Life is not short, we waste a lot of it- Seneca
জীৱনটো চুটি নে আমি ইয়াক চুটি কৰি তোলো?
কেতিয়াবা আমাৰ ভাব হয় যে জীৱনটো চুটি কিন্তু ই সঁচাকৈয়ে চুটি নে?
আমাৰ হাতত অকল মনটো আৰু সময়বোৰহে আছে৷ কিন্তু বহু কম মানুহেহে দুইটাৰে গুৰুত্ব বুজি পায়৷
আমাৰ জীৱনকালত অমি নানা ধৰণৰ সম্পত্তি সংগ্ৰহ কৰোঁ আৰু এইবোৰক ৰক্ষা কৰিবলৈ যত্ন কৰোঁ৷ বিশেষকৈ আমি ধন সম্পত্তিক খুব কষ্ট কৰি সুৰক্ষা দিও কিন্তু একেজন মানুহেই সময়বোৰ এনেয়ে নষ্ট হৈ গ’লেও, কোনোবাই চুৰ কৰি লৈ গ’লেও অলপ দুখ নাপায়, ভয় নাখাও৷
আমি কিমান সময় নষ্ট কৰোঁ৷ আপুনি মাত্ৰ এদিন যদি পাৰ কৰা সময়ৰ প্ৰতিটো মুহূর্ত মন কৰে আৰু কি কৰিলে লিখি ৰাখে, তেতিয়া দিনটোৰ শেষত আপুনি আচৰিত হৈ যাব যে কিমান সময় আপুনি নষ্ট কৰিলে৷ নষ্ট কৰা সময় মানে মই এনেয়ে বহি থাক সময়ৰ কথা কোৱা নাই৷ কেতিয়াবা এনেয়ে বহি থকা মানে সময় নষ্ট কৰা নহ’বও পাৰে৷ কিন্তু আপুনি নিজে দিনটোৰ শেষত গম পায় সময়বোৰ আপুনি কামত লগালে নে নষ্ট কৰিলে৷ সিমানখিনি বুজাৰ শক্তি, বোধজ্ঞান আপোনাৰ আছে৷
কিছুমান কামে একো প্ৰকৃত ব্যক্তিগত বা সামাজিক লাভ নিদিয়ে৷ আমি কিন্তু এনে কামবোৰ কৰিয়েই থাকো৷ মবাইল ফোন, চচিয়েল মিডিয়া আদিত আমি ইমান সময় নষ্ট কৰোঁ কিন্তু তাৰ জৰিয়েত আমি কৰা কামবোৰৰ পৰা আমাৰ ব্যক্তিগত একো প্ৰকৃত লাভ নহয়৷ তেনেদৰে তাৰ পৰা প্ৰকৃত সামূহিক লাভো একো নহয়৷ কিন্তু আমি সেয়া কৰিয়েই আছো বেলেগ বেলেগ কাৰণৰ বাবে৷
দিনটো কিমান দীঘল হ’ব পাৰে সেয়া আপুনি এদিনতে গম পাব পাৰে৷ এদিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদি কোনোবা এজন কর্মচাৰীয়ে যদি খুব জৰুৰী কাম জিৰণি নোলোৱাকৈ কৰিবলগীয়া হয়, আপুনি তেওঁক সুধিব পাৰে দিনটো কিমান দীঘল৷ অথবা সেই ছাত্ৰ বা ছাত্ৰী গৰাকীক সোধক দিনটো কিমান দীঘল যিয়ে দিনটো পৰীক্ষাৰ কাৰণে বহি পঢ়ি থাকিবলগীয়া হৈছে৷ তেওঁলোকে গম পায় দিনটো কিমান দীঘল৷ অর্থাৎ দিনটো দীঘল নে চুটি সেয়া এক আপেক্ষিক কথা, আপুনি কি কৰিছে, সময়বোৰ কি কামত লগাইছে৷
আপুনি সময় কেৱল খৰছহে কৰিব পাৰে, কেনেদৰে খৰচ কৰিব সেয়া আপোনাৰ কথা৷ আৰু কেনেদৰে খৰছ কৰিলে সেই কথা আপুনি এটা সময়ত গম পাব, কিন্তু সমস্যাটো হ’ল সেই সময়ত আকৌ পাৰ হৈ যোৱা সময়বোৰ ঘূৰাই পোৱাৰ কোনো উপায় নাথাকে৷ আপোনাৰ জীৱনটোৰ কোৱালিটি নির্ভৰ কৰিব আপুনি হাতত থকা সময়বোৰেৰে কি কৰিলে৷
আমি সকলো এদিন মৰিমেই৷ কিন্তু আমি যদি গম পাও যে অমি মাত্ৰ এবছৰ বা দুবছৰহে বাচি থাকিম বা মাত্ৰ কেইমাহমানহে বাচি থাকিম তেতিয়া আমি জীয়াই থকাৰ ধাৰণতো সম্পূর্ণ সলনি হৈ যাব৷ আপুনি হয়তো আগতকৈ একাবাৰে বেলেগকৈ জীৱনটো জীয়াই থাকিবলৈ ল’ব৷ এই চিন্তাটোৱে আমাক সাংঘাটিক ধৰণে সহায় কৰিব পাৰে৷
জীৱনটো সীমিত, কিন্তু চুটি নহয়৷ ই এইবাবেই সীমিত কাৰণ আমি এক নির্দিষ্ট সময়হে জীয়াই থাকো৷ কিন্তু সেইবুলি আমি কৰিব বিচৰা কামবোৰ কৰাত বা আমি যি হ’ব পাৰোঁ সেয়া হৈ পৰাত ই বাধাৰ সৃষ্টি কৰিব নোৱাৰে, আৰু নকৰে৷ সেইখিনি সময় ব্যৱহাৰ কৰিব জানিলে আমি ইমানবোৰ কাম কৰিব পাৰিম, ইমানবোৰ ভাল কাম কৰিব পাৰিম যে মৰাৰ পিছতো আমাৰ পজিটিভ নাম থাকি যাব কাৰণ আমাৰ সেই কামে আনৰো জীৱনবোৰ আগতকৈ ভাল কৰাত সহায় কৰিছে৷
ভবিষ্যতো আমাৰ হাতত নাই, অতীতটো নাইয়েই৷ তাৰমানে আমাৰ হাতত মাত্ৰ বর্তমানটোহে আছে, এই সময়খিনিহে আছে৷ আৰু আমি কেনেদৰে এই সময়খিনি কটাও সি নির্ণয় কৰিব আমাৰ বর্তমানটো আৰু ভবিষ্যটো কেনে হ’ব, আমি সুখ-শান্তি পাম নে নাপাম, সন্তুষ্টি পাম নে নাপাম৷ আৰু এই বর্তমান সময়বোৰ লগ লাগিয়েই আমাৰ সমগ্ৰ জীৱনটো হ’ব৷
আপুনি কেনেদৰে সময়বোৰ কটাব লাগে সেয়া মই আপোনাক ক’ব নোৱাৰোঁ৷ কাৰণ আপোনাৰ জীৱনটো মোৰ মতে নচলে৷ আপুনি নিজে সিদ্ধান্ত কৰিব লাগিব আপোনাৰ সময়খিনি আপুনি কেনেদৰে কটাব৷ মাত্ৰ সিদ্ধান্ত কৰোতে মনত ৰাখিব আপুনি মাত্ৰ বর্তমান সময়টো কেনেকৈ কটাব সেয়া সিদ্ধান্ত কৰা নাই, আপুনি সিদ্ধান্ত কৰিছে আপুনি আপোনাৰ জীৱনটো কেনে হোৱাটো বিচাৰে৷