Close

বেছিকৈ চিন্তা কৰা ভালনে?

চিন্তা কৰিব পৰা শক্তিটো মানুহৰ বাবে এটা আশীর্বাদ৷ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম কৰোতে আমি চিন্তা কৰাৰ দৰকাৰ হয়৷ কিন্তু কেতিয়াবা এই চিন্তা কৰা কামটোও সমস্যাৰ কাৰণ হ’ব পাৰে৷ আপুনি যদি বেছিকৈ চিন্তা কৰিবলৈ লয় তেনেহ’লে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব৷ বেছিকৈ চিন্তা কৰিলে আপুনি বহু বস্তু হেৰুৱাবও পাৰে৷

আমাৰ বহুতৰে লগাতকৈ বেছিকৈ চিন্তা কৰাৰ অভ্যাস আছে৷ আমি অদৰকাৰী বহু কথাও চিন্তা কৰি থাকো৷ কেতিয়াবা আমি এটা কথাৰ বিষয়ে চিন্তা কৰিয়েই থাকো৷ আমি চিন্তা কৰোঁ, কথাটোৰ বিষয়ে মনতে এনালাইছিচ কৰি থাকো আৰু ফলত আমি দৰকাৰতকৈ বেছিকৈ চিন্তা কৰোঁ আৰু এনালাইছিচ কৰোঁ৷

এটা উদাহৰণ –

আমি কোনোবা এজন মানুহক লগ পালে আমি চিন্তা কৰোঁ- আমি কেনেকৈ তেওঁৰ লগত কথা পতা উচিত, কেনেকৈ আমি তেওঁৰ কথাৰ উত্তৰ দিয়া উচিত, তেওঁৰ বডী লেংগুৱেজে কি কৈছে, যদি তেওঁ হাঁহি আছে কিয় হাঁহি আছে ইত্যাদি৷ তেনে কৰাৰ ফলত আমি বহু বস্তু মন কৰিবলৈ সময়ে নাপাও কাৰণ আমাৰ মনটো এই এনালাইছিচবোৰ কৰাত ব্যস্ত আছিল৷ কেনে কথাবোৰ মন কৰিবলৈ আমি সময় নাপাওঁ-

১) সেই মানুহজনে কি কৈ আছে আমি সেয়া মন নকৰোঁ

২) তেওঁৰ লগত কথা-বতৰা হৈ থকা অৱস্থাত আমি কি কৰা উচিত এই কথা বেছিকৈ চিন্তা কৰোতে আমি বহু দৰকাৰী ইনফৰমেচন বা তথ্যৰ ওপৰত মনোযোগেই নিদিও৷

৩) আমি বর্তমান মূহুর্তটোত মনোযোগ দিব নোৱাৰা বাবে আমি কথা-বতৰা পতাৰ যি আনন্দ সেয়াও লাভ লৰিব নোৱাৰো৷

৪) আমাৰ মনত ষ্ট্ৰেছৰ সৃষ্টি হয়

আমি যদি অনবৰতে কেবল চিন্তা কৰি থাকো, তেতিয়া সেই মূহুর্তটোত হৈ থকা কথা-বতৰাত মনোযোগ কেন্দ্ৰীভূত কৰিব নোৱাৰো৷ গতিকে তেনে কথা-বতৰাৰ ফলাফলো আমি বিচৰা ধৰণে নহয়গৈ৷ সেই ফলাফলে আমাক আন এটা পাকচক্ৰত পেলাই দিয়ে- সেয়া হ’ল “নিজকে দোষ দিয়া৷” আৰু নিজকে দোষ দিয়া এই প্ৰবণতা আহে বেছিকৈ কৰা এনালাইছিচৰ পৰা৷ বেছিকৈ কৰা এনালাইছিচ বেছিকৈ কৰা চিন্তাৰে আন এটা ৰূপ৷

সিদ্ধান্ত লওতে বেছি সময় লগা

আপুনি যদি চিন্তা বেছিকৈ কৰে, তেনেহ’লে যিকোনো সিদ্ধান্ত লওতে আপোনাৰ সময় বেছি লাগিব৷ ডাঙৰ ডাঙৰ সিদ্ধান্ত লওতে বাৰু সময় লগা কথাটো ঠিকে আছে, বহুতকে তেনে সময় লাগে৷ কিন্তু বেছিকৈ চিন্তা কৰাটো অভ্যাসত পৰিণত হ’লে ই আপোনাৰ জীৱনটো অশান্তিময় কৰি তুলিব৷ সৰু সৰু কথাবোৰতো যদি আপুনি বেছিকৈ চিন্তা কৰি সিদ্ধান্ত ল’বলৈ যায় তেতিয়া আপোনাৰ বহু কাম কৰাই নহ’ব৷ লগতে যিবিলাক দৈনন্দিন সিদ্ধান্ত অট’মেট’ কৰিব পাৰি সেইবোৰো যদি আপুনি বাৰে বাৰে চিন্তা কৰি ল’বলৈ যায় জীৱনটো বিৰক্তিকৰ হৈ পৰিব৷

কোনোবা মানুহ এজনক লগ কৰিবলৈ যোৱাৰ আগতে যদি আপুনি বাৰে বাৰে সেই কথাটোকে চিন্তা কৰি থাকে তেনেহ’লে আপোনাৰ বাকী সকলো কাম থাকি নাযাবনে? আপুনি যদি গা ধোৱাৰ নিচিনা সৰু কথা এটাও চিন্তা কৰিহে ঠিক কৰিব লাগে তেনেহ’লে এটা সময়ত সেয়া কৰি কৰি আপোনাৰ ভাগৰ নালাগিবনে? লগতে যদি আপোনাৰ মনত আত্মবিশ্বাস কম হৈ থাকে, বা আত্মসন্দেহ থাকে তেতিয়া সৰু সৰু কথাবোৰকে বাৰে বাৰে ভাবি আপুনি নিজৰ মূল্যবান সময়বোৰ নষ্ট নকৰিবনে? তাৰ পৰা আপোনাৰ কিবা লাভ হ’ব জানো?

অলপ সময় চিন্তা কৰক বা গুৰুত্বপূর্ণ সিদ্ধান্ত লওতে আপুনি নিশ্চয় চিন্তা কৰি লাগিব৷ কিন্তু চিন্তাহে কৰিব লাগে দুঃচিন্তা নহয় আৰু অযথা বেছি চিন্তা কৰি নিজকে পেৰালাইজড কৰি পেলাব নালাগে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top