নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰিব কেনেকৈ

road-1668916_1280

তলৰ উপায়কেইটাই আপোনাক ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব

(১) পৰীক্ষা কৰি চাওক

আপোনাৰ বর্তমান ইচ্ছাশক্তি কিমান সেয়া পৰীক্ষা কৰি চাওক৷ যেতিয়া কিবা এটা কৰিবলৈ আপোনাৰ মন নাযায়, তেতিয়া কামটো কৰি থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কৰি ভালপোৱা কিবা এটা কাম নকৰাকৈ থাকিবলৈ চেষ্টা কৰি চাওক৷ আপুনি কামটো কৰিবলৈ বা নকৰিবলৈ সক্ষম হৈছেনে? আপুনি যেতিয়া নিজৰ ইচ্ছাশক্তিক পৰীক্ষা কৰিব তেতিয়া আপুনি গম পাব আপুনি কেনে অৱস্থাত আছে৷

(২) সদায় ইয়াক অভ্যাস কৰক

ইচ্ছাশক্তিক সদায় কামত লগাওক৷ প্ৰতিদিনে অলপ সময় হলেও আপুনি যি কৰি ভাল নাপায় তাক কৰক৷

আপুনি যেতিয়া প্ৰতিদিনে ইচ্ছাশক্তিক ব্যৱহাৰ কৰা আৰম্ভ কৰিব, তেতিয়া ই লাহে লাহে বৃদ্ধি পাব৷ অভয়াস বা প্ৰেকটিচ নকৰিলে আপোনাৰ ইচ্ছাশক্তি নোহোৱা হৈ যাব৷ সৰুকৈ আৰম্ভ কৰক৷ তাৰ পৰাৰ লাহে লাহে ইয়াক বঢ়াবলৈ চেষ্টা কৰি যাওক৷

এটা উদাহৰণঃ

আপুনি মিঠা খাই ভাল পায়, কিন্তু একে সময়তে আপুনি আপোনাৰ ওজন কমাবলৈ চেষ্টা কৰি আছে৷ যেতিয়াই আপুনি মিঠাই দেখা পায় তেতিয়াই আপুনি নিজকে কওক- “মই ১০ মিনিট সময় এই মিঠাইটো নোখোৱাকৈ থাকিম৷” আৰু পৰৱর্তী ১০ মিনিট সময় সেই মিঠাইটো নোখোৱাকৈ থাকিবলৈ নিজৰ ইচ্ছাশক্তিক ব্যৱহাৰ কৰক৷ এই ১০ মিনিট সময় অতিক্ৰ কৰিব পৰালৈকে হয়তো মিঠাইৰ প্লেটখন আপোনাৰ ওচৰৰ পৰা আতৰি যাব বা আপুনি প্লেটখনৰ পৰা আতৰি যাব৷ যদি তেনে নহয়, আকৌ ১০ মিনিটৰ বাবে একেটা পদ্ধতিকে প্ৰয়োগ কৰক৷ এনে কৰাটো টান কিন্তু আপুনি বিচাৰিলে আপুনি এনে কৰিব পাৰে৷

(৩) ১০ মিনিট সময় মেডিটেচন কৰক

গৱেষকসকলৰ মতে মেডিটেচনে ইচ্ছাশক্তি বৃদ্ধি কৰে৷ তেওঁলোকৰ গৱেষণাত তেওঁলোকে দেখিছে যে তিনি ঘন্টা মেডিটেচন কৰাৰ পিছত গৱেষণাত অংশ লোৱা লোকসকলৰ আত্মসম্বৰণ আৰু মনোযোগ দিব পৰা ক্ষমতা বৃদ্ধি পাইছিল৷ এঘাৰ ঘন্টা মেডিটেচন কৰা লোকসকলৰ মগজুত চকুত পৰা সালসলনি দেখা গৈছিল৷ মেডিটেচন কৰিলে মগজুৰ প্ৰিফ্ৰন্টেল অংশলৈ তেজৰ সৰবৰাহ বৃদ্ধি পায়৷ মেডিটেচনৰ ফলত মগজুৰ নিউৰণবোৰৰ মাজৰ সংযোগো বৃদ্ধি পায়৷ এনে বিশেষকৈ ঘটে মগজুৰ সেই অংশবোৰত যিবোৰ আত্মসম্বৰণৰ বাবে দায়ী৷

(৪) শাৰীৰিক ব্যায়াম আৰু সমৰকলা (মার্চিয়েল আর্ট)

যিকোনো ধৰণৰ স্বাস্থ্যসন্মত শাৰীৰিক ব্যায়ামে আপোনাৰ ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব৷ জিমলৈ যোৱা, দৌৰা, জিমনাষ্টিক আদি শাৰীৰিক ব্যায়ামে আপোনাৰ ইচ্ছাশক্তিক বৃদ্ধি কৰিব৷ যদি আপুনি টাইকোৱানডো, কাৰাটে, কুংফু, বা তেনে আন কোনো মার্চিয়েল আর্ট শিকি তেন্তে ই খুব ভাল কথা৷ কাৰণ এই মার্চিয়েল আর্টবোৰে আপোনাৰ ইচ্ছাশক্তি বৃদ্ধি কৰে৷ কিয়? কাৰণ এনে মার্চয়েল আর্টবোৰত আপুনি নানা এক্সাচাইজ কৰিব লাগে, আনৰ লগত ফাইটিঙৰ অভ্যাস কৰিব লাগে যিবোৰ টান আৰু যিবোৰ কৰিবলৈ আপুনি নিজৰ ইচ্ছাশক্তি ব্যৱহাৰ কৰিবলগীয়া হয়৷ এনে অভ্যাসবোৰ কৰোতে আপুনি নিজৰ ইচ্ছাশক্তিক সদায়ে ব্যৱহাৰ কৰিব লাগে৷ আৰু আপুনি যেতিয়া নিজৰ ইচ্ছাশক্তিক ব্যৱহাৰ কৰা আৰম্ভ কৰে, ই ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে৷ আত্মবিশ্বাস আৰু মনৰ শক্তি বঢ়োৱাৰ লগতে ই আপোনাক কৰিবলৈ মন নথকা কাম এটাতো লাগি থাকিবলৈ সহায় কৰিব৷

মই নিজে কাৰাটে শিকাৰ ফলত মোৰ বহুত লাভ হৈছিল৷ ই মোৰ আত্মবিশ্বাস কেইবাগুণে বৃদ্ধি কৰাৰ লগতে মোৰ মনটোক শক্তিশালী কৰিছিল আৰু ইচ্ছাশক্তি বঢ়াই তুলি কৰিবলৈ ইচ্ছা নথকা কাম এটাতো লাগি থাকিবলৈ ই মোক সদায়ে শক্তি যোগাই আহিছে৷ পঢ়ি থাকোতে কাৰাটে নিশিকা হ’লে হয়তো মই আজি যি সেয়া হ’ব নোৱাৰিলোঁহঁতেন৷

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *