য নবঢ়ায়, ভাল কিবা এটা যোগ নকৰে (ই আনন্দ, সুখ আদিও হ’ব পাৰে), তেন্তে আপোনাক সেই বস্তুটোৰ প্ৰয়োজন আছেনে?
মই এইটো নোহোৱাকৈ চলিব পাৰিমনে?
যদি উত্তৰটো ‘পাৰিম’ হয় তেতিয়া আপুনি হয়তো বস্তুটোৰ কথা সম্পূর্ণৰূপে পাহৰি যাব পাৰে বা কিছুদিন অপেক্ষা কৰিব পাৰে৷ আপুনি যদি এদিন বা কেইদিন মান ৰৈ দিয়ে, তেনেহ’লে ভালদৰে ভাবি চোৱাৰ পিছত আপুনি অনুভৱ কৰিব যে হয়তো আপোনাক সেই বস্তুটো নালাগে৷
ইয়াৰ কিবা বিকল্প আছে নেকি?
আপুনি বস্তুটো বিচাৰিছে কিবা এটা কামত লগাবলৈ৷ এতিয়া যদি আপুনি নিজকে সোধে, ‘মই আন কি কৰিব পাৰোঁ বা ইয়াৰ কিবা বিকল্প আছে নেকি?’ আপুনি কিছুমান উত্তৰ পাব৷ একেটা প্ৰয়োজন পুৰণ কৰিবলৈ আপোনাৰ মনটোৱে এনে এক দিশলৈ আঙুলিয়াই দিব যত আপুনি আন কিবা এক বিচাৰি পাব যিয়ে আপোনাৰ এই প্ৰয়োজনটো পুৰাব পাৰিব নতুন বস্তুটো নিকিনাকৈ৷ কথাটো এনেয়ে নকয় যে- “অভাৱেই আৱিষ্কাৰৰ মূল৷”