সপোনবোৰ

কালি মোৰ ওচৰলৈ ল’ৰা এজন আহিছিল৷ আগতে তেওঁ নিউজ চেনেল আৰু বাতৰি কাকতত কাম কৰিছিল কিন্তু এতিয়া চাকৰি বাদ দি তেওঁ ঘৰতে বহি আছে৷ তেওঁ ডিপ্ৰেচনত ভূগিছে৷ কলৈকো ওলাই যাবলৈ মন নাযায়, কাৰো লগত কথা বতৰ পাতিবলৈ মন নাযায়, একো কৰিবলৈ মন নাযায় ইত্যাদি৷

দুদিন কথা বতৰা পতাৰ পিছত তেওঁৰ আচল সমস্যাটোৰ কথা গম পালোঁ৷ তেওঁৰ দুটা বস্তুৰ অভাৱ- সপোন আৰু জীৱনৰ উদ্দেশ্য

জীৱনৰ উদ্দেশ্যৰ কথা পিছত পাতিম, আজি সপোনৰ কথাকে পাতোছোন৷

জীৱনত যদি সপোন নাই তেতিয়াহ’লে আপোনাৰ জীৱনত একোৱে নাই৷ সপোন নথকা জীৱন এটা থকা নথকা একেই৷ মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক এটা হ’লেও সপোন লাগিবই৷

সপোনে কি কৰেনো?

(১) সপোনে আপোনাক জীয়াই থাকিবলৈ এটা কাৰণ দিয়ে

(২) সপোনে আপোনাক সদায় মটিভেট কৰি থাকে (অনুপ্ৰেৰণা যোগাই থাকে)

(৩) সমস্যাৰ সন্মুখীন হ’লে আপোনাৰ সপোনে আপোনাক এইবোৰৰ পৰা বাহিৰ ওলাবলৈ প্ৰয়োজনীয় উৎসাহ দিয়ে আৰু পথ দেখুৱায়

(৪) ই আপোনাক কিবা এটা ডাঙৰ বা উল্লেখযোগ্য কাম কৰিবলৈ সহায় কৰে

(৫) আপোনাৰ সপোনটোৰ বাবেহে আপুনি এটা সুখ আৰু সন্তুষ্টি ভৰা জীৱন লাভ কৰিব পাৰে

(৬) সপোনে আপোনাক জীৱনটো সার্থক কৰে৷

যদি আপুনি কোনো এক বেয়া অৱস্থাৰ পৰা উঠি আহি ভাল অৱস্থা পাব লাগে তাৰ বাবে আপোনাক এট সপোন লাগিবই৷

আপোনাৰ সপোন এটা বা ততোধিক হ’ব পাৰে৷ এজন মানুহৰ মাত্ৰ এটাই সপোন থাকিব লাগিব বুলি কোনো কথা নাই৷

যি মানুহে এটা সপোন অনবৰতে বুকুত বান্ধি লৈ ফুৰে, তেনে মানুহক একো কথাই, কোনো বাধাই, সমস্যাই বাধা দি ৰাখিব নোৱাৰে৷ হাজাৰ সমস্যা অতিক্ৰম কৰি তেওঁ নিজৰ সপোনটো (সপোনবোৰ) পুৰা কৰিবই৷ আৰু মানুহ হোৱাৰ সার্থকতা তাতেহে, আপুনি কিমান টকা-পইছা ঘটিলে বা কিমান পাৱাৰফুল তাত নহয়৷

এই যুৱকজনে যদি নিজৰ সপোনটো (বা সপোনবোৰ) বিচাৰি পায় তেন্তে তেওঁ এদিন জীৱনত সুখ, শান্তি আৰু জীয়াই থকাৰ সার্থকতা বিচাৰি পাব৷

Post Author: বিকাশ কলিতা

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷ বিকাশ সমগ্ৰ উত্তৰ-পূর্বাঞ্চল তথা পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম ই-বুক ষ্টোৰ আসামকার্ট (www.assamkart.com) ৰ এজন প্ৰতিষ্ঠাপক৷ আসামকার্টে পৃথিৱীৰ যিকোনো ঠাইৰ পঢ়ুৱৈয়ে অসমীয়া ই-বুক (কিতাপ) মবাইল ফোন আৰু কম্পিউটাৰত পঢ়িব পৰাকৈ যোগান ধৰে৷ বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷ তেওঁ “আমাৰ অসম” কাকতত আৰু মহিলা আলোচনী “নন্দিনী” ত দুটা নিয়মীয়া শিতানো লিখে৷ বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) নামৰ আন এটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷

One thought on “সপোনবোৰ

Leave a Reply

Your email address will not be published. Required fields are marked *