আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন?”- এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নানা পুৰুষে চেষ্টা কৰা নাই জানো? নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ বিষয়ে গম পাবলৈ আৰম্ভ কৰে৷ আপুনি কি ভাল পায়, কি বেয়া পায়, কি খাই ভাল পায়, কি খাই বেয়া পায়, কেনে কাম কৰি ভাল পায়, কেনে কাম কৰি বেয়া পায়, ইত্যাদি কথা আপুনি জানিব পাৰে৷

self-awareness

আত্মসচেতনতাৰ বাবে আপোনাক লাগিব পর্যবেক্ষণ কৰাৰ ক্ষমতা৷ এই ক্ষমতা আয়ত্ব কৰিবলৈ আপুনি নিজকে অলপ সময় দিব লাগিব৷ লাহে লাহে অভ্যাস কৰিলে আপুনি আগতে মন নকৰা নানা কথা মন কৰিবলৈ আৰম্ভ কৰিব৷ নিজৰ বিষয়ে নানা কথা মন কৰাৰ লগতে আপুনি আনৰ বিষয়ে আৰু আন বস্তুবোৰৰ বিষয়েও নানা কথা মন কৰিবলৈ আৰম্ভ কৰিব৷ আৰু তেতিয়া আপুনি আন মানুহ, কথা আৰু বস্তুবোৰক বেছি ভালদৰে বুজি পাব৷ তাতোকৈ ডাঙৰ কথা হ’ল আপুনি নিজৰ বিষয়ে বহু কথা গম পাব৷ নিজৰ বিষয়ে নজনাৰ বাবেই আমাৰ নানাধৰণৰ সমস্যাৰ সৃষ্টি হয়৷ নিজৰ বিষয়ে জানিলে আপুনি নানা ধৰণৰ সিদ্ধান্ত আৰু ভালদৰে ল’ব পাৰিব৷

আধ্যাত্মিকতা মানে ধর্মীয় কথা নহয়৷ দুয়োটা বেলেগ বেলেগ কথা৷ আধ্যাত্মিকতা মানে নিজকে জনা আৰু আনহাতে ধর্ম হ’ল সম্পূর্ণ বেলেগ বিষয় এটা৷

আমি নিজৰ বিষয়ে সাধাৰণতে তলৰ কথা কেইটা জনাত গুৰুত্ব দিও-

  • মই কি কৰি ভাল পাওঁ
  • মোৰ কি কামত টেলেন্ট আছে?
  • মোৰ পছন্দবোৰ কেনেকুৱা?
  • মোৰ সবলতাবোৰ কি কি?
  • মোৰ দুর্বলতাবোৰ কি কি?

নিজকে জানিলে আপুনিআপোনাৰ মনৰ গভীৰতাত লুকাই থকা ভয়বোৰ, সন্দেহবোৰ, নিৰাপত্তাহীনতা, সংশয় ইত্যাদিৰ কথা জানিব পাৰিব৷ নিজকে জনাটো এক যাত্ৰা৷ আৰু এই যাত্ৰাটো আপোনাৰ গোটেই জীৱনটো ধৰি চলিব পাৰে৷

কেনেদৰে নিজকে জনাৰ চেষ্টা কৰিব পাৰে?

বেলেগ বেলেগ কাম কৰি চাওক

বেলেগ বেলেগ কাম কৰি চাওক আপুনি কি কৰি ভাল পায়৷ বহুসময়ত আপুনি নিজেও নাজানে আপুনি কি কৰি ভাল পায়৷ তেতিয়া আপুনি নান ধৰণৰ কাম কৰি চাওক আপুনি কি কি কৰি ভাল পায়৷ যদি আপুনি একো কৰি নাচায় তেতিয়া আপুনি কেনেদৰে গম পাব যে আপুনি কি কি ভাল পায়? আর্ট ক্লাছ, কুকিং, ভলিন্টয়াৰ হওক, নতুন কিবা আৱিষ্কাৰ কৰক, নাচ শিকক, কাৰাটে শিকক৷ মুঠতে এনেদৰে নানা কাম কৰি চালে আপুনি গম পাব আপুনি কি কৰি ভাল পায়৷

আপোনাৰ জীৱনটো আগতে ঠিক কৰি থোৱা হোৱা নাই

আপোনাৰ জীৱনটো কেতিয়াও আগতেই শিলত লিখি থোৱা হোৱা নাই৷ আপুনি যেনেদৰে বিচাৰে ইয়াক সলনি কৰিব পাৰে৷  জীৱনটোত আপুনি নানা ধৰণৰ সুবিধা পাব, সেই সুবিধাবোৰ গ্ৰহণ কৰে নে  নকৰে সেয়া আপোনাৰ কথা৷

নিজকে নিৰীক্ষণ কৰক

আপুনি কি কৰে, কেনেকৈ কৰে, কেতিয়া কৰে, কিয় কৰে এই সকলোবোৰ কথা নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰক৷ প্ৰথমতে অলপ অসুবিধা পালেও লাহে লাহে আপুনি ভালদৰে নিৰীক্ষণ কৰিব পৰা হ’ব আৰু তাৰ পৰা আপুনি নিজৰ বিষয়ে বহু জ্ঞান লাভ কৰিব৷

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *