Close

ডমিন’ এফেক্ট

domino piece standing still concept on wooden table

ডমিন’ এফেক্ট – যদি এটা ঘটনাই আন কেবাটাও সম্পর্ক থকা ঘটনাৰ সৃষ্টি কৰে, তাক ডমিন’ এফেক্ট বুলি কোৱা হয়৷ ই এক চেইন ৰিয়েকচনৰ নিচিনা যত এটা ঘটনাই একেধৰণৰ আন কিছুমান ঘটনাৰ এক চেইনৰ সৃষ্টি কৰে৷ ধৰি লওক লাইন কৰি থিয় কৰি থৈ দিয়া ডমিন’ কেইবা লাইনো আপোনাৰ সন্মুখত আছে৷ তাৰে একেবাৰে সন্মুখৰ ডমিন’ টো যদি আপুনি লাহেকৈ ঠেলা এটা মাৰি পেলাই দিয়ে, ই তাৰ পিছত থকা ডমিন’টোত খুন্দা মাৰি তাক পেলাই দিব৷ ফলত এটাৰ পিছত এটাকৈ ডমিন’ বোৰ পৰিবলৈ আৰম্ভ কৰিব আৰু ই সংঘটিত হ’ব নিজে নিজে৷ আপুনি বাকীবোৰ ডমিন’ পেলাবলৈ এটা এটাকৈ সেইবোৰ খুন্দা মাৰিব বা ঠেলি দিব নালাগে৷ মাত্ৰ সন্মুখৰ ডমিন’ টোত লাহেকৈ মৰা ঠেলা এটাৰ ফলতে কেইবা লাইনো ডমিন’ নিজে নিজে পৰি যাব৷

ইয়াৰ সৃষ্টি হয় যেতিয়া আপুনি কিবা এটা কাম কৰে আৰু তাৰ ফলস্বৰূপে আন কিছুমান কাম সংঘটিত হয়৷ এই পৰিঘটনাটো আমাৰ বাবে গুৰুত্বপূর্ণ কাৰণ আমাৰ জীৱনত ই নানা ধৰণে, পজিটিভ আৰু নিগেটিভ দুয়োধৰণে, প্ৰভাৱ পেলাব পাৰে৷ ইয়াৰ সহায়ত আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ ফল লাভ কৰিব পাৰে৷

অসাধাৰণ ফলাফল লাভ কৰক

আপুনি যদি অসাধাৰণ ফল লাভ কৰিব বিচাৰিছে তেন্তে আপোনাৰ জীৱনত এটা ডমিন’ এফেক্টৰ সৃষ্টি কৰক৷ তাৰবাবে আপুনি আপোনাৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ ডমিন’ বোৰ বিচাৰি উলিয়াওক আৰু একেবাৰে সন্মুখৰ ডমিন’ টোত লাহেকৈ ঠেলা এটা দিয়ক৷ আপোনাৰ সফলতা এদিনতে নাহে কিন্তু ডমিন’ এফেক্টে আপোনৰ বাবে সফলতা আগতকৈ সহজ কৰি তোলে৷ প্ৰতিদিনে যদি আপুনি আটাইতকৈ গুৰুত্বপূর্ণ ডমিন’ টোক (আপোনাৰ বাবে গুৰুত্বপূর্ণ কাম এটা) ঠেলা মৰা কামটো কৰি থাকিব পাৰে, ই আপোনাক সহায় কৰিব প্ৰতিদিনে সঠিক কামটো কৰাত যিয়ে সময়ৰ অন্তৰালত একলগ হৈ আপোনাৰ বাবে অসাধাৰণ সফলতাৰ সৃষ্টি কৰিব৷ 

এতিয়া চাও আহক আপোনাৰ জীৱনত ইয়াক কেনেদৰে প্ৰয়োগ কৰিব পাৰি

ভাল অভ্যাস সৃষ্টি কৰাত ডমিনএফেক্ট

আপোনাৰ জীৱনত ভাল কৰি তোলাত আৰু ভাল অভ্যাস কিছুমান গঢ় দিয়াত ডমিন’ এফেক্টে আপোনাক সহায় কৰিব পাৰে৷ 

ৰাতিপুৱা উঠি মাত্ৰ নিজৰ বিচনাখন ঠিক কৰক- ৰাতিপুৱা শুই উঠি বিচনাখন ঠিক কৰাটো তেনেই সৰু কাম৷ ই কেনেদৰে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে? আলসৰ লাড়ু নামৰ ল’ৰাটোৱে এদিন এই নগন্য কামটো কৰিব বুলি ঠিৰাং কৰিলে আৰু কৰা আৰম্ভ কৰিলে৷ কেইদিনমান কৰাৰ পিছত এদিন বিছনা ঠিক কৰাৰ পিছতে সি ইফালে-সিফালে পৰি থকা কাপোৰবোৰ সামৰি হেঙাৰত লগালে আৰু নিজৰ আলমিৰাত সুমুৱাইৗ থলে৷ তাৰ পিছত সি নিজকে নিজৰ পঢ়া টেবুলখনৰ ওচৰত পালে যত সি সিঁচৰতি হৈ থকা কিতাপ-বহীবোৰ গোটাই ঠিক কৰি জাপি-জুপি থলে, নিজৰ কলেজৰ বেগটো সামৰি মেলি নিজৰ ঠাইত থলে৷ বিচনাখন পৰাৰ নগন্য কামটোৱে তাৰ নিজৰ জীৱনৰ লগত জড়িত আন কিছুমান কামো চেইন ৰিয়েকচনৰ আৰম্ভণি কৰিলে৷ এবাৰ এইদৰে নিজৰ ৰূম আৰু পঢ়া টেবুল সুন্দৰকৈ আৰু পৰিষ্কাৰ কৰি ৰখাৰ ফলত তাৰ নিজৰ মনত নিজৰ বিষয়ে ভাব হ’ল “মই এনে এক মানুহ যি সদায় পৰিষ্কাৰ হৈ থাকে আৰু সকলো বস্তু সুন্দৰকৈ নিজৰ স্থানত ৰাখে৷” নিজৰ এনে এক ছবি তাৰ মনত তৈয়াৰ হোৱাৰ ফলত সি সদায়ে সেই আত্মছবি (নিজৰ বিষয়ে নিজৰ মনত যি ছবিৰ সৃষ্টি হয়) ঠিকে ৰাখিবলৈ যত্ন কৰিলে আৰু ফলত সেয়া তাৰ অভ্যাস হৈ পৰিল৷

ৰাতিপুৱা বিচনা ঠিক কৰা এটা ইমান শক্তিশালী অভ্যাস আৰু ইয়াৰ ডমিন’ এফেক্ট ইমান তীব্ৰ যে আনকি কিছুমান দেশৰ সামৰিক সেৱাতো ইয়াক শিকোৱা হয়৷ ৰাতিপুৱা ভালদৰে বিচনাখন ঠিক কৰাৰ লাভ কেইবাটাও- প্ৰথমতে, আপুনি এটা সৰু হলেও কাম কৰি শেষ কৰিলে, ফলত মনটো ভাল লাগিব আৰু আন এটা কাম কৰিবলৈ ই আপোনাক উৎসাহ দিব৷ দ্বিতীয়তে, কামটো ভালদৰে কৰিলে আপোনাৰ আত্মবিশ্বাস অলপ হলেও বৃদ্ধি পাব, গতিকে তা পিছৰ কামবোৰ কৰিবলৈ যাওতে ইতিমধ্যে আপুনি ৰাতিপুৱাই অলপ হলেও আত্মবিশ্বাস গোট খুৱালে বা বৃদ্ধি কৰিলে৷ তৃতীয়তে, আপোনাৰ মনলৈ চিন্তা আহিব যে আপুনি যদি এটা কাম ভালদৰে কৰিব পাৰিছে, তাৰ পিছৰ কামবোৰো কিজানি ভালদৰে কৰিলে আপুনি কৰি শেষ কৰিব পাৰিব৷ এই পজিটিভ চিন্তাটো বৰ ডাঙৰ কথা৷ চতুর্থতে, আপোনাৰ দিনটো বেয়া হলেও ৰাতি আপুনি সুন্দৰকৈ পাৰি থোৱা এখন বিচনা পাবগৈ৷

বহি কটোৱা সময় কমাওক -এনেয়ে বহি অবাবত সময় কটোৱা অভ্যাসটো বাদ দিবলৈ হ’লে আপুনি এই ডমিন’ এফেক্টক কামত লগাব পাৰে৷ বহি থকা সময়খিনি জিমলৈ যোৱা আৰম্ভ কৰক৷ আপুনি যেতিয়া প্ৰতিদিনে জিমলৈ যায় তেতিয়া তাৰ ফলস্বৰূপে আপুনি নিজৰ কামত বেছিকৈ মনোযোগ দিব পাৰে, বেছি ভালকৈ শুব পাৰে৷ যদিও আপুনি বাকী দুটা অভ্যাস কৰিম বুলি ভবা নাছিল এইবোৰ জিমলৈ সদায় যোৱা অভ্যাসৰ ফলস্বৰূপে ঘটিলে আৰু ফলত আপোনাৰ জীৱনটো আৰু উন্নত হ’ল৷ লগতে আপোনাৰ শৰীৰটো আগতকৈ মজবুত হ’ল, স্বাস্থ্য ভাল হ’ল অঅৰু মানসকি অৱস্থাও আগতকৈ উন্নত হ’ল৷

ডমিন’ এফেক্ট নিগেটিভ অভ্যাসৰ ক্ষেত্ৰতো দেখা যায়৷ আপুনি যদি প্ৰায় 5 মিনিটৰ মূৰে মূৰে নিজৰ স্মার্টফোনটো চোৱাৰ অভ্যাস কৰে, তেন্তে তাৰ ডমিন’ এফেক্ট কি হ’ব পাৰে? যিমানে আপুনি ফোনটো চাব, সিমানে ফেচবুক, হোৱাটছ এপ বা আন চচিয়েল মিডিয়া এপ এটা খোলাৰ সম্ভাৱনা বাঢ়ি যায় যাৰ ফলস্বৰূপে আপুনি নিবিচাৰিলেও আপোনাৰ ঘন্টাৰ পিছত ঘন্টা নষ্ট হয়৷ আনৰ লগত কথা পাতি থাকোতেও আপোনাৰ ফোনটো চাই থকাটো অভ্যাস হ’ব৷ লাহে লাহে ফোন আৰু ইন্টাৰনেট ব্যৱহাৰ কৰা সময়ৰ পৰিমাণ বাঢ়িব আৰু আপোনাৰ কোনো কামেই কৰা নহ’ব৷ এই সৰু অভ্যাসটোৰ ডমিন’ এফেক্ট সাংঘাটিক হ’ব পাৰে৷

আমাৰ জীৱনৰ অভ্যাসবোৰ

আপুনি যেতিয়া এটা ব্যৱহাৰ সলনি কৰে, তাৰ লগতে আন কিছুমান ব্যৱহাৰো সলনি হয়৷ একে কথাই অভ্যাসৰ ক্ষেত্ৰতো খাটে৷ আপুনি যেতিয়া এটা অভ্যাস সলনি কৰে, তেতিয়া আন কিছুমান অভ্যাসো সলনি হয়৷ গতিকে যদি গুৰুত্বপ্বর্ণ ডমিন’ এফেক্ট এটা আপুনি পজিটিভলৈ সলনি কৰিব পাৰে, তেন্তে ই আন  বহু নিগেটিভ অভ্যাসকো পজিটিভলৈ সলনি কৰিব পাৰে৷

আমাৰ ব্যৱহাৰবোৰ এটা আনটোৰ লগত সংযুক্ত হৈ থাকে৷ আপোনাৰ জীৱনত যিমানবোৰ দৈনন্দিন অভ্যাস আছে সেইবোৰ কেনেবাকৈ নহয় কেনেবাকৈ ইটো সিটোৰ লগত যুক্ত হৈ থাকে৷ গতিকে আপুনি জীৱনৰ কোনোবা এটা দিশত যি পচন্দ বাচি লয়, সি আন এটা দিশত আচৰিত ধৰণৰ ফলাফল দেখুৱাব পাৰে৷ 

কিয় কাম কৰে

কাৰণ ই ফলাফলৰ ওপৰত জোৰ নিদিয়ে, ই একমাত্ৰ জোৰ দিয়ে প্ৰক্ৰিয়াটোৰ ওপৰত৷ আৰু সফলতা হ’ল এটাৰ পিছত আন এটাকৈ ঘটা কিছুমান ঘটনা আৰু ফলাফল৷ এনেদৰে এটাৰ পিছত এটা কাম ভালকৈ কৰিলে, সঠিকভাৱে সম্পন্ন কৰিলে ইয়াৰ ফলাফলবোৰ সময় যোৱাৰ লগে লগে ক্ৰমান্বয়ে ইটোৰ লগত সিটো যুক্ত হৈ গৈ থাকি আপুনি বিচৰা ফলাফলবোৰ উৎপন্ন কৰে৷ আপুনি সঠিকভাৱে ডমিন’ বোৰ চিনাক্ত কৰি তাৰ প্ৰথমটো বগৰাই দি যি কাম আৰম্ভ কৰিব সি  এক জ্যামিতিক হাৰত ক্ৰমান্বয়ে বাঢ়ি যাব আৰু আপোনাক ই সফলতাৰ পিনে আগুৱাই লৈ যাব৷

তাৰোপৰি মানুহৰ ব্যৱহাৰৰ দুটা গুৰুত্বপূর্ণ নীতি হ’ল প্ৰতিশ্ৰুতি ৰক্ষা কৰা আৰু দৃঢ়তা৷ আপুনি যদি এটা লক্ষ্য কৰি শেষ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, তেন্তে ই যিমানে সৰু নহওক কিয় আপুনি কোৱা কথা ৰখাৰ সম্ভাৱনা বেছি কাৰণ সেয়া নকৰিলে ই আপোনাৰ দৃঢ়তা আৰু আপোনাৰ মনত থকা আপোনাৰ নিজৰ ছবিৰ বিপক্ষে হ’ব৷ গতিকে সৰু সৰু লক্ষ্য লৈ আগবাঢ়িলেও আপুনি সেইবোৰ লাভ কৰাৰ লগতে আন ডাঙৰ ডাঙৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সাহস আৰু মটিভেচন পাব৷

এটা সৰু কথাই আপোনাৰ উৎপাদনশীলতা বা প্ৰডাক্টিভিটি, মটিভেচন আৰু নিয়মানুৱর্তিতাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে৷ তেনেদৰে সৰু সৰু কামবোৰে আপোনাৰ জীৱনৰ গুণগত মানৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে৷ ৰাতিপুৱাই কৰা এটা ক্ষুদ্ৰ নিয়মানুৱর্তিতাৰ কামে আপোনাৰ গোটেই দিনটো ভাল কৰি তুলিব পাৰে৷

আপুনি আপোনাৰ জীৱনৰ যিকোনো ক্ষেত্ৰতে এই ডমিন’ এফেক্ট দেখিবলৈ পাব আৰু আপুনি নিজৰ স্বাস্থ্য, ধন-সম্পদ, সম্পর্ক, বাণিজ্য, চাকৰি আৰু আন সকলো ক্ষেত্ৰতে ইয়াক ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপুনি সঠিকভাৱে এই ডমিন’ এফেক্টক কামত লগাব পাৰে ই আপোনাক অসাধাৰণ সফলতা আনি দিব৷ এতিয়া আপুনি ইয়াক ব্যৱহাৰ কৰিব নে নাই সেয়া সিদ্ধান্ত ল’ব আপুনি কাৰণ জীৱনটো আপোনাৰ পচন্দ আপোনাৰ ৷

বিকাশ কলিতা Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ  ঠিকনাত যোগাযোগ কৰিব পাৰে

Life Skills Training Institute, House No 4, Opp Regent Paradise Housing Complex, Ghoramara, Bhetapara, Bishnu Rabha Path, Guwahati 781028,  Phone: 88767  22971, 78965  41458   Email: lifeskill.lsti@gmail.com

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top