আত্মবিশ্বাস বঢ়োৱাৰ কেইটামান উপায়

self-esteem-1566153_1280

আপুনি আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰে?

ভয়

যিটো কাম কৰি ভয় লাগে আপুনি এবাৰ হ’লেও তাক কৰিবই লাগে৷ যদি আপুনি বহু মানূৰ আগত ভাষণ দিবলৈ ভয় কৰে, তেতিয়াহ’লে ঠিক সেইটোকে কৰক৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ লাজ লাগে, ভয় লাগে বা বন্ধুত্ব গঢ়িবলৈ ভয় লাগে, তেন্ত তাকে চেষ্টা কৰক৷ প্ৰথমতে আপুনি নোৱাৰিব বা লাজ পাব পাৰে, কিন্তু কেইদিনমান পিছত ই কিন্তু আপোনাৰ বাবে সহজ হৈ পৰিব৷ এৰি নিদিব, মাত্ৰ কৰি যাওক আৰু চাওকচোন কেইদিনমান পিছতে ই ইমান সহজ হৈ পৰিছে৷ ই আপুনি চাইকেল শিকিবলৈ লোৱাৰ নিচিনা৷ প্ৰথমতে চাইকেলখন চলাবলৈ ভয় লাগিব পাৰে, আপুনি নাজানিব পাৰে, বাৰে বাৰে বিফল হ’ব পাৰে, পৰি দুখ পাব পাৰে, কিন্তু যদি আপুনি চাইকেলখন চলাবলৈ শিকিয়ে থাকে, এৰি নিদিয়ে কেইদিনমান পিছত কিন্তু আপুনি চাইকেলখন চলাব পৰা হয়৷

এনে কৰিলে ই আপোনাৰ আত্মবিশ্বাস বঢ়াই আনি থাকিব৷ কোনো বস্তুৰে প্ৰতি আপোনাৰ আৰু ভয় নালাগে৷ নতুন কাম কৰিবলৈও আপোনাৰ ভয় নালাগে৷

নিজকে পুৰস্কাৰ দিয়ক

যেতিয়াই আপুনি সৰু কাম এটাতো অলপ হলেও সফল হয় (কামটো কৰিব পাৰে), নিজকে কংগ্ৰেচুলেট কৰক আৰু সৰু হলেও এটা পুৰস্কাৰ দিয়ক৷ আপুনি যেতিয়া নিজকে পুৰস্কাৰ দিয়ে, আপোনাৰ মগজুত ডপামাইন নামৰ এটা নিউৰ’কেমিকেলৰ চলন বাঢ়ি যায়৷ ফলত আপুনি ফূর্তি আৰু আনন্দ অনুভৱ কৰে৷ আপুনি যদি নিজকে পুৰস্কৃত কৰে আৰু তাৰ ফলত আপোনাৰ মনটো ভাল লাগে তেন্তে আপুনি তেনে ব্যৱহাৰ বাৰে বাৰে কৰাৰ সম্ভাৱনা আছে৷ যি কাম কৰিব লাগে বা যি অভ্যাস আপুনি গঢ়িব বিচাৰে তাক গঢ়িবলৈ আপুনি এই জ্ঞান ব্যৱহাৰ কৰক৷ এয়া কৰিলে আপোনাৰ কামবোৰ কৰিবলৈ মন যাব আৰু কামবোৰ কৰি গৈ থাকিলে আপোনাৰ আত্মবিশ্বাসো বাঢ়ি গৈ থাকিব৷

অশান্তি পোৱা কামবোৰ কৰক

যিবোৰ কাম কৰি আপুনি অশান্তি পায়, দিগদাৰি পায়, সেইবোৰ কাম আপুনি কৰিবই লাগে৷ তেনে কৰিলে আপোনাৰ নিজৰ প্ৰভাৱ ক্ষেত্ৰখন বাঢ়ি যায়৷ লাহে লাহে এই কামবোৰে আপোনাক অশান্তি দিব নোৱাৰা হয়৷ আপোনাৰ সীমাৰ বাহিৰৰ কামবোৰ কৰক৷ নতুন নতুন কাম কৰক৷ এনে কৰিলে আপুনি নিজৰ প্ৰভাৱৰ ক্ষেত্ৰখন আৰু বহলাব পাৰিব আৰু আগতে অসম্ভৱ বুলি ভবা কামও কৰিব পাৰিব৷

পজিটিভ ৰিইনফর্ছমেন্ট

তলত দিয়াৰ নিচিনা এটা পজিটিভ লাইন বাচি লওক আৰু তাক ৫ মিনিট একেৰাহে ডাঙৰ ডাঙৰকৈ বা মনৰ ভিতৰত আওৰাওক

“মই দিনে দিনে আগতকৈ ভাল হৈ গৈ আছোঁ”

“মই পাৰিম, মই কৰিমেই”

বা আপুনি নিজেও এটা পজিটিভ লাইন বাচি ল’ব পাৰে৷ লাইনটো কিন্তু পজিটিভ হ’বই লাগিব৷

এনে কৰিলে ই আপোনাৰ চাবকনচিয়াছ মনটো লাহে লাহে পজিটিভ কৰি আনিব যিটো নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে আপোনাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়৷

 

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *