আমি নানা ধৰণৰ কাম কৰি থাকো৷ বিভিন্ন সময়ত, বিভিন্ন ঠাইত, নানা ধৰণৰ কাম আমি কৰোঁ৷ কেতিয়াবা আপুনি ভাবি চাইছেনে আমি এই কামবোৰ কিয় কৰোঁ?
আমি যিবোৰ কাম কৰোঁ তাৰ দুটা কাৰণ আছে-
(১) আমি যিকোনো ধৰণৰ ফূর্তি (pleasure) লাভ কৰিব খোজো
(২) আমি কষ্ট (pain) ৰ পৰা আতৰি থাকিব খোজো
আমি সকলোৱে জানো যে নিয়মীয়াকৈ ব্যায়াম বা এক্সাচাইজ কৰা খুব প্ৰয়োজনীয়, কিন্তু আমি জানি শুনিও এয়া নকৰোঁ৷ কিয়? কাৰণ ব্যায়াম কৰোতে যি কষ্ট হয় আমি সেই কষ্ট কৰিব নিবিচাৰোঁ৷ ব্যায়াম কৰিলে ঘাম ওলায়, উশাহ চুটি হয়, গাৰ বিষ হয়, গতিকে আমি এইবোৰৰ পৰা আতৰি থাকিব খোজো৷ যদিও আমি জানো যে এক্সাচাইজ নকৰিলে আমাৰ হার্টৰ অসুখ, ডায়েবেটিজ আৰু তেনে আন নানা ৰোগ হ’ব পাৰে, তথাপি আমি কষ্ট কৰিবলৈ অনিচ্ছুক৷
আনহাতে আমি যদি ভয় কৰোঁ যে আমাৰ কিবা এটা বেমাৰ হও হও হৈছে বা ইতিমধ্যে ডায়েবিটিজ বা তেনে আন কিবা বেমাৰ হৈছে, তেতিয়া একেজন মানুহেই কিন্তু ব্যায়াম কৰিব পৰা হৈ পৰোঁ৷
আমি চিনেমা চাই, টিভি চাই ভাল পাওঁ কাৰণ এইবোৰে আমাক আনন্দ বা ফূর্তি প্ৰদান কৰে৷ সেইবাবে ভাল কথাৰ মিটিঙ, ৱর্কশ্বপ বা মটিভেচনৰ ক্লাছতকৈ গায়কৰ গান শুনিবলৈ বা চিনেমা চাবলৈ মানুহৰ ভিৰ বেছি হয়৷ কাৰণ এইবোৰে মানুহক অলপ সময়ৰ কাৰণে হলেও আনন্দ বা ফূর্তি প্ৰদান কৰে৷