কিছুমান অভ্যাস যিয়ে আপোনাৰ সুখ নোহোৱা কৰে

আমাৰ কিছুমান অভ্যাস আমাৰ সুখৰ প্ৰধান অন্তৰায়৷ এইবোৰে সুখ লাভ কৰাত আমাক বাধা দি থাকে৷ এনে অভ্যাসবোৰ কি কি বাৰু?

minions-363019_1280

আনৰ লগত তুলনা কৰা

আপুনি যদি অনবৰতে নিজকে আনৰ লগত তুলনা কৰি থাকে আপুনি কেতিয়াও সুখী হ’ব নোৱাৰে৷ কাৰণ যদি আপুনি আনৰ লগত নিজকে তুলনা কৰি থাকে তেন্ত সদায় আপুনি নিজৰ কিবা নহয় কিবা এটা দোষ বা কিবা এটাৰ অভাৱ দেখিব৷ তেনেস্থলত আপুনি সুখী হ’ব কেনেকৈ?

কোনোবাই ক’ব পাৰে যে আমি যদি কেৱল নিজতকৈ তলৰ বা দুখীয়া এজনৰ লগত তুলনা কৰোঁ তেতিয়া৷ হয়, তেতিয়া আপোনাৰ অলপ সময় ভাল লাগিব, কিন্তু সেই তুলনা আপুনি কেনেকৈ মাত্ৰ আপোনাতকৈ বেয়া অৱস্থাৰ এজনৰ ক্ষেত্ৰতে সীমাবদ্ধ ৰাখিব পাৰিম বুলি ভাবিছে? আপোনাতকৈ বেয়া অৱস্থাৰ বা দুখীয়া এজনৰ লগত তুলনা কৰি থকাৰ পৰা এই তুলনা কেতিয়া গৈ আন এজনৰ লগত কৰা তুলনাত পৰিবগৈ সেয়া আপুনি গম পাবনে? আৰু যদি দ্বিতীয় মানুহজন কিবা এটা ক্ষেত্ৰত আপোনাতকৈ বেছি ভাল অৱস্থাত থাকে তেতিয়া আপোনাৰ মনটো বেয়া নালাগিবনে? তাতোকৈ তুলনা কৰাটো একেবাৰে বাদ নিদিওনো কিয়?

আপুনি তুলনানো কিয় কৰিব লাগে? আমি সকলো বেলেগ বেলেগ বুলি দেখোন আমি মানি লৈছোৱে৷ তাৰোপৰি সকলো মানুহৰে অৱস্থা, পৰিবেশ, আচাৰ-ব্যৱহাৰ, চিন্তা-চর্চা আদি বেলেগ বেলেগ৷ তেনেহলে কিদৰে দুজন অসমান মানুহৰ মাজত আমি তুলনা কৰিব পাৰোঁ?

আনৰ দোষ উলিওৱা

কিবা এটা বেয়া হ’লে বা নিবিচৰা ফলাফল পালে আমি সাধাৰণতে আনক দোষ দিবলৈ চেষ্টা কৰোঁ৷ কিয়? তেনেহলে কি কৰিব? নিজকে দোষ দিব? নিজকে দোষ দিলে আকৌ লাহে লাহে আপোনাৰ আত্মবিশ্বাসী কমি নাজাবনে? আনক দোষ দিলে এখন কাজিয়া হোৱাৰ লগতে আৰু বহু বেছি কিবা কিবি হ’ব পাৰে৷ তেন্তে কি কৰিব?

দোষটো বা দোষবোৰত নো কিয় মনোযোগ দিব লাগে? কিয়নো তাত ফ’কাছ কৰিব লাগে?  তাতোকৈ সমস্যা এটা হ’লে আমি সমস্যাটোৰ সমাধানত ফ’কাছ কৰিব নোৱাৰো নে, মনোযোগ দিব নোৱাৰো নে? সমস্যাটোৰ সমাধান এটাৰ ওপৰতহে গুৰুত্ব দিও আহক৷

কোনো কথাতে সন্তুষ্টি নোপোৱা

কেতিয়াবা এনে অভ্যাস আমাৰ হৈ যায়৷ সৰু সৰু কথাৰ পৰা আৰম্ভ হৈ এটা সময়ত এনে হয় যে আমি কোনো কথাতে সন্তুষ্টি নাপাও৷ যিটো কথাত আনে সন্তুষ্টি পায় তাততো আমি সন্তুষ্টি নাপাও৷ এই অভ্যাসটোৰ আনৰ দোষ দেখা অভ্যাসটোৰ লগত ওতঃপ্ৰোত সম্বন্ধ৷ আপুনি সন্তুষ্টি নাপায় কাৰণ আপুনি সকলো কথাতে কিবা নহয় কিবা এটা বেয়া বা দোষ দেখা পায়৷

অনবৰতে নিগেটিভ চিন্তা কৰি থকা

এয়া এটা খুব বেয়া অভ্যাস৷ অনবৰতে যদি আপুনি নিগেটিভ চিন্তা কৰি থাকে আপুনি সুখ আৰু শান্তি পাব কেনেকৈ৷ যিকোনো কথা, যিকোনো পৰিস্থিতিতে যদি আপোনাৰ মনলৈ কিবা বেয়া হ’ব, কিবা অনর্থ হ’ব এনে কথা মনলৈ আহে তেন্তে আপোনাৰ মনটো ভাল লাগিব কেনেকৈ৷ আপোনাৰ মনটো অনবৰতে বেয়া লাগি থাকিব, ভয় লাগি থাকিব, খঙ উঠি থাকিব, দুখ লাগি থাকিব৷ তেনে পৰিস্থিতত আপুনি সুখী হ’ব নোৱাৰে৷

যদি আপোনাৰ কেতিয়াবা জ্বৰ উঠিল আৰু আপুনি ঔষধ খোৱাৰ বা ডক্তৰক দেখুওৱাৰ সলনি কেৱল কি কি বেয়া বেমাৰ হ’ব পাৰে তাকে ভাবি বহি থাকিল৷ তেতিয়া আপুনি কেনেকৈ সুখী হ’ব পাৰিব? আপোনাৰ পৰিয়ালৰ কোনোবা কৰবালৈ গ’ল আৰু আপুনি কোনো কাৰণ নোহোৱাকৈ কেৱল নিজৰ অনভ্যাসৰ বাবে দুশ্চিন্তা কৰি বহি থাকিল যে কৰবাত গাড়ীখনৰ এক্সিডেন্ট নহয়তো, আজিকালি ইমান এক্সিডেন্ট হয় বুলি৷ আপুনি সুখী হ’ব পাৰিবনে?

এই বেয়া অভ্যাসবোৰ আতৰাব পাৰি আৰু আপুনিও এনে অভ্যাসবোৰ আতৰ কৰিব পাৰে৷ অলপ চেষ্টা আৰু অলপ সময় দিলে এই অভ্যাসবোৰো আপুনি আতৰ কৰিব পাৰিব৷ প্ৰয়োজন হ’লে অভ্যাস কেনেকৈ সলনি কৰিব পাৰি সেয়া শিকিব লাগিব৷

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *